প্ৰিয় বন্ধু-বান্ধৱী সকল
প্ৰথমে মুক্ত আকাশৰ লগত জড়িত সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। স্বাস্থ্যই পৰম ধন। ভাল স্বাস্থ্যৰ গৰাকী হবলৈ হ’লে প্ৰয়োজনীয় পুষ্টি যুক্ত খাদ্য অতি প্ৰয়োজন। আমাৰ দেহৰ বাবে সেউজীয়া শাক পাচলি, মাছ, মাংস, গাখীৰ, কণী, আদি পুষ্টিকৰ খাদ্য খাব লাগে। কিন্তু বৰ্ত্তমান সময়ত জৈৱিক সাৰৰ পৰিৱৰ্তে ব্যাপক ভাবে ৰাসায়নিক সাৰ, কিট নাশক ঔষধ প্ৰয়োগ কৰি উৎপাদন কৰা শাক পাচলিয়ে জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। পৰিণতিত বিভিন্ন দুৰাৰোগ্য ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিব ধৰিছে। উক্ত ৰোগ সমূহৰ পৰা ৰক্ষা পাবৰ বাবে প্ৰাকৃতিক ভাবে উপলব্ধ হোৱা শাক পাচলি আৰু প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি তথা তেলজাতীয় পদাৰ্থ, আহঁজাতীয় পদাৰ্থ আৰু খনিজ লৱন জাতীয় খাদ্য গ্ৰহণ কৰিব লাগে। এজন ব্যক্তিৰ দৈনিক প্ৰয়োজন হোৱা ২৪০০ কেলৰি শক্তি পুষ্টিকৰ খাদ্যৰ পৰাই লাভ কৰে। আমাৰ দেশত পুষ্টিহীনতাত ভূগি দৈনিক বহু শিশু আৰু প্ৰসূতি মহিলাই অবাঞ্চিত মৃত্যুক আকোৱাঁলি লব লগা হোৱাটো অতি দুৰ্ভাগ্যজনক ।
গতিকে সকলোৱে নিজৰ স্বাস্থ্যৰ প্ৰতি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।
শেষত সকলোলৈকে পুনৰ শুভেচ্ছা জনোৱাৰ লগতে "মুক্ত আকাশ'' বাতৰি কাকত খনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
যুৱ সাংবাদিক
উপাসনা দত্ত
বয়স―১৫ বছৰ
মাজুলী
১৫ ছেপ্টেম্বৰ, মঙ্গলবাৰে, নলবাৰী জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভনি কৰা হয়। জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত হোৱা এই শুভাৰম্বনী অনুষ্ঠানত সভাপতিত্ব কৰে উপায়ুক্ত পূৰৱী কোৱঁৰে। দেশৰ উঠি অহা প্ৰজন্মক সুষ্ঠ সৱল কৰি দেশৰ উন্নতি কৰিব পৰাকৈ গঢ়ি তোলাটোৱে হৈছে এই অনুষ্ঠানৰ মূখ্য উদ্দেশ্য। সমাজ কল্যাণ বিভাগৰ অধীনত ৰাষ্ট্ৰীয় পোষণ মাহ ২০১৮ চনৰ পৰাই পালন কৰি অহা হৈছে। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহটোত শিশু আৰু মহিলাৰ পৰিপুষ্টি অটুট ৰখাৰ বাবে পোষণ মাহ উদযাপন কৰা হয়। বন্তি প্ৰজলনেৰে এই পোষণ মাহৰ শুভাৰম্ভ কৰি উপায়ুক্ত পূৰৱী কোৱঁৰে ভাষণ প্ৰসংগত তেওঁ কয় যে- যি উদ্দেশ্যৰে অংগনবাদী কেন্দ্ৰসমূহে চলাই থকা হৈছে, সেই একেই উদ্দেশ্য লৈ বিভিন্ন বিভাগ যেনে- সমাজ কল্যাণ, কৃষি, স্বাস্থ্য, শিক্ষা, পঞ্চায়ত আদি বিভাগ সমূহ সন্মিলিত হৈ একে উদ্দেশ্যৰে কাম কৰিলেহে পোষণ মাহৰ উদ্দেশ্য সফল হ’ব। এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অভিজিত সিনহাই কয় যে, ভীষণ ভাৱে অপৰিপুষ্টিত ভোগা আৰু সামান্যভাৱে অপৰিপুষ্টিত ভোগা সকলো শিশুকে সমান গুৰুত্বৰে পৰিপুষ্টিৰ ক্ষেত্ৰত কাম কৰিব লাগিব বুলি কয়।
