মৰমৰ
বন্ধু বান্ধৱী সকল,
পোন প্ৰথমে মুক্ত আকাশৰ লগত জড়িত সমূহ কৰ্মকৰ্তা আৰু যুৱ সাংবাদিক সকললৈ নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ মহামাৰী ৰোগৰ সৈতে সকলোৱে যুঁজ দি আছে, এই মহামাৰীৰ বিপদৰ লগতে গোটেই বিশ্বৰ সুৰক্ষিত ৰখাটো আমাৰ দায়িত্ব নহয় জানো ? তাৰ বাবে আটাইতকৈ উত্তম উপায় হ’ল সামাজিক দূৰত্ব বজাই ৰখা। পৰিয়াল বৰ্গ হওঁক বা বাহিৰা মানুহেই হওঁক সকলোৰে পৰা পৰ্য্যাপ্ত দূৰত্ব বজাই ৰাখিব।
‘মুক্ত আকাশ’ এই সুন্দৰ সংবাদ পত্ৰখনৰ জৰিয়তে এই মহামাৰী ৰোগৰ লগতে কিছুমান পৃথক আৰু সুন্দৰ তথ্য প্ৰকাশিত কৰা হৈছে। লগতে এই মহামাৰী ৰোগে মানৱ সমাজক কেনেদৰে প্ৰতিকাৰ কৰিছে তাৰ বিষয়েও বিভিন্ন লোকে বিভিন্ন ধৰণে প্ৰকাশ কৰিছে। অৱশেষত পুনৰবাৰ মুক্ত আকাশৰ সকলো কৰ্মকৰ্তাৰ লগতে যুৱ সাংবাদিক সকলক ধন্যবাদ জনাই অনাগত খণ্ড বিলাকতো সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ।
বৰ্ণালী চাংমাই
কৰোনা ভাইৰাছ সম্পৰ্কে জনসাধাৰণৰ সজাগতা
বৰ্তমান বিশ্বত সমগ্ৰ বিশ্বৰ বহু শতাধিক দেশেই ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰি আছে। এই ভাইৰাছৰ আতংকত আতংকিত হৈছে কোটি কোটি জনতা। কৰোনা ভাইৰাছৰ দৰে ৰোগৰ এই জটিল সময়ত প্ৰতিগৰাকী লোকে সাৱধানতা অৱলম্বন কৰিব লাগিব। চৰকাৰে জনসাধাৰণক এই বিপদৰ পৰা মুক্ত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে প্ৰতিগৰাকী লোকে চৰকাৰক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে ব্যক্তিগত ভাবেও এই ভাইৰাছৰ যাতে সংক্ৰমণ নহয় তাৰ প্ৰতি চকু দিব লাগিব। কেৱল মাস্ক পিন্ধি বা চেনিটাইজাৰ ব্যৱহাৰ কৰিয়ে কৰোনা ভাইৰাছৰ পৰা মুক্ত হ’ব নোৱাৰি। তাৰ সমান্তৰালকৈ প্ৰতিজন লোকে যাতে কোনো কাৰণতে কৰোনাৰ অৱস্থিতি থকা স্থানলৈ নাযায় সেই কথাও গুৰুত্ব দিব লাগিব। যদিহে কৰোনা ভাইৰাছৰ কোনো লক্ষণ, যেনে- হাঁচি মৰা, জ্বৰ, কাহ, পানীলগা ইত্যাদি হয়, তেনেহ’লে ঘৰৰ পৰা ওলাই নোযোৱাটোৱে ভাল। লগতে পৰিয়ালৰ লোকসকলৰ পৰা দূৰত্ব বজাই ৰখাটো অতিকৈ প্ৰয়োজনায়। সন্দেহযুক্ত কোনো লোকে এনে ৰোগৰ লক্ষণ সমূহ লুকুৱাব বিচাৰিলে, তেনে ব্যক্তিৰ খবৰ প্ৰশাসনক দিয়া উচিত। অসমৰ সকলোবোৰ মেডিকেল কলেজ আৰু জিলা হস্পাতালত এই ৰোগত আক্ৰান্ত ৰোগীক ৰাখিবলৈ বিশেষভাৱে আছুতীয়া কক্ষৰ ব্যৱস্থা কৰা হৈছে। গতিকে এনে সময়ত চৰকাৰ প্ৰশাসনে কি কৰিছে, তাৰ সমালোচনা কৰিয়ে কেৱল আমি নিজকে সুৰক্ষিত কৰিব নোৱাৰো। নিজাববীয়াকৈ আমি কি কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়াৰহে প্ৰয়োজন। আমি পৰস্পৰে সমালোচনাত ব্যস্ত থাকিলে আমাক নিঃশেষ কৰাৰ বাবে এই ভাইৰাছে বেছিকৈহে সুযোগ পাব। গতিকে কৰোনা ভাইৰাছক লৈ প্ৰচাৰ তৰা উৰাবাতৰি সমূহ মানি নলৈ শিক্ষিত লোকসকলে জনসমাগম নোহোৱাকৈ সামাজিক দূৰত্ব বজাই ৰাখি পৰিয়াল তথা ওচৰ চুবুৰীয়া লোকসকলৰ মাজত ক’ৰোনা ভাইৰাছৰ সজাগতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
শ্ৰী হীৰকজ্যোতি শৰ্মা
ৰামধেনু যুৱ সাংবাদিক গোট
নলবাৰী জিলা
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
শৈক্ষিক দিশত কৰোনাৰ প্ৰভাৱ
কৰোনা ভাইৰাছৰ বাবে দেশত বৰ্ত্তমান যি লকডাউন চলি আছে সেই লকডাউনে অৰ্থনৈতিক, শৈক্ষিক ইত্যাদি সকলো দিশতে প্ৰভাৱ পেলাইছে।
শৈক্ষিক দিশলৈ লক্ষ্য কৰিলে দেখিম যে লকডাউনৰ বাবে বা কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে আমাৰ শিক্ষাবৰ্ষত যথেষ্ট বিৰূপ প্ৰভাৱ পৰিছে। বৰ্ত্তমান শিক্ষাৰ্থী সকলে অনলাইন শিক্ষাগ্ৰহণ কৰি আছে। কিন্তু প্ৰশ্ন হ’ল, ছাত্ৰ-ছাত্ৰীসকল কিমান উপকৃত হৈছে। আমাৰ গাওঁসমূহত সাধাৰণতে নেটৱৰ্কৰ বহু সমস্যা। নেটৱৰ্ক ভালদৰে পোৱা নাযায়। গতিকে বিদ্যালয়ৰ শ্ৰেণীৰ দৰে নহয় আৰু সম্পূৰ্ণভাৱে বুজাত অসুবিধা হয়। ইয়াৰ উপৰি আমাৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কাৰণ বেছি সময় মোবাইল চাই থাকিলে আমাৰ চকুজোৰে কষ্ট পায়। বৰ্তমানৰ বিশ্বৰ পৰিৱেশলৈ লক্ষ্য কৰি আমি এনেকৈ ঘৰতে থাকিব লাগিব। সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে অলপ বেছিকৈ অধ্যয়ন কৰিব লাগিব। শেষত সকলোকে ক’ব বিচাৰো, আহক, আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, কৰোনা ভাইৰাছ যেতিয়ালৈকে নোহোৱা নহয় আমি ঘৰতে থাকিম, অপ্ৰয়োজনত ঘৰৰ পৰা নোলাওঁ। তেতিয়াহে মানৱজাতিৰ ৰক্ষা পৰিব। লগতে উল্লেখযোগ্য যে সামাজিক দূৰত্ব বজাই ৰখাটো এই সময়ত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা।
মহচিনা নৌৰীণ ৰহমান
নিজৰ আপোনজনৰ মানসিক স্বাস্থ্যৰ সমস্যা বোৰৰ চিনাক্তকৰণ
সমূহ
মহামাৰীৰ সময়ত প্ৰতিজন ব্যক্তিৰে নিজৰ আপোনজনৰ প্ৰতি কিছু চিন্তা-ভাবনা থাকেই। সেইমৰ্মে তেওঁলোকে যদি এজনে আনজনৰ চিন্তাসমূহৰ উমান লব পাৰে বা কথাৰ ভাগ-বতৰা কৰিব পাৰে, তেন্তে দুয়োজনে এইক্ষেত্ৰত সকাহ লাভ কৰিব পাৰে। কিন্তু এইসমূহ কাম অলপ দূৰত্ব মানিও কৰিব পাৰি, যিটো সকলোৰে বাবে উপকাৰী। নিজৰ তথা আপোনজনৰ মানসিক সমস্যাৰ উমান কি দৰে ল’ব তাৰ পদ্ধতি তলত উল্লেখ কৰা হ’ল-
১) টোপনিৰ পদ্ধতি সাল-সলনি হোৱা।
২) টোপনি আৰু ধ্যানত অসুবিধা হোৱা।
৩) স্বাস্থ্যজনিত সমস্যা বাঢ়ি যোৱা।
৪) নিচাজাতীয় দ্ৰব্য, টবাকো আদিৰ সেৱনৰ সমস্যা বৃদ্ধি হোৱা।
তেওঁলোকক সহায় কৰিব লাগে। যদি সমস্যাৰ কোনো উন্নতি নহয় একেই হৈ থাকে তেতিয়া সহায়ক ফোন নম্বৰ (০৮০-৪৬১১০০০৭) ত যোগাযোগ কৰিব পাৰি।
চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত
কৰোনা ভাইৰাছ আৰু আমাৰ কৰণীয়
অসমৰ জাতীয় উৎসৱটিৰ সময় সমাগম। বছৰত হোৱা তিনিটা বিহুৰ আটাইতকৈ ৰং ধেমালীৰে উদযাপন কৰা বিহুটিয়ে হ’ল ৰঙালী বিহু। এক কথাত ক’ব হ’লে বিহু অসমীয়াৰ আবেগ। অতিজৰে পৰা জনসমাজত প্ৰচলিত বিহু অসমীয়াই উদযাপন কৰি নিজকে অসমীয়াৰ পৰিচয় দি একতাৰ এনাজৰীডাল শকত কৰি আহিছে। বহাগ মাহত অনুষ্ঠিত বহাগ বিহুৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপ পায়। চৰাই-চিৰিকতিৰ বিনন্দিয়া লগতে ঢেকীৰ শব্দ, ঢোল, পেঁপা, গগনা, বাহীৰ মাতে সকলোৰে মনত ৰঙৰ ঢৌ বোৱাই আনে। কিন্তু এইবাৰ হয়তো শুনা নাযাব ঢোল, পেঁপা, গগনা, বাঁহী আদিৰ মাত।
সাম্প্ৰতিক সময়ত চীনৰ উহান চহৰত উৎপত্তি হোৱা কৰোনা ভাইৰাছ (ক’ভিড-১৯) এ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। পানীত হাঁহ নচৰা যেন অৱস্থা হৈ আহিছে ক্ৰমান্বয়ে সকলো দেশতে। মুহুৰ্ততে মৃত্যু হৈছে হাজাৰ হাজাৰ লোকৰ। এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে। এই ভাইৰাছ বিশেষভাৱে চকু, নাক আৰু মুখৰ পৰা দেহৰ ভিতৰলৈ প্ৰবেশ কৰে। গতিকে দেশৰ অৱস্থালৈ চকু ৰাখি কেন্দ্ৰীয় চৰকাৰে কিছু নীতি নিৰ্দেশনা দেশৰ সকলো লোকলৈ জাৰি কৰিছে যাতে এই ভাইৰাছৰ বেছি দূৰলৈ বিস্তাৰ হ’ব নোৱাৰে। যেনে-
▶ যিকোনো চাবোনেৰে নিজৰ হাতত দুখন বাৰে বাৰে ধুই পৰিস্কাৰ কৰি ৰখা।
▶ যিহেতু আমি ভাইৰাছ আক্ৰান্ত লোকক তৎক্ষনাত চিনাক্ত কৰিব নোৱাৰি, গতিকে, আমি সকলো লোকৰ পৰা কমেও ১ বা ১ ১/২ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব যাতে ভাইৰাছ আমাৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।
▶ নিজকে পৰিস্কাৰ কৰি ৰখা।
▶ অবাবতে হাত দুখন চকু, মুখ, নাকৰ ওচৰলৈ নিয়াৰ পৰা বিৰত থকা।
▶ জনসাধাৰণৰ সমাগম স্থলিলৈ যোৱা নিষিদ্ধ কৰা।
▶ সেউজীয়া শাক-পাচলিৰ লগতে পুষ্টিকৰ খাদ্য সেৱন কৰিব লাগিব যাতে আমাৰ শৰীৰ শক্তিশালীভাৱে বীজাণুৰ সৈতে যুঁজ কৰিব পাৰে।
উপৰোক্ত নিয়মাৱলীৰ ওপৰিও আমি বিভিন্ন ধৰণৰ কাম যেনে আমি পিন্ধা কাপোৰসমূহ সদায় ধুই চোকা ৰ’দত মেলিব লাগিব যাতে বীজাণু নাশ হয়। পানী উতলাই গৰম কৰি খাব লাগিব, যিকোনো বস্তু স্পৰ্শ কৰাৰ পিছত হাত ধুব লাগিব।
এইদৰেই যদি আমি নিজেই সতৰ্ক হওঁ, আমাক নিশ্বয় এই ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। গতিকে, সকলোৱে যাতে এই নীতিসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখি নিজকে তথা পৃথিৱীখন কৰোনা ভাইৰাছ মুক্ত দেশ হিচাপে গঢ়ি তোলে।
য’ত বিহুৰ কথা আহে, প্ৰতিজন অসমীয়াই যেন এই ৰঙালী বিহুটি অন্ততঃ নিজৰ ঘৰতে থাকি পালন কৰে। কাৰণ আমি থাকিলেহে বিহু থাকিব। গতিকে সকলো লোককে অনুৰোধ, এই ভাইৰাছৰ সাতে শক্তিৰে যুঁজ দিয়ক কিন্তু এই যুঁজৰ একমাত্ৰ কৌশল ঘৰত থকা। ঘৰত থাকক সুৰক্ষিত থাকক।
বৰষা ফুকন
বয়স- ২০ বছৰ
জিলা- ডিব্ৰুগড়
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|