মৰমৰ
বন্ধু-বান্ধৱী সকল
আশাকৰো সকলো ভালে আছা। মুক্ত আকাশৰ লগত জড়িত সকলোলৈকে আন্তৰিক ধন্যবাদৰ লগতে নমস্কাৰ জনালোঁ।
শিশু তথা যুৱ সাংবাদিক সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। আমাৰ প্ৰধান সমস্যা বানপানীৰ সমস্যা, শিশু শ্ৰমিকৰ সমস্যা,শিক্ষাৰ সমস্যা, পুষ্টিহীনতাৰ সমস্যা ইত্যদি। এই সমস্যা সমূহ সমাধান কৰিবলৈ আমাৰ যুৱ সাংবাদিক সকলে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে। যুৱ সাংবাদিক সকলে এই সমস্যাবোৰ দূৰ কৰিবলৈ প্ৰশাসনৰ ওচৰ চাপিছে, স্বাস্থ্য কৰ্মীৰ ওচৰ চাপিছে, শিক্ষা বিভাগৰ ওচৰ চাপিছে, জিলা উপায়ুক্তৰ ওচৰ চাপি সমস্যা সমূহ সমাধানৰ পথ উলিয়াইছে। লগতে বিভিন্ন ধৰণৰ সজাগতা সভা পাতি সকলোকে সজাগ কৰিছে।
আশা কৰো এনে ধৰণৰ সমস্যা বোৰ আঁতৰ কৰাত যুৱসাংবাদিকসকল সফল হ’ব। পুনৰ বাৰ সকলোলৈকে মৰম আৰু শুভেচ্ছা জনাইছোঁ।
স্বাগতা শইকীয়া
মাজুলী
এ.এন.এম গীতাশ্ৰী বৰা সাক্ষাৎকাৰ
মই যুৱ সাংবাদিক আশাপ্ৰিয়া কলিতা, মই এতিয়া উপস্থিত আছো আদি এলেঙি অংগনবাদী কেন্দ্ৰত। ইয়াতে পোষণ মাহৰ কাৰ্যসূচীৰ ৰুপায়ণ কৰিবলৈ আহি উপস্থিত হৈছেহি বালিচাপৰি উপস্বাস্থ্য কেন্দ্ৰৰ এ.এম.এম গীতাশ্ৰী বৰা বাইদেউ। মই এই সম্পৰ্কত কিছু কথা জানিবলৈ চেষ্টা কৰিম।
আশাপ্ৰিয়াঃ- বাইদেউ মই প্ৰথমতে আপোনাৰ পৰা বিচাৰিম পোষণ মাহ মানে কি? এই পোষণ মাহৰ উদ্দেশ্য কি?
এ.এম.এমঃ- ই এক ভাৰত চৰকাৰৰ জন কল্যাণ আঁচনি। ২০১৮ চনৰ ৰাষ্ট্ৰীয় পৰিষদে শিশু, কিশোৰী তথা গৰ্ভৱতী মহিলাৰ পৰিপুষ্টি নিশ্চিতকৰণৰ বাবে সকলোকে সজাগ কৰি তোলাই এই আচঁনিৰ উদ্দেশ্য। এই আচঁনিৰ মতে বছৰৰ ১ উদ্দেশ্য
ছেপ্তেম্বৰ পৰা, ৩০ চেপ্তেম্বৰ লৈ মাহতো পোষণ মাহ হিচাপে পালন কৰা হয়। মুঠৰ ওপৰত দেশক অপুষ্টিৰ পৰা মুক্ত কৰোৱা এই আচঁনিৰ প্ৰধান উদ্দেশ্য।
আশাপ্ৰিয়াঃ- শিশু সকল আৰু প্ৰসূতি মাতৃ আৰু গৰ্ভৱাতী মহিলাসকলক পুষ্টিহীনতাৰ পৰা বচাই ৰাখিবলৈ কি উপায় অৱলম্বন কৰিব লাগে?
এ.এম.এমঃ- শিশু গৰ্ভৱতী আৰু প্ৰসূতি সকলক ঘৰতে উৎপাদিত বিভিন্ন শাক-পাচলি, ফল-মূল, যেনে, আম, মধূৰি, লিচু, কলমৌ শাক, কচু, ঢেকীয়া, মানিমুনি, ভেদাইলতা আদি বিভিন্ন ধৰণৰ পাচলিৰ লগতে মাছ, মাংস, গাখীৰ, কণী আদি খাব লাগে।
আশাপ্ৰিয়াঃ- মাতৃ দুগ্ধপান শিশুৰ বাবে কিমান উপকাৰী?
এ.এম.এমঃ- মাতৃৰ দুগ্ধই এটি নৱজাত শিশুক শাৰীৰিক মানসিক বিকাশৰ উপৰিও ৰোগ প্ৰতিৰোধৰ কৰাত সহায় কৰে। মাতৃ দুগ্ধ শিশুৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আহাৰ। শিশুৰ বাবে প্ৰয়োজনীয় সকলোবোৰ পুষ্টি মাতৃ দুগ্ধত পোৱা যায়। জম্মৰ পৰা আধা ঘন্টাৰ ভিতৰত মাতৃ দুগ্ধপান কৰাব লাগে। প্ৰথমতে নিগৰিত কল'ষ্ট্ৰাম মুক্ত দুগ্ধ শিশুৰ বাবে অতি উপকাৰী। জম্মৰ পৰা ছয় মাহলৈকে মাতৃ শিশুক কেৱল মাতৃ দুগ্ধপান কৰাব লাগে।
আশাপ্ৰিয়াঃ- আজি এই অনুষ্ঠানৰ জৰিয়তে আপুনি শিশু, গৰ্ভৱতী মহিলা আৰু মাতৃ সকলৰ প্ৰতি কি আহ্বান জনাব ?
