সম্পাদকীয়
মৰমৰ বৰ্তমানৰ জলবায়ু পৰিৱৰ্তন
বৰ্তমান পৰিৱেশৰ যিবোৰ সমস্যাই মানহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেই সমস্যা সমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনক প্ৰথম স্থানত ৰাখিব পাৰি। জলবায়ু পৰিৱৰ্তন সমগ্ৰ বিশ্বৰ বাবে এক জলন্ত সমস্যা হৈ পৰাৰ লগে লগে অসমতো ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছে।
নাম- নমিতা বাগ এইখন আমাৰ দেশ
এইখন আমাৰ দেশ, আপোন আপোন লাগে
নাম- চনিয়া হাঁছা
জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সভা
জলবায়ু পৰিৱৰ্তনৰ ফলত পৰা প্ৰভাৱ সম্পৰ্কীয় এখন সভা আদৰ্শ বৰবাৰী গাৱঁৰ প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় । সুকুমাৰ মইনা পাৰিজাতৰ মইনাসকল আৰু অভিভাৱকৰ উপস্থিতিত কেবাজনো অভিজ্ঞ ব্যক্তিয়ে ভাষণ প্ৰদান কৰে জেষ্ঠ নাগৰিক, অবসৰপ্ৰাপ্ত শিক্ষক পদ্মধৰ শইকীয়া দেৱে শৈশৱ কালৰ পৰা দেখি অহা প্ৰাকৃতিক পৰিবেশত জলবায়ু প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিছে তাক নুই কৰিব নোৱাৰি বুলি বক্তব্য ৰাখে। জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰতিবছৰে অধিক উত্তাপ আৰু শীতৰ প্ৰকোপ বৃদ্ধি দেখিবলৈ পোৱা দেখা গৈছে। পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীত যি সময়ত বৃহৎ আকাৰৰ ভূমি আছিল শস্য-শ্যামলা, মাছ, গাখীৰ উভৈনদী আছিল আজি সেই খিনি দুৰ্লভ হৈছে ইয়াৰ মূল কাৰণ জলবায়ু পৰিবৰ্তন। অতি বৃষ্টি ৰ ফলত প্ৰতিবছৰে হোৱা বান পানীয়ে নদীৰ গতিপথ সলনি গড়াখহনীয়া সৃষ্টি কৰি জনজীৱনত প্ৰভাৱ পেলাইছে। জধে মধে গছ-গছনি ধ্বংস, ভূমি খনন অপৰিকল্পিত ভাবে গঢ়ি উঠা ইটা ভটা ডাঙৰ উদ্যোগৰ নিষ্কাষিত ধোৱাইও জলবায়ু প্ৰভাৱৰ কাৰণ। "সুকুমাৰ মইনা পাৰিজাতৰ" সম্পাদক যাদৱ বৰাই শিশু সকলক জন্ম দিনটোত একোটাকৈ গছপুলি ৰুবৰ বাবে আহ্বান জনাই ।
নাম- কুলদ্বীপ নাৰায়ণ বৰা নামৰূপত ইক' ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ
নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী সাৰনিগম মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৩ জানুৱাৰী, ২০২০ ত লোৱা এক প্ৰশংসনীয় পদক্ষেপৰ বাবে নামৰূপ আৰু ইয়াৰ দাঁতি-কাষৰীয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিদ্যালয়ৰ পঞ্চমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি গঠন কৰা ইক' ক্লাবে বিদ্যালয় চৌহদৰ ভিতৰত আৰু বাহিৰত প্ৰায় অৰ্ধসহস্ৰাধিক বিভিন্ন ফল-মূলৰ গছৰ পুলি ৰোপণ কৰে। অনুষ্ঠানটি শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে। তেখেতে ভাষণ প্ৰসংগত ফল-মূল গছ ৰোপণৰ উপকাৰিতাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। ইয়াৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গছ-পুলি বিতৰণ কৰি পুলিসমূহ চোৱা-চিতাৰ দায়িত্ব নিজৰ-নিজৰ বুলি শপত বাক্য পাঠ কৰায়। ৰোপণ কৰা গছবোৰৰ চাৰিওফালে বাঁহৰ বেৰাও দিয়া হয়। বেৰা দিবলৈ শিকোৱা কাৰ্য্যলৈ ইক'ক্লাবৰ সদস্যসকল বহু উৎসাহী হৈ পৰে।
নাম- অন্তৰীক্ষা চেতিয়া গছপুলি ৰোপন আৰু স্বচ্ছতা কাৰ্য্যসূচী
ইউনিচেফ, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় অসম আৰু সদৌ অসম মইনা পাৰিজাতৰ যৌথ উদ্যোগত অসমত ৰূপায়ন হৈ থকা যুৱ সাংবাদিক যোগাযোগ কাৰ্য্যসুচীৰ অন্তৰ্গত মাজুলী জিলাৰ যুৱ সাংবাদিক সকলৰ দ্বাৰা চাফাই আৰু গছপুলি ৰোপনৰ লগতে এখনি সজাগতা সভা ১১ অক্টোবৰত পূৱ মাজুলী মহাবিদ্যালয়ৰ প্ৰাংগনত ৰূপায়ন কৰা হয়। ৰাৱনাপাৰ আঞ্চলিক মইনা পাৰিজাতৰ মইনা, বিষয়ববীয়া তথা জ্ঞানজ্যোতি শাখা মইনা পাৰিজাত, মূদিগাৱঁৰ সমূহ মইনা, পৰিচালক-পৰিচালিকা, অভিভাৱক-অভিভাৱিকাই সহযোগিতা আগবঢ়োৱা কাৰ্য্যসূচীটোত পুৱা ৮-৩০ বজাত মহাবিদ্যালয়ত সমবেত হৈ ক’ভিড-১৯ ৰ বাবে বন্ধ হৈ থকা মহাবিদ্যালয় খনিৰ চৌহদটি সকলোৱে ঝাৰু লৈ পৰিস্কাৰ কৰে। মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি শ্ৰীযুত লোহিত বৰাই এটি শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰি কাৰয্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানটিত মইনা, যুৱ সাংবাদিক, পৰিচালক-পৰিচালিকা, অভিভাৱক-অভিভাৱক সহ প্ৰায় ১১০ গৰাকী ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সকলোৱে মুখত মাস্ক পৰিদান কৰি, সামাজিক দূৰত্ব বজাই ৰাখি কাৰ্য্যসূচীত ভাগ লয়।
নাম- স্বাগতা শইকীয়া |