ডিব্ৰুগড়ৰ গাভৰুপথাৰস্থিত গাভৰুপথাৰ LP স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ স্বাস্থ্য, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি থকা সজাগতামূলক মনোভাৱ

 ডিব্ৰুগড়ৰ মাজ মজিয়াত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়, গাভৰু পথাৰ প্ৰাথমিক বিদ্যালয়, স্থাপিত ১৯৬১ চনত। খুউব কম ঠাইত পৰিপাটিকৈ এক সুন্দৰ পৰিবেশত গঢ় লৈ উঠা এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়ৰ প্ৰধান শিক্ষকক লগ কৰাত তেখেতে জানিবলৈ দিয়ে, বিদ্যালয়খনৰ প্ৰত্যেক গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সহযোগত চহৰৰ মাজমজিয়াত ১৮নং ৱাৰ্ডৰ এইখন বিদ্যালয়ে বিগত ২০১৮-১৯ বৰ্ষত চৰকাৰৰ ফালৰ পৰা কৰা গুনোৎসৱত A+ গ্ৰেড অৰ্জন কৰিবলৈ সক্ষম হয়। বিদ্যালয় খন দৰ্শন কৰিবলৈ যাওঁতে প্ৰধান শিক্ষকৰ লগত কথা বাৰ্তাৰ লগতে বিদ্যালয় খনৰ ৰান্ধনিশাল খনো চোৱা হয়। ৰান্ধনি দুগৰাকীক লক্ষ্য কৰা হয়। সুন্দৰকৈ মুৰত টুপী, এপ্ৰন পৰিহিতা মহিলা দুগৰাকীয়ে পৰিপাটি ৰান্ধনি ঘৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্য বনাই থোৱা পৰিলক্ষিত হয়। ঠিক তেনেদৰে, শৌচালয় সমূহো পৰিস্কাৰ আৰু পানীৰো উপযুক্ত ব্যৱস্থাও দেখা গ’ল। দমকল ইত্যাদিৰ সুবিধাও দেখা গ’ল। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলে দূৰত্ব বজায় ৰাখি মুখত মাস্ক পৰিধান কৰি পাঠ গ্ৰহণ কৰিছে। জানিবলৈ পোৱা গৈছে যে সকলো সিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ অহাৰ পিছতেই হাত চেনিটাইজ কৰিহে শ্ৰেণীকোঠাত সোমায়। মধ্যাহ্ন আহাৰ খোৱাৰ আগতে হাত ধোৱাৰ বিধি সমূহ মানি হাত ধুইহে খাদ্য গ্ৰহণ কৰে। এই হাতধোৱাৰ প্ৰশিক্ষণ শিশুসকলে লোৱা বুলি অৱগত কৰে। ইয়াৰ উপৰিও ২০২০ বৰ্ষত মহামাৰী ক’ভিডৰ সময়ত এই বিদ্যালয়ে অনলাইন পাঠদানৰ ব্যৱস্থা কৰে আৰু যি সকল ল’ৰা-ছোৱালীয়ে অনলাইন পাঠগ্ৰহণ কৰিবলৈ অসমৰ্থ হয়, সেইসকল ল’ৰা-ছোৱালীৰ অভিভাৱকৰ সন্মতি সাপেক্ষে ঘৰলৈ গৈ পাঠদানৰ ঘৰুৱা কাৰ্য্য দিবলৈ সক্ষম হয়। প্ৰধান শিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে লকডাউনৰ সময়ত অভিভাৱকৰ লগত ১০০ শতাংশ যোগোযোগ তেওঁলোকে ৰাখিছে আৰু সফলো হৈছে। এই বিদ্যালয়খনত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ উপৰিও সহ পাঠ্যক্ৰম যেনে- মাটিৰ কাম, বাহৰ কাম, নাচ-গান, ছবি অঁকা আদিৰ প্ৰশিক্ষণ তেওঁলোকে নিজাববীয়াকৈ দিয়ে। সপ্তাহত বা পষেকত এইবোৰ প্ৰশিক্ষণ বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ হতুৱাই দিয়াৰ চেষ্টা কৰিছে। ইয়াৰ বাবদ কোনো ধৰণৰ মাছুল ছাত্ৰ-ছাত্ৰী সকলৰ পৰা লোৱা হোৱা নাই।

 লকডাউনৰ সময়ত চৰকাৰৰ ফালৰ পৰা যোগান ধৰা মধ্যহ্ন ভোজনৰ সামগ্ৰী সমূহ চৰকাৰী নিৰিখ মতে ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱক সকলৰ জৰিয়তে যোগান ধৰিচে বুলি জানিবলৈ দিয়ে। বিশেষভাৱে লক্ষণীয় যে প্ৰধান শিক্ষক গৰাকীয়ে সম্পূৰ্ণ নিজাববীয়াকৈ ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষা দিয়াৰো ব্যৱস্থা কৰিছে বুলি আমাক জানিবলৈ দিয়ে।

 চহৰৰ মাজমজীয়াত এই গাভৰু পথাৰ বিদ্যলয়খনে বিশেষ পাৰদৰ্শিতা দেখুওৱাটো এটা গৌৰৱৰ কথা। প্ৰধান শিক্ষকজনৰ এই প্ৰচেষ্টা প্ৰশংসনীয়। ভৱিষ্যতে আৰু আগবাঢ়িব বুলি আশা কৰিলোঁ।


SUBSCRIBE TO OUR NEWSLETTER


ওপৰলৈ যাওক