Image

সম্পাদকীয়

মৰমৰ

বন্ধু-বান্ধৱী সকল

আশা কৰোঁ সকলো কুশলে আছা। মুক্ত আকাশৰ লগত জড়িত সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।

আমাৰ সমাজত ছোৱালীসকল ল’ৰাৰ সমানে সকলোতে আগবাঢ়ি যোৱা দেখা গৈছে যদিও সাম্প্ৰতিক সময়ত বহু ঠাইত ছোৱালীসকল পিছ পৰি ৰৈ যোৱা দেখা গৈছে। বহু ঠাইত কিছুমান পিতৃ-মাতৃয়ে গৰ্ভতে ছোৱালী সন্তান নষ্ট কৰা দেখা গৈছে। কোনো কোনো ঠাইত ছোৱালী সকলক বিদ্যালয়লৈ যাবলৈ অৰ্থাৎ শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে। ঘৰৰ বিভিন্ন কামত খটুৱাহে দেখা যায়। দৰিদ্ৰতাৰ বাবে বহু পৰিয়ালে নিজৰ ছোৱালী জনীক ওঠৰ বছৰ বয়সৰ আগতেই বিয়া দিয়া দেখা যায়। ফলত ছোৱালীজনী শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰা দেখা যায়।

বৰ্তমান সময়ত ছোৱালী আৰু লৰাৰ মাজত একো পাৰ্থক্য নাই বুলি কয় যদিও বিভিন্ন ঠাইত বিভিন্ন কাৰণত ছোৱালী সকলক বহু কামৰ পৰা বঞ্চিত কৰি ৰখা হয়। শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা হয়, বাল্য বিবাহ সম্পন্ন কৰা হয়। ল'ৰাই যিখিনি স্বাধীনতা পাই তাৰ পৰা ছোৱালী সকলক বঞ্চিত কৰি ৰাখে সেয়ে এই বৈজ্ঞানিক যুগত লৰা আৰু ছোৱালীৰ মাজত বিভেদ সৃষ্টি নকৰি সমানে আগবাঢ়ি যোৱাত আমি সচেতন হ’ব লাগে আৰু যি সমূহ ঠাইত এনে কাৰ্য্য হয় তাত জ্ঞানী সকলে সজাগতাৰ সৃষ্টি কৰা প্ৰয়োজন। কাৰণ আজিৰ দিনত লৰা-ছোৱালী সকলো সমান। ল’ৰাৰ সৈতে সমানে খোজ মিলাব পৰা এজনী ছোৱালীৰ ক্ষমতা আছে সেয়ে আহক আমি সকলোকে সমান চকুৰে চাওঁ।

বিদিশা শইকীয়া
মাজুলী

ঋতুস্ৰাৱ আৰু কিশোৰী সকলৰ সমস্যা


Image

পৃথিৱীৰ প্ৰতি গৰাকী নাৰী মাহেকীয়া ঋতুস্ৰাৱৰ সন্মুখীন হয়। ই এক স্বাভাৱিক আৰু প্ৰাকৃতিক প্ৰক্ৰিয়া। সাম্প্ৰতিক সময়ত বিশেষকৈ কিশোৰী সকল মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত বিভিন্ন অসুবিধাত ভোগা দেখা যায়। ৰাৱনাপাৰ অঞ্চলৰ কেইগৰাকীমান কিশোৰীৰ লগত তেওঁলোকৰ লগত এক সাক্ষাৎকাৰ।

বিদিশা শইকীয়া:- তোমালোকে ঋতুস্ৰাৱৰ সময়ত কেনেকুৱা অনুভৱ কৰা আৰু কিবা অসুবিধাত ভোগা নিকি?

প্ৰথম কিশোৰীঃ- হয় মই ঋতুস্ৰাৱৰ সময়ত বহু অস্বস্তি অনুভৱ কৰোঁ। সেই সময়ত মোৰ অত্যাধিক তলপেটৰ বিষ হয়, কেতিয়াবা মূৰৰ বিষ হয়, আৰু সেই সময়ত মায়ে গৰম পানী খাবলৈ দিয়ে আৰু কাপোৰ গৰম পানীত তিয়াই পেট সেকি দিয়ে।

বিদিশা শইকীয়াঃ- তুমি এনে অসুবিধা হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱানে?

