মৰমৰ
বন্ধু-বান্ধৱী সকল,
আশা কৰো তোমালোক সকলো ভালে আছা।মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদৰ লগতে নমস্কাৰ জনাইছে।
বৰ্তমান ক’ভিড-১৯ ৰ প্ৰসাৰতা হ্ৰাস হোৱা দেখা গৈছে। বৰ্তমান অসমত ক’ভিড সংক্ৰমণ প্রায় শূন্য শতাংশ বুলি কব পাৰি, এই কথা সৰ্ব ভাৰতীয় চিকিৎসা বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। সেই বাবে চৰকাৰে কিছু নিয়ম বান্ধি বিদ্যালয়বোৰ খুলিবলৈ নিৰ্দেশ দিছে। যেনে, প্ৰথমেই বিদ্যালয়ৰ চৌপাশ চাফা কৰি বিদ্যালয়খন ভালকে চেনিটাইজ কৰিব লাগিব, ছাত্র-ছাত্ৰী বিদ্যালয়ত সোমোৱাৰ লগে-লগে তেওঁলোকক হাত চেনিটাইজ কৰিব লাগিব, প্ৰতিজন ছাত্র-ছাত্ৰীয়ে মাস্ক পিন্ধাতো বাধ্যতামূলক, সকলো ছাত্র-ছাত্ৰীয়ে সামাজিক দূৰত্ব মানি চলিব লাগিব, প্ৰতি 10 মিনিটৰ মূৰে-মূৰে হাত ধুৱাটো বাধ্যতামূলক আদি। এই সকলোবোৰ মানি চলি বিদ্যালয়বোৰ খিলিলে ছাত্র-ছাত্ৰী সকল সুৰক্ষিত হৈ থাকিব। চৰকাৰে ক’ভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে যি নিয়ম বান্ধি দিছে, সেই নিয়ম সমূহ ছাত্র-ছাত্ৰীয়ে যথা-যত ভাবে মানি চলিলে তেওঁলোকে কোভিড-১৯ৰ পৰা ৰক্ষা পৰিব।
আশা কৰো সকলোৱে ২০২১ বৰ্ষত সুস্থ সবল হৈ থাকিব, লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত কৰি ৰাখিবলৈ আমি চৰকাৰৰ নিৰ্দেশ মানি চলিব লাগিব। সকলোলৈকে মৰম আৰু ধন্যবাদৰ লগতে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী
বিশিষ্ট শিক্ষাবিদ সকলৰ মতে এটা সুস্থ পৰিবেশতহে এটা সুস্থ মনৰ সৃষ্টি হ’ব পাৰে। এটা উপযুক্ত পৰিবেশ অবিহনে শিশু এজনে কেতিয়াও উন্নত শিক্ষা লাভ কৰিব নোৱাৰে।
এখন বিদ্যালয়ৰ পৰিবেশ সুন্দৰ হ’লেহে ছাত্ৰ-ছাত্ৰী সকলে মুকলি-মুৰীয়াকৈ শিক্ষা গ্ৰহণ কৰিব পাৰিব। সুন্দৰ পৰিবেশৰ আধাৰ হৈছে চাফ-চিকুনতা। এখন বিদ্যালয় সুস্থিৰ কৰাৰ এটা প্ৰয়োজনীয় দিশ চাফ-চিকুনতা। বিদ্যালয়খন যদি পুতি গন্ধময় পৰিবেশ আৱৰি থাকে তেন্তে শিশু সকলৰ শিক্ষা গ্ৰহণত ব্যাঘাত জন্মিব পাৰে।
বিদ্যালয় এখনৰ চাফ-চিকুনতাৰ দিশ সমূহ নিৰ্ভৰ কৰে বিদ্যালয়খনৰ অৱস্থানৰ ওপৰত। যদি বিদ্যালয়খন সঠিক অৱস্থানত থাকে, তেন্তে চা-চিকুনতাৰ দিশটো অতি সুন্দৰকৈ পৰিচালিত হয়। ছাত্ৰ-ছাত্ৰী সকলৰ ইউনিফৰ্ম আৰু বিভিন্ন দিশ সমূহো চাফ-চিকুনতাৰ ওপৰত নিৰ্ভৰ কৰে। বৰ্তমান সময়ত যিহেতু বিদ্যালয় সমূহত মধ্যাহ্ন ভূজনৰ ব্যৱস্থা আছে গতিকে এই দিশটোও চাফ-চিকুনতাৰ ওপৰত নিৰ্ভৰ কৰে। পেলনীয়া সামগ্ৰী সমূহ নিস্কাশনৰ ব্যৱস্থা সুন্দৰভাৱে কৰিব লাগে।
চাফ-চিকুনতাৰ কথা নিৰ্ভৰ কৰে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত। বিদ্যালয় এখনৰ চাফ-চিকুনতাই ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলাই। সেয়েহে চাফ-চিকুনতাইহে এখন বিদ্যালয়ৰ সুস্থিৰতাক প্ৰকাশ কৰে।
নাম- শ্ৰী নয়নজ্যোতি গগৈ
জিলা- শিৱসাগৰ
পানী, স্বচ্ছতা আৰু সম্পূৰ্ণ অনাময় ব্যৱস্থাৰ বিদ্যালয়
১২ অক্টোবৰ, বুধবাৰ, ২০২০ চনত নৱজাগৃতি উচ্চ ইংৰাজী বিদ্যালয়ত পানী, স্বচ্ছতা আৰু সম্পবৰ্ণ অনাময়ৰ ব্যৱস্থা আছেনে নাই সেয়া পৰিদৰ্শন কৰিবলৈ তিনিচুকীয়া জিলাৰ উপায়ুক্ত শ্ৰীযুত দিগন্ত শইকীয়া ডাঙৰীয়া আহিছিল।
এই বিদ্যালয়খন পৰিদৰ্শন কৰাৰ কাৰণ হৈছে এই বিদ্যালয়ৰ পানী, স্বচ্ছতা আৰু অনাময়ৰ ব্যৱস্থা কৰা আছে। এইসমূহ ব্যৱস্থাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য ভালে থাকে আৰু এটা সুস্থ পৰিবেশত থাকি পঢ়াশুনাটো ভালদৰে মনোযোগ দিব পাৰি। সমাজ সুস্থ থাকিলেহে দেশখন আগুৱাই যাব পাৰিব।
বিদ্যালয়খনৰ শৌচাগাৰসমূহ পৃথক পৃথক কৈ নিৰ্মাণ কৰা হৈছে, বিশেষকৈ কিশোৰীৰ ক্ষেত্ৰত তেওঁলোকৰ মাহেকীয়াৰ সময়ত কেনেধৰণৰ চাফ-চিকুনতা অৱলম্বন কৰিব লাগে সেই বিষয়ে শিক্ষয়িত্ৰী সকলে পৰামৰ্শ প্ৰদান কৰি আহিছে। মাহেকীয়াৰ সময়ত ব্যৱহৃত পেড সমূহ সময়মতে সলনি কৰিব লাগে, যাৰ বাবে পৃথকভাৱে এটা কোঠা তৈয়াৰ কৰি দিয়াৰ ব্যৱস্থাও কৰা হৈছে। ডাষ্টবিনৰ ব্যৱহাৰ অপৰিহাৰ্য্য। বিদ্যালয়খনত পেডৰ ব্যৱস্থাও কৰা আছে। কিশোৰসকলৰ বাবেও বেলেগকৈ শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। হাত ধুবৰ বাবে চাবোন বা হেণ্ডৱাচৰ ব্যৱস্থাও আছে।
খোৱা পানীৰ ক্ষেত্ৰত ক’বলে গ’লে প্ৰত্যেক শ্ৰেণীকোঠাত একোটাকৈ ফিল্টাৰৰ ব্যৱস্থা কৰা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে বিশুদ্ধ পানী সেৱন কৰিব পাৰে। বিদ্যালয়খনৰ দমকল থকা ঠাইডোখৰ সম্পূৰ্ণকৈ চাফ-চিকুনাই ৰখা হৈছে। লেতেৰা পানীবোৰ ওলাই যোৱাৰ বাবে নলা-নৰ্দমাসমূহ পকা কৰি দিয়া হৈছে যাতে জাৱৰ-জোথঁৰসমূহ সহজতে ওলাই যাব পাৰে।
নাম- মনিকা তাঁতি
বয়স- ১৯ বছৰ
জিলা- তিনিচুকীয়া
মাজুলীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত বিদ্যাৰ্থী সকলক সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে। ছাত্র ছাত্ৰী সকলক স্কুলত উপস্থিত হোৱাৰ লগে-লগে হাত ধোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ১০ মিনিটৰ মূৰে-মূৰে হাত ধোৱাৰ নিয়ম বান্ধি দিছে। হাত ধোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে পাঠদান গ্ৰহণ কৰোঁতে নিৰ্দিষ্ট দূৰত্বত বহাৰ ব্যৱস্থা কৰিছে। মাস্ক পৰিধান কৰাটো বাধ্যতা মূলক কৰি দিয়াৰ লগতে চেনিটাইজাৰ লগত ৰখাটোও বাধ্যতা মূলক কৰা হৈছে।
নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী
২০০৮ চনটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক অনাময় বৰ্ষ হিচাপে পালন কৰা হৈছিল। এই বৰ্ষৰ লগত সংগতি ৰাখি ২০০৮ চনৰ ১৫ অক্টোবৰত সমগ্ৰ বিশ্বতে “বিশ্ব হাত ধোৱা দিৱস” প্ৰধমবাৰৰ বাবে উদযাপন কৰা হৈছিল। বিশ্ব হাত ধোৱা দিৱস হ’ল সমগ্ৰ বিশ্বৰ লক্ষ-লক্ষ মানুহক চাবোনেৰে হাত ধুবলৈ অনুপ্ৰণিত কৰাৰ বাবে এটি কাৰ্য্যকৰী অভিযান। বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে চাবোনেৰে পৰিস্কাৰকৈ হাত ধোৱাটোৱেই হ’ল উত্তম উপায়। এই বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰতিবছৰে ১৫ অক্টোবৰত এই দিৱস পালন কৰা হয়।
স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিবিলাক মানি নচলাৰ ফলত অথবা অজ্ঞতাৰ বাবে গাওঁসমূহত হাপানি, যক্ষ্মা, ডায়েৰিয়া, কলেৰা, জণ্ডিচ, খৰ-খজুৱতি, ঘা-ফোহাঁ, ইত্যাদিৰ লগতে চৰ্মৰোগ, গ্ৰহণী, চকুৰ সংক্ৰামক ৰোগ, নানাবিধ পোলুৰ দ্বাৰা সংঘটিত ৰোগ, মেলেৰিয়া আদি বেমাৰ আজাৰ সঘনে হৈছিল আৰু বেমাৰ সমূহ কম সময়ৰ ভিতৰত বিস্তীৰ্ণ অঞ্চলত বিয়পি পৰিছিল। চিকিৎসা সেৱা লাভ কৰাৰ আগতেই বহু সংখ্যক শিশুকে ধৰি ৰোগী মৃত্যুৰ মুখত পৰিব লগা হৈছিল।
সাধাৰণতে এনেধৰণৰ সোঁচৰা ৰোগসমূহ মহ-মাখি, দূষিত পানী আৰু মানুহৰ অপৰিস্কাৰ হাতৰ জৰিয়তে ৰোগীৰ দেহৰ পৰা সুস্থজনৰ শৰীৰলৈ বিয়পি পৰে। বিশেষকৈ ৰন্ধাৰ আগে-পিছে হাত নোধোৱাৰ বাবে বহু ধৰণৰ সংক্ৰামক ৰোগ অতি কম সময়ৰ ভিতৰতে বিয়পি পৰে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণ পোৱা গৈছে যে কোনোধৰণৰ প্ৰতিষেধক প্ৰয়োগ নকৰাকৈ কেৱল চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিলেই সৰ্বসাধাৰণ মানুহখিনিৰ মাজত বিভিন্ন চৰ্মৰোগ, চকুৰ ৰোগ, শ্বাসতন্ত্ৰৰ ৰোগ, আদি ৮০ শতাংশ প্ৰতিৰোধ কৰি ৰাখিব পাৰি। সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ডায়েৰিয়া আৰু নিউমোনিয়া, এই দুটা বেমাৰত প্ৰায় ৩.৫ নিযুত শিশু মৃত্যুমুখত পৰে। কিন্তু এই দুবিধ ৰোগ কেৱল চাবোনেৰে হাত ধোৱাৰ অভ্যাসৰ দ্বাৰা প্ৰতিষেধক অধবা চিকিৎসা অবিহনেই প্ৰতিৰোধ কৰিব পাৰি।
নাম- প্ৰীতি ৰায়
বয়স- ১৭ বছৰ
জিলা- গোৱালপাৰা
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|