Image

সম্পাদকীয়

মৰমৰ

 বন্ধু-বান্ধৱী সকল,

  আশা কৰো তোমালোক সকলো ভালে আছা। মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈকে আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদৰ লগতে নমস্কাৰ জনাইছো।

 সাধাৰণতে মানুহৰ জীৱন জীৱনশৈলী আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। স্বাস্থ্যই সঠিক জীৱনৰ দিশ নিৰ্ণয় কৰাত সহায় কৰে। এটা সুন্দৰ ভৱিষ্যত গঢ়িবলৈ সকলোকে লোকেই এটা নিৰোগী জীৱনৰ অধিকাৰী হব লাগিব। সুষম খাদ্যই মানুহক এটা সবল সুন্দৰ স্বাস্থ্য প্ৰদান কৰিব পাৰে। আজি-কালি একাংশ লোকে স্বাস্থ্যহানিকাৰী কিছুমান ৰাগীয়াল দ্ৰব্য গ্ৰহণ কৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। বিশেষকৈ ৰজনিগন্ধা, শেখৰ, গোটখা জাতীয় দ্ৰব্য খাই অসক্তিত ভোগা দেখা যাই। সেয়েহে এটা সুস্থ শৰীৰৰ অধিকাৰী হবলৈ গোটখা জাতীয় দ্ৰব্য খাবলৈ এৰি নানা ধৰণৰ সেউজীয়া শাক-পাচলি, মাছ, মাংস, ভাত, কণী আদি খাব লাগে আৰু লগতে খোৱা ঠাল খন সদায় তিৰংগা ৰঙৰ হব লাগে।

 আশা কৰো সকলোৱে 2021 বৰ্ষত সুস্থ-সবল হৈ থাকিব লগতে সুস্থ শৰীৰ অধিকাৰী হবলৈ সু-খাদ্য খাব। সকলোলৈকে মৰম আৰু ধন্যবাদ জনালো।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী

বৰ্তমান পৰিস্থিতিত বিদ্যালয় সমূহত ল’ব লগীয়া সাৱধানতা

 নমস্কাৰ গ্ৰহণ কৰিব। মই আজি লিখিব লৈছো কৰোনা ভাইৰাছৰ বিষয়ে, যাৰ বাবে সমগ্ৰ বিশ্বত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু মানুহে বহুতো সমস্যাৰ সম্মুখীন হ’ব লগা হ’ল। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ পাঠদান পোৱাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল।

 কৰোনা ভাইৰাছৰ যি ভয়াৱহতাৰ পৰিবেশ আমি সকলোৱে দেখা পালো, বৰ্তমান সময়ত এই ভয়াৱহতাৰ পৰিবেশ পুনৰ ঘূৰি আহিছে। যদিও আমি পূৰ্বৰ দৰে বিদ্যালয়ত পাঠদান কৰিব পৰা নাই। কৰোনা ভাইৰাছৰ যি সংক্ৰমণ ঘটিছিল, এই সংক্ৰমণ যাতে পুনৰ নহয় আৰু বিদ্যালয়ৰ পাঠদানৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত নহয়, তাৰ বাবে আমাৰ বিদ্যালয়ৰ সম্মুখত কিছুমান আৱশ্যকীয় সামগ্ৰীৰ প্ৰযোজন বুলি মই ভাবো। প্ৰতিদিনে আমাৰ বিদ্যালয়ৰ আমাৰ বিদ্যালয়ৰ গেটৰ চাৰিওফালে চেনিটাইজ কৰাৰ ব্যৱস্থা হ’ব লাগে। বিদ্যালয়লৈ সোমোৱাৰ আগতে গেটৰ সম্মুখত INFRARED THERMOMETER ৰ দ্বাৰা প্ৰত্যেক ছাত্ৰ-ছাত্ৰীকে পৰীক্ষা কৰা উচিত। আগৰ তুলনাত শ্ৰেণীকোঠাবোৰ দুগুণ ডাঙৰ হ’ব লাগে, যাতে ছাত্ৰ-ছাত্ৰীসকলে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰে। বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সমূহ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিব লাগে, লগতে বিদ্যালয় সমূহতো যাতে গৰম পানী যোগানৰ ব্যৱস্থা কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীয়ে লগত কুহুমীয়া পানী লৈ যোৱা উচিত। দুপৰীয়া আহাৰ খোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে লগত লৈ অনা বাচন সমূহ বিদ্যালয়ৰ ফালৰ পৰা যোগান ধৰিব লাগে আৰু প্ৰতিটো বস্তু পৰিস্কাৰ হ’ব লাগিব। প্ৰতি ২০ মিনিটৰ অন্তৰে অন্তৰে চেনিটাইজাৰৰ ব্যৱহাৰ কৰা উচিত।

 সকলো ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়তে উপৰোক্ত কথাখিনি চৰকাৰে প্ৰযোজ্য কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি মই ভাবো।

নাম- শ্ৰীমতী অনামিকা চাওঁতাল
শ্ৰেণী- একাদশ শ্ৰেণী
শিলিখা চাহ বাগিচা
জিলা- তিনিচুকীয়া (এবিটা)

শাৰীৰিক স্বাস্থ্যৰ বিষয়ে একলম

 ১) সাৰ্বজনীন স্বাস্থ্য নিৰন্তৰতাঃ- স্বাস্থ্য অৱক্ষয়ৰ মূখ্য কাৰণ হৈছে যে আমি দৈনিক ক্ষয় হোৱা শাৰীৰিক শক্তিৰ অনুপাতে পুনৰ শক্তি আহৰন কৰা নাই। বয়স, ওজন, শৰ্কৰা, কলেষ্টেৰলৰ মানদণ্ড, বৃদ্ধি আৰু বিকাশ ইত্যাদিৰ ওপৰত ভিত্তি কৰি আমি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি আহৰন কৰোঁ। কৈশোৰ অৱস্থা বুলি ক’লে আমি দহৰ পৰা ঊনৈশ বছৰ বয়সৰ ল’ৰা-ছোৱালীক বুজো। কাৰণ এই কৈশোৰ অৱস্থাই হৈছিল আমাৰ শৰীৰৰ ওজন আৰু উচ্চতা বৃদ্ধি হোৱাৰ উপযুক্ত সময়। সেয়েহে এই সময়ছোৱাত কিশোৰ-কিশোৰীসকলে প্ৰচুৰ পৰিমাণে পুষ্টিকৰ খাদ্য কোৱা উচিত। খাদ্য অপুষ্টিৰ ফলত প্ৰাপ্তবয়স্ক ছোৱালীসকল শঠিক সময়ত ঋতুমতী হোৱাৰ পৰা বঞ্চিত হয়।

 ২) আমাৰ শাৰীৰিক উৎকৰ্ষ সাধনৰ উপাদান সমূহ হ’ল- শৰ্কৰা, মাংস, স্নেহপদাৰ্থ, খনিজ পদাৰ্থ, পানী ইত্যাদি। শৰ্কৰাই আমাৰ দেহত শক্তিৰ যোগান ধৰে। শৰ্কৰাৰ উৎস সমূহ হৈছে, ভাত, ৰুটি, চেনি, চুজি, সান্দহ, পিঠাগুৰি, চিৰা, মুড়ি ইত্যাদি। দানিক খাদ্যতালিকাত মাছ. কৰ্ন, গাখীৰ, বুটমাহ, মটৰ মাহ, বাদাম, সেউজীয়া শাক-পাচলি ইত্যাদি অন্তৰ্ভুক্ত কৰিব লাগে।

 খাদ্যপ্ৰান অথবা ভিটামিনে শৰীৰৰ বৃদ্ধিত সহায় কৰে আৰু বেমাৰ আজাৰৰ পৰা সুৰক্ষা দিয়ে। সেউজীয়া শাক-পাচলি, ভিন্নৰঙী ফল-মূল, গাকীৰ, কিচমিচ, নেমুটেঙা ইত্যাদিৰ পৰা পৰ্য্যাপ্ত ভিটামিন লাভ কৰিব পাৰি। আমাৰ সমাজত এটা ভূল ধাৰণা আছে, বজাৰৰ পৰা কিনা বস্তুত ভিটামিন নাথাকে বুলি ভবা হয়। কিন্তু তেনে নহয়, ঘৰৰ ৰাসায়নিক সাৰ বিহীন শাক-পাচলিৰ বাদেও বজাৰৰ কিছুমান খাদ্যবস্তুও স্বাস্থ্যপোযোগী হয়।

নাম- নন্দিতা কৰ্মকাৰ
শ্ৰেণী- দশম
এথেলউড চাহ বাগিচা
জিলা- ডিব্ৰুগড় (বি.চি.পি)

হোলোং হাবি চাহ বাগিচা

 হোলোং হাবি চাহ বাগিচাৰ নিবাসী শ্ৰীমতী ৰাহিল হেমৰমে কয়, মই হোলোং হাবিৰ প্ৰগতি গোটত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ড়িত হৈ আছোঁ। সেয়েহে মই প্ৰগতি হোৱা সাপ্তাহিক সভাত আহি বহুখিনি কথা বা শিক্ষা অৰ্জন কৰিলোঁ। প্ৰগতি গোটত জড়িত হৈ প্ৰথমতে জীৱন কৌশলৰ বিষয়ে বহু কথা শিকিব পাৰিলোঁ। স্বাস্থ্য ভালে নাথাকিলে কি কি বেমাৰ আজাৰ হ’ব পাৰে সেই বিষয়ে জানিব পাৰিলোঁ। তাৰ লগতে নিজৰ খাদ্যৰ বিষয়ে জানিব পাৰিলোঁ। ইয়াৰ উপৰিও আমি যিখন ঠাইত বসবাস কৰোঁ, সেইখন ঠাই যদি অপৰিস্কাৰ হৈ থাকে, তেতিয়াও বহু ধৰণৰ ৰোগে দেখা দিব পাৰে। স্বাস্থ্য, স্বচ্ছতা আৰু শৌচালয় কেনেদৰে ব্যৱহাৰ কৰা হয় বা সজাগতা অৱলম্বন কৰিব পাৰি সেই সম্পৰ্কেও শিকিব পাৰিলোঁ। পুষ্টিকৰ খাদ্যৰ বিষয়েও কম বেছি পৰিমাণে গম পালোঁ। প্ৰগতি গোটত থাকি জানিলো, পুষ্টিকৰ খাদ্যই শৰীৰক স্বাস্থ্যৱান কৰি তোলাৰ দৰে পৰিবেশৰ স্বচ্ছতাই মনৰ স্বাস্থ্য বালে ৰাখে। প্ৰগতি গোটৰ জৰিয়তে পৰিয়ালৰ লগত জড়িত বিভিন্ন ক্ষেত্ৰ যেনে- বেংক একাউন্ট খোলা, অৰ্থনৈতিক দিশ সমূহ আৰু নিজৰ ঘৰখনৰ চাৰিওফালৰ পৰিবেশ কিদৰে চাফ-চিকুনকৈ ৰাখিব লাগে সেই বিষয়ে অৱগত হ’লো।

 ইয়াৰ উপৰিও, মই প্ৰগতি গোটত আহি বাল্য বিবাহ আৰু শিশু শ্ৰম যে এক অক্ষমণীয় অপৰাধ সেয়া বুজিলোঁ, লগতে এই সমূহ ৰোধ কৰাৰ প্ৰতিও সজাগ হ’লো। মই প্ৰগতি গোটৰ পৰা জানিব পৰা আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, খোৱা পানীৰ বিষযে জানিব পাৰিলোঁ অৰ্থাৎ আমি সংৰক্ষণ কৰা পানী য’ৰ পৰা ব্যৱহাৰ কৰোঁ, সেইখন ঠাই তথা দমকলৰ চাৰিওফালটো পকাৰ হ’ব লাগে, যাতে তাত কোনো ধৰণৰ লেতেৰা আহি মিহলি হৈ নাযায় বা কোনো ধৰণৰ বীজাণুৰ সৃষ্টি নহয়। এই কথাখিনি বাগিচাৰ মানুখিনিক বুজাই দিলোঁ। আমি বসবাস কৰা ঠাইখিনিত কোনোধৰণৰ লেতেৰা পানী যাতে জমা নহয়, তাৰ বাবে পানী যাবলৈ নলাৰ ব্যৱস্থা কৰা হ’ল। এইখিনি কথাও মই এই সভাত আহি হে গম পালোঁ।

 বৰ্তমান মই বসবাস কৰা পৰিবেশটো আগতকৈ যথেষ্ট পৰিস্কাৰ-পৰিচ্ছন্নকৈ দেখিবলৈ পাইছোঁ। লগতে, ৰাস্তাত পৰি থকা প্লাষ্টিক অথবা জাবৰ-জোথৰো কম পৰিমাণে দেখা পাওঁ। আমি ব্যৱহাৰ কৰি থকা পানী খিনিও বীজাণুমুক্ত বুলি অনুভৱ হয়। গতিকে, মই মোৰ আৰু আমাৰ বাগিচাত বসবাস কৰা লোকসকলে ABITA-UNICEF ক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

নাম- শ্ৰীমতী ৰাহিল হেমৰম
হোলোং হাবি চাহ বাগিচা
জিলা- তিনিচুকীয়া (এবিটা)

এনিমিয়া সন্দৰ্ভত এগৰাকী ফাৰ্মাচিষ্টৰ সৈতে সাক্ষাৎকাৰ

Image
Image

মাইনা- শুপ্ৰভাত ছাৰ।
ফাৰ্মাচিষ্ট- শুপ্ৰভাত।
মাইনা- এনিমিয়া হৈছে বুলি কেনেদৰে গম পোৱা যায়?
ফাৰ্মাচিষ্ট- অতিশয় ভাগৰুৱা, দুৰ্বলতা অনুভৱ হোৱা, শেঁতা পৰা ছালৰ বৰণ হালধীয়া হোৱা, হাত-ভৰি ফুলি উঠা, প্ৰায়ে মূৰৰ বিষ হোৱা, চকুৰ তলৰ পতাত শেঁতা পৰি যোৱা আদিবোৰ লক্ষণৰ পৰা গম পোৱা যায়।
মাইনা- এনিমিয়া হোৱাৰ মূল কাৰণটো কি?
ফাৰ্মাচিষ্ট- হিম’গ্লবিনৰ পৰিমাণটো কমি গ’লে।
মাইনা- এনিমিয়া ৰোগটো কি কি কাৰণত হ’ব পাৰে?
ফাৰ্মাচিষ্ট- হঠাৎ কোনো কাৰণত শৰীৰৰ পৰা যথেষ্ট পৰিমাণে ৰক্তক্ষৰণ বা ৰক্তক্ষয় হ’লে, মহিলাৰ মাহেকীয়া বা ঋতুস্ব্ৰাৱৰ সময়ত অতিপাত ৰক্তপাত হ’লে, আৰু প্ৰয়োজনীয় খাদ্য নাখালে এনিমিয়া হ’ব পাৰে।
মাইনা- এই ৰোগৰ পৰী পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে?
ফাৰ্মাচিষ্ট- ছমাহৰ মূৰে মূৰে হিম’গ্লবিনৰ পৰিমাণৰ পৰীক্ষা কৰাই থাকিব লাগে। ১৪ বছৰ বয়স বা তাৰ ওপৰৰ মহিলাৰ তুলনাত ৮ বছৰৰ তলৰ কন্যা হ’লে সমস্যাত ভূগিব লগীয়া হয়। ইয়াৰ বাবে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।
মাইনা- আমি কেনেধৰণৰ খাদ্য খাব লাগে?
ফাৰ্মাচিষ্ট- পুষ্টিকৰ খাদ্য খাব লাগে। বিশেষকৈ আইৰনজাতীয় খাদ্য সমূহ সৰ্বাধিক খাব লাগে।
মাইনা- ধন্যবাদ।

নাম- মাইনা কুৰ্মী
বয়স- ১৮ বছৰ
খুমটাই চাহ বাগিচা
জিলা- চৰাইদেউ (এবিটা)

সাৰ্বজনীক স্বাস্থ্যৰ নিয়ন্ত্ৰণ

Image

  সাৰ্বজনীকভাৱে স্বাস্থ্যৰ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে পোন প্ৰথমে বিশুদ্ধ খোৱাপানী আৰু পুষ্টিকৰ খাদ্য খাব লাগে। খোৱা পানী সদায় ধাকন দি থ’ব লাগে আৰু উতলাই খাব লাগে কাৰণ, উতলাই খালেহে বীজাণুমুক্ত হয়। আমি বজাৰৰ পৰা কিনি অনা শাক-পাচলি ভালদৰে ধুই ল’ব লাগে। বহুধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত থাকিবৰ আমি সদায় ঘৰ-দুৱাৰ, ৰাস্তা-পদুলি চাফ-চিকুণকৈ ৰাখিব লাগে। এই কথাখিনি আমি আমাৰ বাগানত বুজালো যাতে তেওঁলোকেও এই কথাবোৰ মানি চলে, তেতিয়াহে তেওঁলোক স্বাস্থ্যৱান হৈ থাকিব আৰু এই কথাবোৰ মানি চলিলে আমাৰো দেখি ভাল লাগে। এতিয়া আমি সকলোৱে জানো, মাথো আমাৰ দেশতেই নহয়, সমগ্ৰ বিশ্বতে কৰোনা মহামাৰী বিয়পি পৰিছে। এই মহামাৰীৰ বাবেই সকলো লকডাউনত আৱদ্ধ হ’ব লগা হ’ল, বহু লোকৰ মৃত্যুও ঘটিল। ইয়াৰ ফলত মানুহ কলৈকো যাব পৰা নাছিল, ঘৰতে আৱদ্ধ থাকিছিল। বিদ্যালয়, মহাবিদ্যালয়, সামাজিক অনুষ্ঠান, সকলোবোৰ বন্ধ আছিল অনিৰ্দিষ্ট কাললৈ। এতিয়া চেনিটাইজাৰ আৰু মাস্ক যেন এক সহজ জীৱনধাৰাৰ অংগ হৈ পৰিছে সকলোৰে মাজত। এই লকডাউনৰ মাজত আমাৰ বাগানৰ একল বিদ্যালয়ৰ আচাৰ্য্য শ্ৰীমতী কুমাৰী আৰু মই, শ্ৰীমতী অমৃতা কঁৰে আমাৰ লিম্বুগুৰী ১৭নং লাইনত ৫০ খন মান ঘৰত বনোৱা মুখা সাজি বিতৰণ কৰিলোঁ যাতে ইয়াৰ লোকসকল ঘৰৰ বাহিৰলৈ গ’লে মাস্ক পিন্ধি যাব পাৰে।

নাম- শ্ৰীমতী অমৃতা কঁৰ
বয়স- ১৮ বছৰ
লিম্বুগুৰী চাহ বাগিচা
জিলা- তিনিচুকীয়া (বি.চি.পি)

Image

 মাজুলীৰ এজন বিসিষ্ট সমাজ সেৱক ও শি৭ক তপন কুমাৰ শৰ্মা চাৰৰ লগত প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত কিছু কথাৰ আভাস লৈছিলো।

প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ আমি য’তে-ত’তে থু-খেকাৰ পেলাব নালাগিব, কল-কাৰখানাৰ পৰা ওলোৱা লেতেৰা পদাৰ্থ খিনি নৈ, বিল আদিত নেপেলাই আছুতীয়াকৈ এটা নিৰ্দিষ্ট জেগাত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে, প্লাষ্টিক, পলিথিন আদি য’তে-ত’তে পেলাব নালাগে আৰু ঘন জনবসতি থকা ঠাইত এইবোৰ জ্বলাব নালাগে, আছুতীয়া ঠাইত জ্বলোৱা ব্যৱস্থা কৰিব লাগে, টায়াৰ আদি য’তে-ত’তে জ্বলাব নালাগে। এইবোৰ ব্যৱস্থা হাতত ললে প্ৰদূষণ নিয়ন্ত্ৰণ হব।

নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী।

Copyright © 2020 UNICEF Assam

Address: Bylane Number 2, Rani Bagan, Guwahati, Assam 781038

Facebook Twitter Instagram
Image Image Image