প্ৰথম কিশোৰীঃ- নাই, বৰ্তমানলৈকে ডাক্তৰৰ পৰামৰ্শ লোৱা নাই।

বিদিশা শইকীয়াঃ- যিহেতু চৰকাৰে আশাকৰ্মীৰ দ্বাৰা কিশোৰী সকলৰ বাবে এখন আঁচনি প্ৰস্তুত কৰি বিনামূলীয়া নেপকিনৰ প্ৰদান কৰিছে এই বিনামূলীয়া নেপকিনৰ সুবিধা তোমালোকে পাইছা নে?

দ্বিতীয় কিশোৰীঃ- হয় আমি জানিবলৈ পাইছিলোঁ যে এক আঁচনিৰ জৰিয়তে আমাক নেপকিন প্ৰদান কৰিছে কিন্তু আমি আশাকৰ্মীৰ পৰা তেনে কোনো সুবিধা পোৱা নাই। আৰু বহু সময়ত শুনিবলৈ পাইছিলোঁ সেই নেপকিন সমূহ বিতৰণ কৰাৰ পৰিৱৰ্তে নষ্ট হ’বলৈ দি জ্বলাই দিয়াৰ কথা।

বিদিশা শইকীয়াঃ- পুৰণা ৰীতি-নীতিৰ মতে সেই সময়ত কিশোৰীৰ সকলক বহু কামৰ পৰা বঞ্চিত কৰা হৈছিল। তোমালোকেওঁ ঋতুস্ৰাৱৰ সময়ত বিভিন্ন কামৰ পৰা বঞ্চিত হৈছাঁ নেকি?

তৃতীয় কিশোৰীঃ- হয়, যিহেতু আমাৰ ঘৰত আইতা আছে সেয়ে কিছুমান নীতি আমিও মানি চলিব লগা হয়। আমাক সেই সময়ত বিদ্যালয়লৈ যাবলৈ নিদিয়ে। সমনিয়াৰ লগত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যোৱাৰ পৰা বঞ্চিত হোৱাৰ লগতে সেই তিনিদিন একেটা কোঠাৰ ভিতৰত সোমাই থাকিব লগা হয়।

বিদিশা শইকীয়াঃ- তুমি সেই সময়ত কেনেধৰণৰ আহাৰ গ্ৰহণ কৰা আৰু সেই সময়ত কিবা পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছাঁ নেকি?

চতুৰ্থ কিশোৰীঃ- আমাৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত সাধাৰণ খাদ্যই গ্ৰহণ কৰোঁ। আৰু যিহেতু আমি অধ্যয়ন কৰি পাইছোঁ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যিসমূহ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব লাগে, আমি তেনে খাদ্য খোৱাৰ পৰা বঞ্চিত হৈছোঁ।

যিহেতু কিশোৰী সকলৰ মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত অতি সাৱধানতাৰ প্রয়োজন সেয়ে তেওঁলোকৰ অসুবিধা সমূহৰ প্ৰতি গুৰুত্ব দিয়া অতি প্ৰয়োজন। আৰু লগতে কিশোৰীসকল আৰু অভিভাৱক সকলৰ মাজত মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ল’ব লগা সৱধানতাৰ ওপৰত বৰ্তমানেও সজাগতাৰ প্ৰয়োজন আছে বুলি অনুমান কৰিব পাৰি।


শ্ৰী যশশ্ৰী শইকীয়া
১৫ বছৰ
শিৱসাগৰ

সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী

Image

Image

Image

মই বন কৰা ছোৱালী

তোমালোক টোপনিত থাকা
মোক কিন্তু পুৱা চাৰি বজাতে জগাই দিয়া
মোৰ বৰ টোপনি ধৰে,
কিন্তু তোমালোকে উঠাৰ আগে
অৰ্থাৎ সাত বজাৰ ভিতৰত
মই পুৱাৰ কামবোৰ কৰি শেষ কৰিব লাগে।
তাকে নকৰিলে পিঠিত পৰিব লাঠিৰ কোব
দিনৰ বাৰ বজাত
তোমালোকে খোৱাৰ পাছত
মই যি থাকে তাকেই খাওঁ,
ৰাতি ১১ বজাত বিছনালে যাওঁ
এনেদৰেই চলি থাকে মোৰ ৰাতিলৈ দৈনিক কাৰ্য্যসূচী।
মই এজনী ১১ বছৰীয়া বনকৰা ছোৱালী।

নিয়ৰ মনা দিহিঙীয়া
ধেমাজি

আন্তৰ্জাতিক কন্যা শিশু দিৱস



প্ৰতিবছৰে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহ ১১ অক্টোবৰ তাৰিখটো আন্তৰ্জাতিক কন্যা শিশু দিৱস হিচাপে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথমে এই দিৱস পালন কৰা হৈছিল। প্লেন ইন্টাৰনেচনেল নামৰ বেচৰকাৰী অনুষ্ঠানৰ পৃষ্ঠপোষকতাত এটি প্রকল্প ৰূপে আন্তৰ্জাতিক কন্যা শিশুৰ জন্ম হৈছিল। এই দিৱসৰ ধাৰণা জাগ্ৰত হৈছিল প্লেন ইন্টাৰনেচনেলৰ “কাৰণ মই এজনী ছোৱালী” নামৰ আন্দোলনটোৰ পৰা। এই আন্দোলনৰ মূল কাৰ্য্যসূচী হ’ল গোটেই বিশ্বজুৰি কন্যাৰ পৰিপুষ্টি সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা। এই সংস্থাৰ কানাডাৰ বিষয়ববীয়া সকলে এই আন্দোলনক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিবলৈ কানাডাৰ চৰকাৰৰ সহায় লয়। পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত কানাডাই আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১১ চনৰ ১৯ ডিচেম্বৰ তাৰিখে এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হয় আৰু ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰা হয়। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য অন্যান্য উল্লেখযোগ্য ক্ষেত্ৰসমূহ হ’ল শিক্ষাৰ অধিকাৰ, পৰিপুষ্টি, আইনী সহায়, ন্যায়িক অধিকাৰ, চিকিৎসা সুবিধা আৰু বৈষম্যৰ পৰা সুৰক্ষা, নাৰীৰ বিৰুদ্ধে হিংসা আৰু বলপূৰ্বক বাল্য বিবাহ বন্ধ কৰা। প্ৰতিবছৰে ইয়াৰ একোটা প্ৰতিপাদ্য (ঠিম) থাকে। যেনে- প্ৰথম কন্যা শিশু দিৱসৰ প্ৰতিপাদ্য আছিল, “বাল্য বিবাহ বন্ধ কৰা”, দ্বিতীয় বাৰ ২০১২ ৰ প্ৰতিপাদ্য আছিল “ছোৱালীৰ শিক্ষা ক্ষেত্ৰ অভিনৱ কৰি তোলা”। এনেদৰে বিভিন্ন প্ৰতিপাদ্য অনুযায়ী এই দিৱস পালন কৰা হয়। কন্যা শিশু দিৱসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন দেশত বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়, তাৰে কিছুমান ৰাষ্ট্ৰসংঘই প্ৰযোজনা কৰে। যেনে, ভাৰতৰ মুম্বাইত অনুষ্ঠিত সাংগিতিক অনুষ্ঠান। কিছুমান বেচৰকাৰী সংস্থা যেনে অষ্ট্ৰেলিয়াৰ গাৰ্ল গাইড অষ্ট্ৰেলিয়াই ভালেমান কাৰ্য্যসূচী পালন কৰে। স্থানীয় সংঘই নিজা নিজা অঞ্চলত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে। যেনে দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত টি-চাৰ্ট ছোৱালীৰ মাজত বিতৰণ কৰা হয়।


নিকিতা বৰ্মন
১৭ বছৰ
বৰখোপা, বাক্সা

ঋতুস্ৰাৱৰ সময়ত কিশোৰীসকলে ল’ব লগীয়া সাৱধানতা মাজুলী জিলাৰ ৰতনপুৰ স্বাস্থ্যকেন্দ্ৰৰ এ.এন.এম অণিতা ফুকনৰ সৈতে এক সাক্ষাৎকাৰ

Image

বিদিশা শইকীয়াঃ- মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কিশোৰী সকলে কেনেধৰণৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব লাগে?

অনিতা ফুকনঃ- হয়, সাধাৰণতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়লৈ যেতিয়া দুই-তিনিদিন থাকে তেতিয়াৰ পৰাই আমাৰ কিশোৰী সকল সজাগ হ’ব লাগে। আৰু দুই তিনিদিনৰ আগতেই বহুতৰ কিছুমান লক্ষণে দেখা দিয়ে যেনে- তল পেটৰ বিষ, বগা শ্ৰাৱ যায়, প্ৰস্ৰাৱ সঘনাই হয়। কিছুমানৰ সেই সময়ত খুব বেছি ৰক্তক্ষৰণ হয় আৰু সেইবাবে তল পেটৰ বিষ হয়। ঋতুস্ৰাৱৰ প্ৰথম আৰু দ্বিতীয় দিনটোত চাৰি বাৰ কৈ পেড্ সলাব লাগে, নহলে সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে। আৰু যিসকলৰ পেটৰ বিষ নহয় যদিও দিনত দুবাৰ হ’লেও পেড্ সলাব লাগে। আৰু বিশেষকৈ ছোৱালী সকলে লোকৰ কাপোৰ পিন্ধিব নালাগে। নিজৰ কাপোৰ খিনিও ডেটল পানীত ডুবাই ৰাখি ধুই ৰ’দত শুকুৱাই পৰিধান কৰিব লাগে।

বিদিশা শইকীয়াঃ- বাইদেউ বৰ্তমান প্ৰায় কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত ভোগা দেখা গৈছে। এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল’ব লাগে?

অনিতা ফুকনঃ- বৰ্তমান বহু কিশোৰী ঋতুস্ৰাৱৰ সময়ত পেটৰ বিষত ভোগে। যিসমূহৰ অলপ বিষাই সেই সকলে কোনো চিন্তা কৰিব নালাগে। তেওঁলোকে গৰম পানী গ্ৰহণ কৰিব লাগে আৰু গৰম পানীৰ বেগেৰে সেক দিব লাগে নাইবা নাৰীৰ ওচৰত ঘিউ সানিলেই পৰিত্ৰাণ পাব। কিন্তু যিসকলে অত্যাধিক সহ্য কৰিব নোৱাৰে সেই সকলে ডাক্তৰৰ ওচৰত পৰামৰ্শ ল’ব লাগে আৰু পৰামৰ্শ অনুযায়ী টেবলেট খাব পাৰে।

বিদিশা শইকীয়া:- মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কেনেধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে?

অনিতা ফুকন:- হয়, সেই সময়ত যিহেতু কিশোৰী গৰাকী অতি দুৰ্বল হৈ থাকে সেয়ে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা অতি জৰুৰী যেনে- গাখীৰ, সেউজীয়া শাক-পাচলিৰ ৰস, আৰু ভিটামিন-K গ্ৰহণ কৰিব লাগে। আইৰণযুক্ত খাদ্য যেনে কলদিল আদি খাব লাগে। ব্যস্ততা মাজত এইকণ সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ।


বিদিশা শইকীয়া
মাজুলী

বাল্য বিবাহ


প্ৰাচীন কালত কম বয়সীয়া কন্যা শিশুক বিবাহৰ উপযুক্ত বয়স হোৱাৰ পূৰ্বেই বিয়া দিয়া এক প্ৰথা প্ৰচলিত আছিল, সেয়াই বাল্য বিবাহ। বৰ্তমান এই প্ৰথা অনুসৰি পিতৃ-মাতৃয়ে নিজৰ ছোৱালীজনীক বয়স নোহোৱাৰ আগতে বিবাহ কৰাই দিছিল। তথাপি পৃথিৱীত এনে কিছুমান ঠাইত আছে, য'ত বৰ্তমান সময়তো বাল্য বিবাহ প্ৰচলিত হৈ আছে। ছোৱালীজনীক ঘৰৰ বোজা বুলি ভাবি কম বয়সত বিয়া দিছিল। এতিয়া আইনৰ অনুযায়ী কোনো ছোৱালীক ১৮ বছৰ হোৱা আগতে বিয়া দিব নোৱাৰে। ১৮ বছৰ হোৱা পিছতে পিতৃ-মাতৃয়ে ছোৱালীজনীক বিবাহ দিব পাৰিব। আৰু সেই সময়ত খিনিত কোনো ছোৱালী বা ল'ৰাই হওঁক অশিক্ষিত হৈ ঘৰত থাকিব নোৱাৰিব ৬ বছৰ পৰা ১৪ বছৰৰ সকলো শিশু বিদ্যালয় যোৱাটো বাধ্যতামূলক। তাৰ পাছত ১৮ বছৰ হ'লে ছোৱালীজনীক বিবাহ দিব পাৰিব।

সামৰণি: ছোৱালী এজনীক বাল্য বিবাহ কৰি জীৱনটো ধ্বংস কৰা বিপৰীতে পঢ়াই‌ শুনাই শিক্ষিত কৰি ১৮ বছৰ পাছত বিয়া দিয়াটো উচিত। সেইয়াই পিতৃ-মাতৃৰ প্ৰকৃত কৰ্তব্য আৰু সমাজখনৰ ও কৰ্তব্য।

তেতিয়াহে আমাৰ সমাজখন উন্নতি দিশে আগুৱাই যাব।


জাহ্নৱী ৰাজোৱাৰ
তেজপুৰ, শোণিতপুৰ

বাল্য বিবাহ-এক ব্যাধি


বাল্য বিবাহ বুলিলে সাধাৰণতে ভাৰতবৰ্ষৰ কিছুমান সমাজত সম্পাদন হোৱা এনে বিবাহ, য’ত এগৰাকী নাবালিকাক (সাধাৰণতে ১৫ বছৰৰ তলৰ) এজন প্ৰাপ্তবয়ষ্ক পুৰুষলৈ বিয়া দিয়া হয়। বাল্য বিবাহৰ দ্বিতীয়টো ৰূপ হৈছে শিশুৰ ভৱিষ্যতৰ বিবাহ মাক-দেউতাকে ঠিক কৰি থয়, বিবাহ উপযোগী বয়স নোহোৱালৈকে ল’ৰা-ছোৱালীৰ মাজত দেখা দেখি নহয়। আইনগতভবে ল’ৰাৰ বিবাহযোগ্য বয়স হৈছে ২১ বছৰ আৰু ছোৱালীৰ ১৮ বছৰ।

যদি কোনো এটা পক্ষ কম বয়সত বিবাহ-পাশত আবদ্ধ হয়, তেনেহ’লে সেই বিবাহ অবৈধ অথবা বাতিল ঘোষণা কৰিবলৈ কোৱা হয়।

বাল্য বিবাহৰ প্ৰভাৱসমুহঃ

কম বয়সত বিয়া হোৱা ছোৱালীয়ে অপৈনত বয়সত যৌনকাৰ্য্য আৰু শিশুৰ জন্ম দিয়াৰ ফলত এইচ, আই, ভি আৰু প্ৰসূতিজনিত ফিষ্টুলাকে ধৰি বিভিন্ন স্বাস্থ্য জনিত সমস্যাত আক্ৰান্ত হয়।

মৰ্য্যাদা, ক্ষমতা আৰু পৰিপক্কতাৰ অভাৱত কম বয়সীয়া ছোৱালীবোৰ ঘৰুৱা হিংসা, যৌন নিৰ্যাতন আৰু সামাজিক বিচ্ছিন্নতাৰ চিকাৰ হয়।

কম বয়সত বিয়া হোৱাৰ ফলত ছোৱালীবোৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ পৰা বঞ্চিত হয়, যি দৰিদ্ৰতা বৃদ্ধিত ইন্ধন যোগায়।

বাল্য বিবাহ, লিংগ-বৈষম্য, ৰোগ আৰু দৰিদ্ৰতাৰ পৰিচক্ৰ গঢ়ি তোলে।

শাৰীৰিকভাৱে অপৰিপক্ক বয়সত ছোৱালী বিয়া হোৱাৰ ফলত প্ৰসূতিৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ সৰ্বাধিক হৈছে।


প্ৰিয়ংকা ৰাজোৱাৰ
শোণিতপুৰ

দুলীয়াবাম চাহ বাগিচাৰ দুগৰাকী কিশোৰীৰ সৈতে বাৰ্তালাপ


অলপতে ডিব্ৰুগড় জিলাৰ দুলীয়াবাম চাহ বাগিচাৰ দুগৰাকী কিশোৰীৰ সৈতে লগ ধৰি তেওঁলোকৰ স্বাস্থ্য পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিভিন্ন কথা বতৰা পতা হৈছিল। প্ৰথমতে তেওঁলোকৰ সৈতে হোৱা পৰিচয়ৰ পিছত জানিবলৈ পালো দুয়োগৰাকী কিশোৰীয়ে বৰ্তমান পঢ়া-শুনা কৰি আছে আৰু তাৰে এগৰাকী কিশোৰীয়ে সদ্যস্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। কথা বতৰাৰ পৰা জানিব পৰা গ’ল, তেওঁলোক বৰ্তমান সেই বাগিচাৰে অন্তৰ্গত এক কিশোৰী ক্লাৱৰ লগত জড়িত। জানিব পৰা মতে তেওঁলোকে এই কিশোৰী ক্লাৱৰ জৰিয়তে বহুতো কথা জানিব পাৰে আৰু স্বাস্থ্য আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত যথেষ্ট সজাগ হয়। খোৱা খাদ্যৰ কথা সোধাত তেওঁলোকে সমতুল্য আহাৰৰ কথা আমাক অৱগত কৰে আৰু খাদ্যত থকা প্ৰ’টিন, ভিটামিন, শাক-পাচলিৰ পৰা পোৱা আইৰণ ইত্যাদিৰ কথা আমাক বুজাই দিয়ে। আয়দিনযুক্ত নিমখৰ ব্যৱহাৰে স্বাস্থ্য ভালে ৰখাৰ উপৰিও গৰল ৰোগৰ পৰাও ৰক্ষা কৰে, এই বিষয়ে বাগিচাৰ লোকসকলক সজাগ কৰি তোলে বুলি আমাক জানিবলৈ দিয়ে। বৰ্তমান বাগিচাৰ লোকে নিমখৰ সেৱন যথেষ্ট কম হোৱাৰ লগতে ৰঙা চাহৰ লগত নিমখৰ সৈতে ৰঙা চাহ কমোৱা বুলিও ব্যক্ত কৰে। মাহেকীয়া হোৱাৰ সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি সোধাত তেওঁলোকে কয়, কপাহী কাপোৰ ব্যৱহাৰ কৰে আৰু চাবোন পানীৰে ধুই, ৰ’দত শুকুৱাই পুনৰ ব্যৱহাৰ কৰে বুলি আমাক জানিবলৈ দিয়ে।

মাহেকীয়া হোৱাৰ সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত কিবা বাধ্যবাধকতা আছে নেকি বুলি সোধাত কয়, আগতে টেঙা জাতীয় খাদ্য তথা আন বহুতো খাদ্য খাবলৈ দিয়া নাছিল যদিও বৰ্তমান তেনে নহয় আৰু আইৰণ যুক্ত খাদ্য বেছি গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে। এই কিশোৰীসকলে নিজৰ লগতে আনবোৰ মানুহকো এইক্ষেত্ৰত সজাগ কৰিবলৈ আগবাঢ়ি আহিছে আৰু নিজৰ অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ ভিতৰত চেনিটেৰী নেপকিন অন্তৰ্ভুক্ত কৰিবলৈ সকলো মহিলা তথা কিশোৰীসকলক শিকাইছে।


হৰ্ষিতা চক্ৰৱৰ্তী
১৪ বছৰ
ডিব্ৰুগড়

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image