বনৰীয়া চাপৰি - ৰতনপুৰ গাঁও সংযোগী পথ , যাতায়তৰ
ক্ষেত্ৰত জনসাধাৰণৰ দুৰ্ভোগ;
টুলুঙা নাৱেই একমাত্ৰ ভৰষা ।
মাজুলী জিলাৰ ৰতনপুৰ -গায়ন গাঁও পঞ্চায়তৰ অন্তৰ্গত বনৰীয়া চাপৰি বাসীয়ে যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘ দিনধৰি দুৰ্ভোগ ভোগ কৰি আহিছে ।বিশেষ কৈ বাৰিষা সময়ত টুলুঙা নাৱেৰে বনৰীয়া চাপৰি আৰু ৰতনপুৰ
গাঁৱৰ সংযোগী পথত থকা এটা চিগা অংশত এই দৰে ইপাৰ সিপাৰ হব লাগে ।অন্যহাতে বিদ্যালয় খোলা সময়ত ছাত্ৰ ছাত্ৰী সকল পথটোৰে অহা যোৱা কৰাত যথেষ্ট সমস্যা হয় ।চৰকাৰে বৰ্তমানলৈকে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই ।ভূক্তভোগী জনসাধাৰণে উক্ত চিগা অংশত এখন স্হায়ী দলং নিৰ্মাণ কৰি সমস্যাটো সমাধান কৰাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক