মৰমৰ
বন্ধু-বান্ধৱীসকল,
সকলোলৈ শাৰদীয় সম্ভাষণ জনাইছো। এইবাৰৰ দুৰ্গোৎসৱ আনবাৰতকৈ যথেষ্ট ব্যতিক্ৰম যদিও আশাঁ সকলোৰে ভালে পূজা ভালদৰে পাৰ কৰা হ’ল, লগতে আশা কৰিছোঁ মা দুৰ্গাই যেন সকলোৰে দুখ দুৰ্দশা, বেমাৰ আজাৰ আদিৰ নাশ কৰিব বুলি। মুক্ত আকাশৰ এইটো খণ্ডলৈ আমি লৈ আহিছো গৰ্ভৱতী মহিলাৰ সু-স্বাস্থ্য আৰু পৰিপুষ্টি বিশেষ সংখ্যা। গৰ্ভৱতী মহিলা সকলে কিদৰে নিজে সুস্থ থাকি এটি সুস্থ সবল সন্তানৰ জন্ম দিব পাৰে তাৰ ওপৰত কিছু পৰ্য্যালোচনা কৰা হ’ব।
এতিয়া কথা হ’ল, সুস্থ সবল শিশু জন্ম দিয়াৰ চাবিকাঠি হৈছে গৰ্ভৱতী মহিলাৰ সু-স্বাস্থ্য আৰু পৰিপুষ্টি। গৰ্ভ ধাৰণৰ পৰা শিশুটি ভূমিস্থ হোৱা লৈকে মাতৃগৰাকীৰ খোৱা-বোৱাকে ধৰি প্ৰায় সকলোবোৰ আলপৈচান ধৰাটো আমাৰ দেশৰ পৰম্পৰা হৈ উঠাগৈ নাই এতিয়াও। আমাৰ শ্ৰমজীৱি মহিলাসকলে গৰ্ভৱতী অৱস্থাতো কঠিন কাম কৰিব লগা হয়। তাৰোপৰি পুষ্টি সম্বন্ধীয় বা পুষ্টিকৰ খাদ্য সম্পৰ্কেও আমাৰ সমাজৰ বেছিভাগ লোকৰে বৰ বেছি জ্ঞান থকা পৰিলক্ষিত নহয়। চৰকাৰে এই ক্ষেত্ৰত “পোষন মাহ” ৰ দৰে কাৰ্য্যসূচীৰে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছে যদিও এই প্ৰয়াসে সমাজৰ সকলো স্তৰৰ মানুহক চুই যাবলৈ সক্ষম হোৱা নাই। সেয়ে, বিদ্যালয় পৰ্যায়তেই পুষ্টি সম্পৰ্কীয় শিক্ষা প্ৰদানেহে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি বোধ হয়।
পুষ্টিজনিত জ্ঞানৰ অভাৱে আমাৰ সমাজৰ জনস্বাস্থ্যত প্ৰভাৱ পেলোৱা আন এটা সমস্যা হ’ল ৰক্তহীনতা। লৌহ পদাৰ্থৰ অভাৱত হোৱা ৰক্তহীনতা (Iron Deficient Anaemia) উপযুক্ত খাদ্য গ্ৰহণৰ অভ্যাসৰ দ্বাৰা নিৰাময় কৰিব পাৰি। আন এবিধ ৰক্তহীনতা যাক ছিকল্ চেল ৰক্তহীনতা (Sickle Cell Anaemia) বুলি কোৱা হয়, যাৰ উপযুক্ত চিকিৎসা অবিহনে উপশম পোৱাটো অসম্ভৱ। আজিকালি আশাকৰ্মী সকলে অহৰ্নিশে গৰ্ভৱতী মহিলাসকলক সহায় কৰা দেখা যায়। যিহেতু চিকিৎসালয়ত সন্তান জন্ম দিলে ৰক্তহীনতাৰ সকলোবোৰ লক্ষণ আৰম্ভনীতে ধৰা পৰে, গতিকে সকলোৱে এই ক্ষেত্ৰত আগ্ৰহী হ’ব বুলি আশা কৰিলো আৰু লগতে আশা কৰিছোঁ এইবাৰৰ “মুক্ত আকাশ” খন সকলোৱে আদৰি ল’ব।
যুৱ সাংবাদিক
নাম- শিৱাংগী সোনোৱাল
বয়স- ১৭ বছৰ
জিলা- তিনিচুকীয়া
মহিলা সকলৰ শৰীৰত হোৱা ৰক্তাল্পতাৰ বাবে বহুত দুৰ্বল হৈ পৰে মহিলা সকল। ৰক্তাল্পতাৰ ক্ষেত্ৰত সমাজত কম বেছি পৰিমাণে সজাগতাৰ সৃষ্টি কৰা হৈছে যদিও এয়া যথেষ্ট নহয়, এই বিষয়ে সকলো ধৰণৰ জ্ঞান মহিলা সকলক দিয়াৰ প্ৰয়োজন আছে। ৰক্তাল্পতাৰ বাবে এগৰাকী নাৰী বহুত দুৰ্বল হৈ পৰে, মূৰ ঘূৰাই, প্ৰয়োজনীয় পুষ্টি পোৱাত বাধা উপজে। সেয়েহে নাৰী উন্নয়ণৰ দিশতোৰ কথা ভাবিলে আটাইতকৈ প্ৰয়োজনীয় বিযয়টো হ’ব অতি কম বয়সৰ পৰা নাৰীৰ সচৰাচৰ হোৱা ৰক্তাল্পতা আতঁৰাই সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাৰ।
এই পোষণ মাহতেই ডিব্ৰুগড় নগৰৰ ১৮ নং ৱাৰ্ডত জৰীপ কৰাত দেখা পোৱা গৈছে যে সাধাৰণতে প্ৰায়ভাগ মহিলা/কিশোৰী ৰক্তল্পতাত ভুগি আছে। প্ৰত্যেকৰে যিকোনো এটা অসুবিধা যেনে- মুৰ ঘুৰোৱা, বমি বমি ভাব, অলস ভাব, খাবলৈ ইচ্ছা নোযোৱা, অমনোযোগিতা ইত্যাদি। তাৰে ভিতৰত এগৰাকী মহিলাক সোধাত তেখেতে কৈছে যে তেখেতে উপৰোক্ত অসুবিধা সমূহৰ ভুক্ত ভোগী হৈ থকা কাৰণে স্থানীয় অসামৰিক চিকিৎসালয়ত দেখুওৱাৰ পিচত বৰ্তমান দৰৱ (আইৰণ বড়ি) সমূহ সেৱন কৰি লাহে লাহে অসুবিধা সমূহৰ পৰা আগতকৈ বহুখিনি আৰোগ্য লাভ কৰিছে। তেখেতে আৰু কয় যে আগতে এই বিষয়ে ভালদৰে জনা নাছিল কিন্তু চিকিৎসালয়ত দেখুওৱাৰ ফলত উপকৃত হৈছে আৰু আন মহিলা সকলকো স্বাস্থ্য বিষয়াৰ পৰা পৰামৰ্শ লবলৈ আহ্বান জনাইছে।
যুব সাংবাদিক
হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়
মহিলা সকলৰ শৰীৰত ৰক্তাল্পতা
মহিলা সকলৰ শৰীৰত হোৱা ৰক্তাল্পতাৰ বাবে বহুত দুৰ্বল হৈ পৰে মহিলা সকল। ৰক্তাল্পতাৰ ক্ষেত্ৰত সমাজত কম বেছি পৰিমাণে সজাগতাৰ সৃষ্টি কৰা হৈছে যদিও এয়া যথেষ্ট নহয়, এই বিষয়ে সকলো ধৰণৰ জ্ঞান মহিলা সকলক দিয়াৰ প্ৰয়োজন আছে। ৰক্তাল্পতাৰ বাবে এগৰাকী নাৰী বহুত দুৰ্বল হৈ পৰে, মূৰ ঘূৰাই, প্ৰয়োজনীয় পুষ্টি পোৱাত বাধা উপজে। সেয়েহে নাৰী উন্নয়ণৰ দিশতোৰ কথা ভাবিলে আটাইতকৈ প্ৰয়োজনীয় বিযয়টো হ’ব অতি কম বয়সৰ পৰা নাৰীৰ সচৰাচৰ হোৱা ৰক্তাল্পতা আতঁৰাই সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাৰ।
এই পোষণ মাহতেই ডিব্ৰুগড় নগৰৰ ১৮ নং ৱাৰ্ডত জৰীপ কৰাত দেখা পোৱা গৈছে যে সাধাৰণতে প্ৰায়ভাগ মহিলা/কিশোৰী ৰক্তল্পতাত ভুগি আছে। প্ৰত্যেকৰে যিকোনো এটা অসুবিধা যেনে- মুৰ ঘুৰোৱা, বমি বমি ভাব, অলস ভাব, খাবলৈ ইচ্ছা নোযোৱা, অমনোযোগিতা ইত্যাদি। তাৰে ভিতৰত এগৰাকী মহিলাক সোধাত তেখেতে কৈছে যে তেখেতে উপৰোক্ত অসুবিধা সমূহৰ ভুক্ত ভোগী হৈ থকা কাৰণে স্থানীয় অসামৰিক চিকিৎসালয়ত দেখুওৱাৰ পিচত বৰ্তমান দৰৱ (আইৰণ বড়ি) সমূহ সেৱন কৰি লাহে লাহে অসুবিধা সমূহৰ পৰা আগতকৈ বহুখিনি আৰোগ্য লাভ কৰিছে। তেখেতে আৰু কয় যে আগতে এই বিষয়ে ভালদৰে জনা নাছিল কিন্তু চিকিৎসালয়ত দেখুওৱাৰ ফলত উপকৃত হৈছে আৰু আন মহিলা সকলকো স্বাস্থ্য বিষয়াৰ পৰা পৰামৰ্শ লবলৈ আহ্বান জনাইছে।
যুব সাংবাদিক
হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰুগড়
৭ ছেপ্টেম্বৰ, ৰাষ্ট্ৰীয় পোষন মাহ উপলক্ষে কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত হালোগুৰিৰ বেজেৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু হালোগুৰি চুক অংগনবাদী কেন্দ্ৰৰ সহযোগত পোষন মাহ পালন কৰা হয়। এই পোষন মাহ উপলক্ষে খাদ্য মেলা, গছপুলি ৰোপন, শাকনিবাৰী আৰু শিশুৰ পুষ্টিহীনতাৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাখনত সভাপতিত্ব কৰে হালোগুৰি গাঁৱৰ গাওঁবুঢ়া শ্ৰী অজিত বড়োৱে। সভাৰ উদ্দেশ্য বাখ্যা কৰে প্ৰকল্পটোৰ মুখ্য সেৱিকা প্ৰনীতা তালুকদাৰে। সভাত প্ৰকল্পটোৰ প্ৰকল্প বিষয়া নিভা বৰাই ভাষণ প্ৰসংগত শিশু আৰু মাতৃ সকলক কেনেকৈ পুষ্টিহীনতাৰ পৰা দূৰত ৰাখিব পাৰি সেই সন্দৰ্ভত বিতংভাৱে বাখ্যা কৰে। সভাত ঠোলাতাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি কুশল চন্দ্ৰ কলিতা আৰু আঞ্চলিক সদস্য জিতেন লহকৰে ভাষণ দিয়ে। এই সভাত দুগৰাকী গৰ্ভৱতী মহিলাক সম্বৰ্ধনা জনোৱা হয়।
যুৱ সাংবাদিক
জিতুমণি শইকীয়া
বয়স- ১৮ বছৰ
জিলা- কামৰূপ
সু-স্বাস্থ্য পৰম সম্পদ। এটা সুস্থ সবল শৰীৰৰ অধিকাৰী হ’বলৈ বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়। সুস্থ শৰীৰে এখন সমাজৰ লগতে দেশখনৰ বিকাশ হোৱাটো সহায় কৰে। ইয়াৰ বাবে আমাক প্ৰধানতঃ প্ৰয়োজন হয় ভিটামিনযুক্ত খাদ্য, সেউজীয়া শাক-পাচলি ইত্যাদিৰ অৰ্থাৎ পুষ্টি সাধন হোৱা খাদ্য আৰু ইয়াৰ লগতে এটী সু-স্বাস্থ্যৰ পৰিৱেশ।
সুস্থ-সবল শৰীৰ এটাই মানুহক মানসিক, আধ্যাত্মিক আৰু শাৰীৰিকভাবে সবল কৰি তোলে। শৰীৰ সুস্থ নাথাকিলে ব্যক্তিয়ে কোনো কাম কৰিবলৈ প্ৰেৰণা নাপায়। গতিকে শৰীৰ সুস্থ ৰাখিবলৈ সুষম আৰু সতেজ আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজনীয়। স্বাস্থ্যসন্মত আহাৰেই হৈছে জীৱনীশক্তিৰ আধাৰ। খাদ্যত থাকিবলগীয়া বিশেষভাৱে প্ৰয়োজনীয় উপাদানসমূহ হ’ল- প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বী তথা তেলজাতীয় পদাৰ্থ, আহঁজাতীয় পদাৰ্থ আৰু খনিজ লৱণ। খাদ্যৰ পৰা পোৱা উপাদানবোৰৰ কিছুমান প্ৰাণীজাত আৰু কিছুমান উদ্ভিদজাত। উদ্ভিদজাত খাদ্যসামগ্ৰী কিছুমানৰ উদাহৰণ হ’ল- বীজ শস্য, দাইলজাতীয় শস্য, শাক-পাচলি, ফল, তেলজাতীয় শস্য, মচলা জাতীয় শস্য, পানীয় দ্ৰব্য ইত্যাদি। প্ৰাণীৰ পৰা পোৱা খাদ্যসামগ্ৰী সমূহৰ উদাহৰণ হ’ল- মাছ, মাংস, পনীৰ, ঘিউ, মৌ ইত্যাদি।
স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে প্ৰয়োজনীয় পোষক দ্ৰব্য থকা আহাৰ খাব লাগে, কিয়নো খাদ্য সামগ্ৰীৰ পৰাই প্ৰয়োজনীয় শক্তি লাভ কৰিব পাৰি। এজন ব্যক্তিক দৈনিক প্ৰায় ২৪০০ কেল’ৰি শক্তিৰ প্ৰয়োজন হয় আৰু এই শক্তি ব্যক্তিজনে পুষ্টিকৰ আহাৰৰ পৰা পায়। স্বাস্থ্য ৰক্ষাৰ বাবে আৱশ্যক হোৱা খাদ্যবোৰ দেহৰ মৌলিক পুষ্টি সাধন কৰাৰ উপৰি দেহৰ বৃদ্ধি তথা বিকাশ সাধনতো কাৰ্যকৰী ভূমিকা পালন কৰে। এনে খাদ্যবোৰে শৰীৰৰ স্বাস্থ্য উন্নত কৰাৰ উপৰিও বেমাৰৰ লগত যুঁজ কৰাটো সহায় কৰে। শৰীৰৰ সাধাৰণ হিতসাধন, ৰোগৰ লক্ষণ নিয়ন্ত্ৰণ তথা মাৰাত্মক প্ৰক্ৰিয়াবোৰক বাধা প্ৰদান কৰি দেহক সুৰক্ষা প্ৰদান কৰিবলৈ কাৰ্যকৰী খাদ্যৰ অৰিহণা অপৰিসীম। নিৰ্দিষ্ট খাদ্যবোৰ সঠিক কাৰ্য্যত লগা বুলি ক’ব পাৰি যদিহে এইবেোৰ জৈৱ ৰাসায়নিক তথা প্ৰতিজাৰক পদাৰ্থৰে সমৃদ্ধ হৈ থাকে য’ত লগতে সূক্ষ্ম তথা স্থুল শোষক দ্ৰব্য মজুত থাকে। ফল-মূল, শাক-পাচলি, ছয়া, শস্যজাতীয়, মচলাজাতীয় খাদ্য আদিবোৰে সামগ্ৰিক স্বাস্থ্য উন্নত কৰিব পাৰে। মাছ, সামুদ্ৰিক প্ৰাণী, শস্যৰ বীজ, কণী, কুকুৰাৰ মাংস, ফল-মূল, শাক-পাচলি, নহৰু আদিত তাম, দস্তা, ছেলেনিয়াম ইত্যাদি সমৃদ্ধ হৈ তাকে য’ত প্ৰতিজাৰক প্ৰচুৰ পৰিমাণে থাকে। আমাৰ শৰীৰে খাদ্যৰ পৰা পোৱা প্ৰতিজাৰকৰ জৰিয়তে নানা সুবিধাৰ সৃষ্টি কৰি সুস্থ সবল কৰি ৰখাৰ উপৰিও ৰোগ প্ৰতিৰোধ কৰাৰ বেলিকাও আশানুৰূপ ফল লাভ কৰে।
•বহু সাংবাদিকে প্ৰমাণ কৰি দিয়া মতে, কেতবোৰ খাদ্যত নিৰ্দিষ্ট উপাংশ থাকে, যিবোৰে ব্যক্তিৰ স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে। খাদ্য তথা পৰিপুষ্টিৰ উপাদানবোৰ অভিযোজিত প্ৰযুক্তি কৌশলৰ জৰিয়তে অগ্ৰসৰ হৈ মানুহৰ শাৰীৰিক তথা মানসিক উপকাৰ সাধন কৰে। বহুতো পৰম্পৰাগত খাদ্যৰ সন্ধানত উপাদানবোৰ স্বাস্থ্য উপযোগী সম্ভাৱনাৰে পৰিপূৰ্ণ। বিলাহী, মধুৰিআম, অমিতা আদিত উদ্ভিদজাত ৰাসায়নিক যেনে লাইক’জেন থাকে। এইবিধ পদাৰ্থ দেহৰ স্বাস্থ্যৰক্ষাৰ বাবে উপকাৰী কিয়নো ই কলিজাৰ বিকাৰ, কেটবোৰ কৰ্কট ৰোগ, বিশেষকৈ সদন গ্ৰন্থিৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে। সকলো ধৰণৰ সেজীয়া তথা শাক-পাত, জাতীয় পাচলিত প্ৰচুৰ পৰিমাণে উদ্ভিদজাত ৰাসায়নিক থাকে। এই সকলো উপাংশই কোষত ক্ৰকট ৰোগ উৎপাদন কৰিব পৰা পদাৰ্থ (কাৰ্টিন’জেন) প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে।
•নেমু, বেল, আমলখি ইত্যাদিত পৰ্য্যাপ্ত পৰিমাণে প্ৰতিজাৰক থাকে, যিয়ে উচ্চ ৰক্তচাপ তথা কলিজাৰ বিকাৰ প্ৰতিৰোধ কৰে। আৰু কেতবোৰ খাদ্য যেনে- দৈ, মাখন, তপতোৱা গাখীৰৰ দৈ, আদিত থকা জৈৱ পদাৰ্থই পাকস্থলী, পাচন-নলী আদি সুৰক্ষিত কৰাত সহায় কৰে। এই খাদ্যবোৰত অধিক মাত্ৰাত থকা কেলচিয়ামে হাড়ৰ গঠন তথা সুৰক্ষিত কৰাত সহায় কৰে। ছয়াবিন এবিধ উত্তম শস্য য’ৰ পৰা উৎপাদন কৰা ছয়া গাখীৰ, গুৰি আদিৰ। এনে ধৰণৰ খাদ্যই তেজত থকা বেয়া ক’লেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি ভাল ক’লেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। উল্লেখযোগ্য যে তেজত বেয়া ক’লেষ্টেৰলৰ পৰিমাণ বাঢ়িলেই তেজ পৰিবাহী নলীৰ ভিতৰবেৰত জমা হৈ নলীৰ ফুটা ঠেক কৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ পৰা পৰিত্ৰণ পাবলৈ উত্তম খাদ্য খোৱাটো অতি প্ৰয়োজনীয়।
•আমি যিকোনো ৰোগৰ পৰা হাত সাৰি থাকিবলৈ আৰু শৰীৰ সুস্থ সবল কৰি ৰাখিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অতিকৈ প্ৰয়োজনীয়, কিয়নো আমি গ্ৰহণ কৰা খাদ্যবোৰ ভাল হ’লেহে শৰীৰ ভালে থাকিব আৰু শৰীৰ ভালে থাকিলে মন ভালে থাকিব।
যুৱ সাংবাদিক
নাম- সংগীতা কোঁচ
জিলা- ডিব্ৰূগড়
ৰাষ্টীয় পোষন মাহৰ লগত সংগতি ৰাখি আয়োজন কৰা কেম্প
ডিব্ৰুগড় জিলাৰ টেঙাখাট প্ৰকল্পৰ ভাদৈ গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত গেলিপুং গাওঁত ৰাষ্ট্ৰীয় পোষন মাহৰ লগত সংগতি ৰাখি, ANM, আশা কৰ্মী, অংগনবাদী কৰ্মীৰ সহযোগত গাঁৱৰ গৰ্ভৱতী, প্ৰসূতি মাতৃ সকলক লৈ এটি কেম্প অনুষ্ঠিত হয়। এগৰাকী গৰ্ভৱতী মহিলাৰ নিয়মিত যে আয়'দিন যুক্ত আহাৰ খোৱাৰ উপৰিও পুষ্টিকৰ আহাৰ, আৰু ভিটামিন এ, ভিটামিন চি যুক্ত আহাৰ খোৱা অতি প্ৰয়োজন। যেনে কাচকল, পালেংশাক, আমলখি, মধুৰী ইত্যাদি, আৰু যদি গৰ্ভৱতী মাতৃ গৰাকীৰ শৰীৰত যদি আয়'দিনৰ অভাৱ হয় তেন্তে গৰ্ভত থকা শিশুটি বিকলাংগ হোৱাৰ আশংকা থাকে, সেয়েহে এগৰাকী গৰ্ভৱতী মহিলাক ঘৰৰ সকলোৱে খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। সেই দৰে এগৰাকী প্ৰসূতি মাতৃকো খোৱা বোৱাৰ ওপৰত গুৰুত্ব দিব লাগে, কিয়নো এটি নৱজাত শিশুৰ স্বাস্থ্য প্ৰধানকৈ শিশুটিয়ে গ্ৰহণ কৰা মাতৃ দুগ্ধৰ ওপৰত নিৰ্ভৰ কৰে আৰু শিশুটিয়ে কিমান মাতৃ দুগ্ধ পান কৰিছে, সেইটো নিৰ্ভৰ কৰে মাতৃ গৰাকীয়ে দৈনিক গ্ৰহণ কৰা খাদ্য তালিকাৰ ওপৰত। এগৰাকী প্ৰসূতিয়ে দৈনিক 23 পৰা 27 আউন্স গাখীৰ উৎপন্ন কৰে, ইমান পৰিমাণৰ দুগ্ধৰ বাবে মাতৃ গৰাকীৰ দৈনিক 500 কেলৰি শক্তিৰ খাদ্য হয়। গতিকে মাতৃ গৰাকীৰ বাবে পুষ্টিকৰ সুষম আহাৰ অতি প্ৰয়োজন। মাতৃ গৰাকীৰ স্বাস্থ্য ভাল হ’লেহে শিশুটিৰ স্বাস্থ্যৱান হোৱাৰ আশা কৰিব পাৰি।
এই দৰে সভাত উপস্থিত থকা সকলো মহিলাকে কথা বোৰ বুজাই কোৱা হয়, তেওঁলোকেও কথা বোৰ জানিবলৈ পাৰি উপকৃত হোৱা বুলি প্ৰকাশ কৰে।
যুৱ সাংবাদিক
ৰিম্পী গগৈ
ডিব্ৰুগড় জিলা
তিনিচুকীয়াত ৰাষ্ট্ৰীয় পোষন মাহ; অঙ্গণৱাড়ী কৰ্মীৰ ঘৰে ঘৰে সজাগতা সৃষ্টিৰ প্ৰয়াস
তিনিচুকীয়া জিলাৰ বিভিন্ন অঙ্গণৱাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে 2019 বৰ্ষত একত্ৰিতভাৱে পোষন মাহৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও এইবছৰ কৱিড-১৯ মহামাৰীৰ বাবে সেইদৰে কাৰ্যসূচী পালন কৰিব পৰা নাই।