এ.এম.এমঃ- মই শিশু ,প্ৰসূতি মাতৃ আৰু গৰ্ভৱতী মহিলা সকলক এয়াই আহ্বান জনাম, মাতৃ দুগ্ধপান আৰু পৰিপুষ্টিৰ ওপৰত সজাগ হ'ব লাগে আৰু আনকো সজাগ কৰি সকলোৰে স্বাস্থ্য সুৰক্ষিত কৰিব লাগে।
এইখিনি সময় আমাক দিয়া বাবে ধন্যবাদ বাইদেউ ।
এ.এম.এমঃ- ধন্যবাদ
আশাপ্ৰিয়া কলিতা
মাজুলী
বানপানী সন্দৰ্ভত এটি দুৰ্যোগ ব্যৱস্থাপনাৰ এগৰাকী বিষয়াৰ সৈতে সাক্ষাৎকাৰ
প্ৰশ্নঃ বৰ্তমান আমাৰ বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ বান পৰিস্থিতিৰ বিষয়ে আপোনাৰ বক্তব্য কি ?
উত্তৰঃ বিগত কেইবছৰৰ দৰে এইবছৰো অসমৰ ১৩ খন জিলা বানপানীত আক্ৰান্ত হৈছে। জিলাকেইখ হৈছে- বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া জিলা। ডিব্ৰুগড় জিলাত বৰ্তমানলৈকে বানপানীয়ে বিশেষ ক্ষতিসাধন কৰা নাই। এতিয়ালৈকে অহা বানৰ দুটাকৈ ঢৌত চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ দধীয়া বনগাওঁত ৩৭১৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছিল। এইসকল বানাক্ৰান্ত লোকক জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তৰফৰ পৰা চাউল, দাইল, নিমখ আদি বিতৰণৰ ব্যৱস্থা কৰা হয়।
প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত ল’বলগীয়া সাৱধানতা সমূহৰ বিষয়ে কি পৰিকল্পনা লোৱা হৈছে আমাক জনাব নেকি ?
উত্তৰঃ বানপানী হোৱা অঞ্চল সমূহত প্ৰধানতঃ খাদ্য, চিকিৎসা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা, সূচল যাতায়তৰ ব্যৱস্থা, বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা কাৰ্য্য, আশ্ৰয় শিবিৰ স্থাপন আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আগতীয়াকৈ পৰিকল্পনা যুগুত কৰা হয়। ইয়াৰ উপৰিও বানাক্ৰান্ত লোকৰ বাবে বানপানীৰ আগত অথবা বানপানীৰ সময়ত আৰু বানৰ পিছৰ পৰ্য্যায়ত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে প্ৰচাৰ চলোৱা হয়। বহুক্ষেত্ৰত প্ৰশিক্ষিত স্বেচ্চাসেৱক বাহিনীৰো সহায় লোৱা হয়।
প্ৰশ্নঃ এই বানপানী যেতিয়া হয় তেতিয়া বিশেষকৈ কোন কোন ব্যক্তি বিশেষৰ বেছি অসুবিধা হয় বুলি ভাবে ?
উত্তৰঃ বানপানীত বিশেষকৈ শিশু, মহিলা, সন্তানসম্ভৱা মহিলা, শাৰীৰিকভাৱে দূৰ্বল, অক্ষম, ৰুগীয়া আৰু বৃদ্ধ লোকসকলে বেছি অসুবিধাৰ সম্মুখীন হোৱা দেখা যায়।
প্ৰশ্নঃ বানপানী অধ্যুষিত অঞ্চল সমূহৰ ব্যক্তি সকলে যোগাযোগৰ ব্যৱস্থা কি ধৰণে কৰে ?
উত্তৰঃ বানপানী হোৱা অঞ্চলসমূহত যোগাযোগৰ বাবে সেই অঞ্চলৰ ৰাইজে প্ৰধানতঃ হাত নাও আৰু কিছু ক্ষেত্ৰত মেচিন নাও ব্যৱহাৰ কৰে। তদুপৰি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা এই লোকসকলৰ মাজত থলুৱাভাবে ঘৰতে উপলব্ধ সামগ্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা নাও, ওপঙা সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।
প্ৰশ্নঃ বানপানী হোৱা অঞ্চল সমূহত মানুহৰ মাজত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়, আপোনাৰ এই প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা কিবা ব্যৱস্থা লোৱা হয় নেকি ? যদি হয়, সেইবোৰ কেনেধৰণৰ হয় ?
উত্তৰঃ বানাক্ৰান্ত লোকৰ মাজত দেখা দিয়া বিভিন্ন ৰোগ যেনে জ্বৰ, কাহ, ডায়েৰিয়া আদি নিৰাময়ৰ বাবে চিকিৎসা বিভাগৰ দ্বাৰা ভ্ৰাম্যমান চিকিৎসকৰ দল সঘনাই প্ৰেৰণ কৰা হয়। বানপানী শুকোৱাৰ পিছত সকলো অঞ্চললৈ চিকিৎসকৰ দল অধিক মাত্ৰাত প্ৰেৰণ কৰা হয়। এইক্ষেত্ৰত চিকিৎসা কৰ্মী সকলৰ লগতে বানাক্ৰান্ত অঞ্চললৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দল, পশুধন বিভাগৰ দল পঠিওৱা হয় যাতে বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা আৰু পশুচিকিৎসাৰ ব্যৱস্থা কৰিব পৰা যায়।
প্ৰশ্নঃ এই দুৰ্যোগৰ সময়ত আমাৰ শিশু সকলক কি কাৰণে ৰক্ষণাবেক্ষণ দিয়া হয় জানিব পাৰোঁ নেকি ?
উত্তৰঃ শিশুসকলৰ সুৰক্ষাৰ বাবে সমাজকল্যাণ বিভাগৰ অধীনস্থ অংগনবাদী কৰ্মীসকলে ব্যৱস্থা গ্ৰহণ কৰে। শিশুখাদ্য বিতৰণ, স্বাস্থ্য সুৰক্ষাৰ বিভিন্ন বিধি আদিৰ ওপৰত শিশুক শিক্ষা প্ৰদান কৰা হয়। স্বাস্থ্য কৰ্মীৰ সহায়ত শিশুৰ স্বাস্থ্যৰ নিয়মীয়া পৰীক্ষণ, আশ্ৰয় শিবিৰত থকা শিশুসকলৰ বাবে শিশু উমলা গৃহ তথা শিক্ষাৰ ব্যৱস্থা কৰা হয়। আনহাতে, শিশুসকলে যাতে বাৰিষাৰ এই সময়চোৱাত বিভিন্ন জলাশয়ত খেলা-ধুলা কৰাৰ পৰা বিৰত থাকে তাৰবাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰা হয়।
প্ৰশ্নঃ বানপানীৰ ফলত হোৱা বিভিন্ন সমস্যা সমূহ সমাধানৰ কি স্থায়ী ব্যৱস্থা লোৱা আছে জনাব নেকি ?
উত্তৰঃ বানপানীৰ ফলত বাট-পথ, বিদ্যালয় গৃহ, অংগনবাদী কেন্দ্ৰ, খোৱাপানীৰ উৎসসমূহ, ঘৰদুৱাৰ, চিকিৎসাকেন্দ্ৰ, মাছ পোহা পুখুৰী আদি ৰাজহুৱা আৰু ব্যক্তিগত সম্পদসমূহৰ ক্ষতিসাধন হয় আৰু এইবোৰে অন্যফালেদি বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। এই সমস্যাসমূহ লাঘৱ কৰিবৰ বাবে চৰকাৰীভাবে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ তথা পুনৰনিৰ্মাণৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আনহাতে ৰাজহুৱা সম্পদসমূহৰ পুনৰনিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰে।
হৰ্ষিতা চক্ৰৱৰ্তী
ডিব্ৰুগড়
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ সৈতে আলোচনা
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ সময়তো আধুনিক সভ্য সমাজখনত বাল্য বিবাহ শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতন আদি শিশু অপৰাধৰ ঘটনা সঘনাই ঘটি থাকে। এইবোৰৰ প্ৰতিৰোধত চৰকাৰ অথবা প্ৰশাসন কৃতকাৰ্য হ'ব পৰা নাই। আজি মই এই বিষয়ে আলোচনা কৰিম মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ লগত।
প্ৰশ্নঃ- মহাশয়! মই যুৱ সাংবাদিক উপাসনা দত্ত, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এলেকাত বিগত সময়ত শিশু অপৰাধজনিত কিমান গোচৰ ৰুজো হৈছে?
উত্তৰ:- হয় মাজে সময়ে আমাৰ থানত শিশু অপৰাধজনিত গোচৰ ৰুজো হয়। বিগত সময়ত ২০২০ বৰ্ষত সাতটা আৰু ২০২১ বৰ্ষত বৰ্তমানলৈকে ছয়টা গোচৰ ৰুজো হৈছে।
প্ৰশ্নঃ- মহাশয়! এই ৰুজো হোৱা গোচৰ সমুহ কেনে ধৰণৰ?
উত্তৰ:- সাধাৰণতে আমাৰ থানত ৰুজো হোৱা অধিকাংশ গোচৰেই বাল্য বিবাহ সম্পৰ্কীয়। কিয়নো আমাৰ থানা খনি জনজাতীয় এলেকাত অৱস্থিত। একাংশ জনজাতীয় লোক বাল্য বিবাহ সম্পৰ্কত সচেতন নহয়। তেওঁ লোকৰ মাজত ছোৱালী পলুৱাই নিয়া প্ৰথা এতিয়াও প্ৰচলন আছে। এইটোও বাল্য বিবাহৰ অন্যতম কাৰণ।
প্ৰশ্নঃ- মহাশয়! মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় গোচৰ ৰুজো হয়নে?
উত্তৰ:- সাধাৰণতে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা নাই বুলিব পাৰি। যিহেতু মাজুলীত উদ্যোগ কল-কাৰখানা নাই সেয়ে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা কম।
প্ৰশ্নঃ- মহাশয়! শিশু নিৰ্যাতন ৰোধ কৰিবলৈ আপোনালোকে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে?
উত্তৰ:- শিশু নিৰ্যাতন ৰোধ কৰিবলৈ সময়ে সময়ে ৰাইজৰ মাজলৈ গৈ সজাগতা সভা অনুস্থিত কৰি শিশু অধিকাৰ শিশু সুৰক্ষা বিষয়ে অৱগত কৰাৰ লগতে আইনী ব্যৱস্থাবোৰ জনতাক বুজাই সজাগতামূলক কাৰ্য্যসূচী পালন কৰা হয়।
প্ৰশ্নঃ- মহাশয়! শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত এইখিনি মূহুৰ্তত সাধাৰণ জনগণৰ প্ৰতি কি আহ্বান থাকিব?
উত্তৰ:- এইখিনি মূহুৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আহ্বান জনাম যে, শিশু নিৰ্যাতন অথবা শিশু অপৰাধজনিত বিষয়েই হওক অথবা শিশুৰ সুৰক্ষাই হওক, এয়া সমাজৰ বাবে অতি তাৎপৰ্য্যপূৰ্ণ বিষয়। এই সমস্যা সমাজৰ পৰা নিৰ্মূলকৰণৰ বাবে কেৱল আৰক্ষী প্ৰশাসন অথবা সাধাৰণ প্ৰশাসনেই নহয়, সাধাৰণ জনগণৰ পূৰ্ণ সহযোগিতা অপৰিহাৰ্য। এই ক্ষেত্ৰত UNICEF ৰ দৰে বিশ্বৰ আগশাৰীৰ শিশু কল্যাণ সংগঠনৰ ভূমিকা অতি প্ৰশংসনীয়।
ধন্যবাদ মহাশয়, আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আপোনাৰ গুৰুত্বপূৰ্ণ কথাখিনিয়ে নৱপ্ৰজম্মক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।
উপাসনা দত্ত
মাজুলী
ধেমাজিত নাই ১০৯৮ সেৱা,
জিলা শিশু সুৰক্ষা বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সৈতে সাক্ষাৎকাৰ।
যোৱা ২২ জুলাই, ২০২১ তাৰিখে ধেমাজি জিলাৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথ, পৰাগজ্যোতি দত্ত আৰু হিমগিৰি দত্তই ধেমাজি জিলাৰ শিশু সুৰক্ষা বিষয়া এলেক্স দলে আৰু শিশু কল্যাণ সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াৰ সাক্ষাৎ গ্ৰহণ কৰি জিলাখনত শিশু সুৰক্ষা বিষয়ত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয়। প্ৰথমেই যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে শিশু সুৰক্ষা বিষয়া এলেক্স দলেক ক’ভিদ পৰিস্থিতিত শিশু সকলক লৈ সৃষ্টি হোৱা সমস্যাৰ বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰে। বিষয়া গৰাকীয়ে নিজৰ মতামত দাঙি ধৰি উল্লেখ কৰে যে ক’ভিদ পৰিস্থিতিৰ সময়ত পূৰ্বৰ তুলনাত শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় ঘটনা অধিক দেখিবলৈ পোৱা গৈছে। শিশু সুৰক্ষা কাৰ্যালয়ত এই বছৰত ২০টাৰো অধিক এনে কেছ পঞ্জীভূক্ত হৈছে আৰু ইয়াৰ ভিতৰত কেৱল ক'ভিড পৰিস্থিতিৰ সময়তে ৮ টা গোচৰ পঞ্জীভূক্ত হৈছে। সেয়েহে বৰ্তমান সময়ত হব পৰা সাম্ভাব্য বিপদৰ পৰা শিশু সকলক ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা শিশু সকলক উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেখেতে উল্লেখ কৰে। তেখেতে কয় যে বৰ্তমান বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ সংখ্যা বেছিকৈ পৰিলক্ষিত হৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত যিমান সংখ্যাক গোচৰ পঞ্জীভূক্ত হয় তাৰ বহুগুনে বেছি বাল্যবিবাহ পঞ্জীভূক্ত নোহোৱাকৈ থাকে আৰু তেনেকৈ গোপনে বিবাহ সম্পন্ন হয়। তদুপৰি গোপনে ধেমাজি জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা অৰুনাচললৈ হৈ থকা শিশু সৰবৰাহৰ ঘটনাও তেখেতে উল্লেখ কৰে। বিষয়া গৰাকীয়ে অতি আক্ষেপেৰে জানিবলৈ দিয়ে যে ধেমাজিত চাইল্ড লাইন অৰ্থাৎ ১০৯৮ সেৱা নথকাৰ বাবে যঠেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ পাছতে যুৱ সাংবাদিক পৰাগজ্যোতি দত্তই গ্ৰহণ কৰা সাক্ষ্যাৎকাৰত শিশু কল্যাণ সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াই কয় যে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত সমাজখনেও পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব অন্যথা কেৱল শিশু কল্যাণ সমিতিয়ে সমস্যাৰ সমাধান কৰাটো সম্ভৱপৰ নহয়। তেখেতেও ধেমাজিত চাইল্ড লাইন নোহোৱাৰ বাবে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে আৰু বৰ্তমানেও ই হৈ নুঠাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। শেষত তেখেতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু যুৱ সাংবাদিক সকলক শিশু সুৰক্ষা সম্পৰ্কত সজাগ হ’বলৈ আহ্বান জনাই।
অৰ্ণৱৰাজ নাথ
১৪ বছৰ
ধেমাজি
অনলাইন শিক্ষা ব্যৱস্থাৰ ওপৰত হোৱা এটি সাক্ষাৎকাৰ
অনলাইন শিক্ষা ব্যৱস্থাৰ বিষয়ে কিছু বুজ ল’বলৈ ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত তেলীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰদান শিক্ষয়িত্ৰী শ্ৰীযুতা অম্বিকা হাজৰিকা বাইদেউৰ লগত হোৱা এটি টেলিফোনিক সাক্ষাৎকাৰ-
- নমস্কাৰ বাইদেউ।
- নমস্কাৰ।
- মই ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ সাংবাদিক শ্ৰেষ্ঠা বৰুৱা। বৰ্তমান ক’ভিড মহামাৰীৰ বাবে সকলোবিলাক বিদ্যালয়, মহাবিদ্যালয় বন্ধ হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অনলাইন শিক্ষাৰ মাধ্যমেৰে কেনেদৰে শিক্ষা আগবঢ়াইছে সেই বিষয়ে অলপ জানিব বিচাৰিছো।
- হয় কোৱাচোন ?
- বাইদেউ, আপোনালোকৰ বিদ্যালয়ত মুঠ কিমানগৰাকী ছাত্ৰ-ছাত্ৰী আছে ?
- ১০৮ গৰাকী।
- বাইদেউ, সকলো ছাত্ৰ-ছাত্ৰীকে আপোনালোকে অনলাইনযোগে শিক্ষা প্ৰদান কৰিব পাৰিছে নে ?
- আমাৰ বিদ্যালয়খন গ্ৰামাঞ্চলত অৱস্থিত। প্ৰায়বোৰ অভিভাৱকে দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দিছে। বৰ্তমান ক’ভিড মহামাৰীৰ সময়ত তেওঁলোকৰ দুবেলা দুসাজ খোৱাৰে অসুবিধা হৈছে। তেনেস্থলত এটাকৈ এণ্ড্ৰইড মোৰাইল ল’বলৈ ক’ব নোৱাৰো। প্ৰায় ২৫ গৰাকীমান ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰনেট সংযোজিত কৰিব পৰা মোবাইল ফোন আছে। তেওঁলোকৰ লগতহে মাথোঁ আমি অনলাইনৰ যোগেদি যোগাযোগ ৰাখিব পাৰিছোঁ। হোৱাটছএপ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰ চেষ্টা কৰিছোঁ।
- বাইদেউ, বাকী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিবা ব্যৱস্থা কৰিব পাৰিছেনে ?
- বাকী ছাত্ৰ-ছাত্ৰীক আমি ফোনযোগে দুই-এটা বিষয়বস্তুৰ ওপৰত কিছু আভাস দিয়াৰ চেষ্টা কৰিছোঁ। তাৰোপৰি, আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজন সামগ্ৰী বিতৰণৰ সময়ত উপস্থিত অভিভাৱক সকলৰ হাতত আমি কিছুমান প্ৰশ্নাৱলীৰ যোগান ধৰিছোঁ।
- ইমানখিনি তথ্যৰ যোগান ধৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ বাইদেউ।
- ধন্যবাদ!
শ্ৰেষ্ঠা বৰুৱা
ডিব্ৰুগড়
কাকপথাৰ আৰক্ষী থানাৰ বিষয়া মিন্টু বৈশ্য দেৱৰ সৈতে সাক্ষাৎকাৰ
তিনিচুকীয়া জিলাৰ যুৱ সাংবাদিক শ্ৰীমতী শোভাসনা দত্তই বৰ্তমান কাকপথাৰ অঞ্চলৰ শিশু সকলৰ বিভিন্ন সমস্যা তথা মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতিত শিশু সকলৰ সন্দৰ্ভত আৰু ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহাৰা হোৱা অনাথ শিশুৰ ওপৰত কাকপথাৰ থানাৰ আৰক্ষী বিষয়া শ্ৰীযুত মিন্টু বৈশ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ-
শোভাসনাঃ নমস্কাৰ, মই তিনিচুকীয়া জিলা মইনা পাৰিজাত তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয় আৰু ইউনিচেফৰ উদ্যোগত ৰূপায়িত হৈ থকা যুৱ সাংবাদিক নেটৱৰ্কৰ এগৰাকী যুৱ সাংবাদিক। মোৰ নাম শ্ৰীমতী শোভাসনা দত্ত। কাকপথাৰ ৰাধাকৃষ্ণণ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী।
আৰক্ষী বিষয়াঃ নমস্কাৰ।
শোভাসনাঃ শিশুসকলৰ ওপৰত হৈ থকা শাৰীৰিক আৰু মানসিক নিৰ্য্যাতন ৰোধ কৰাত এগৰাকী আৰক্ষী বিষয়া হিচাপে আপোনাৰ পদক্ষেপ কি ধৰণৰ?
আৰক্ষী বিষয়াঃ আমি যিমান পাৰো শিশুসকলক এক ভয়, শংকা, মুক্ত, সুস্থ পৰিৱেশ দিয়াৰ বাবে সদায় প্ৰস্তুত হৈ থাকো। চাইল্ড হেল্পলাইন নাম্বাৰ ১০৯ ৰ জৰিয়তে বা অন্য ধৰণেৰে এই ক্ষেত্ৰত কিবা অভিযোগ লাভ কৰিলে তৎকালে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। লগতে বহুতো অভিভাৱকে মদ্যপান কৰি ঘৰখনত এক অসুস্থ পৰিৱেশৰ সৃষ্টি কৰে। তেনে অভিযোগ পালেও আমি যিমান পাৰো বুজাই মেলি বা অন্য ধৰণেৰে শিশু সকলক সহায় কৰিবলৈ চেষ্টা কৰোঁ। শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো অভিযোগ থাকিলে বা দৃষ্টিগোচৰ হ’লে আমি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ।
শোভাসনাঃ কাকপথাৰ অঞ্চলত শিশু নিৰ্য্যাতনৰ সন্দৰ্ভত কিমান গোচৰ ৰুজো হৈছে?
আৰক্ষী বিষয়াঃ মোৰ কাৰ্য্যকালত বৰ্তমানলৈ কোনোধৰণৰ শিশু নিৰ্যাতনৰ গোচৰ ৰুজো হোৱা নাই। এইক্ষেত্ৰত আমি সকলো ধৰণৰ সহায়ৰ বাবে সদায় সাজু হৈ আছোঁ।
শোভাসনাঃ বৰ্তমান চৰকাৰে কোনো হোটেল, কৰ্মস্থান বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাত বাধা আৰোপ কৰিছে। অৰ্থাৎ ই এক আইন বিৰুদ্ধ কথা। কাকপথাৰ অঞ্চলত তেনেধৰণৰ আপোনালোকে কিবা অভিযোগ পাইছে নেকি?
আৰক্ষী বিষয়াঃ পূৰ্বতে দুই-এক অভিযোগ লাভ কৰা হৈছে যদিও বৰ্তমান তেনেধৰণৰ কোনো অভিযোগ পোৱা নাই। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সকলোৱে সহায় কৰিব লাগিব। এনেধৰণৰ শিশু শ্ৰমিকৰ নিয়োগ সঁচাকৈ এক আইন বিৰুদ্ধ কথা। ৰাইজ তথা দল সংগঠন, সাংবাদিক আৰু সমাজৰ সচেতন সকলো ব্যক্তিয়েই এইক্ষেত্ৰত আৰক্ষীক সহায় কৰিব লাগিব।
শোভাসনাঃ ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহীন হোৱা শিশুসকলক চৰকাৰে আৰ্থিকভাৱে সাহাৰ্য্য প্ৰদান কৰাৰ লগতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আমাৰ কাকপথাৰ অঞ্চলত তেনে কোনো শিসুৱে সাহাৰ্য্য লাভ কৰিছে নেকি?
আৰক্ষী বিষয়াঃ আমি কাকপথাৰ অঞ্চলত শিশু অৱস্থাত তিনিজন শিশুৰ পিতৃ অথবা মাতৃৰ বিয়োগ ঘটিছে। কিন্তু একেবাৰে নিঠৰুৱা হৈ পৰা কোনো শিশু নাই। এইক্ষেত্ৰত কোনো বাতৰি পালে আমি সাহাৰ্য্যৰ বাবে যোগাযোগ কৰিবলৈ বদ্ধপৰিপক্কৰ।
শোভাসনাঃ শিশুসকলৰ মাজত বৰ্তমান বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা। ড্ৰাগছ আদিৰ দৰে মাৰাত্মক দ্ৰব্য গ্ৰহণ কৰা আদি কাকপথাৰ অঞ্চলতো দেখা গৈছে। এইক্ষেত্ৰত আপোনালোকে কি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
আৰক্ষী বিষয়াঃ হয়, এনেধৰণৰ দ্ৰব্যৰ হোৱা ক্ষতি তথা অপৰাধ প্ৰৱণতা বঢ়াই তোলা কাৰ্য্যই বৰ্তমান সময়ত সকলোৰে বাবে চিন্তনীয় বিষয় হৈ পৰিছে। আমি এনে কাৰ্য্য ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। কোনোধৰণৰ অভিযোগ লাভ কৰাৰ লগে লগেই আমি এনেলোকক আটক কৰিছোঁ আৰু নিজাববীয়াকৈ এনে কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ সদায় চেষ্টা চলাই আছো।
শোভাসনাঃ হয়, আপুনি ব্যস্ততাৰ মাজতো এইখিনি কথা আমাক জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আৰক্ষী বিষয়াঃ তোমালৈয়ো অশেষ ধন্যবাদ থাকিল।
শোভাসনা দত্ত
তিনিচুকীয়া
শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ সৈতে সাক্ষাৎকাৰ
যোৱা আগষ্ট মাহত বিশ্ব স্তনপান দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ জয়পুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া শ্ৰীযুতা ৰুণু তালুকদাৰ বাইদেউৰ লগত এক সাক্ষাৎকাৰ লোৱা হয়। উক্ত সাক্ষাৎকাৰত তেখেতেৰ প্ৰকল্পৰ অধীনত কি ধৰণে এই বিশ্ব স্তনপান দিৱসটো পালন কৰিব লৈছে সেই বিষয়ে সোধাত তেখেতে কয়, বৰ্তমান ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অনুষ্ঠান পাতিব পৰা নাই যদিও সেই প্ৰকল্পটোৰ সমূহ মূখ্য সেৱিকা আৰু অংগনবাদী কৰ্মীসকলৰ প্ৰত্যেকে মাস্ক তৈয়াৰ কৰে আৰু যিসকল প্ৰসূতি মাতৃ আছে, প্ৰত্যেককে একোখনকৈ মাস্ক বিতৰণ কৰে যাতে নিজৰ শিশু সকলক মাতৃদুগ্ধ দিয়াৰ সময়ত মাস্ক পৰিধান কৰিবলৈ পাহৰি নাযায়। ক’ভিড পৰিস্থিতিত যাতে সকলো মাতৃয়ে আটাইবোৰ ক’ভিড প্ৰট’কল মানি চলি নিজৰ শিশুসকলকো সুৰক্ষা দিব পাৰে, তাৰ বাবে বিভিন্ন ধৰণৰ সজাগতামূলক আলোচনা কৰে। সেই আলোচনা সমূহতে মাতৃদুগ্ধৰ প্ৰয়োজনীয়তা, মাতৃদুগ্ধ পান কৰাৰ সময়ত শিশু সকলক কি ধৰণে মাতৃয়ে ধৰিব লাগে, কি ধৰণে কোলাত ল’লে শিশুৱে মাতৃদুগ্ধ ভালদৰে পাব পাৰিব ইত্যাদি কথাসমূহ আলোচনা কৰে। ইয়াৰোপৰি, বেনাৰ, পোষ্টাৰ, আদিবোৰ প্ৰস্তুত কৰি মাতৃদুগ্ধৰ উপকাৰিতাৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয়। লগতে জন্মৰ পৰা ৬ মাহৰ ভিতৰত কেৱলমাত্ৰ মাতৃদুগ্ধ খুওৱা কথাটো ১০০ শতাংশ মাতৃয়ে মানি চলিছেনে বুলি সোধাত কয়, এশ শতাংশ মাতৃয়ে এই কথাটো মানি চলা নাই। বহুক্ষেত্ৰত দেখা যায় যে প্ৰাইভেট চেক্টৰত কাম কৰা মাতৃ সকলে ৬ মাহৰ আগতেই কামত পুনৰ যোগদান কৰে বাবেই অন্য গাখীৰৰ বটলত খুৱাবলৈ চেষ্টা কৰে লগতে বিভিন্ন সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া টেমাৰ গাখীৰৰ প্ৰতি আগ্ৰহী হয় বুলি প্ৰকাশ কৰে। এইক্ষেত্ৰত প্ৰকল্প বিষয়া গৰাকীয়ে মাতৃসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰিত সেই বিজ্ঞাপন সমূহৰ প্ৰতি আকৃষ্ট নহ’বলৈ আহ্বান জনায়।
হৰ্ষিতা চক্ৰৱৰ্তী
১৪ বছৰ
ডিব্ৰুগড়
আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱস
আৰক্ষী বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সদস্যৰ লগত মুখামুখি অনুষ্ঠান
২৬ জুন তাৰিখৰ আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ জুন, ২০২১ তাৰিখে ধেমাজিৰ যুৱ সাংবাদিক সকলে গুগ’ল মীটৰ জৰিয়তে সংশ্লীষ্ট বিষয়ৰ লগত জড়িত ধেমাজি জিলা প্ৰশাসনৰ দুগৰাকী বিশেষ ব্যক্তি ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰস্মিৰেখা শৰ্মা আৰু ধেমাজি জিলা শিশু কল্যাণ সমিতিৰ অন্যতম সদস্যা কুঞ্জলতা বৰাৰ লগত এক মুখামুখি অনুষ্ঠানৰ আয়োজন কৰে। সন্ধ্যা ৫ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটিত প্ৰথমেই আদৰণি বক্তব্যৰে অনুষ্ঠানৰ আঁত ধৰে জোনাকী মইনা পাৰিজাতৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে। ২০ জনৰো অধিক যুৱসাংবাদিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অতিথিদ্বয়ৰ প্ৰতি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ক্ৰমে হৰ্ষিতা দত্ত, ভাৰতী দত্ত, অনুসূয়া বৰুৱা, বিতুপন হাজৰিকা, অনন্যা কাশ্যপ, নিমিক্ষা প্ৰিয়ম, শ্ৰুতি বৰগোঁহাই, অবিনাশ দত্ত, ইৰাণী দত্ত, অয়ন অনয় চুতীয়া আৰু দেৱপ্ৰতিম ভূঞাই। ড্ৰাগছ আসক্তিৰ কাৰণ সমূহ কি কি? ধেমাজিত ড্ৰাগছৰ পয়োভৰ কেনে? ইয়াৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? অবৈধ মানৱ সৰবৰাহ মানে কি? ড্ৰাগছ আৰু অবৈধ শিশু সৰবৰাহৰ মাজত কিবা সম্পৰ্ক আছে নেকি? ইত্যাদি প্ৰশ্ন সমূহৰ সঠিক উত্তৰৰ লগতে অতিথি দুগৰাকীয়ে এনে ক্ষেত্ৰত নিজৰ শিশু সন্তান সমূহক সুৰক্ষা দিবৰ বাবে অভিভাৱক সকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমাজৰ আন আন ব্যক্তিৰ দায়িত্ব কি হোৱা উচিত সুন্দৰ ভাৱে বৰ্ণনা কৰে। এই সম্পৰ্কত কেনেধৰণৰ আইন কানুন আছে ইয়াকো বুজাই দিয়ে। শেষত যুৱ-সাংবাদিক হৰ্ষিতা দত্তই দুয়োগৰাকী অতিথিলৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
ভাৰতী দত্ত
১৭ বছৰ
ধেমাজি
যুৱ সাংবাদিক নিবেদীতা শইকীয়া আৰু খণ্ড প্ৰকল্প সহায়ক যদুমণি ভূঞাৰ মাজত হোৱা এটা সাক্ষাৎকাৰ
নিবেদিতা শইকীয়াঃ- ছাৰ নমস্কাৰ যিহেতু এতিয়া পোষণ মাহ চলি আছে মই আপোনাৰ পৰা পোষণ মাহৰ ওপৰত কিছু কথা জানিবলৈ চেষ্টা কৰিম।
যদুমণি ভূঞা:- তোমাকো নমস্কাৰ
নিবেদিতা শইকীয়া:- ছাৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ অধিনত মাজুলীত কেনেধৰণৰ আচঁনি গ্ৰহণ কৰা হৈছে।
যদুমণি ভূঞা:- ভাৰতবৰ্ষৰ এখন উন্নয়শীল ৰাষ্ট্ৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহত স্বাস্থ্যজনিত বহুখিনি সমস্যা দেখিবলৈ পোৱা যায় তাৰ ভিতৰত এটা সমস্যা হৈছে পুষ্টিহীনতা। পুষ্টিহীনতাৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে গভৱতী মহিলা, প্ৰসূতি মাতৃ তথা শিশু সকল আমাৰ ভাৰতবৰ্ষত পুষ্টিহীনতাত ভূগি আছে আৰু পুষ্টিহীন এখন সমাজক মুক্ত কৰিবৰ কাৰণে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পোষণ অভিযান নামৰ এটি অভিযান আৰম্ভ কৰে যাৰ মূল লক্ষ্য হৈছে ভাৰতবৰ্ষক এখন পুষ্টিহীন মুক্ত সমাজ দান কৰা এই অভিযানতো আৰম্ভ হোৱাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতেই ইয়াৰ কাৰ্যসূচী চলি আছে আৰু আমাৰ অসম তথা মাজুলীতো এই কাৰ্য্যসূচীৰ অন্তৰ্গত প্ৰত্যেক বছৰৰ প্ৰতিটো দিনতে এই কাৰ্য্যসূচী চলি থকাৰ উপৰিও এই ছেপ্তেম্বৰ মাহতো আমি এক বিশেষ গুৰুত্ব প্ৰদান কৰোঁ যাতে সমাজত সজাগতাৰ সৃষ্টি কৰিব পাৰি পুষ্টিহীনতা কেনেদৰে আঁতৰাব পাৰি তাৰ কাম কৰিবৰ কাৰণে আমি ছেপ্তেম্বৰ মাহটোক পোষণ মাহ হিচাপে পালন কৰিছোঁ ভাৰতবৰ্ষৰ প্ৰত্যেক খন ৰাজ্য বা জিলা মহকুমাত কৰি থকাৰ দৰে আমাৰ মাজুলীতো আমি বৰ্তমান ৫৯৮ টা অংগনবাদী কেন্দ্ৰ আছে আমি ৫৯৮ টা কেন্দ্ৰতেই একোখনকৈ পুষ্টিবাগান নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। আমি থলুৱাভাৱে যিখিনি শাক-পাচলি পাওঁ সেই শাক-পাচলি ৰ পৰা পোৱা উপাদান খিনি ঘৰতেই বা কেন্দ্ৰটোতেই উৎপাদন কৰি শিশু সকলৰ, প্ৰসূতি মাতৃ গৰাকীৰ গৰ্ভৱতী মহিলা গৰাকীক সেই খাদ্য সামগ্ৰী খোৱাই কেনেধৰণে পুষ্টিহীনতা নাইকীয়া কৰিব পাৰোঁ সেইকাৰণে এইটো এটা সজাগতা অভিযান। ৫৯৮ খন পুষ্টি বাগান। খোলৰ উপৰিও মাননীয় উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ ক্ৰমে বিশ খন আদৰ্শ পুষ্টি বাগান নিৰ্মাণ কৰিছোঁ য’ত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু বিভিন্ন ধৰণৰ ঔষধি যুক্ত উদ্ভিদ থাকিব তাৰ পৰাই শিশুসকল প্ৰসূতি মাতৃ সকলে তাৰ পৰা খাদ্য সামগ্ৰী গ্ৰহণ কৰিব পাৰিব। আমি পৰিপুষ্ট হ'বৰ বাবে অকল খাদ্য সামগ্ৰী খালেই নহ'ব যোগ আমাৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ এটা অপৰিহাৰ্য উপাদান সমগ্ৰ মাজুলীতেই যোগাভাসৰ জৰিয়তে কেনেকৈ আমাৰ সুস্থ শৰীৰ পাবৰ কাৰণে আমি যোগ শিবিৰ পাতিছো। প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা আৰু শিশু সকলৰ ওজন লৈছো আমি growth monitoring মাহ হিচাপে আগষ্ট মাহতো লৈছো। যিখিনি শিশু পুষ্টিহীনতাত ভূগি আছে, যাৰ ওজন কম, উচ্চতা কম, সেই শিশুসকলক খাদ্য সামগ্রী যোগান ধৰি পৰিপুষ্ট কৰি তুলিব পাৰিম। এই আটাখিনি সামৰি ছেপ্তেম্বৰ মাহটো পোষণ মাহ হিচাপে পালন কৰা হৈছে।
নিবেদিতা শইকীয়া:- মাজুলীত পুষ্টিহীনতাৰ হাৰ সৰ্বভাৰতীয় তুলনাত কম নে বেছি যদি বেছি ইয়াক হ্ৰাস কৰিবলৈ কেনেধৰণৰ ব্যবস্থা কৰা হৈছে?
যদুমণি ভূঞা:- বৰ্তমান মাজুলীত ভাৰতষৰ তুলনাত পূষ্টিহীনতাৰ হাৰ কম। ভাৰতবৰ্ষত বৰ্তমান ৩৮% পুষ্টিহীনতাত ভূগি আছে মাজুলীত আমি ১০০% পুষ্টিহীন শিশু নাগৰিক নাইকীয়া কৰিবলৈ চেষ্টা কৰি আছোঁ। এখন পৰিপুষ্ট মাজুলী নিৰ্মাণ কৰিবৰ বাবে অংগনবাদী কৰ্মী আৰু আমি যৎপৰোনাষ্টি চেষ্টা কৰি আছোঁ প্ৰত্যেক গৰাকী অংগনবাদী কৰ্মীয়ে প্ৰসূতি মাতৃ, গৰ্ভৱতী মহিলা, শিশু সকলক খাদ্য সামগ্ৰী যোগান ধৰে। আমি প্ৰতি মাহতে growth monitoring কৰোঁ। প্ৰতি বুধবাৰে VHND হয় চিকিৎসা বিভাগৰ লগত join হৈ আমি কাম কৰোঁ। য’ত ANM, আশা Supervisor, অংগনবাদী কৰ্মী লগ হৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰে, বিভিন্ন ধৰণৰ টিকাকৰণ প্ৰদান কৰে। ভাৰত চৰকাৰে মাতৃ বন্দনা যোজনা বুলি এটা যোজনা হাতত লৈছে যাৰ দ্বাৰা গৰ্ভৱতী মহিলা গভত থকা শিশুটো সুস্থ সবল কৰি জন্ম দিবৰ কাৰণে খাদ্য সামগ্ৰী যোগানৰ বাবে পাঁচ হাজাৰকৈ টকা দিয়ে এনেধৰণৰ কাম কাজ চলি আছে চলি থাকিব।
নিবেদিতা শইকীয়া:- ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ আধিনত শিশু কিশোৰ কিশোৰী, গৰ্ভৱতী মহিলা প্ৰসূতি মাতৃ তথা ৰাইজক কি আহ্বান জনাব ?
যদুমণি ভূঞা:- ৰাইজৰ প্ৰতি আমাৰ এইটোৱে আহ্বান যে আমি সজাগ হ'বৰ হ'ল। অভিভাৱক সকলক কওঁ যে যিটো জনসংখ্যা নিধি তাৰ ওপৰত গুৰুত্ব দিব লগে চৰকাৰে বান্ধি দিয়া দুটাতকৈ বেছি সন্তান জন্ম দিলে মাতৃ গৰাকীৰ শৰিৰৰ ওপৰত প্ৰভাৱ পৰে। মাতৃ গৰাকীৰ শৰীৰ বেয়া হ'লে শিশুৰ শৰীৰ বেয়া হয় গতিকে ইয়াৰ ওপৰত অকণমান সজাগ হ'ব লাগিব শিশুটিৰ পুষ্টিৰ কাৰণে যিখিনি খাদ্যৰ প্ৰয়োজন সেইখিনি যোগান দিয়াটো অভিভাৱক সকলৰ গুৰুত্ব দিব লগে।
নিবেদিতা শইকীয়া:- ছাৰ আপুনি আমাক ইমান খিনি সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।
নিবেদিতা শইকীয়া
মাজুলী
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|