বৰ্তমান ক’ভিড-১৯ ৰ সময়ত আমাৰ কৰণীয়
আমি একোখন সমাজত বসবাস কৰোঁ। সমাজত বাস কৰাৰ লগে লগে আমাৰ বহু দায়িত্ব আহি পৰে। বৰ্তমান
আমাৰ দেশ তথা বিশ্বখন সংকটত পৰিছে। গতিকে, বৰ্তমান সমগ্ৰ দেশখন বা বিশ্বখনক ৰক্ষা কৰাটো আমাৰ
দায়িত্ব। এই সময়ত আমি দেশবাসী একত্ৰিত হ’ব লাগিব।
দেখা গৈছে কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি ভেদাভেদৰ সৃষ্টি হৈছে। এইয়া অলপো উচিত নহয়। যিসকল কৰোনাত আক্ৰান্ত হৈছে,
তেওঁলোকক আমি ঘৃণা কৰিব নালাগে। মাথো ৰোগটোৰ পৰা নিজকে ৰক্ষা কৰিব লাগে। এটা মনত ৰাখিবলগীয়া কথা হ’ল যে, আমি সকলোৱে যদি সচেতন হওঁ, তেতিয়া আমি দেশখনক ৰক্ষা কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম হ’ম। কিন্তু এজনৰ অসাৱধানতাৰ বাবে আন বহুজন বিপদত পৰিব পাৰে। সেয়েহে আমি ঘৰতে থাকিব লাগিব কিছুদিন। অতি প্ৰয়োজন নহ’লে ওলাই যাব নালাগে ঘৰৰ পৰা আৰু সামাজিক দূৰত্ব মানিব লাগিব।
Comments