মৰমৰ বন্ধুসকল,
সকলোলৈকে নমস্কাৰ জনাইছো। আশা কৰো সকলো ভগৱানৰ কৃপাত কুশলে আছা। বাল্যবিবাহ বুলিলে সাধাৰণতে কিছুমান সমাজত সম্পন্ন হোৱা এনে বিবাহ য'ত ছোৱালীবোৰক বিবাহৰ বয়স নহওঁতে বিয়া দিয়া হয়। বৰ্তমান সময়ত বাল্য বিবাহ আইনগতভাৱে দণ্ডনীয়। ল'ৰাৰ বয়স ২১ আৰু ছোৱালীৰ বয়স ১৮ বছৰ নোহোৱালৈকে সেই বিবাহ আইনগতভাৱে অবৈধ।
বৰ্তমান সময়ত বাল্য বিবাহৰ কাৰণ হৈছে অশিক্ষিত আৰু দৰিদ্ৰতা। কিছুক্ষেত্ৰত কন্যা সন্তানক নিম্ন মৰ্য্যাদা দিয়া আৰু সামাজিক ৰীতি নীতি পৰম্পৰাৰ ফলতো এগৰাকী ছোৱালী বিবাহ পাশত আৱদ্ধ হ'ব লগা হয়।
বাল্যবিবাহৰ ফলত কম বয়সত বিয়া হোৱা ছোৱালীয়ে শিশুৰ জন্ম দিব লগা হয় ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোবা দেখা যায়। শাৰীৰিকভাবে অপৰিপক্ক বয়সত ছোৱালী বিয়া হোৱাৰ ফলত মৃত্যু মুখত পৰিব লগা হয়। কেৱল এয়াই নহয় ইয়াৰ ফলত সমাজৰো বহু ক্ষয় ক্ষতি হয়। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত সেয়া লৰাই হওঁক বা ছোৱালীয়ে। যিহেতু চৰকাৰৰ মতে বাল্যবিবাহ দণ্ডনীয় কাৰ্য সেয়েহে বৰ্তমান চৰকাৰে নাৰী শিক্ষাৰ উন্নতি কৰিছে। এগৰাকী ছোৱালীয়ে নিজৰ ইচ্ছামতে কৰ্মসংস্থান কৰিব পাৰিব। যদি এনেদৰে আমাৰ সমাজে নিয়মসমূহ মানি চলে লৰা ছোৱালী শিক্ষিত হয় লগতে সমাজখন সজাগ হয় সকলো বিদ্যালয়মুখী হয় তেন্তে বাল্যবিবাহ অতি সোনকালে নোহোৱা হব আৰু সকলো ছোৱালীয়ে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰিব।
অভিজ্ঞান বড়া
শিৱসাগৰ
ভাৰতবৰ্ষত শিশু শ্ৰমিকৰ সমস্যা
আমাৰ দেশ ভাৰতবৰ্ষ এখন শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া দেশ তথাপি শিশু শ্রমিকৰ সমস্যাই দেশৰ বাবে এটা প্রত্যাহ্বানৰ সৃষ্টি কৰিছে। 'শিশুৰ অধিকাৰ' আইন মতে জন্মৰ পৰা ১৮ বছৰৰ শিশুক শ্ৰমিক হিচাপে কামত নিয়োজিত কৰিব নোৱাৰে। তথাপিও দেশৰ কিছু লোকে এই আইন নামানে আৰু কম মজুৰিতে শিশুক কাম কৰিবলৈ লগায়। এই সমস্যা ৰোধ কৰিবৰ বাবে বহুতো পদক্ষেপ হাতত লোৱা হৈছে যদিও বহুতো এনে শিশু আছে, যিসকলে আজি তেওঁলোকৰ জন্মগত অধিকাৰ অৰ্থাৎ 'শিক্ষাৰ অধিকাৰ'ৰ পৰা বঞ্চিত হব লগত পৰিছে। দেশৰ লগতে আজিও অসমত বিভিন্ন প্ৰান্তত শিশু শ্রমিকে কাম কৰা দেখা যায়। সেয়ে, শিৱসাগৰৰ অন্তৰ্গত গৌৰীসাগৰত শিশু শ্ৰমিক আছে নে নাই সেই কথা সঠিক কৈ জানিবলৈ চেষ্টা কৰা হৈছে।
এই উদ্দেশ্যে শিৱসাগৰ জিলাৰ উত্তৰণ মইনা পাৰিজাতৰ চেমনীয়া তথা 'মুক্তা আকাশ' বাতৰি কাকতৰ যুৱ সাংবাদিক যশশ্ৰী শইকীয়ায়ে ' গৌৰীসাগৰ আৰক্ষী খানা'ৰ OC শ্ৰী যুত বেদান্ত বিকাশ বৰুৱাৰ লগত 'শিশু শ্রমিক' বিষয়টোৰ ওপৰত সাক্ষাৎকাৰ গ্ৰহণ কৰে।
প্ৰশ্নঃ আমাৰ গৌৰীসাগৰৰ ভিতৰত শিশু শ্রমিক আছেনে? যদি আছে কিমান আছে?
