এখন ভঙা দলংৰ বাবে জীয়াতু ভুগিছে তামুলপুৰবাসী

১৭ জুলাই/তামুলপুৰ :-

তামুলপুৰ মহকুমাৰ অন্তৰ্গত হাঁহকাটা, বালাবাৰী গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নদীৰ ওপৰত আজিলৈকে নিৰ্মান ন'হল এখন পকী দলঙ। এখন পকী দলঙৰ অভাৱত বছৰ বছৰ ধৰি জীয়াতু ভুগি আছে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজ। তামুলপুৰ মহকুমাৰ পৰা জিলা সদৰ মুছলপুৰ তথা নলবাৰীলৈ অহা-যোৱা কৰা এই মূল পথটো

সুগম নোহোৱাৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত ব্যৱস্থা অতি দুৰ্বিসহ হৈ পৰিছে। যাৰ বাবে অঞ্চলটোৰ সাধাৰণ ৰাইজ বহুতো অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছে। এখন মাত্ৰ বাঁহৰ দলঙেৰে অহা যোৱা কৰি আছে বিভিন্ন প্ৰান্তৰ লোক সকলে। যাৰ ফলত বাইক বা চাইকেল আৰোহীজনে দহবাৰ ভাবিব লাগে যে দলংখন কেনেকৈ পাৰ কৰোঁ? যিহেতু এতিয়া বাৰিষাৰ সময় সেয়ে বাঁহৰ দলংখন পাৰ হৈ উভতি অহালৈও চিন্তা কৰিব লগা হয়; কাৰণ কোন সময়ত পানীয়ে দলং খন উটুৱাই নিয়ে তাৰ কনো ঠিকনা নাই! প্ৰত্যেক বছৰে অঞ্চলটোৰ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে এনেকৈয়ে বাঁহৰ দলং তৈয়াৰ কৰে আৰু বানপানীৰ প্ৰবল সোতত বাঁহৰ দলংখন‌ উটুৱাই লৈ যায়। সেয়েহে অঞ্চলটোত এখন ভাল পকী দলং এখনৰ বহুত প্ৰয়োজন। বৰ্তমান উক্ত ঠাইত দলং এখনৰ কাম আৰম্ভ হৈছিলহে মাত্ৰ কিন্তু এতিয়া আকৌ নিৰ্মাণকাৰ্য বন্ধ কৰি থৈছে। সেয়েহে এনে পৰিস্থিতিত ৰাইজে আশা কৰিছে চৰকাৰে যাতে দলং খনৰ নিৰ্মাণকাৰ্য অতি শীঘ্ৰে আৰম্ভ কৰাৰ ব্যৱস্থা কৰে। যিহেতু অঞ্চলবাসীৰ এই সমস্যা বহুদিনীয়া ৰূপে পৰিগণিত হৈছে সেয়ে ইয়াৰ সমাধান বিচাৰি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী জনাইছিল যদিও চৰকাৰী ভাৱে দলং খনৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই, যাৰ বাবে যাতায়াত ব্যৱস্থাত সৰ্বসাধাৰণ লোক যথেষ্ট কষ্টৰ সন্মূখীন হব লগীয়া হৈছে। সেয়েহে ৰাইজে বিচাৰে যে শাসনাধীন চৰকাৰখনে যাতে দলঙখনৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰাত গুৰুত্ব দি এই অঞ্চলবাসীৰ যাতায়ত ব্যৱস্থা উন্নত কৰাত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰে।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক