সাক্ষাৎকাৰ

জৱাহৰ নবোদয় বিদ্যালয়, শিৱসাগৰৰ বিজ্ঞান বিষয়ৰ শিক্ষক শ্ৰীযুত দীপাংকৰ সৰকাৰৰ সৈতে সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত শিৱসাগৰ জিলা মইনা পাৰিজাত, উত্তৰণ মইনা পাৰিজাতৰ চেমনীয়া তথা যুৱ সাংবাদিক শ্ৰীমতী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী নাথৰ অনলাইন পাঠদানৰ ওপৰত হোৱা এক সাক্ষাৎকাৰ-

যুৱ সাংবাদিকঃ নমস্কাৰ!

দীপাংকৰঃ নমস্কাৰ যুৱ সাংবাদিক মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী নাথ। তোমাৰ যোগেদি সদৌ অসম মইনা পাৰিজাতৰ সমূহ বিষয়ববীয়াৰ লগতে মুক্ত আকাশৰ সকলো কৰ্মকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তোমাৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

যুৱ সাংবাদিকঃ আপোনালৈয়ো ধন্যবাদ থাকিল ছাৰ। বৰ্তমান কৰ’নাৰ কবলত পৰি জনসাধাৰণ বিভিন্ন সমস্যাত পৰিছে। ছাত্ৰ-ছাত্ৰী সকলো ইয়াৰ ব্যতিক্ৰম নহয়। যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে পঢ়া-শুনা আগবঢ়াব লগীয়া হৈছে। অনলাইনযোগে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণৰ সম্পৰ্কত আপোনাৰ পৰা কেইটামান মতামত জানিব বিচাৰিছো।

দীপাংকৰঃ নিশ্চয়।

যুৱ সাংবাদিকঃ প্ৰথমতে অনলাইনযোগে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰো।

দীপাংকৰঃ বিদ্যালয়ৰ পাঠদান আৰু অনলাইন পাঠদান, দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে। বিদ্যালয় শিক্ষাৰ ঠাই কেতিয়াও অনলাইন শিক্ষাই ল’ব নোৱাৰে কিন্তু অনলাইন পাঠদানৰ সকলোবোৰ কথাই যে বেয়া তেনে নহয়, বহুতো ভাল গুণো আছে। অনলাইন পাঠদান বুলিলে আমি ধৰি লওঁ যে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ ওচৰতে স্মাৰ্টফোন আছে। যদি শিক্ষাৰ্থী এগৰাকীয়ে কিবা এটা বিষয় নিজে বুজিবলৈ বিচাৰে, তেন্তে তেওঁ গুগল বা ইউটিউবৰ পৰা লাগতিয়াল তথ্য সংগ্ৰহ কৰিব পাৰে নতুবা আমি নিজেও কিবা বুজাব লগা হ’লে শিক্ষাৰ্থী সকলক ইউটিউবৰ পৰা ভিডিও ডাউনল’ড কৰি দেখুৱাও। তদুপৰি মই নিজেও বিভিন্ন ভিডিও কৰি তেওঁলোকক বুজাওঁ। গুৰুত্বপূৰ্ণ কথাটো হ’ল শিক্ষাৰ্থীসকলে স্মাৰ্টফোনৰ সদব্যৱহাৰ কৰিলেহে প্ৰকৃততে উপকৃত হ’ব।

যুৱ সাংবাদিকঃ দ্বিতীয়তে জানিব বিচাৰোঁ, অনলাইন পাঠদানৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে আপোনাৰ মতামত কি?

