বানপানী সন্দৰ্ভত এটি সাক্ষাৎকাৰ

বৰ্তমান সময়ত বানপানী অসমৰ এক জলন্ত সমস্যা। ইয়াৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নৈ কাষৰীয়া বহুতো অঞ্চল। দিখৌ নৈৰে উজাই অহা বাঢ়নী পানীয়ে প্ৰতিবছৰে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়খনত বিস্তৰ ক্ষতি সাধন কৰি আহিছে।

সেই উপলক্ষে শিৱসাগৰ জিলা মইনা পাৰিজাতৰ অন্তৰ্গত নেহেৰু মইনা পাৰিজাতৰ চেমনীয়া তথা যুৱ সাংবাদিক কস্তুৰী ভূঞাই শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত বিজয় কৃষ্ণ দত্ত দেৱৰ সৈতে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰে।

প্ৰশ্নঃ বৰ্তমান অসমত বানপানীৰ সময়, বানপানীয়ে প্ৰতি বছৰে অসমৰ বিভিন্ন ঠাই প্লাৱিত কৰি আহিছে। সেইয়ে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই অঞ্চলৰ লগতে আপোনাৰ বিদ্যালয়খনতো বানপানীয়ে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰঃ ধন্যবাদ কস্তুৰী ভূঞা। আজিৰ এই মঞ্চৰ পৰাই মুক্ত আকাশৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ১৯৬১ চনতে স্থাপিত হোৱা এই বিদ্যালয়খন দিখৌ নদীৰ কাষতে অৱস্থিত হোৱাৰ বাবে নৈৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে বিদ্যালয়খন প্লাৱিত কৰে আৰু এই বানপানী বছৰেকত চাৰিবাৰকৈ হোৱা পৰিলক্ষিত হয়।

প্ৰশ্নঃ বানপানীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত কেনেদৰে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে?

উত্তৰঃ বানপানীয়ে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত যথেষ্টখিনি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। বানপানীৰ ফলত প্ৰায় দুমাহ সময় বিদ্যালয়খনৰ শ্ৰেণী সমূহ বন্ধ হৈ থাকে আৰু বিদ্যালয়খনৰ আচবাব সমূহ যেনে- বেঞ্চ, ডেস্ক, শিক্ষকৰ চকী-টেবুল, কম্পিউটাৰ ইত্যদিৰ যথেষ্টখিনি ক্ষতিসাধন হয়, লগতে ই বিদ্যালয়ৰ আন্তঃগাঠঁনিৰ ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পেলায়।

প্ৰশ্নঃ প্ৰতি বছৰে বিদ্যালয়খনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অহা বানপানীৰ কোনো স্থায়ী সমাধান আছেনে ?

উত্তৰঃ নিশ্চয় এই ক্ষেত্ৰত স্থায়ী সমাধান আছে। কাৰণ বিদ্যালয়খনৰ কাষতে এটি ৰিং বান্ধ আছে, কিন্তু এই বান্ধটো বৰ্তমান জহি-খহি গৈছে। যদি এই ৰিং বান্ধটো উন্নত মানদণ্ডেৰে আকৌ বনোৱা হয়, তেন্তে বানপানীৰ পৰা আমাৰ বিদ্যালয়খনে নিশ্চয় স্থায়ী সমাধান পাব।

প্ৰশ্নঃ বিদ্যালয়খনৰ ক্ষয়-ক্ষতিৰ বাবদ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কিবা সহযোগিতা পাইছেনে আৰু এই বানপানীৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক আমাৰ মঞ্চৰ যোগেদি কিবা জনাব বিচাৰে নেকি ?

উত্তৰঃ নিশ্চয়, আমাৰ বিদ্যালয়ৰ পৰিয়ালে বানপানীৰ ক্ষয়-ক্ষতি বিচাৰি বিভিন্ন সময়ত বিভিন্নজনক বহু আৱেদন-নিৱেদন জনাই আহিছোঁ। আমি বহু বছৰৰ পৰাই পঞ্চায়তত এই বিষয়ে অৱগত কৰি আহিছোঁ। আজি আমি সগৌৰৱেৰে ঘোষণা কৰিব বিচাৰিছোঁ যে বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী তথা আগৰ চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চিৰিপুৰীয়ালৈ পকী দলং উদ্বোধন কৰিবলৈ আহিছিল, তেতিয়া বিদ্যালয়ৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলো। সেই স্মাৰকপত্ৰত এই ৰিং বান্ধৰ কথা আমি বিশেষভাৱে উল্লেখ কৰিছিলো। আনহাতে, শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত অখীল গগৈ দেৱকো এখন স্মাৰকপত্ৰ যোগে আমাৰ বিদ্যালয়ৰ বিভিন্ন অভাৱ অভিযোগৰ লগতে এই ৰিং বান্ধৰ সমস্যাৰ কথা উল্লেখ কৰিছোঁ। বৰ্তমানৰ এই জনকল্যাণমূখী চৰকাৰখনে এই ক্ষেত্ৰত নিশ্চয় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আমাৰ বিদ্যালয়খন সম্পূৰ্ণৰূপে বানপানীৰ কবলৰ পৰা ৰক্ষা কৰিব বুলি আমি আশাবাদী। আজিৰ এই মঞ্চৰ যোগেদি তেখেতলোকলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন বানপানীমুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনি উন্নতিৰ শিখৰত আগবাঢ়ি যাব পৰাকৈ তেওঁলোকে যেন সহযোগিতা আগবঢ়ায়।

আমিও আশা কৰিছোঁ নতুন চৰকাৰখনে আপোনালোকৰ বিদ্যালয়ৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ হাতত ল’ব। আপোনাক পুনৰবাৰ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক