![]()
যুৱ সাংবাদিকৰ বাতৰিকাকত
সম্পাদকীয়
প্ৰিয় সতীৰ্থসকল, এই সেৱাৰ পৰা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালী যথেষ্ট উপকৃত হৈছে ![]()
বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেজাই কলাখোৱা অঞ্চলৰ অঙ্গনৱাডীৰ
ওপৰত এক চমু সমীক্ষা কৰা হয়। - নৱজ্যোতি যুৱ সাংবাদিক গোট অংগনৱাড়ীৰ কমী সৈতে বাৰ্তালাপ যুৱ সাংবাদিকৰ ![]() ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মনোহাৰী চাহ বাগিচাৰ মনোহাৰী 14 নং অংগনৱাড়ী কৰ্মীৰ সৈতে অংকুৰ যুৱ সাংবাদিকৰ দলে বাৰ্তালাপ কৰে। অংগনৱাড়ী কৰ্মী শ্ৰীমতী অঞ্জুমণি শইকীয়া বাইদেৱে কয় যে, কেন্দ্ৰটোত মুঠ শিশুৰ সংখ্যা 32 জন। ইয়াৰে প্ৰায়েই 17-18 জন শিশুহে উপস্থিত থাকে । শিশুসকলক খেলা-ধূলা কৰা, পঢ়া-শুনা কৰাৰ উপৰিও পৰিপূৰক আহাৰ খাবলৈ দিয়া হয় । পৰিপূৰক খাদ্য কি সোধাত তেওঁ কয় যে, ফলমূল ,খিচিৰি আদিৰ লগতে তেওঁ জানিবলৈ দিয়ে যে 2019 চনৰ মাৰ্চৰ 29 তাৰিখে শিশুসকলক খোৱাৰ বাবে পইচা দিয়ে আগষ্ট মাহলৈ । বৰ্তমান এই পইচা শেষ । আজি ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰলৈ শিশুসকলে খাব পোৱা নাই । তেওঁ অতি সোনকালে শিশুসকলৰ খাদ্য দিব লাগে বুলি কয় ।এই কেন্দ্ৰত কিশোৰীসকলৰ প্ৰতিমাহে বুধবাৰৰ দিনা কিশোৰী সভা পাতি কিশোৰীসকলক 'আইৰন টেবলেট' দিওঁ বুলি কয় । বতমান 64 গৰাকী কিশোৰী আছে । কিশোৰীসকলক আইৰন টেবলেট কিয় খাব লাগে,মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত চাফ- চিকুণতাৰ লগতে বাল্য বিবাহ হ’লে কি হ’ব সেই বিষয়ে শিকোৱা হয়।শিশুসকলকো প্ৰতি মাহে ওজন জোখা হয়, লগতে প্ৰতিষেধক দিয়া হয় আৰু গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃক স্বাস্থ্যৰ যতনৰ ওপৰত শিকোৱা হয় । জানিব পৰা গৈছে বাইদেউৰ পৰা বৰ্তমান তেওঁ লিখা-মেলা কৰাৰ বহু আগতেই চৰকাৰে দিয়া খেলা -বস্তুবোৰ ভাগি গ’ল আৰু ল’ৰা- ছোৱালীহঁতৰ বৰ্ণকাৰ্ডসমূহ ভাগি নাইকিয়া হ’ল । কেন্দ্ৰটোৰ সহকৰ্মী শ্ৰীমতী ভাৰতী শইকীয়া বাইদেৱে কয়- বৰ্তমান খেলা-বস্তুবোৰ, বৰ্ণকাৰ্ডসমূহ পুনৰ নতুনকৈ দিলে আমাৰ শিশুসকলৰ সুবিধা হ’ব । - লাহোৱাল যুৱ সাংবাদিক গোট SEWA ৰ Save the Children ৰ সহযোগত ![]()
বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেপেটকটা চাহ বাগিচাত ইংৰাজী
20-১০-২০১৯ তাৰিখে SEWA, Socio Educational Welfare Association ৰ
Save the Children তৰফৰ পৰা লেপেটকটা চাহ বাগিচাৰ কিশোৰ -কিশোৰী,
শিশুক লগত লৈ দেৱালী Celebrate কৰা হয় ।তাতে Save the Childrenৰ
তৰফৰ পৰা SEWA ৰ Director আৰফান হুছেইন , Program officer জন পাউল
টিৰকে আৰু district facilitator মুৰজাহিদ আহমেদ উপস্থিত থাকে। - মিলিজুলি যুৱ সাংবাদিক গোট
বিধ্বস্ত
ৰূপত ৰাস্তা- ঘাট ![]()
কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুটুৰী গাঁৱৰ জলামদানি
অঞ্চলটোলৈ যোৱা পথ বৰ্তমান বিধ্বস্ত ৰূপত ।বৰষুণ নিদিলেও পথৰ মাজত
পুখুৰীৰ দৰে গাঁতত পানী জমা হৈ থাকে।যাৰ ফলত জনসাধাৰণৰ অহা-যোৱাত
বহুতো অসুবিধা হয়। পথৰ এই বিধ্বস্ত ৰূপৰ বাবে অভিভাৱকসকলে
অংগনৱাডী শিশুসকলক তালৈ পঠাবলৈ ভয় কৰে। যোৱা প্রায় ৩ বছৰ মান
আগতে এবাৰ দূৰদৰ্শনৰ সাংবাদিক আহিছিল যদিও কিন্তু চৰকাৰৰ গা লৰাব
নোৱাৰিলে ।আকৌ এবাৰ গাঁৱৰ মানুহে লগ লাগি পথটো ভাল কৰিব বিচাৰিছিল
যদিও গাঁৱৰ মানুহ আৰ্থিকভাৱে দুৰ্বল বাবে ৰাস্তাৰ কাম সম্পূর্ণ হৈ
নুঠিল ।পথটোৰৰ এই দুৰৱস্থাৰ বাবে কেতিয়াবা কাৰোবাৰ অসুখ হ’লে
প্রায় ১/২ কিলোমিটাৰ মান কান্ধত তুলি নিব লাগে ।এই গাঁৱৰ মানুহে
গাঁৱৰ সভাপতি আৰু সম্পাদকক জনোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা একো
সঁহাৰি পোৱা নাই বুলি কয়।লগতে আমাক জানিবলৈ দিয়ে যে ভোটৰ সময়তহে
চৰকাৰে গাঁৱৰ মানুহৰ খবৰ লয়।
- ৰামপুৰ উন্নয়ন খণ্ড
সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী
![]() জীৱন
জীৱন জীৱন জীৱন
- ৰোশনী হক ![]()
উন্নতি যুৱ সাংবাদিক গোটৰ সৈতে প্ৰধান শিক্ষকৰ চমু সাক্ষৎকাৰ
ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰতলি চাহ
বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ যচিৰ সৈতে
মধ্যাহ্ন ভোজনৰ ওপৰত চমু সাক্ষাৎকাৰ সমূহ তলত আলোচনা কৰা হল-
- নেহা নায়ক শৌচালয় ব্যৱহাৰৰ ওপৰত এক বিস্তৃত সমীক্ষা
ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকম, চাবুৱা
(টাটা গেট), দিনজয়, হাতিআলি আৰু শিয়ালকাটি চাহ বাগিচা সমূহত
শৌচালয় আৰু পানী ফিল্টাৰ কৰি খায় নে নাখায় তাৰ ওপৰত এক চমু
সমীক্ষা চলোৱা হয়। সমীক্ষা চলোৱা ঘৰকেইটাৰহে তথ্যখিনি তলত উল্লেখ
কৰা হ’ল-
- গৌৰৱ যুৱ সাংবাদিক গোট বিদ্যালয়ত শিক্ষক নথকা বাবে অসুবিধা হৈছে ছাত্ৰ-ছাত্ৰীৰ
ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মনোহাৰী চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ অনুপাতে শিক্ষক নাই । যুৱ সাংবাদিকসকলে সমীক্ষা কৰি দেখা পায় যে, এই বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ সংখ্যা 105জন, শ্ৰেণী হৈছে পাঁচটা আৰু শিক্ষক এজন। এই সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰাজীৱ বুঢ়াগোহাঁয়ে যুৱ সাংবাদিকৰ আগত কয় যে, তেওঁ প্ৰধান শিক্ষক গতিকে বিদ্যালয়ৰ বহুত কাম কৰিব লগা হয় আৰু ল’ৰা-ছোৱালীকো পঢ়াব লাগে, বহুত অসুবিধা হৈছে। এই বিষয়ে জিলাৰ শিক্ষা খণ্ড বিষয়াক জনোৱা হৈছে যে শিক্ষকৰ অতি প্ৰয়োজন কিন্তু শিক্ষা বিষয়াই আজিলৈকে গুৰুত্ব দিয়া নাই । এগৰাকী সহকাৰী শিক্ষক হিচাপে বাগিচাৰ কৰ্তৃপক্ষই সামান্য পৰিমাণৰ দৰমহা দি বিদ্যালয়ত নিযুক্তি দি ছাত্ৰ- ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰি দিছে । এই বিদ্যালয়ৰ দুজন ছাত্ৰ শ্ৰী ৰজত ভূঞা আৰু শ্ৰী চেলিম চাহুৱে কয় যে আমাৰ শিক্ষক নথকা বাবে বহুত অসুবিধা হৈছে । আজি আমাৰ যুৱ সাংবাদিকৰ যোগেদি বিদ্যালয়ৰ শিক্ষকজনে আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভাগীয় কৰ্তৃপক্ষলৈ নিবেদন জনাইছে অনতি পলমে শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে বিদ্যালয়ত । - লাহোৱাল যুৱ সাংবাদিক গোট মধ্যাহ্ন ভোজন আৰু ছাত্ৰ -ছাত্ৰীৰ মতামত লাগে
ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত হাতিআলি চাহ
বাগিচাৰ বিদ্যালয়ত মধ্যাহ্ন ভোজনক লৈ ছাত্ৰ- ছাত্ৰীৰ চমু
সাক্ষৎকাৰ তলত আলোচনা কৰা হ’ল- পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্রী নিকিতা
নায়কক সোধাত কয় যে- ভাতখিনি বেয়া, টেঙা টেঙা লাগে খাওঁতে।
নিকিতা নায়কে জনায় যে এই বিষয়ে বিদ্যালয়ৰ শিক্ষকক জনোৱা হৈছে।
- উন্নতি যুৱ সাংবাদিক গোট
স্কুলৰ
বিষয়ে সমীক্ষা
ধুবুৰী জিলাৰ আগমনি উন্নয়ন খণ্ডৰ অন্তৰ্গত শেৰনগৰৰ ২৪১৩ নং পূব শেৰনগৰ এল. পি স্কুলৰ শিক্ষক- শিক্ষয়িত্ৰী ৩ জন আৰু ছাত্ৰ -ছাত্ৰীৰ সংখ্যা ৬০ জন । স্কুললৈ যোৱা ৰাস্তাটো অলপ বৰষুণ দিলেই পানীৰে উপচি পৰে আৰু ছাত্ৰ -ছাত্ৰী সকল অসুবিধাৰ সন্মুখীন হয় আৰু স্কুলৰ ভিতৰলৈ যাব নোৱাৰা হয়। এই সম্পৰ্কে প্ৰধান শিক্ষক অমৰ ভৌমিকে কয় যে, চৰকাৰ কৰ্তৃপক্ষক জনোৱা হৈছে। তেওঁলোকে কয় যে স্কুলৰ সকলো ব্যৱস্থা সিদ্ধি হ’ব । কিন্তু এতিয়ালৈকে হোৱা নাই। ছাত্র -ছাত্ৰী বহুত অসুবিধাৰ সন্মুখীন হৈছে।
- ৰোশনী হক বৰষুণৰ বাবে ছাত্ৰ- ছাত্ৰীয়ে জীয়াতু ভুগিছে
কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয় ,নাম শুৱালকুছি বালক মজলীয়া বিদ্যালয়। এজাক বৰষুণ দিলেই বিদ্যালয়খনৰ চোতালত পানী জমা হয় আৰু এক অপ্ৰীতিকৰ অৱস্থাৰ সৃষ্টি কৰে । ইয়াৰ মূলতেই হ’ল সু- পৰিকল্পিত নলা- নৰ্দমাৰ অভাৱ। পানী ওলাই যাব নোৱাৰি আবদ্ধ হৈ থাকে, আকৌ কেতিয়াবা পানী শ্ৰেণীকোঠালৈও বৈ যোৱা দেখা যায় । ইয়াৰ বাবে ছাত্ৰ- ছাত্ৰীৰ লগতে শিক্ষকসকলৰো নানা সমস্যা হয়। এই সন্দৰ্ভত মৃণাল বৈশ্যই কয় যে," ছাত্ৰ -ছাত্ৰী সকলৰ বহুত অসুবিধা হৈ আছে। গতিকে সোনকালে চৰকাৰে ইয়াৰ ব্যৱস্থা ল’ব লাগে । নহ’লে বহুত অসুবিধা হয়।" - বিশাল বৈশ্য হাতিআলি চাহ বাগিচা বিদ্যালয়ৰ শিশুৰ সমস্যা
ডিব্ৰুগড় জিলাৰ পানীতোলা উন্নয়ন খন্ডৰ অন্তৰ্গত হাতিআলি চাহ
বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিশু সংসদ গঠন কৰা হয়। শিশু সংসদ গঠন
কৰাৰ দ্বিতীয় দিনা শিশুসকলে সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে
আমাক জনায়। সমস্যাসমূহ হ’ল -
- পিংকি খাতুন। |