বানে বিধস্ত কৰা শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়

শিৱসাগৰ, ৩১ জুলাইঃ দিখৌ নৈৰ বছৰৰ প্ৰথমটো বানতে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত শান্তিপুৰ অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিবছৰৰ দৰে এইবাৰো বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰে। বিদ্যালয়ৰ প্ৰয়োজনীয় আচবাব পত্ৰৰ লগতে পুঠিভঁৰালৰ যথেষ্ট সংখ্যক কিতাপ আৰু খেলা-ধূলাৰ সামগ্ৰীৰ পৰা সংগীতৰ বাদ্যযন্ত্ৰ, কম্পিউটাৰ আৰু বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সম্পূৰ্ণৰূপে বিনষ্ট হয়। বানপানীৰ লগত সহবাস কৰি অহা ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবছৰে দুৰ্ভোগ ভূগি আহিছে। প্ৰতিবছৰে এক-দুই মাহ পৰ্য্যন্ত বিদ্যালয়খন বানপানীৰ বাবে বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক ক্ষেত্ৰৰ লগতে খেলা-ধূলা, সংগীত আদিবোৰ দিশত বহুদূৰ পিচপৰি ৰৈ যাব লগা হৈছে বুলি বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদিকা শ্ৰীমতী ডেইজী দত্তই আমাক জানিবলৈ দিয়ে। বিদ্যালয়ৰ গাতে থকা ৰিং বান্ধৰ ওপৰেৰে দিখৌৰ পানী বাগৰি অহাৰ ফলতে বিদ্যালয়খিনিয়ে এই দুৰ্যোগৰ সৈতে সহাৱস্থান কৰি আহিব লগীয়া হৈছে। বিবাগীয় কৰ্তৃপক্ষই এই ৰিং বান্ধটো কিছু ওখ কৰি দিলেই এই সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব বুলি আমাক সচেতন মহলে জানিবলৈ দিয়ে। উক্ত সমস্যাৰ সমাধানৰ বাবে স্থানীয় গাঁও পঞ্চায়তকে আদি কৰি জিলা প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিদিক প্ৰতিবছৰে জনাই অহা সত্তেও কোনো গুৰুত্ব নিদিয়াত ছাত্ৰ, শিক্ষক সকলো উপায়ন্তৰ হৈ পৰিছে বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত বিজয় কৃষ্ণ দত্তদেৱে অৱগত কৰে। এই প্ৰতিবেদনৰ যোগেদিয়ে বিভাগীয় কৰ্তৃপক্ষক পুনৰ আমি উক্ত বিষয়টি দৃষ্টিগোচৰ কৰালো।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক