সূৰ্য্যৰ দৰে তেজস্বী আৰু শক্তিমান যুৱসাংবাদিক সকললৈ মৰম যাঁচিলো। ২০২১ বৰ্ষটোৰ নিৰাশা বোৰ আঁতৰাই নতুন এটি বৰ্ষক নতুন উদ্যমেৰে আকোঁৱালি লবলৈ সাজু হ'ব হ'ল। এইবাৰ আমাৰ বাতৰিকাকতৰ প্ৰধান বিষয়বস্তু হৈছে, অনলাইন শিক্ষা। সময় চলিতমান, এই সময়ৰ লগত দেশৰ নৱপ্ৰজন্ম তথা সকলোৱেই খোজ মিলাই আগুৱাই যাব লাগিব। দেশৰ ধৰণী, ভৱিষ্যতস্বৰূপ ছাত্ৰ-ছাত্ৰীসকল যাতে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে চৰকাৰে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত আমি বহু ছাত্ৰ ছাত্ৰীৰ অভিমত জানিবলৈ প্ৰয়াস কৰিছিলো। আৰু তেতিয়া আমি জানিব পাৰিছিলো, আৰ্থিক ভাবে দুৰ্বল বহু ছাত্ৰ ছাত্ৰী অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছিল। এই দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে আমাক ব্যক্ত কৰিছিল যে, চৰকাৰে তেওঁলোকক অনলাইন শিক্ষা লাভৰ ব্যৱস্থা কৰি দিয়ে। এনেদৰেই আমি বহু গাওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ মনৰ ভাব জানিছিলো, অনলাইন শিক্ষা লাভ কৰাৰ অভিজ্ঞতা, অনলাইন শিক্ষাৰ সুবিধা অসুবিধা সকলোবোৰৰ বুজ লৈছিলো। মুঠৰ ওপৰত সময় গতিশীল। এই গতিশীল সময়ৰ লগত খোজ মিলাই যাবই লাগিব, সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ লগত সাহসেৰে যুঁজিব লাগিব। এয়েই আমাৰ কৰ্তব্য। মুক্তআকাশৰ লগত জড়িত থকা সমূহ যুৱসাংবাদিক তথা অসমবাসীলৈ আমাৰ হিয়াভৰা মৰম যাচিলো। সুখ-শান্তি, মৰম-চেনেহ, ভাতৃত্ববোধ আৰু সকলোৰে মাজত সম্প্ৰীতিৰ ভাব জগাই তোলক তাৰে কামনা কৰিলো।
পৰিস্মীতা দত্ত
জিলা- মাজুলী ।
জৱাহৰ নবোদয় বিদ্যালয়, শিৱসাগৰৰ বিজ্ঞান বিষয়ৰ শিক্ষক শ্ৰীযুত দীপাংকৰ সৰকাৰৰ সৈতে সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত শিৱসাগৰ জিলা মইনা পাৰিজাত, উত্তৰণ মইনা পাৰিজাতৰ চেমনীয়া তথা যুৱ সাংবাদিক শ্ৰীমতী মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী নাথৰ অনলাইন পাঠদানৰ ওপৰত হোৱা এক সাক্ষাৎকাৰ-
যুৱ সাংবাদিকঃ নমস্কাৰ!
দীপাংকৰঃ নমস্কাৰ যুৱ সাংবাদিক মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী নাথ। তোমাৰ যোগেদি সদৌ অসম মইনা পাৰিজাতৰ সমূহ বিষয়ববীয়াৰ লগতে মুক্ত আকাশৰ সকলো কৰ্মকৰ্তালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তোমাৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।
যুৱ সাংবাদিকঃ আপোনালৈয়ো ধন্যবাদ থাকিল ছাৰ। বৰ্তমান কৰ’নাৰ কবলত পৰি জনসাধাৰণ বিভিন্ন সমস্যাত পৰিছে। ছাত্ৰ-ছাত্ৰী সকলো ইয়াৰ ব্যতিক্ৰম নহয়। যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলে অনলাইনযোগে পঢ়া-শুনা আগবঢ়াব লগীয়া হৈছে। অনলাইনযোগে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণৰ সম্পৰ্কত আপোনাৰ পৰা কেইটামান মতামত জানিব বিচাৰিছো।
দীপাংকৰঃ নিশ্চয়।
যুৱ সাংবাদিকঃ প্ৰথমতে অনলাইনযোগে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত জানিব বিচাৰো।
দীপাংকৰঃ বিদ্যালয়ৰ পাঠদান আৰু অনলাইন পাঠদান, দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে। বিদ্যালয় শিক্ষাৰ ঠাই কেতিয়াও অনলাইন শিক্ষাই ল’ব নোৱাৰে কিন্তু অনলাইন পাঠদানৰ সকলোবোৰ কথাই যে বেয়া তেনে নহয়, বহুতো ভাল গুণো আছে। অনলাইন পাঠদান বুলিলে আমি ধৰি লওঁ যে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ ওচৰতে স্মাৰ্টফোন আছে। যদি শিক্ষাৰ্থী এগৰাকীয়ে কিবা এটা বিষয় নিজে বুজিবলৈ বিচাৰে, তেন্তে তেওঁ গুগল বা ইউটিউবৰ পৰা লাগতিয়াল তথ্য সংগ্ৰহ কৰিব পাৰে নতুবা আমি নিজেও কিবা বুজাব লগা হ’লে শিক্ষাৰ্থী সকলক ইউটিউবৰ পৰা ভিডিও ডাউনল’ড কৰি দেখুৱাও। তদুপৰি মই নিজেও বিভিন্ন ভিডিও কৰি তেওঁলোকক বুজাওঁ। গুৰুত্বপূৰ্ণ কথাটো হ’ল শিক্ষাৰ্থীসকলে স্মাৰ্টফোনৰ সদব্যৱহাৰ কৰিলেহে প্ৰকৃততে উপকৃত হ’ব।
যুৱ সাংবাদিকঃ দ্বিতীয়তে জানিব বিচাৰোঁ, অনলাইন পাঠদানৰ উপকাৰিতা আৰু অপকাৰিতা সম্পৰ্কে আপোনাৰ মতামত কি?
দীপাংকৰঃ অনলাইন পাঠদানৰ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই আছে। এটা উপকাৰিতা ইতিমধ্যে মই উল্লেখ কৰিছোঁ। বিদ্যালয়ৰ শিক্ষাত সাধাৰণতে আমি ব্লেক বোৰ্ড ব্যৱহাৰ কৰোঁ। কিন্তু আমাৰ জৱাহৰ নবোদয় বিদ্যালয়ত বহুত আগৰে পৰা স্মাৰ্ট ক্লাচৰুমত স্মাৰ্ট বোৰ্ড, অডিঅ’-ভিজুৱেল, নানা ধৰণৰ প্ৰজেক্টৰ ব্যৱহাৰ কৰোঁ যাতে আমি ছাত্ৰ-ছাত্ৰী সকলক যিকোনো বিষয় খোকোজা নলগাকৈ বুজাব পাৰোঁ। আৰু এটা উপকাৰিতা হ’ল এজন শিক্ষক হিচাপে বহুত উপকৃত হৈছো, লগতে স্মাৰ্ট ফোনৰ বিষয়ে নতুন নতুন কথা শিকিব পাৰিছো। Google meet, Zoom, Microsoft teams ইত্যাদি এপত ক্লাছ কৰাৰ পদ্ধতিৰ লগতে ইউটিউবত কেনেদৰে ভিডিঅ’ আপলোড কৰে শিকিব পাৰিলো। এই অনলাইন পাঠদান পদ্ধতিৰ জৰিয়তে বিদ্যালয় খোলাৰ পিছত গ্ৰীষ্মকালীন বন্ধই হওঁক বা শীতকালীন বন্ধই হওঁক, আমি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে সম্পৰ্ক ৰাখিব পাৰিম। অনলাইন পাঠদানৰ অপকাৰিতাও আছে। মোৰ মতে মূখ্য সমস্যাটো হ’ল স্বাস্থ্য সম্বন্ধীয় সমস্যা। উদাহৰণ স্বৰূপে, বেছি সময়লৈ মোবাইল ব্যৱহাৰ কৰিলে চকুৰ বিভিন্ন সমস্যাই দেখা দিয়ে।
যুৱ সাংবাদিকঃ মোৰ তৃতীয় প্ৰশ্নটো হ’ল, কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী অনলাইন পাঠদানৰ পৰা বিভিন্ন কাৰণত আতঁৰি থাকিব লগা হৈছে। হয়তো কাৰোবাৰ মোবাইল নাই নতুবা নেটৱৰ্কৰ সমস্যা থাকিব পাৰে। এই ছাত্ৰ-ছাত্ৰী সকলৰ বিষয়ে আপোনাৰ মতামত কি।
দীপাংকৰঃ এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যাৰ ঘৰত মোবাইল নাই অথবা থাকিলেও নেটৱৰ্ক নাই। আমিও এনে বহু সমস্যাৰ মুখামুখী হৈছোঁ। আমাৰ বিদ্যালয়ে এইক্ষেত্ৰত বহুতো পদক্ষেপ হাতত লৈছে। যেনেঃ আমি যিবোৰ অনলাইন পাঠদান কৰাও, সেইখিনিৰ প্ৰিন্ট আউট উলিয়াই ছাত্ৰ-ছাত্ৰী সকলক দিবলৈ যত্ন কৰোঁ। আমি তেওঁলোকক ব্যক্তিগতভাৱে ফোন কৰি তেওঁলোকক পঢ়াৰ নিৰ্দেশনা দিওঁ আৰু কিবা নুবুজা থাকিলে সুধিবলৈ এটা সময় নিৰ্ধাৰণ কৰি দিওঁ। তাৰোপৰি, আমাৰ সংস্থাপিত ছাত্ৰ-ছাত্ৰী সকলে সেই ছাত্ৰ-ছাত্ৰী সকলক এটা স্মাৰ্টফোন কিনি দি সহায় কৰিছে।
যুৱ সাংবাদিকঃ শেষত আপোনাৰ পৰা জানিব বিচাৰিছো, কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী মোবাইলত খেল খেলাত, হোৱাটচ্এপ, ফেচবুক ইত্যাদিতে ব্যস্ত থকাৰ কতা শুনিবলৈ পোৱা যায়। এই ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আপোনাৰ মতামত কি?
দীপাংকৰঃ ছাত্ৰ-ছাত্ৰী সকলক এটাই কথা কম যে মানুহৰ আটাইতকৈ প্ৰয়োজনীয় সম্পদটোৱেই হ’ল স্বাস্থ্য। স্বাস্থ্য ভালে থাকিলে সকলো ভালে থাকিব। সেইবাবে ছাত্ৰ-ছাত্ৰী সকলে গোটেই দিনটো মোবাইলত খেল খেলি নাথাকে যেন। যিহেতু তেওঁলোক মোবাইলত অনলাইন পাঠগ্ৰহণত ব্যস্ত হৈ থাকেই, তাৰ ওপৰিঞ্চি যদি মোবাইল ব্যৱহাৰ কৰি থাকে, তেওঁলোকৰ চকুৰ ওপৰত নিশ্চিতভাৱে বিৰূপ প্ৰভাৱ পৰিব। এই শিশুসকলক আমাৰ ওপৰিও অভিভাৱকসকলেও বুজোৱাটো দৰকাৰ।
যুৱ সাংবাদিকঃ সদৌ শেষত মুক্ত আকাশৰ মজিয়াত এইকণ সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আপোনাৰ এই মতামতৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলো উপকৃত হ’ব।
দীপাংকৰঃ নিশ্চয়।
নাম- মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী নাথ
বয়স- ১৩ বছৰ
জিলা- শিৱসাগৰ
কৰ'ণা মহামাৰী আৰু মুল্যাংকন পদ্ধতি
অতীতৰ পৰা শিশু সকলক আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ ওপৰত বহু গুৰুত্ব প্ৰদান কৰা হৈছে আৰু আনুষ্ঠানিক শিক্ষা শিশু সকলৰ বাবে অতীব প্ৰয়োজন। বেদৰ যুগৰে পৰা অৰ্থাৎ ঋষি-মুনিৰ দিনৰে পৰা বিভিন্ন ব্যৱস্থাৰ যোগেদি আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছিল। ঋষি মুনিৰ সকলৰ আশ্ৰমত বাস কৰি বিভিন্ন শিক্ষা অৰ্জন কৰা, গছৰ তলত বিদ্যাৰ্থী সকলক জ্ঞান দিয়া আদি ব্যৱস্থাৰে শিক্ষা প্ৰদান কৰি আনুষ্ঠানিক শিক্ষাৰ পথ মুকলি কৰিছিল ভৱিষ্যতৰ বাবে। আজিৰ যুগত ন ন প্ৰযুক্তিৰ জৰিয়তে বিভিন্ন ঠাইত বিদ্যালয় স্থাপন কৰি, আনুষ্ঠানিক শিক্ষা প্ৰদান কৰে।
সাম্প্ৰতিক সময়ত কোভিড মহামাৰীৰ আতংকৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰে। অতীজৰে পৰা চলি অহা পৰীক্ষা ব্যৱস্থা বৰ্তমান যুগলৈকে সুকলমে বিভিন্ন নিয়মেৰে চলি আহিছে আৰু ইয়াৰ দ্বাৰা মুল্যাংকনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল বেদৰ যুগৰে পৰাই।
যোৱা দুবছৰে আতংক সৃষ্টি কৰা কৰুণা মহামাৰীৰ বাবে শিক্ষা ব্যৱস্থাটোত স্থবিৰতা অহা দেখা গৈছে। শিক্ষাৰ্থী সকল বাহিৰলৈ ওলাব নোৱাৰাত কিছু কিছু শিক্ষা অনুষ্ঠানত অনলাইন শিক্ষা ব্যৱস্থা কৰিছে। ক’ভিডৰ বাবে পৰীক্ষা ব্যৱস্থাটোতো বহু সালসলনি কৰিব লগা হৈছে শিক্ষা ব্যৱস্থাত। মহামাৰীৰ সময়ত শিক্ষাৰ্থী সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা বাতিল কৰা সিদ্ধান্ত গ্ৰহণ কৰে। পৰীক্ষাৰ অবিহনে ২০২০-২১ বৰ্ষৰ পৰীক্ষা দিব লগীয়া শিক্ষাৰ্থী সকলৰ মুল্যাংকন কৰিবৰ বাবে দুখন সমিতি গঠন কৰে। বিভিন্ন শিক্ষাবিদৰ নেতৃত্বত এই সমিতি দুখনে মুল্যাংকন ব্যৱস্থাৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰে যে মেট্ৰিকৰ ফলাফলৰ বাবে নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ বিদ্যালয়ৰ আন্তঃমূল্যায়ন সংযোগ আৰু হায়াৰ চেকেণ্ডাৰীৰ বাবে মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ আন্তঃমূল্যায়ন সংযোগ কৰা হৈছে। এই মহামাৰীৰ আতংকৰ সময়ত এই ব্যৱস্থা গ্ৰহণ কৰা জৰুৰী যদিও এই মুল্যাংকন ব্যৱস্থাত জটিলতাও দেখা যায়। কাৰণ বহু শিক্ষাৰ্থীয়ে বিদ্যালয় পৰীক্ষাতকৈ ভাল ফলাফল কৰা দেখা যায়। কিন্তু এনে মুল্যাংকনৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ ভবা মতে ফলাফল নাপাবও পাৰে। কিন্তু এনে জটিল সময়ত এনে মহামাৰীৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাটো অসম্ভৱ। সেয়ে অসম চৰকাৰৰ নেতৃত্বত শিক্ষাবিদ সকলৰ পৰামৰ্শত শিক্ষাৰ্থী সকলৰ এটা শিক্ষা বৰ্ষ নষ্ট নহব'লৈ আৰু অধ্যয়ন পথত বাধা নহব'লৈ আৰু স্থবিৰ নহ'বলৈ এই সিদ্ধান্ত অতি উপযোগী আৰু মই ভাবো যি পদ্ধতিৰে আজি মুল্যাংকন কৰা হৈছে ইয়াতকৈ আৰু বিকল্প পদ্ধতি এই সময়ত নাই। কিন্তু এটা কথা সকলোৱে লক্ষ্য কৰা উচিত যে এই মুল্যাংকন পদ্ধতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে ভৱিষ্যতে কোনোধৰণৰ সমস্যাৰ সম্মুখীন নহয়, লগতে হাঁহিয়াতৰ পাত্ৰ হ'ব লগা নহয়।
নাম- বিদিশা শইকীয়া
জিলা- মাজুলী
ক’ভিড মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰী শিক্ষা ব্যৱস্থা
বৰ্তমান বিশ্বত্ৰাস ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত শিক্ষক সকলে ঘৰৰ পৰা অনলাইনযোগে শিক্ষাদান কৰিবলগীয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে সমানে বা সম্পূৰ্ণকৈ শিক্ষা গ্ৰহণত যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হৈছে।
শিৱসাগৰ জিলা মইনা পাৰিজাতৰ পাঞ্চজন্য শাখাৰ চেমনীয়া আৰু UNICEF অসমৰ ‘মুক্ত আকাশ’ বাতৰি কাকতৰ যুৱ সাংবাদিক শ্ৰী ডলি দত্তই কোঁৱৰপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক, সমাজ কৰ্মী তথা জিলা কৃতি শিক্ষক বঁটা প্ৰাপ্ত শ্ৰীযুত উত্তম কুমাৰ বৰুৱাদেৱৰ গৃহত এটি সাক্ষাৎকাৰ গ্ৰহণ কৰে।
প্ৰশ্নঃ অনলাইন শিক্ষা সকলো ছাত্ৰ-ছাত্ৰীয়ে সমানে বা সম্পূৰ্ণকৈ গ্ৰহণ কৰিব নোৱাৰাৰ সমস্যা সমূহ কি হ’ব পাৰে ?
উত্তৰঃ শ্ৰী বৰুৱাদেৱে কয়, গ্ৰামাঞ্চলত মোবাইলৰ নেটৱৰ্কৰ নোপোৱাৰ কাৰণে শিক্ষা গ্ৰহণত যথেষ্ট অসুবিধা হয়। সৰহসংখ্যক অভিভাৱক আৰ্থিকভাৱে দুৰ্বল বাবে সকলো ছাত্ৰ-ছাত্ৰীক এণ্ড্ৰইড মবাইল দিব পৰা নাই। বিদ্যুৎ যোগান নিয়মীয়া নোহোৱাৰ বাবে মোবাইল থকা ছাত্ৰ-ছাত্ৰী তথা শিক্ষকেও মোবাইল চাৰ্জ দিয়াত অসুবিধাৰ সম্মুখীন হয়।
প্ৰশ্নঃ এই সমস্যা সমূহ সমাধানৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰা উচিত ?
উত্তৰঃ বৰুৱাদেৱে কয় যে নিৰ্দিষ্ট দূৰত্বত প্ৰতিটো মোবাইল কোম্পানীয়ে টাৱাৰ সমূহ স্থাপন কৰিলে নেটৱৰ্কৰ সুবিধা সহজলভ্য হ’ব। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰে এণ্ড্ৰইড মোবাইল যোগান ধৰা আৰু ৰিচাৰ্জ কৰিবৰ কাৰণে যথা সম্ভৱ আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিলে ভাল হ’ব।
বিদ্যুৎ যোগান নিয়মীয়া কৰাটো অতি প্ৰয়োজনীয় বুলি তেখেতে অনুভৱ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা ৰাইজৰ এই অসুবিধা সমূহ দূৰ কৰিবলৈ মুক্ত আকাশ বাতৰি কাকতৰ জৰিয়তে ৰাইজৰ হৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা হ’ল।
নাম- শ্ৰী ঋতুৰাজ ভট্টাচাৰ্য্য
জিলা- শিৱসাগৰ
বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে সমগ্ৰ ৰাজ্যতে অনলাইন যোগে পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে। আমি শিশু আৰু অভিভাৱক সকলক একেলগ কৰি তেওঁলোকৰ মনৰ ভাব জানিবলৈ চেষ্টা কৰিছিলোঁ অনলাইন শিক্ষাৰ জৰিয়তে তেওঁলোক কিমান উপকৃত হৈছে।
স্বাগতা:- প্ৰথমেই আমি শিশু সকলৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছিলোঁ, অনলাইন ভাবে পাঠদান কৰি তেওঁলোকৰ কেনে অনুভৱ হৈছে।
শিশু:- শিশু সকলে আমাক জনাইছিল যে অনলাইন যোগে পাঠদান গ্ৰহণ কৰি তেওঁলোক খুবেই সন্তুষ্ট, কিয়নো এই ক’ভিড মহামাৰী সময়ত ঘৰতে থাকি সুৰক্ষিত হৈ পাঠদান গ্ৰহণ কৰাৰ লগতে চাৰ, বাইদেউ সকলক লগ পাইছে আৰু তেওঁলোকৰ বন্ধু-বান্ধৱী সকলকো লগ পাইছে গতিকে তেওঁলোক উপকৃত হৈছে।
তাৰপিছত আমি অভিভাৱক সকলৰ পৰাও জানিবলৈ চেষ্টা কৰিছিলোঁ।
স্বাগতা:- তেওঁলোকৰ শিশু সকলক অনলাইন শিক্ষাৰ জৰিয়তে পাঠদান গ্ৰহণ কৰাই তেওঁলোক সন্তুষ্ট হৈছেনে?
অভিভাৱক:- তেতিয়াও আমাক অভিভাৱক সকলে জনাইছিল যে তেওঁলোক খুবেই সন্তুষ্ট কিয়নো এই মহামাৰিত নিজৰ সন্তানটিক কোনো অভিভাৱকে বিদ্যালয়লৈ পঠোৱাৰ পক্ষপাতি নহয় লগতে তেওঁলোকে শিক্ষাৰ পৰাও বঞ্চিত কৰি ৰাখিব খোজা নাছিল, সেয়েই অনলাইন মাধ্যমৰ জৰিয়তে শিশু সকলক পাঠদান দি চৰকাৰে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিছে, গতিকে অভিভাৱক সকল খুবেই সন্তুষ্ট বুলি আমাক জনাইছিলে।
হয় আমিও অনুভৱ কৰিছোঁ অনলাইন যোগে পাঠদান দিওঁতে ছাত্র-ছাত্ৰী সকল উপকৃত হৈছে কিয়নো বহুতো ছাত্ৰ-ছাত্ৰীৰ বিশেষ-বিশেষ প্ৰতিভা থাকে আৰু সেই প্ৰতিভা খিনি বিকাশ কৰোঁতে তেওঁলোকে বহুতো সমস্যাৰ সম্মুখীন হয় সেইয়া আৰ্থিক ভাবেই হব পাৰে বা যাতায়াতৰ অসুবিধাই হওক কিন্তু অনলাইন মাধ্যমেৰে কিছুমান অনুষ্ঠানত তেওঁলোকে তেওঁলোকৰ সুপ্ত প্ৰতিভা খিনি বিকাশ কৰাৰ সুবিধা পাইছে গতিকে আমিও অনুভৱ কৰিছোঁ যে অনলাইন শিক্ষাৰ জৰিয়তে ছাত্র-ছাত্ৰী সকল উপকৃত হৈছে।
নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী
অনলাইন শিক্ষাই শিশুক কেনেদৰে প্ৰভাৱ পেলাইছে
বৰ্তমান ক’ভিড মহামাৰীৰ কাৰণে সমগ্ৰ দেশতেই অনলাইন যোগে পাঠদান দিয়া হৈছে এই অনলাইন পাঠদানৰ যোগেদি শিশু সকল উপকৃত হৈছে নে নাই সেই বিষয়ে জানিবলৈ আমি মাজুলীৰ D.I অফিচৰ S.I কেশৱ দেউৰী ছাৰৰ পৰা এটা সাক্ষাৎকাৰ লৈছিলোঁ। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ।
স্বাগতা:- অনলাইন শিক্ষা আৰু আনুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্য কি?
চাৰ:- অনলাইন শিক্ষাত কিছুমান অসুবিধা আছে কিন্তু আনুষ্ঠানিক শিক্ষাত সেই অসুবিধা খিনি নাই, আনুষ্ঠানিক শিক্ষাত ছাত্র-ছাত্ৰী সকলক মুখামুখী কৈ যি শিক্ষা দিব পাৰি কিন্তু অনলাইন শিক্ষাত সেই সুবিধাখিনি নাই।
স্বাগতা:- দ্বিতীয়তে আমি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ পিছপৰা অঞ্চলৰ শিশু সকলৰ সকলোৰে এণ্ডদ্ৰইড ফোন নাই বা থাকিলেও নেটৱৰ্কৰ সমস্যা বাবে তেওঁলোকে পাঠদান গ্ৰহণ কৰিব পৰা নাই?
চাৰ:- ভিতৰুৱা অঞ্চলৰ শিশু সকলে অনলাইন যোগে পাঠদান ১00 শতাংশ গ্ৰহণ কৰিব পৰা নাই গতিকে তেওঁলোক এই শিক্ষা ব্যৱস্থাৰ দ্বাৰা উপকৃত হব পৰা নাই।
স্বাগতা:- তৃতীয়তে আমি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছিলোঁ কভিড 19 নে অনাগত দিনত শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাব?
চাৰ:- অনাগত দিনত যদি কভিড পৰিস্থিতি সাম নাকাতে শিক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব লগতে ভৱিষ্যতে শিশু সকল বহুতো সমস্যাৰ সন্মুখীন হ’ব লগা হ’ব।
নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।
অনলাইন শিক্ষা ব্যৱস্থাৰ ওপৰত হোৱা এটি সাক্ষাৎকাৰ
অনলাইন শিক্ষা ব্যৱস্থাৰ বিষয়ে কিছু বুজ ল’বলৈ ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ অন্তৰ্গত তেলীয়াপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰদান শিক্ষয়িত্ৰী শ্ৰীযুতা অম্বিকা হাজৰিকা বাইদেউৰ লগত হোৱা এটি টেলিফোনিক সাক্ষাৎকাৰ-
- নমস্কাৰ বাইদেউ।
- নমস্কাৰ।
- মই ডিব্ৰুগড় জিলাৰ এগৰাকী যুৱ সাংবাদিক শ্ৰেস্ঠা বৰুৱা। বৰ্তমান ক’ভিড মহামাৰীৰ বাবে সকলোবিলাক বিদ্যালয়, মহাবিদ্যালয় বন্ধ হৈ আছে। তেনে পৰিপ্ৰেক্ষিতত আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক অনলাইন শিক্ষাৰ মাধ্যমেৰে কেনেদৰে শিক্ষা আগবঢ়াইছে সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ।
- হয় কোৱাচোন ?
- বাইদেউ, আপোনালোকৰ বিদ্যালয়ত মুঠ কিমানগৰাকী ছাত্ৰ-ছাত্ৰী আছে ?
- ১০৮ গৰাকী।
- বাইদেউ, সকলো ছাত্ৰ-ছাত্ৰীকে আপোনালোকে অনলাইনযোগে শিক্ষা প্ৰহদান কৰিব পাৰিছে নে ?
- আমাৰ বিদ্যালয়খন গ্ৰামাঞ্চলত অৱস্থিত। প্ৰায়বোৰ অভিভাৱকে দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দিছে। বৰ্তমান ক’ভিড মহামাৰীৰ সময়ত তেওঁলোকৰ দুবেলা দুসাজ খোৱাৰে অসুবিধা হৈছে। তেনেস্থলত এটাকৈ এণ্ড্ৰইড মোৰাইল ল’বলৈ ক’ব নোৱাৰো। প্ৰায় ২৫ গৰাকীমান ছাত্ৰ-ছাত্ৰীৰ ইন্টাৰনেট সংযোজিত কৰিব পৰা মোবাইল ফোন আছে। তেওঁলোকৰ লগতহে মাথোঁ আমি অনলাইনৰ যোগেদি যোগাযোগ ৰাখিব পাৰিছোঁ। হুৱাটছএপৰ জৰিয়তে বিভিন্ন বিষয়ৰ শিক্ষা দিয়াৰ চেষ্টা কৰিছোঁ।
- বাইদেউ, বাকী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কিবা ব্যৱস্থা কৰিব পাৰিছেনে ?
- বাকী ছাত্ৰ-ছাত্ৰীক আমি ফোনযোগে দুই-এটা বিষয়বস্তুৰ ওপৰত কিছু আভাস দিয়াৰ চেষ্টা কৰিছোঁ। তাৰোপৰি, আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন বোজনৰ সামগ্ৰী বিতৰণৰ সময়ত উপস্থিত অভিভাৱক সকলৰ হাতত আমি কিছুমান প্ৰশ্নাৱলীৰ যোগান ধৰিছোঁ।
- ইমানখিনি তথ্যৰ যোগান ধৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ বাইদেউ।
- ধন্যবাদ!
নাম- শ্ৰেষ্ঠা বৰুৱা
জিলা- ডিব্ৰুগড়
অনলাইন শিক্ষালাভৰ পৰা বঞ্চিত দৰিদ্ৰ পৰিয়ালৰ শিশু সকল
ইৰাণী বৰগোঁহাই, ১৩, যুঃসাং. ধেমাজিঃ ক’ভিড-১৯ পৰিস্থিতিৰ বাবে স্বাস্থ্যখণ্ডৰ লগতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে। শিক্ষা বিভাগে ইতিমধ্যে শিক্ষাগ্ৰহণৰ যি ব্যৱস্থা কৰিছে, দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে ই সম্ভৱ হৈ উঠা নাই। কাৰণ এটা স্মাৰ্টফোন ১০-১২ হাজাৰ টকা খৰচ কৰি অভিভাৱকে ছাত্ৰ-ছাত্ৰী সকলৰ হাতত তুলি দিবলৈ অপৰাগ। এনে পৰিস্থিতিত গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড দুখ লগাকৈ ক্ষতি হ’ব। এনে পৰ্যায় পাইছে যে বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ পত্ৰৰ লগত একেবাৰে সম্বন্ধ নোহাৱাৰ উপক্ৰম হৈছে। তেনে এক পৰিস্থিতিৰ উদাহৰণ ধেমাজি জিলাৰ ধেমাজি শিক্ষা খণ্ডৰ অন্তৰ্গত কোৱাফলা গাওঁ। এই গাঁৱৰ সক্ৰিয় মইনা পাৰিজাত, প্ৰগতিশীল মইনা পাৰিজাতৰ বহু দৰিদ্ৰ পৰিয়ালৰ মইনা পৰিয়ালৰ মইনা বৰ্তমান সময়ত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। বৰ্তমান সময়ত কৰ’ণা ৰোগতকৈয়ো এই শিক্ষাৰ দিশবোৰ অধিক দুৰ্যোগৰ বিষয় হিচাপে বিবেচিত হৈছে য’ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে।
নাম- ইৰাণী বৰগোঁহাই
জিলা- ধেমাজি
অনলাইন শিক্ষা সন্দৰ্ভত হোৱা এটি সাক্ষাৎকাৰ
অনলাইন শিক্ষা সন্দৰ্ভত বৰপেটা নগৰৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ বাবুল দাসৰ লগত হোৱা এটি সাক্ষাৎকাৰ মুক্ত আকাশলৈ প্ৰেৰণ কৰা হ’ল।
প্ৰশ্নঃ বৰ্তমান ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনলাইনযোগে যি শিক্ষা শিক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে, সেই বিষয়ে আপোনাৰ মতামত কি ?
উত্তৰঃ বৰ্তমানৰ পৰিস্থিতি সাপেক্ষে যি অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে, ই অতি গুৰুত্বপূৰ্ণ। কিন্তু আমাৰ যি শিক্ষাগুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক এটা অতীজৰ দিনৰে পৰা পৰম্পৰাগতভাবে চলি আহিছে, সেই শিক্ষাৰ সমান হ’ব নোৱাৰে। কাৰণ শিক্ষা ল’বলৈ বা দিবলৈ শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত এটা চকুৰ সংযোগ থাকিব লাগে, যিটো অনলাইন শিক্ষাৰ জৰিয়তে সম্ভৱ নহয়। আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি শ্ৰদ্ধাৰো অভাৱ হয়। তথাপিও এই পৰিস্থিতি মানি ল’ব লগা হৈছে।
প্ৰশ্নঃ এই অলাইন শিক্ষা কিমান সুদূৰপ্ৰসাৰী হৈছে বুলি আপুনি ভাবে ?
উত্তৰঃ অনলাইন শিক্ষাই ল’ৰা ছোৱালীৰ মানসিক অৱস্থা উন্নত কৰিব পৰা নাই, গতিকে কিমান দূৰ সুদূৰপ্ৰসাৰী হ’ব সেইটো বিচাৰ্য্য বিষয়। বিদ্যালয়ৰ যি পৰিৱেশ সেইটো ঘৰত কেতিয়াও হ’ব নোৱাৰে। শিক্ষাৰ উদ্দেশ্য হৈছে এটা শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক দিশটোৰ উন্নতি সাধন কৰা, কিন্তু অনলাইন শিক্ষাত সামাজিক, মানসিক বা শাৰীৰিক দিশত উন্নতি সাধন হোৱা বুলি মই নাভাবো গতিকে সুদূৰপ্ৰসাৰী হোৱাটো সম্ভৱ নহয়।
প্ৰশ্নঃ অনলাইন শিক্ষাই ল’ৰা-ছোৱালীৰ মাজত কিবা ইতিবাচক বা নেতিবাচক প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবে নেকি ?
উত্তৰঃ নিশ্চয়। ধনাত্মক প্ৰভাৱ বুলি ক’লে যিহেতু আগতেই কোৱা হৈছে যে ক’ভিড পৰিস্থিতিত আমাৰ ল’ৰা-ছোৱালী বাহিৰলৈ যাব নোৱাৰে, গোটেই বিশ্বব্যাপি মহামাৰীৰ ত্ৰাসৰ এনেকুৱা অৱস্থাত একমাত্ৰ এই অনলাইন ক্লাচৰ জৰিয়তেহে যোগাযোগ সম্ভৱ। গতিকে, সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ হোৱাৰ ফলত ল‘ৰা-ছোৱালীয়ে অনলাইন মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এইটো এটা নিশ্চয়কৈ ইতিবাচক বা ধনাত্মক দিশ।
অন্যহাতে নেতিবাচক দিশ নথকা নহয়। বহুক্ষেত্ৰত দেখা যায় অভিভাৱকৰ অজ্ঞাতে অনলাইন ক্লাচ কৰাৰ নামত মোবাইল ফোন বহুতো ছাত্ৰ-ছাত্ৰী অপব্যৱহাৰ কৰিছে। ক্লাচ কৰাৰ পিছতো মোবাইল ব্যৱহাৰ কৰি সময়ৰ অপব্যৱহাৰ কৰি জীৱনৰ বহুমূলীয়া সময় নষ্ট কৰিছে। তেওঁলোক মোবাইল মুখী হৈছে আৰু সময়ত ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন ভাল-বেয়া দিশ তেওঁলোকে বিচাৰি লৈ বহুক্ষেত্ৰত বেয়া দিশৰ প্ৰতি ধাৱিত হোৱাৰ প্ৰবণতা দেখা গৈছে। এইক্ষেত্ৰত মই অভিভাৱক সকলক সজাগ হ’বলৈ আহ্বান জনাইছো আৰু দৰকাৰতকৈ অধিক সময় তেওঁলোকৰ হাতত মোবাইল নিদিবলৈ অনুৰোধ কৰিছোঁ।
প্ৰশ্নঃ আৰ্থিকভাৱে পিছপৰা এখন দেশ অসম, এনেকুৱা ক্ষেত্ৰত আমাৰ অনলাইন শিক্ষাই ল’ৰা-ছোৱালী সকলক সামৰি ল’ব পাৰিছেনে ?
উত্তৰঃ এইটো সম্ভৱপৰ নহয়। কিয়নো আমাৰ ইয়াত এনেকুৱা কিছুমান ঠাই আছে যে মোবাইলত কথা পাতিবলৈ ঘৰৰ পৰা ভালেমান দূৰত গৈ কথা পাতিব লাগে নেটৱৰ্ক নথকাৰ বাবে। ইয়াৰোপৰি এই অনলাইন শিক্ষাত এটা এণ্ড্ৰইড মোবাইলৰ প্ৰয়োজন হয়। হয়তো এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ ঘৰত মোবাইল নাই সামৰ্থ্য নথকাৰ বাবে। তাৰোপৰি ঘৰত দুটা বা তিনিটা ল’ৰা-ছোৱালী থাকিলে, একেটা সময়তে প্ৰত্যেকৰে বিভিন্ন ক্লাচ কিন্তু মোবাইল একেটাই হয়। গতিকে এইক্ষেত্ৰত অনলাইন শিক্ষা কিমানদূৰ ফলপ্ৰসূ হ’ব নিশ্চয় অনুভৱ কৰিব পাৰি। তথাপি আমি ইতিবাচক দিশটোও চাব লাগিব যাতে প্ৰত্যেকেই এই শিক্ষা লাভ কৰিব পাৰে, তাৰ বাবে আমি এটা শিকলি বনাব লাগিব যাতে এটা পৰিয়ালৰ লগতে আন এটা পৰিয়াল অন্তত লগ হৈ ল’ৰা-ছোৱালী কেইটাক সামূহিকভাৱে গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিয়ে।
প্ৰশ্নঃ অনলাইন আৰু অফলাইন শিক্ষাৰ মাজত পাৰ্থক্য কি ?
উত্তৰঃ শ্ৰেণীকোঠাৰ শিক্ষাত শিক্ষাৰ্থী সকলৰ সামাজিক বিকাশ হয়, আনহাতে অনলাইন শিক্ষাত সামাজিক বিকাশ সম্ভৱ নহয়। ‘School in a miniature society’ গতিকে এই শ্ৰেণীকোটাৰ শিক্ষা উপযুক্ত শিক্ষা। তথাপি পুনৰবাৰ কওঁ যে বৰ্তমান পৰিস্থিতি সাপেক্ষে যি অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে, আমি মানি ল’ব লাগিব।
নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়
বিভিন্ন ঠাইৰ যুৱ সাংবাদিক সকলে অনলাইন শিক্ষাৰ ওপৰত বিভিন্ন শিশু তথা অভিভাৱকৰ সৈতে কথোপকথনত লিপ্ত হয় তথা ইয়াৰ ওপৰত বিভিন্ন তথ্য সংগ্ৰহ কৰি মুক্ত আকাশলৈ প্ৰেৰণ কৰে।
কভিড মহামাৰীয়ে বিপন্ন কৰিছে দেশৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ পৰম্পৰাগত শিক্ষা। গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰী সকলে উপযুক্ত আন্ত:গাঠনীৰ অভাৱত পদে পদে সমস্যাৰ সন্মূখীন হৈছে। অৰ্থনৈতিক ভাৱে অনগ্ৰসৰ শিক্ষাৰ্থী সকলৰ বহুতৰে নাই অনলাইন শিক্ষাৰ বাবে প্ৰয়োজনীয় এণ্ড্ৰইড মোবাইল ফোন। শিক্ষাৰ্থীসকলে নিজৰ জীৱন জীৱিকাৰ স'তে যুজি অহৰহ সংগ্ৰাম অব্যাহত ৰাখিছে। এনে এক অস্থিৰ সময়তে কিছু প্ৰাথমিক শিক্ষাৰ্থীক শিক্ষাদান কৰি সহায় কৰি থকা মুহুৰ্তৰ কিয়দংশ মুক্ত আকাশৰ পাঠকসকলৰ আগত আগবঢ়াই দিয়া হ’ল।
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|