সেইবাবে কৱিড-১৯ স্বাস্থ্যবিধি মানি কাকপথাৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনস্থ তথা বুঢ়ীদিহিং গাওঁ-পঞ্চায়তৰ অন্তৰ্গত বিজুলীবন ছেক্তৰৰ ৩নং বৰহোলোং এৰাগাওঁ অঙ্গণৱাড়ী কেন্দ্ৰৰ কৰ্মী শ্ৰীযুতাৰীতা সোনোৱাল (AWC code18302040104) আৰু সহায়িকাঅলিপ্ৰভা শইকীয়াই ঘৰে ঘৰে গৈ এৰাগাওঁ, নেপালীবস্তি, মিলনপূৰ আদি গাঁৱৰ শিশুসকলৰ বৃদ্ধি আৰু বিকাশ সম্বন্ধীয় স্বাস্থ্যৰ তথ্য সংগ্ৰহ কৰাৰ লগতে মাতৃসকলক শিশু আৰু মাতৃৰ পুষ্টি আৰু ৰক্তহীনতা সম্পৰ্কে সজাগ কৰি তুলিবলৈ যত্নপৰ হোৱা দেখা গৈছে। শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত পুষ্টিৰ ওতপ্ৰোত সম্পৰ্কৰ কথা প্ৰসূতী মাতৃসকলক অৱগত কৰিছে। বিভিন্ন খাদ্য-দ্ৰব্যৰ পুষ্টিগুণ সম্পৰ্কেও মাতৃসকলক অৱগত কৰিছে। প্ৰসূতী মাতৃৰ ৰক্তহীনতাই যে দুৰ্বল শিশু জন্মাৰ কাৰণ আৰু কোনবিলাক খাদ্যই ৰক্তহীনতা দূৰ কৰে সেই সম্পৰ্কেও ঘৰে ঘৰে গৈ ৰীতা সোনোৱালে সজাগতা গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছে।তেওঁলোকে স্থানীয় মহিলাসকলক কিদৰে ৰক্তহীনতাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰি সেই সম্পৰ্কে ব্যক্ত কৰাৰ লগতে স্থানীয়ভাৱে উপলব্ধ প্ৰচুৰ আইৰণ (লৌহ) সমৃদ্ধ বিভিন্ন শাক-পাচলি যেনে ঢেঁকীয়া, মানিমুনি, কাঁচকল, পচলা, কলডিল, নৰসিংহ, মৰিছা, মৰাপাত, কচুলতি, তেজমুৰি, কচুশাক, ভেদাইলতা, মচন্দৰি, মাটিকাঁদুৰি, বাবৰী, খুঁতুৰা, জিলমিল আদিৰ উপকাৰিতা সম্পৰ্কে বুজাই কয় আৰু নিজৰ বাৰীত ৰোৱাৰ উপৰিও উক্ত শাক-পাচলিবোৰৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিয়ে। শিশুৰ স্বাস্থ্য সম্পৰ্কীয় তেওঁলোকৰ সজাগতা বৃদ্ধিৰ এই প্ৰয়াসৰ ফলত গাওঁৰ মহিলাসকলে উপকৃত হোৱা বুলি ব্যক্ত কৰাৰ লগতে গাওঁবাসীৰ পৰা শলাগ বুটলিবলৈও তেওঁ সক্ষম হৈছে।
যুৱ সাংবাদিক
নাম- শিৱাংগী সোনোৱাল
জিলা- তিনিচুকীয়া
ডিব্ৰূগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মটক চাহ বাগিচাৰ ৰাচি লাইনত এখন (PHC Camp) জন স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। তাত উপস্থিত আছিল PHC ৰ ANM শ্ৰীমতী অনিমা গগৈ, আশাৰ ছুপাৰভাইজাৰ শ্ৰীমতী বন্দনা বৰা গোহাঁই, আশা কৰ্মী শ্ৰীমতী ৰিম্পী তেলী আৰু প্ৰসূতি মহিলাৰ লগতে গৰ্ভৱতী মহিলা সকল। গৰ্ভৱতী মহিলাৰ সংখ্যা ২১ জনী আৰু প্ৰসূতি মহিলাৰ সংখ্যা ১৩ জনী। লগতে উপস্থিত আছিল দুগৰাকী অংগনবাদী কৰ্মী। এই সন্দৰ্ভত PHC ৰ ANM বাইদেৱে গৰ্ভৱতী মহিলা সকল কেনেদৰে ভালকৈ থাকিব লাগে, ভালকৈ খোৱা বোৱা কৰিব লাগে, পুষ্টিকৰ খাদ্য, ব্যায়াম আদি ভালদৰে কিদৰে কৰিব লাগে তাৰ বিষয়ে দুআষাৰ কয়। সময়মতে (T.T) টি.টি ইন্জেকচন বোৰ লোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেখেতে উল্লেখ কৰে। উপৰোক্ত কথাবোৰ মানি চলিলে হে এগৰাকী মহিলাই সুস্থ সৱল সন্তান জন্ম দিবলৈ সক্ষম হয়।
যুৱ সাংবাদিক
নাম- শ্ৰীমতী গৌৰী গোচাই
বয়স- ১৭ বছৰ
এগৰাকী মহিলাই গৰ্ভধাৰণ কৰা অৱস্থাৰ পৰা ল’ব লগীয়া যত্ন-
বাইদেউৰ লগত কৰা সাক্ষাৎকাৰৰ প্ৰশ্ন উত্তৰৰ শিতান এনে ধৰণৰ আছিল-
প্ৰশ্নঃ ৰক্তহীনতা মানেনো কি ?
উত্তৰঃ সাধাৰণতে এজন সুস্থ ব্যক্তিৰ ১০০ মিলি তেজত ১৩ বা ১৪ গ্ৰাম হিম’গ্লবিন থাকে। যদিহে কিবা কাৰণত হিম’গ্লবিন হিম’গ্লবিন ১১ বা ১২ গ্ৰামতকৈ কমি আহে, তেন্তে তেনে ব্যক্তিক ৰক্তহীনতাত ভোগা বুলি কোৱা হয়।
প্ৰশ্ন: ৰক্তহীনতা কি কি কাৰণত হ’ব পাৰে ?
উত্তৰঃ ৰক্তহীনতাত সাদাৰণতে পুৰুষতকৈ মহিলা বেছিকৈ ভোগা দেখা যায়।
ৰক্তহীনতা বিভিন্ন কাৰণত হ’ব। যেনে, আহাৰত প্ৰতিদিনে সেউজীয়া সাক-পাচলি, মাংস, কণী, ফল-মূলৰ দৰে পুষ্টিকৰ খাদ্যৰ অভাৱত ৰক্তহীনতা হ’ব পাৰে। এগৰাকী মহিলাই সঘিনাই সন্তান জন্ম দিলে হিম’গ্লবিনৰ পৰিমাণ কমি যোৱাৰ ফলতো মহিলাগৰাকীৰ ৰক্তহীনতা হ’ব পাৰে। এইবোৰ কাৰণৰ উপৰিও যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তি বা সঘনাই ৰক্তদান কৰা ব্যক্তিৰো ৰক্তহীনতা হ’ব পাৰে।
প্ৰশ্নঃ এগৰাকী মানুহে ৰক্তহীনতাত ভোগী থাকিলে কি কি অসুবিধা হ’ব পাৰে।
উত্তৰঃ ৰক্তহীনতাত ভোগা ব্যক্তি এগৰাকীৰ ভাগৰুৱা ভাৱ, চকুৰ বিষ, চকুৰ তলৰ পতা শেতা পৰে, ছাল শেতা পৰে, নখৰ ৰং সলনি হ’ব পাৰে।
প্ৰশ্নঃ ৰক্তহীনতাত ভোগা ব্যক্তি এগৰাকীৰ মৃত্যু হ’ব পাৰে নেকি ? এই ৰোগৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে ?
উত্তৰঃ ৰক্তহীনতাত ভোগা ব্যক্তি এগৰাকীৰ মৃত্যু হ’ব পাৰে।
ইয়াৰ পৰা হাত সাৰিবলৈ চাউল, দাইল, সেউজীয়া শাক-পাচলি, শুকান ফল-মূল, মাংস, কণী আদি খাদ্য খাব লাগিব। ইয়াৰ উপৰিও ভিটামিন ‘C’ জাতীয় খাদ্য যেনে- মধুৰী, আমলখি, নেমু টেঙা আদি ফল খাব লাগিব। লগতে আইৰণ থকা বস্তুবোৰো খাব লাগিব।
প্ৰশ্নঃ আপোনালোকে ৰক্তহীনতা ৰোধ কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিছে ?
উত্তৰঃ ব্যক্তি এগৰাকীৰ ৰক্তহীনতাৰ লক্ষণবোৰ দেখা দিলে প্ৰথমতে স্বাস্থ্য পৰীক্ষা কৰা হয়, তাৰ পিছত আমি আইৰণৰ বেজি দিওঁ। বেছিকৈ ৰক্তহীনতাত ভোগী থাকিলে আমি তেজ দিয়াৰ ব্যৱস্থা কৰোঁ।
মুঠতে ইয়াৰ পৰা গম পোৱা গ’ল যে ৰক্তহীনতা অতি মাৰাত্মক ৰোগ। ইয়াৰ পৰা বাচি থাকিবলৈ আমি শিশুৰ পৰা বৃদ্ধ লোকলৈ সজাগতা বৃদ্ধি কৰোৱা উচিত।
যুৱ সাংবাদিক
নাম- ৰেণুপ্ৰভা সোনোৱাল
জিলা- তিনিচুকীয়া
পোষন মাহৰ ওপৰত ভিত্তি কৰি এটি সাক্ষাৎকাৰ
পোষন মাহৰ সৈতে সংগতি ৰাখি ৰক্তহীনতাৰ বিষয়ে এগৰাকী আশাকৰ্মী বাইদেউ কল্পনা সন্দিকৈৰ লগত সাক্ষাৎকাৰ লোৱাত মই বহু কথা জানিব পাৰিলো।
প্ৰথম সপ্তাহ- প্ৰথম সপ্তাহত প্ৰসূতি গৰাকী চিকিৎসকৰ ওচৰত যোৱা উচিত। চিকিৎসকৰ পৰামৰ্শমতে ফলিক এচিড, ভিটামিন খোৱা আৰম্ভ কৰিব লাগে। ইয়াৰ দ্বাৰা ৰোগ প্ৰতিৰোধ কৰাত সহায় হয়।
প্ৰথম তিনি মাহৰ যত্ন- গৰ্ভস্থ মহিলা গৰাকীয়ে পুৱা ঘৰুৱা ভাৱে প্ৰস্তুত কৰা ফলৰ ৰস গ্ৰহণ কৰিব পাৰে। প্ৰত্যেক ৩-৪ ঘন্টাৰ মূৰত কম পৰিমাণে আহাৰ গ্ৰহণ কৰিব পাৰে। অত্যাধিক তেল-মচলাযুক্ত খাদ্য কমাই খাব লাগে। যি কোনো খোৱা খাদ্যত গোন্ধ পালে নেমুৰ পাতৰ গোন্ধ ল’ব পাৰে। গৰ্ভৱতী মহিলাই সদায় আৰামদায়ক কাপোৰ পিন্ধিব লাগে।
চতুৰ্থৰ পৰা ষষ্ঠ মাহত ল’ব লগীয়া যত্ন- এইখিনি সময়ত গৰ্ভৱতী মহিলা গৰাকীৰ বমি আৰু মূৰ ঘুৰোৱা সাধাৰণতে বন্ধ হোৱা দেখা যায়। আৰু ভোকৰ মাত্ৰা বৃদ্ধি হবলৈ ধৰে। গতিকে মহিলাগৰাকীৰ খোৱাৰ যোগান ধৰা দৰকাৰী আৰু মহিলাগৰাকীৰ ভালকৈ খোৱাটো অতিকৈ জৰুৰী। এই সময়চোৱাত শৰীৰত প্ৰ’টিন, ভিটামিন আৰু মাদক দ্ৰব্য খনিজ দ্ৰব্য বিশেষকৈ লৌহ জাতীয় পদাৰ্থৰ অতি প্ৰয়োজন। ক্ষীণ মহিলাৰ ক্ষেত্ৰত শৰীৰৰ ওজন বৃদ্ধি কৰাটো অতিকৈ প্ৰয়োজনীয়। তাৰ বাবে যথেষ্ট পৰিমাণে খাদ্য গ্ৰহণ কৰিব লাগে। তাৰোপৰি আয়’ডিনযুক্ত নিমখ সেৱন কৰাটো প্ৰয়োজনীয়।
সপ্তমৰ পৰা নৱম মাহত ল’ব লগীয়া যত্ন- এই কালচোৱা গৰ্ভাৱস্থাৰ আটাইতকৈ উত্তম সময়। গৰ্ভৱতী মহিলাৰ বাবে কৰিবলগীয়া আৰু কৰিব নলগা কাম সমূহ তলত উল্লেখ কৰা হ'ল,
•গৰ্ভৱস্থাৰ সময়ত পৰ্য্যাপ্ত পৰিমাণে খাদ্য খাব লাগে।
•অধিক পৰিমাণে গজালি ওলোৱা খাদ্য খাব লাগে।
•গাখীৰ, মাংস, কণী আদি খাব লাগে।
•প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু সতেজ ফল-মূল খাব লাগে।
•অখাদ্য পৰিহাৰ কৰাটো ভাল।
•এলকহল আৰু ধুমপান নকৰিব।
•যিকোনো ঔষধৰ সেৱন নকৰিব।
•যথাসম্ভৱ পৰিস্কাৰ হৈ থকাটো দৰকাৰী।
•লঘু কাম-কাজ, ব্যায়াম কৰক, লক্ষ্য ৰাখক যাতে বেছি ভাগৰুৱা হৈ নপৰে।
•গৰ্ভৱতী মহিলা গৰাকীৰ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।
•আই.এফ.এ টেবলেট আৰু টিটেনাচ বেজী দিয়াটো অতি জৰুৰী।
শেষত, পৰিয়ালৰ সকলো সদস্যই গৰ্ভৱতী মহিলা গৰাকীৰ ওপৰত চকু ৰাখি তেওঁক নিৰ্দিষ্ট সময়ত স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাব লাগে।
যুৱ সাংবাদিক
নাম- অনুস্মিতা সন্দিকৈ
বয়স- ১৫ বছৰ
জিলা- শিৱসাগৰ
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|