উত্তৰঃ শিশু শ্রমিকৰ ৰেকৰ্ডটো আমাৰ হাতত সঠিকভাৱে নাই। "শিশু কল্যাণ' বা 'শিশু বিভাগ'ৰ হাতত হে প্ৰকৃত তথ্য পোৱা যায়।
প্ৰশ্নঃ শিশু শ্রমিক ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ আইন আছে আৰু ইয়াৰ জৰিয়তে কেনেকৈ ৰোধ কৰিব পাৰি? অলপ অৱগত কৰিব।
উত্তৰঃ শিশু শ্ৰমিক ৰোধ কৰিবলৈ এখন বিশেষ আইন আছে। যেতিয়া আমি গম পাওঁ কাৰোবাৰ ঘৰত শিশু এজন শ্ৰমিক বা বন কৰা ল'ৰা হিচাপে কাম কৰাইছে আৰু আমাক খবৰ দিলে, তেতিয়া আমি শিৱসাগৰ আৰক্ষীক জনাওঁ আৰু যৌথভাবে আমি কাম কৰা ঠাইখনৰ পৰা শিশুটিক বছাবলৈ চেষ্টা কৰোঁ।
প্ৰশ্নঃ এই শিশু শ্রমিক ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে ?
উত্তৰঃ যেতিয়া আমাক খবৰ দিয়া হয়, কাৰবাৰ ঘৰ বা অনুষ্ঠানত বা তেনেকুৱা ঠাইত শিশু শ্ৰমিক আছে, তেতিয়া আমি সেই ঘৰ বা অনুষ্ঠানৰ স্বতাধিকাৰৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰোঁ আৰু তেওঁলোকক আইন মতে দ্বণ্ড দিয়াৰ ব্যৱস্থা কৰোঁ।
প্ৰশ্নঃ মূলতঃ কি কি কাৰণৰ বাবে শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে বুলি কব পাৰি ?
উত্তৰঃ শিশু শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে 'Financial' বা কেতিয়াবা গাওঁৰ এঘৰ মানুহৰ ৬-৭ টা ল'ৰা-ছোৱালী থকা দেখা যায়, ল'ৰা-ছোৱালী কেইটাক যিদৰে ডাঙৰ-দীঘল কৰিব লাগে তেনেদৰে কৰিব নোৱাৰিলে য'ত-ত'ত পঠিয়াই দিয়ে কাম কৰিবলৈ। ইয়াৰ লগত শিক্ষাগত কাৰণ আছে, যদি ল'ৰা-ছোৱালী অশিক্ষিত হয় তেতিয়াও কাম কৰিবলৈ পঠিয়াই দিয়ে, এনেবোৰে কাৰণ আছে।
ধন্যবাদ ডাঙৰীয়া। আমাক ইমানখিনি তথ্য দিয়াৰ বাবে।
শ্ৰী যশশ্ৰী শইকীয়া
১৫ বছৰ
শিৱসাগৰ
সাংবাদিকতা
এক সেৱা - মহাত্মা গান্ধী
তোমালোক টোপনিত থাকা
মোক কিন্তু পুৱা চাৰি বজাতে জগাই দিয়া
মোৰ বৰ টোপনি ধৰে,
কিন্তু তোমালোকে উঠাৰ আগে
অৰ্থাৎ সাত বজাৰ ভিতৰত
মই পুৱাৰ কামবোৰ কৰি শেষ কৰিব লাগে।
তাকে নকৰিলে পিঠিত পৰিব লাঠিৰ কোব
দিনৰ বাৰ বজাত
তোমালোকে খোৱাৰ পাছত
মই যি থাকে তাকেই খাওঁ,
ৰাতি ১১ বজাত বিছনালে যাওঁ
এনেদৰেই চলি থাকে মোৰ ৰাতিলৈ দৈনিক কাৰ্য্যসূচী।
মই এজনী ১১ বছৰীয়া বনকৰা ছোৱালী।
নিয়ৰ মনা দিহিঙীয়া
ধেমাজি
দেশৰ ধৰণী আমি শিশু অকণমানি
কণমানি বয়সতে কৰিছোহি কাম
পঢ়া শুনা সকলো এৰি
যিটো সময়ত আমি গুৰুত্ব দিব লাগে
পঢ়াশুনাৰ ওপৰত
সেই সময়ত আমি নিয়োজিত হৈছো আনৰ ঘৰত
এজন শিশু শ্ৰমিকৰ ৰূপত।
বহুতৰ ঘৰত আমি শুনো গালি শপনি
কোনেও কিন্তু নুবুজে আমাৰ এই বিননি।
তথাপিও আমি সহিছো,
কাৰণ এই কাম কৰিয়েই যে আমি জীয়াই আছো।
বহুতৰ ঘৰত সৰু সৰু কথাতে
আমাক কৰে অত্যাচাৰ নানা,
আমাৰ দৰে শিশুবোৰৰ ওপৰত ভগৱানৰ যে কি লীলা।
এই ধুনীয়া পৃথিৱীখন উপভোগ কৰাৰ সুখ
আমাক ভগৱানে নিদিলে
কেৱল আমাৰ চাৰিওফালে ভৰাই পেলালে আন্ধাৰেৰে।
সাগৰৰ উৰ্মিমালাই যেনেকৈ সাগৰৰ বস্তুবোৰ আনি
সাগৰৰ পাৰত পেলাই
তেনেকৈ আমাকো অলাগতিয়াল হোৱাৰ পাছত
ঘৰৰ পৰা খেদি পঠিয়াই।
অসহায় হৈ আমি থাকো ৰাস্তাই ঘাটে পৰি
কিন্তু কোনেও আমাৰ ওপৰত অলপো দয়া নকৰেহি।
বহুতৰ বাবে আমি হৈছো সমাজৰ আৱৰ্জনা
তথাপিও ভগৱানে দয়া কৰি আমাক দিয়ে যেন সুখ
শেষত আমি কম বন্ধ কৰক এই শিশু শ্ৰমিক
সকলো শিশুকে চাওক সম দৃষ্টিৰে সমান বুলি ভাবি।
নন্দিতা গগৈ
১৪ বছৰ
ধেমাজি
দৰিদ্ৰতা, শিশু শ্ৰমিক আৰু সভ্যতাৰ অগ্ৰগতি
আজি আমাৰ সমাজখন উন্নতিৰ শিখৰত প্ৰায় দপদপাই উৰিবলৈ লোৱা আমিবোৰে দেখি আছো। কিন্তু এই উন্নতিৰ ঠাইখনত এতিয়াও নান সমস্যাৰে সমাজখন জৰ্জৰিত। এই সমস্যাবোৰৰ ভিতৰত এটা সমস্যা আছে, যাক আমাৰ সমাজে আওকান কৰি আহিছে। সেয়া হৈছে শিশু শ্ৰমিকৰ সমস্যা। ভাৰতবৰ্ষৰ প্ৰতিটো কোণতে শিশু শ্ৰম এটা জটিল সমস্যা হৈ পৰিছে। ই ভৱিষ্যতে কেনেকুৱা এটা ৰূপ ল’ব পাৰে তাৰ হয়তো স্পষ্ট ভাষাৰে ব্যক্ত কৰিব পৰা নাযাব। গোটেই পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ এখন দেশ য’ত শিশু শ্ৰমিকৰ হাৰ সকলোতকৈ বেছি, প্ৰায় ৬৫ ৰ পৰা ১১৭ বিলিয়ন আনুমানিক।
ইয়াৰ প্ৰধানতম কাৰণ কি? সমাজে এই সমস্যাটো কিয় আওকান কৰি চলি আছে অথবা চৰকাৰে ল’ব লগীয়া দায়িত্ববোৰ ক’ত? ইয়াক নিৰাময় কৰাৰ উপায় কি? এই প্ৰশ্নবোৰ জানো আজিকালি সমাজসেৱা কৰা সংস্থাবোৰৰ মনলৈ, সমাজৰ দায়ত্বশীল লোকসকলৰ মনলৈ অথবা চৰকাৰৰ মনলৈ আহে?
আমাৰ দেশত দুখীয়া শ্ৰেণীৰ সংখ্যা বেছি আৰু শিশু শ্ৰমিক সকলৰ বেছিভাগেই দুখীয়া শ্ৰেণীৰ পৰা অহা। বেছিভাগ দৰিদ্ৰ পৰিয়ালৰ বাবে পেটৰ ভোক নিবাৰণৰ বাবে নিজৰ ল’ৰা-ছোৱালীক শ্ৰমিক শ্ৰেণীটোলৈ ঠেলি দিয়া দেখা যায়। এই দৰিদ্ৰ পৰিয়ালসমূহৰ মতে, পঢি-শুনি একো লাভ নাই। শ্ৰম কৰি, উপাৰ্জন কৰি, পেটৰ ভোক আৰু ঘৰখন চলাবলৈ কাম কৰিবই লাগিব। এনেদৰেই বাধ্য হৈ কিছুসংখ্যক পিতৃ-মাতৃয়ে নিজৰ সন্তানক শ্ৰমিকৰ ৰূপত সজাব লগীয়া হয়। আমি যদি নিজৰ ওচৰে পাজৰে মন কৰোঁ, চাহৰ দোকানত, হোটেলত, গাড়ীৰ হেণ্ডিমেন স্বৰূপ, কোনোবা কনষ্ট্ৰাকচনৰ কামত। কাৰোবাৰ ঘৰত লগুৱা নহ’লে বাটে পথে প্লাষ্টিক জাতীয় পদাৰ্থ আদি বিচাৰি ফুৰা ফুলকুমলীয়া ল’ৰা-ছোৱালী প্ৰায় দেখিবলৈ পাওঁ। প্ৰত্যেকেই যেনিবা পেটৰ ভোকৰ তাড়নাত নহ’লে ঘৰৰ বোজা কান্ধত লৈ ৰূপ দিছে নিজকে একো একোটা শ্ৰমিক বুলি। এই শিশুসকলৰ ভৱিষ্যতৰ কথা আমি সকলোৱে ভবাটো নিত্তান্তই প্ৰয়োজনীয়। বহুতো দৰিদ্ৰ পিতৃ-মাতৃয়ে অলপ টকাৰ বিনিময়ত নিজৰ ল’ৰা-ছোৱালীক দালালৰ হাতত সপি দিয়াও পৰিলক্ষিত হয়। নিৰক্ষৰতা আৰু ভোকৰ তাড়নাত আচলতে তেওঁলোকে বিবেকহীনতাত ভোগে। গতিকে কিমান এটা লজ্জাজনক অৱস্থাত আছে আমাৰ দেশৰ পৰিস্থিতি। উঠি অহা শিক্ষিত প্ৰজন্ম আৰু চৰকাৰলৈ অনুৰোধ, যাতে আগন্তুক দিনবোৰত আমাৰ শিক্ষা ব্যৱস্থা, দূৰ্ভিক্ষ আৰু জনসংখ্যাৰ ওপৰত অতি শীঘ্ৰে উন্নত ব্যৱস্থা গ্ৰহণ কৰে।
দেবু কুৰ্মী
শিৱসাগৰ
ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ সৈতে আলোচনা
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ চৰম উন্নতিৰ সময়তো আধুনিক সভ্য সমাজখনত বাল্য বিবাহ শিশু শ্ৰমিক আৰু শিশু নিৰ্যাতন আদি শিশু অপৰাধৰ ঘটনা সঘনাই ঘটি থাকে। এইবোৰৰ প্ৰতিৰোধত চৰকাৰ অথবা প্ৰশাসন কৃতকাৰ্য হ'ব পৰা নাই। আজি মই এই বিষয়ে আলোচনা কৰিম মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰিঞ্চি কোঁৱৰ ছাৰৰ লগত।
প্ৰশ্নঃ- মহাশয়! মই যুৱ সাংবাদিক উপাসনা দত্ত, মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এলেকাত বিগত সময়ত শিশু অপৰাধজনিত কিমান গোচৰ ৰুজো হৈছে?
উত্তৰ:- হয় মাজে সময়ে আমাৰ থানত শিশু অপৰাধজনিত গোচৰ ৰুজো হয়। বিগত সময়ত ২০২০ বৰ্ষত সাতটা আৰু ২০২১ বৰ্ষত বৰ্তমানলৈকে ছয়টা গোচৰ ৰুজো হৈছে।
প্ৰশ্নঃ- মহাশয়! এই ৰুজো হোৱা গোচৰ সমুহ কেনে ধৰণৰ?
উত্তৰ:- সাধাৰণতে আমাৰ থানত ৰুজো হোৱা অধিকাংশ গোচৰেই বাল্য বিবাহ সম্পৰ্কীয়। কিয়নো আমাৰ থানা খনি জনজাতীয় এলেকাত অৱস্থিত। একাংশ জনজাতীয় লোক বাল্য বিবাহ সম্পৰ্কত সচেতন নহয়। তেওঁ লোকৰ মাজত ছোৱালী পলুৱাই নিয়া প্ৰথা এতিয়াও প্ৰচলন আছে। এইটোও বাল্য বিবাহৰ অন্যতম কাৰণ।
প্ৰশ্নঃ- মহাশয়! মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় গোচৰ ৰুজো হয়নে?
উত্তৰ:- সাধাৰণতে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা নাই বুলিব পাৰি। যিহেতু মাজুলীত উদ্যোগ কল-কাৰখানা নাই সেয়ে মাজুলীত শিশু শ্ৰমিক সম্পৰ্কীয় সমস্যা কম।
প্ৰশ্নঃ- মহাশয়! শিশু নিৰ্যাতন ৰোধ কৰিব বেলিকা আপোনাকে কি কি ব্যবস্থা গ্ৰহণ কৰিছে?
উত্তৰ:- শিশু নিৰ্যাতন ৰোধ কৰিব বেলিকা সময়ে সময়ে ৰাইজৰ মাজলৈ গৈ সজাগতা সভা অনুস্থিত কৰি শিশু অধিকাৰ শিশু সুৰক্ষা বিষয়ে অৱগত কৰাৰ লগতে আইনী ব্যৱস্থাবোৰ জনতাক বুজাই সজাগতামূলক কাৰ্য্যসূচী পালন কৰা হয়।
প্ৰশ্নঃ- মহাশয়! শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত এইখিনি মূহুৰ্তত সাধাৰণ জনগণৰ প্ৰতি কি আহ্বান থাকিব?
উত্তৰ:- এইখিনি মূহুৰ্তত আপোনালোকৰ জৰিয়তে ৰাইজৰ প্ৰতি আহ্বান জনাম যে, শিশু নিৰ্যাতন অথবা শিশু অপৰাধজনিত বিষয়েই হওক অথবা শিশুৰ সুৰক্ষাই হওক, এয়া সমাজৰ বাবে অতি তাৎপৰ্য্যপূৰ্ণ বিষয়। এই সমস্যা সমাজৰ পৰা নিৰ্মূলকৰণৰ বাবে কেৱল আৰক্ষী প্ৰশাসন অথবা সাধাৰণ প্ৰশাসনেই নহয়, সাধাৰণ জনগণৰ পূৰ্ণ সহযোগিতা অপৰিহাৰ্য। এই ক্ষেত্ৰত UNICEF ৰ দৰে বিশ্বৰ আগশাৰীৰ শিশু কল্যাণ সংগঠনৰ ভূমিকা অতি প্ৰশংসনীয়।
ধন্যবাদ মহাশয়, আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে। আপোনাৰ গুৰুত্বপূৰ্ণ কথাখিনিয়ে নৱপ্ৰজম্মক নিশ্চয়কৈ অনুপ্ৰাণিত কৰিব।
উপাসনা দত্ত
মাজুলী
ধেমাজিত নাই ১০৯৮ সেৱা,
জিলা শিশু সুৰক্ষা বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সৈতে সাক্ষাৎকাৰ।
যোৱা ২২ জুলাই, ২০২১ তাৰিখে ধেমাজি জিলাৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথ, পৰাগজ্যোতি দত্ত আৰু হিমগিৰি দত্তই ধেমাজি জিলাৰ শিশু সুৰক্ষা বিষয়া এলেক্স দলে আৰু শিশু কল্যাণ সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াৰ সাক্ষাৎ গ্ৰহণ কৰি জিলাখনত শিশু সুৰক্ষা বিষয়ত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বুজ লয়। প্ৰথমেই যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে শিশু সুৰক্ষা বিষয়া এলেক্স দলেক ক’ভিদ পৰিস্থিতিত শিশু সকলক লৈ সৃষ্টি হোৱা সমস্যাৰ বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰে। বিষয়া গৰাকীয়ে নিজৰ মতামত দাঙি ধৰি উল্লেখ কৰে যে ক’ভিদ পৰিস্থিতিৰ সময়ত পূৰ্বৰ তুলনাত শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় ঘটনা অধিক দেখিবলৈ পোৱা গৈছে। শিশু সুৰক্ষা কাৰ্যালয়ত এই বছৰত ২০টাৰো অধিক এনে কেছ পঞ্জীভূক্ত হৈছে আৰু ইয়াৰ ভিতৰত কেৱল কভিদ পৰিস্থিতিৰ সময়তে ৮ টা গোচৰ পঞ্জীভূক্ত হৈছে। সেয়েহে বৰ্তমান সময়ত হব পৰা সাম্ভাব্য বিপদৰ পৰা শিশু সকলক ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্যাতনৰ বলি হোৱা শিশু সকলক উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেখেতে উল্লেখ কৰে। তেখেতে কয় যে বৰ্তমান বাল্য বিবাহ আৰু শিশু শ্ৰমিকৰ সংখ্যা বেছিকৈ পৰিলক্ষিত হৈছে। বাল্য বিবাহৰ ক্ষেত্ৰত যিমান সংখ্যাক গোচৰ পঞ্জীভূক্ত হয় তাৰ বহুগুনে বেছি বাল্যবিবাহ পঞ্জীভূক্ত নোহোৱাকৈ থাকে আৰু তেনেকৈ গোপনে বিবাহ সম্পন্ন হয়। তদুপৰি গোপনে ধেমাজি জিলাৰ ভিতৰুৱা অঞ্চলৰ পৰা অৰুনাচললৈ হৈ থকা শিশু সৰবৰাহৰ ঘটনাও তেখেতে উল্লেখ কৰে। বিষয়া গৰাকীয়ে অতি আক্ষেপেৰে জানিবলৈ দিয়ে যে ধেমাজিত চাইল্ড লাইন অৰ্থাৎ ১০৯৮ সেৱা নথকাৰ বাবে যঠেষ্ট অসুবিধাৰ সম্মুখীন হব লগা হৈছে। ইয়াৰ পাছতে যুৱ সাংবাদিক পৰাগজ্যোতি দত্তই গ্ৰহণ কৰা সাক্ষ্যাৎকাৰত শিশু কল্যান সমিতিৰ সভানেত্ৰী লাবন্য লাহন চুতীয়াই কয় যে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত সমাজখনেও পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব অন্যথা কেৱল শিশু কল্যাণ সমিতিয়ে সমস্যাৰ সমাধান কৰাটো সম্ভৱপৰ নহয়। তেখেতেও ধেমাজিত চাইল্ড লাইন নোহোৱাৰ বাবে সম্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰে আৰু বৰ্তমানেও ই হৈ নুঠাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। শেষত তেখেতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু যুৱ সাংবাদিক সকলক শিশু সুৰক্ষা সম্পৰ্কত সজাগ হ’বলৈ আহ্বান জনাই।
অৰ্ণৱৰাজ নাথ
১৪ বছৰ
ধেমাজি
আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱস
আৰক্ষী বিষয়া আৰু শিশু কল্যাণ সমিতিৰ সদস্যৰ লগত মুখামুখি অনুষ্ঠান
২৬ জুন তাৰিখৰ আন্তৰ্জাতিক ড্ৰাগছ আসক্তি আৰু অবৈধ মানৱ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৪ জুন, ২০২১ তাৰিখে ধেমাজিৰ যুৱ সাংবাদিক সকলে গুগ’ল মীটৰ জৰিয়তে সংশ্লীষ্ট বিষয়ৰ লগত জড়িত ধেমাজি জিলা প্ৰশাসনৰ দুগৰাকী বিশেষ ব্যক্তি ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰস্মিৰেখা শৰ্মা আৰু ধেমাজি জিলা শিশু কল্যাণ সমিতিৰ অন্যতম সদস্যা কুঞ্জলতা বৰাৰ লগত এক মুখামুকী অনুষ্ঠানৰ আয়োজন কৰে। সন্ধ্যা ৫ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানটিত প্ৰথমেই আদৰণি বক্তব্যৰে অনুষ্ঠানৰ আঁত ধৰে জোনাকী মইনা পাৰিজাতৰ যুৱ সাংবাদিক অৰ্ণৱৰাজ নাথে। ২০ জনৰো অধিক যুৱসাংবাদিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত অতিথিদ্বয়ৰ প্ৰতি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ক্ৰমে হৰ্ষিতা দত্ত, ভাৰতী দত্ত, অনুসূয়া বৰুৱা, বিতুপন হাজৰিকা, অনন্যা কাশ্যপ, নিমিক্ষা প্ৰিয়ম, শ্ৰুতি বৰগোঁহাই, অবিনাশ দত্ত, ইৰাণী দত্ত, অয়ন অনয় চুতীয়া আৰু দেৱপ্ৰতিম ভূঞাই। ড্ৰাগছ আসক্তিৰ কাৰণ সমূহ কি কি? ধেমাজিত ড্ৰাগছৰ পয়োভৰ কেনে? ইয়াৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? অবৈধ মানৱ সৰবৰাহ মানে কি? ড্ৰাগছ আৰু অবৈধ শিশু সৰবৰাহৰ মাজত কিবা সম্পৰ্ক আছে নেকি? ইত্যাদি প্ৰশ্ন সমূহৰ সঠিক উত্তৰৰ লগতে অতিথি দুগৰাকীয়ে এনে ক্ষেত্ৰত নিজৰ শিশু সন্তান সমূহক সুৰক্ষা দিবৰ বাবে অভিভাৱক সকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সমাজৰ আন আন ব্যক্তিৰ দায়িত্ব কি হোৱা উচিত সুন্দৰ ভাৱে বৰ্ণনা কৰে। এই সম্পৰ্কত কেনেধৰণৰ আইন কানুন আছে ইয়াকো বুজাই দিয়ে। শেষত যুৱ-সাংবাদিক হৰ্ষিতা দত্তই দুয়োগৰাকী অতিথিলৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।
ভাৰতী দত্ত
১৭ বছৰ
ধেমাজি
কাকপথাৰ আৰক্ষী থানাৰ বিষয়া মিন্টু বৈশ্য দেৱৰ সৈতে সাক্ষাৎকাৰ
তিনিচুকীয়া জিলাৰ যুৱ সাংবাদিক শ্ৰীমতী শোভাসনা দত্তই বৰ্তমান কাকপথাৰ অঞ্চলৰ শিশু সকলৰ বিভিন্ন সমস্যা তথা মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতিত শিশু সকলৰ সন্দৰ্ভত আৰু ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহাৰা হোৱা অনাথ শিশুৰ ওপৰত কাকপথাৰ থানাৰ আৰক্ষী বিষয়া শ্ৰীযুত মিন্টু বৈশ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ-
শোভাসনাঃ নমস্কাৰ, মই তিনিচুকীয়া জিলা মইনা পাৰিজাত তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্তবিশ্ববিদ্যালয় আৰু ইউনিচেফৰ উদ্যোগত ৰূপায়িত হৈ থকা যুৱ সাংবাদিক নেটৱৰ্কৰ এগৰাকী যুৱ সাংবাদিক। মোৰ নাম শ্ৰীমতী শোভাসনা দত্ত। কাকপথাৰ ৰাধাকৃষ্ণণ একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী।
আৰক্ষী বিষয়াঃ নমস্কাৰ।
শোভাসনাঃ শিশুসকলৰ ওপৰত হৈ থকা শাৰীৰিক আৰু মানসিক নিৰ্য্যাতন ৰোধ কৰাত এগৰাকী আৰক্ষী বিষয়া হিচাপে আপোনাৰ পদক্ষেপ কি ধৰণৰ?
আৰক্ষী বিষয়াঃ আমি যিমান পাৰো শিশুসকলক এক ভয়, শংকা, মুক্ত, সুস্থ পৰিৱেশ দিয়াৰ বাবে সদায় প্ৰস্তুত হৈ থাকো। চাইল্ড হেল্পলাইন নাম্বাৰ ১০৯ ৰ জৰিয়তে বা অন্য ধৰণেৰে এই ক্ষেত্ৰত কিবা অভিযোগ লাভ কৰিলে তৎকালে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। লগতে বহুতো অভিভাৱকে মদ্যপান কৰি ঘৰখনত এক অসুস্থ পৰিৱেশৰ সৃষ্টি কৰে। তেনে অভিযোগ পালেও আমি যিমান পাৰো বুজাই মেলি বা অন্য ধৰণেৰে শিশু সকলক সহায় কৰিবলৈ চেষ্টা কৰোঁ। শিশু শ্ৰমিকৰ ক্ষেত্ৰত কোনো অভিযোগ থাকিলে বা দৃষ্টিগোচৰ হ’লে আমি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰোঁ।
শোভাসনাঃ কাকপথাৰ অঞ্চলত শিশু নিৰ্য্যাতনৰ সন্দৰ্ভত কিমান গোচৰ ৰুজো হৈছে?
আৰক্ষী বিষয়াঃ মোৰ কাৰ্য্যকালত বৰ্তমানলৈ কোনোধৰণৰ শিশু নিৰ্যাতনৰ গোচৰ ৰুজো হোৱা নাই। এইক্ষেত্ৰত আমি সকলো ধৰণৰ সহায়ৰ বাবে সদায় সাজু হৈ আছোঁ।
শোভাসনাঃ বৰ্তমান চৰকাৰে কোনো হোটেল, কৰ্মস্থান বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাত বাধা আৰোপ কৰিছে। অৰ্থাৎ ই এক আইন বিৰুদ্ধ কথা। কাকপথাৰ অঞ্চলত তেনেধৰণৰ আপোনালোকে কিবা অভিযোগ পাইছে নেকি?
আৰক্ষী বিষয়াঃ পূৰ্বতে দুই-এক অভিযোগ লাভ কৰা হৈছে যদিও বৰ্তমান তেনেধৰণৰ কোনো অভিযোগ পোৱা নাই। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সকলোৱে সহায় কৰিব লাগিব। এনেধৰণৰ শিশু শ্ৰমিকৰ নিয়োগ সঁচাকৈ এক আইন বিৰুদ্ধ কথা। ৰাইজ তথা দল সংগঠন, সাংবাদিক আৰু সমাজৰ সচেতন সকলো ব্যক্তিয়েই এইক্ষেত্ৰত আৰক্ষীক সহায় কৰিব লাগিব।
শোভাসনাঃ ক’ভিডকালীন পৰিৱেশত পিতৃ-মাতৃহীন হোৱা শিশুসকলক চৰকাৰে আৰ্থিকভাৱে সাহাৰ্য্য প্ৰদান কৰাৰ লগতে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আমাৰ কাকপথাৰ অঞ্চলত তেনে কোনো শিসুৱে সাহাৰ্য্য লাভ কৰিছে নেকি?
আৰক্ষী বিষয়াঃ আমি কাকপথাৰ অঞ্চলত শিশু অৱস্থাত তিনিজন শিশুৰ পিতৃ অথবা মাতৃৰ বিয়োগ ঘটিছে। কিন্তু একেবাৰে নিঠৰুৱা হৈ পৰা কোনো শিশু নাই। এইক্ষেত্ৰত কোনো বাতৰি পালে আমি সাহাৰ্য্যৰ বাবে যোগাযোগ কৰিবলৈ বদ্ধপৰিপক্কৰ।
শোভাসনাঃ শিশুসকলৰ মাজত বৰ্তমান বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা। ড্ৰাগছ আদিৰ দৰে মাৰাত্মক দ্ৰব্য গ্ৰহণ কৰা আদি কাকপথাৰ অঞ্চলতো দেখা গৈছে। এইক্ষেত্ৰত আপোনালোকে কি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
আৰক্ষী বিষয়াঃ হয়, এনেধৰণৰ দ্ৰব্যৰ হোৱা ক্ষতি তথা অপৰাধ প্ৰৱণতা বঢ়াই তোলা কাৰ্য্যই বৰ্তমান সময়ত সকলোৰে বাবে চিন্তনীয় বিষয় হৈ পৰিছে। আমি এনে কাৰ্য্য ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। কোনোধৰণৰ অভিযোগ লাভ কৰাৰ লগে লগেই আমি এনেলোকক আটক কৰিছোঁ আৰু নিজাববীয়াকৈ এনে কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ সদায় চেষ্টা চলাই আছো।
শোভাসনাঃ হয়, আপুনি ব্যস্ততাৰ মাজতো এইখিনি কথা আমাক জনোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
আৰক্ষী বিষয়াঃ তোমালৈয়ো অশেষ ধন্যবাদ থাকিল।
সোভাসনা দত্ত
তিনিচুকীয়া
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|