ক’ৰোণা ভাইৰাছ আৰু শিশুৰ ভূমিকা
বৰ্তমানৰ প্ৰেক্ষাপটত এক ধ্বংসাত্মক পৰিচয়েৰে সমগ্ৰ বিশ্ববাসীৰ মাজত পৰিচিত হোৱা ক’ৰোণা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। বয়োজ্যেষ্ঠ জনৰপৰা শিশুলৈকে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰা এই ক’ৰোণা ভাইৰাছ হ’ল কিছুমান ভাইৰাছৰ এটা গোট, যিবোৰে মানুহক অসুস্হ কৰি তুলিব পাৰে। এই ক’ৰোণা ভাইৰাছক দেখাত মুকুট পিন্ধি থকা যেন লাগে। যাৰ বাবে ইয়াৰ নাম ক’ৰোণা ৰখা হৈছে। ক’ৰোণা নামটো ‘corona’ শব্দটোৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ‘crown’. ক’ৰোণা ভাইৰাছ অতীতৰ পৰা আছে যদিও শেহতীয়াকৈ ক’ৰোণা ভাইৰাছ পৰিয়ালত এটা নতুন সদস্য আহিছে যাৰ নাম “ক’ৰোণা ভাইৰাছ ২০১৯”। ইয়াৰ বিষয়ে কোনেও আগতে জনা নাছিল। যাৰবাবে ই অতি মাৰাত্মক হৈ পৰিছে। ‘ইউনিচেফ’ ৰ এক প্ৰতিবেদনৰ পৰা লাভ কৰা ওপৰোক্ত তথ্যৰ যোগেদি ক’ৰোণাৰ বিষয়ে এক ধাৰণা পোৱা যায়।
এই ক্ষেত্ৰত শিশুসকলে কিদৰে নিজকে এই ভাইৰাছৰপৰা সুৰক্ষা দি ৰাখিব সেয়া জনাটো অতি দৰকাৰী। শিশুসকলে সাধাৰণতে লগৰীয়াৰ সৈতে খেলি নতুবা নাচ-গান কৰি ভাল পায়। সেই খেলাৰ সময়চোৱাত এই ভাইৰাছ এজনৰপৰা আনজনলৈ বিয়পিব পাৰে, যাক ‘সংক্ৰমণ’ বুলি কোৱা হয়। এই সংক্ৰমণৰ জৰিয়তেই ভাইৰাছবিধ এটা শৰীৰৰ পৰা আন শৰীৰলৈ বিয়পিব পাৰে। গতিকে শিশুসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰাটো বাঞ্চনীয়। ইউনিচেফৰ এক প্ৰতিবেদনৰ জানিব পৰা গৈছে যে ক’ৰোণা ভাইৰাছে বেছি দূৰলৈ যাব নোৱাৰে। গতিকে ই হাতৰ পৰা হাতলৈ যাব পাৰে যেতিয়া মানুহে হেণ্ডচেক কৰি অভিবাদন জনায় বা স্পৰ্শ কৰে। ইয়াৰোপৰি ই মুখৰ লেলাউতিৰ কণিকাৰ জৰিয়তে বিয়পিব পাৰে, যিবোৰ আমি কথা পতা, কাহা বা হাঁচি মৰাৰ জৰিয়তে ওলাই যায় অথবা এই ভাইৰাছবিধ থকা কোনোবাই স্পৰ্শ কৰা এখন টেবুল বা অন্য কোনো আচবাবত লাগি ৰৈ থাকিব পাৰে আৰু সেই আচবাব স্পৰ্শ কৰা পৰৱৰ্তী মানুহগৰাকীলৈ বিয়পিব পাৰে। এনে ক্ষেত্ৰত ভয় পৰিহাৰ কৰি এটা গান গালে যিমান সময় লাগে সিমান সময়ৰ বাবে হাত চাবোন আৰু পানীৰে ভালকৈ ধুব লাগে। এইবোৰক নিজে নিজে শুকাই যোৱা এলকহল যুক্ত চেনিটাইজাৰেৰে ধুব লাগে। কোনোবাই হাঁচিয়াই বা কাহি থকা দেখিলে ব্যক্তিজনৰ পৰা আঁতৰত থাকিব লাগে যাতে কণিকাবোৰ গাৰ কাষ নাচাপে। আচবাব সমূহো পৰিষ্কাৰ কৰি থাকিব লাগে আৰু পৰৱৰ্তী কেইটামান দিনত উষ্ণ আদৰণি জনাবলৈ আহে, তেন্তে তেওঁলোকক স্পৰ্শ নকৰাকৈ এটা হাঁহিৰ জৰিয়তেও অভিবাদন স্নেহপূৰ্ণ হব পাৰে।
যদিহে এই ভাইৰাছ শিশুৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে শিশুৱে অসুস্হ অনুভৱ কৰিব পাৰে। জ্বৰ, কাহৰ লগতে উশাহ লবলৈও কিছু অসুবিধাৰ সৃষ্টি হব পাৰে। এনেক্ষেত্ৰত অভিভাৱক সকল সতৰ্ক হব লাগে যাতে শিশুটিক সময়মতে পৰিচৰ্য্যা কৰিব পাৰে। অসুস্হতাৰ বাবে শিশুসকলক ঘৰতে ৰাখিব লাগে আৰু দোহৰাই থাকিব লাগে যে জ্যেষ্ঠজনৰ পৰিচৰ্য্যা পোৱাৰ পিছতেই তেওঁ পুনৰ সুস্হ হৈ খেলিব পাৰিব। হয়তো এই আৱদ্ধ সময়ছোৱাত শিশুটিৰ নিজৰ বন্ধু-বান্ধৱী, বিদ্যালয়ৰপৰা দূৰত থাকি মন বেয়া লাগিবও পাৰে। সেইক্ষেত্ৰত অভিভাৱকে সন্তানৰ মন সুস্হ কৰি ৰখাৰ দায়িত্ব গ্ৰহণ কৰিব লাগে। শিশুসকলক যিমান পাৰি নিৰাপত্তা প্ৰদান কৰি তেওঁলোকৰ মনত থকা ভয়ভাৱ সমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব লাগে। অভিভাৱকৰ ওপৰত পূৰ্ণ ভৰসা থকাৰ লগতে অভিভাৱকৰ পূৰ্ণ পৰিচৰ্য্যা তথা সহযোগিতা লাভ কৰিলে শিশুৰ মানসিক স্হিতি শক্তিশালী হৈ থাকিব। এই সংকটৰ সময়ত দিয়া ‘Lockdown’ ৰ বাবে শিশুসকলে ঘৰতে নিজৰ দৈনন্দিন পাঠ্যপুথি নিয়মীয়াকৈ পঢ়ি যাব লাগে আৰু ঘৰৰ ভিতৰতে নিজৰ কৰণীয় খিনি কৰি যাব লাগে। বৰ্তমান বিভিন্ন নিউজ চেনেল, ইউটিউব চেনেল আদিয়েও এইক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। ইয়াৰোপৰি শিশুসকলে বিভিন্ন ভিডিও, ছবি, পোষ্টাৰ আদি তৈয়াৰ কৰি সামাজিক মাধ্যম সমূহৰ জৰিয়তে সজাগতাৰ ক্ষেত্ৰখনতো এক ডাঙৰ খোজ পেলাব পাৰে।
বহু বিজ্ঞানীয়ে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঔষধ আৰু ইয়াৰ প্ৰতিষেধক উলিয়াবলৈ গৱেষণা কৰি আছে। গতিকে শিশুসকলৰ লগতে জ্যেষ্ঠসকলেও আতংকিত হব নালাগে। এইক্ষেত্ৰত অভিভাৱকসকল সজাগ হব লাগে যাতে শিশুৰ মনত এই বিষয়ে অধিক ভয় সঞ্চাৰ নহয়। এই দুৰ্দিনৰ সময়ত সাৱধানতা অৱলম্বন কৰাটোৱেই এক মাত্ৰ উপায়।
Comments