দীপাংকৰঃ অনলাইন পাঠদানৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই আছে। এটা উপকাৰিতা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। বিদ্যালয়ৰ শিক্ষাত সাধাৰণতে আমি ব্লেক বোৰ্ড ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ জৱাহৰ নবোদয় বিদ্যালয়ত বহুত আগৰে পৰা স্মাৰ্ট ক্লাচৰুমত স্মাৰ্ট বোৰ্ড, অডিঅ’-ভিজুৱেল, নানা ধৰণৰ প্ৰজেক্টৰ ব্যৱহাৰ কৰোঁ যাতে আমি ছাত্ৰ-ছাত্ৰী সকলক যিকোনো বিষয় খোকোজা নলগাকৈ বুজাব পাৰোঁ। আৰু এটা উপকাৰিতা হ’ল এজন শিক্ষক হিচাপে বহুত উপকৃত হৈছো, লগতে স্মাৰ্ট ফোনৰ বিষয়ে নতুন নতুন কথা শিকিব পাৰিছো। Google meet, Zoom, Microsoft teams ইত্যাদি এপত ক্লাছ কৰাৰ পদ্ধতিৰ লগতে ইউটিউবত কেনেদৰে ভিডিঅ’ আপলোড কৰে শিকিব পাৰিলো। এই অনলাইন পাঠদান পদ্ধতিৰ জৰিয়তে বিদ্যালয় খোলাৰ পিছত গ্ৰীষ্মকালীন বন্ধই হওঁক বা শীতকালীন বন্ধই হওঁক, আমি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সম্পৰ্ক ৰাখিব পাৰিম। অনলাইন পাঠদানৰ অপকাৰিতাও আছে। মোৰ মতে মূখ্য সমস্যাটো হ’ল স্বাস্থ্য সম্বন্ধীয় সমস্যা। উদাহৰণ স্বৰূপে, বেছি সময়লৈ মোবাইল ব্যৱহাৰ কৰিলে চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে।

যুৱ সাংবাদিকঃ মোৰ তৃতীয় প্ৰশ্নটো হ’ল, কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী অনলাইন পাঠদানৰ পৰা বিভিন্ন কাৰণত আতঁৰি থাকিব লগা হৈছে। হয়তো কাৰোবাৰ মোবাইল নাই নতুবা নেটৱৰ্কৰ সমস্যা থাকিব পাৰে। এই ছাত্ৰ-ছাত্ৰী সকলৰ বিষয়ে আপোনাৰ মতামত কি।

দীপাংকৰঃ এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যাৰ ঘৰত মোবাইল নাই অথবা থাকিলেও নেটৱৰ্ক নাই। আমিও এনে বহু সমস্যাৰ মুখামুখী হৈছোঁ। আমাৰ বিদ্যালয়ে এইক্ষেত্ৰত বহুতো পদক্ষেপ হাতত লৈছে। যেনেঃ আমি যিবোৰ অনলাইন পাঠদান কৰাও, সেইখিনিৰ প্ৰিন্ট আউট উলিয়াই ছাত্ৰ-ছাত্ৰী সকলক দিবলৈ যত্ন কৰোঁ। আমি তেওঁলোকক ব্যক্তিগতভাৱে ফোন কৰি তেওঁলোকক পঢ়াৰ নিৰ্দেশনা দিওঁ আৰু কিবা নুবুজা থাকিলে সুধিবলৈ এটা সময় নিৰ্ধাৰণ কৰি দিওঁ। তাৰোপৰি, আমাৰ সংস্থাপিত ছাত্ৰ-ছাত্ৰী সকলে সেই ছাত্ৰ-ছাত্ৰী সকলক এটা স্মাৰ্টফোন কিনি দি সহায় কৰিছে।

যুৱ সাংবাদিকঃ শেষত আপোনাৰ পৰা জানিব বিচাৰিছো, কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী মোবাইলত খেল খেলাত, হোৱাটচ্এপ, ফেচবুক ইত্যাদিতে ব্যস্ত থকাৰ কতা শুনিবলৈ পোৱা যায়। এই ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আপোনাৰ মতামত কি?

দীপাংকৰঃ ছাত্ৰ-ছাত্ৰী সকলক এটাই কথা কম যে মানুহৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদটোৱেই হ’ল স্বাস্থ্য। স্বাস্থ্য ভালে থাকিলে সকলো ভালে থাকিব। সেইবাবে ছাত্ৰ-ছাত্ৰী সকলে গোটেই দিনটো মোবাইলত খেল খেলি নাথাকে যেন। যিহেতু তেওঁলোক মোবাইলত অনলাইন পাঠগ্ৰহণত ব্যস্ত হৈ থাকেই, তাৰ ওপৰিঞ্চি যদি মোবাইল ব্যৱহাৰ কৰি থাকে, তেওঁলোকৰ চকুৰ ওপৰত নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পৰিব। এই শিশুসকলক আমাৰ ওপৰিও অভিভাৱকসকলেও বুজোৱাটো দৰকাৰ।

যুৱ সাংবাদিকঃ সদৌ শেষত মুক্ত আকাশৰ মজিয়াত এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আপোনাৰ এই মতামতৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলো উপকৃত হ’ব।

দীপাংকৰঃ নিশ্চয়।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক