সম্পাদকীয়
মৰমৰ যুৱ সাংবাদিক বন্ধু-বান্ধৱীসকল,
চাহ-বাগিছাত
উভতিল কৰ্মচাৰীসকল ![]()
ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মটক চাহ বাগিছাৰ
পৰিচালক মহোদয়াৰ সৈতে কৰ্মচাৰী সকলক চাহ বাগিছাত কাম কৰিবলৈ অনুমতি
দিয়া হৈছে। আমি সকলোৱে জ্ঞাত যে গোটেই বিশ্ব খনতে ন’বেল ক’ৰোণা
ভাইৰাছৰ আতংক হৈ আছে লগতে তলাবন্ধ (Lockdown) ৰ নীতি নিয়ম বান্ধি
দিছে যাতে সকলোৱে ক’ৰোণা ভাইৰাছৰ পৰা বাছি থাকে। ঘৰত পৰিয়ালৰ লগত
থাকি নিজকে আৰু আনকো সুৰক্ষিত ৰাখক। সুৰক্ষিত থকাৰ উপৰিও নিজৰ আৰু
পৰিয়ালৰ পেট পো-পালন কৰিবও লাগিব, সেইবাবে কাম কৰিব লাগিব। কাম
কৰিলেহে এবেলা এসাজ খাব পাৰি।
- শ্ৰীমতী গৌৰী গোচাই খেলুৱা স্বাস্হ্যকেন্দ্ৰৰ স্বাস্হ্যকৰ্মীৰ সৈতে বাৰ্তালাপ ![]()
বৰ্তমানৰ প্ৰেক্ষাপটত COVID-19 ৰ ভয়াৱহতা তথা আতংকই সমগ্ৰ বিশ্বকে
গ্ৰাস কৰিবলৈ ধৰাত বিশ্বৰ আন বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো প্ৰতি
সুৰক্ষাৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। ভাৰত চৰকাৰৰ
নিৰ্দেশমৰ্মেই কাৰ্য্যক্ষেত্ৰত নামি পৰা স্বাস্হ্যকৰ্মীসকলৰ ভিতৰত
অসমৰ খেলুৱা প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত লংকাক গোঁহাই
গাওঁ উপস্বাস্হ্য কেন্দ্ৰৰ অন্তৰ্গত ঢেকেৰী গাঁৱৰ আশা চুপাৰভাইজাৰ
শ্ৰীমতী অৰ্চনা বৰদলৈ আৰু আশা কৰ্মী শ্ৰীমতী ৰশ্মিতা গগৈয়ে
COVID-19 সম্পৰ্কে তেওঁলোকৰ মতামত দাঙি ধৰে আৰু তেওঁলোকৰ অনুভৱ
ব্যক্ত কৰে এনেদৰে-
- শ্ৰী কৌস্তৱ বৰঠাকুৰ
সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী
![]() মহামাৰী ক’ৰোণা
বন্ধ অসম বন্ধ কোঠা
- শ্ৰী হীৰকজ্যোতি শৰ্মা ![]() ![]()
ক’ৰোণা ভাইৰাছ আৰু শিশুৰ ভূমিকা
বৰ্তমানৰ প্ৰেক্ষাপটত এক ধংসাত্মক পৰিচয়েৰে সমগ্ৰ বিশ্ববাসীৰ মাজত
পৰিচিত হোৱা ক’ৰোণা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি
কৰিছে। বয়োজ্যেষ্ঠ জনৰপৰা শিশুলৈকে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰা
এই ক’ৰোণা ভাইৰাছ হ’ল কিছুমান ভাইৰাছৰ এটা গোট, যিবোৰে মানুহক
অসুস্হ কৰি তুলিব পাৰে। এই ক’ৰোণা ভাইৰাছক দেখাত মুকুট পিন্ধি থকা
যেন লাগে। যাৰ বাবে ইয়াৰ নাম ক’ৰোণা ৰখা হৈছে। ক’ৰোণা নামটো
‘corona’ শব্দটোৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ‘crown’. ক’ৰোণা ভাইৰাছ
অতীতৰ পৰা আছে যদিও শেহতীয়াকৈ ক’ৰোণা ভাইৰাছ পৰিয়ালত এটা নতুন
সদস্য আহিছে যাৰ নাম “ক’ৰোণা ভাইৰাছ ২০১৯”। ইয়াৰ বিষয়ে কোনেও আগতে
জনা নাছিল। যাৰবাবে ই অতি মাৰাত্মক হৈ পৰিছে। ‘ইউনিচেফ’ ৰ এক
প্ৰতিবেদনৰ পৰা লাভ কৰা ওপৰোক্ত তথ্যৰ যোগেদি ক’ৰোণাৰ বিষয়ে এক
ধাৰণা পোৱা যায়।
শ্ৰী কৌস্তৱ বৰঠাকুৰ ক'ভিড-১৯ আৰু স্বাস্থ্যকৰ্মীসকলৰ তৎপৰতা
বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ ভাৰতৰ সকলো মানুহকে ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ চৰকাৰে নিৰ্দেশ দিয়াৰ বিপৰীতে জৰুৰীকালীন বিভাগসমূহ, পুলিচ প্ৰশাসন, চিকিৎসা কৰ্মীসকলক দিনে ৰাতিয়ে ৰাইজৰ স্বাস্থ্য তথা নিৰাপত্তাৰ বাবে কামত লাগি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। নিজৰ স্বাস্থ্য-নিৰাপত্তাৰ কথা নাভাবি এইসকল লোকৰ ভিতৰত চিকিৎসা কৰ্মীয়ে কিদৰেনো দায়িত্ব পালন কৰি আছে তাৰেই বুজ লবলৈ আমি কথা পাতিবলৈ শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত মিৰিচুতীয়া উপ স্বাস্থ্য কেন্দ্ৰৰ আশাকৰ্মী শ্ৰীযুতা ৰীণা পাওগাম পায়েং বাইদেউ আৰু এএনএম মীৰা দাস নেওগ বাইদেউক লগ ধৰোতে তেওঁলোকে ইয়াৰ বিষয়ে আৰু সমস্যা সম্পৰ্কে আমাক অৱগত কৰে। নিৰ্দিষ্ট জনসমষ্টিৰ ওচৰলৈ যাওতে তেওঁলোকে মুখত মাস্ক, হাতত হাতমোজা, পৰিস্কাৰ কাপোৰ আৰু নিৰাপত্তাজনিত কাৰণত বিভিন্ন উপায় অৱলম্বন কৰি ৰাইজৰ স্বাস্থ্য সেৱাত স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ আগবঢ়োৱাৰ লগতে কৰোণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ জনতাৰ মাজত সজাগতাৰ বাবেও সভা সমিতি পাতিছে। তেওঁলোকে জানিবলৈ দিয়ে যে এতিয়াও বহু ঠাইৰ মানুহ এই বেমাৰৰ ভয়াবহতাৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে ঘৰতে থাকিবলৈ, পৰিৱেশ পৰিস্কাৰ কৰি ৰাখিবলৈ দোকান বা ৰাস্তাত ভিৰ নকৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশ তেওঁলোকৰ বহুতে পালন কৰিব নোখোজে। এনে পৰিস্থিতিত আশা কৰ্মীৰ পৰা চিকিৎসক সকলোলৈকে সকলোৱে ব্যৱস্থা লবলগীয়া হৈছে। বিশেষকৈ নিৰক্ষৰ জনসমষ্টি, যেনে - ইটা ভাটাৰ শ্ৰমিক, চাহ বাগিছাৰ শ্ৰমিক আদি বাস কৰা অঞ্চলসমূহত সজাগতা অভিযান তীব্ৰ কৰি তোলা হৈছে। এইক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে সোধাত তেখেতসকলে জানিবলৈ দিয়ে যে স্বাস্থ্য কৰ্মী দেখিলে বহু মানুহ আতৰি যোৱাও পৰিলক্ষিত হয়। লগতে বহুতে বুজি নাপায়। সেয়েহে স্বাস্থ্য কৰ্মীসকলৰ ওপৰত বিশেষ দায়িত্ব আহি পৰে। নিজতকৈও জনসাধাৰণক ৰক্ষা কৰাতোহে তেওঁলোকৰ বাবে ডাঙৰ কৰ্তব্য হৈ দেখা দিছে। শিশুসকলৰ ক্ষেত্ৰতো তেওঁলোকে সজাগ হোৱা পৰিলক্ষিত হৈছে । শেষত তেখেতসকলে ৰাইজক ঘৰৰ ভিতৰত সোমাই থাকি নিজৰ লগতে নিজৰ পৰিয়ালৰ সকলোকে সুৰক্ষিত কৰাৰ লগতে সজাগ-সচেতনতাৰে নিজৰ লগতে আনকো বচাবলৈ আহ্বান জনায়।
- মৃণাল দলে ঘৰতে থাকক, সুস্থ থাকক
বৰ্তমান সময়ত গোটেই বিশ্বজুৰি বিয়পি পৰা মাৰাত্মক মহামাৰী
ৰোগ বিধেই হ’ল ক’ৰোণা। ই সমগ্ৰ পৃথিৱীৰ মানুহৰ মাজত সন্ত্ৰাসৰ
সৃষ্টি কৰিছে। সকলো মানুহ আতংকিত হৈ পৰিছে। ক’ৰোণা বিধৰ জন্ম চীন
দেশৰ য়ুহান নামৰ চহৰৰ পৰা। ক’ৰোণা হৈছে এবিধ ভাইৰাছ। ভাইৰাছ সমূহ
খালি চকুৰে মনিব নোৱাৰি। এই ভাইৰাছ এজন মানুহৰ পৰা আন এজন মানুহৰ
সংস্পৰ্শলৈ আহিলে অতি সহজে বিয়পিব পাৰে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত
ইতিমধ্যে বহুতো লোকৰ মৃত্যু হৈছে। এই ভাইৰাছৰ পৰা হাত সাৰিবৰ বাবে
মাথো কিছুমান নিয়ম মানি চলিব লাগিব। সেই নিয়মসমূহ হ’ল-
- চিত্ৰা বৰ্মণ |