জিলা সমাজ কল্যাণ বিষয়া পদ্মেশ্বৰী শইকীয়াই সভাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে কয় যে নলবাৰী জিলাত সমাজ কল্যাণ বিভাগৰ অধীনৰ ৭ টা সংহত শিশু উন্নয়ন প্ৰকল্প আৰু ১১২৮ টা অংগনবাদী কেন্দ্ৰত পোষণ মাহৰ কাৰ্য্যসূচী চলি আছে। সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ভূপেন ভট্টাচাৰ্য্যই কয় যে, অংগনবাদী কেন্দ্ৰ সমূহত বা পঞ্চায়তৰ কাৰ্য্যালয় চৌহদত ফল-মূলৰ গছ যেনে, মধুৰী আম, কল গছ, অমিতা, কুহিঁয়াৰ, আমলখি আদি ৰূই শিশুসকলক খুওৱাৰ ব্যৱস্থা কৰা হ’ব। এই অনুষ্ঠানত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ নলিনী বৰ্মন, জিলা তথ্য আৰু জনসংযোগ বিষয়া, বিনু ৰাণী ৰাজবংশী, বিদ্যালয় পৰিদৰ্শক ভূপেন শৰ্মা, জিলাৰ আটাইকেইগৰাকী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া, ছুপাৰভাইজাৰ আদি কৰি বিভিন্ন বিষয়ববীয়া উপস্থিত থাকে।
যুৱ সাংবাদিক
অভিজিত মজুমদাৰ
বয়স- ১৭ বছৰ
জিলা- নলবাৰী
অসমীয়া থলুৱা খাদ্যৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা
খাদ্য অবিহনে কোনো প্ৰাণীয়ে জীয়াই থাকিব নোৱাৰে। সেইবুলি আকৌ যিহকে পাই তিহকে খোৱা খাদ্যও আমাৰ দেহৰ সুৰক্ষাৰ বাবে অনিষ্টকাৰী হয়। গতিকে তলত কিছুমান খাদ্যৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে, যিবোৰ খাদ্যক অসমীয়া থলুৱা খাদ্য হিচাপে জনা যায়।
কলডিলঃ- কলডিল অসমীয়া থলুৱা খাদ্যৰ ভিতৰত উল্লেখযোগ্য আৰু যথেষ্ট উপকাৰি খাদ্য। এই কলডিল বজাৰ-সমাৰ গাৱে ভূঞে সকলোতে পোৱাৰ সুবিধা আছে। কিন্তু ইয়াৰ মাজতে এটা মন কৰিবলগীয়া কথা হ’ল, সকলো কলগছৰ কলডিল সোৱাদত একে নহয়। সেয়ে ভীমকলৰ কলডিলক প্ৰাধান্য বেছি দিয়া হয় নহ’লে চেনীচম্পা বা অন্য কলগছৰ কলডিল অনা যায়। এই কলডিল দেহৰ বাবে যথেষ্ট পুষ্টিকৰ খাদ্য। মহিলা সকলৰ বাবেও যথেষ্ট উত্তম, বিশেষকৈ মাহেকীয়া হোৱাৰ সময়ত কাৰণ ই শৰীৰত তেজৰ উৎপাদন বৃদ্ধি কৰে। আনকি মধুমেহ, ৰক্তহীনতাত সন্তান থকা মহিলাৰ বাবে অতিকৈ উপকাৰী। কলডিলত ভিটামিন E আৰু C থকাৰ বাবে ই আমাৰ ছালৰ বাবে ষথেষ্ট উপকাৰী হৈ পৰে। সেয়ে, বিভিন্ন দেশতো ইয়াৰ চাহিদা আছে।
ভেদাইলতাঃ- অসমীয়া থলুৱা খাদ্যৰ ভিতৰত অন্যতম সকলোৰে পৰিচিত লতাজাতীয় ঔষধি খাদ্য ভেদাইলতা। এই খাদ্যৰ বিশেষ আকৰ্ষণেই হৈছে ইয়াৰ গোন্ধটো। গোন্ধটোৰ বাবেই ইয়াক সকলোৱে চিনি পায়। ইয়াৰ মাজতে এটা মন কৰিবলগীয়া কথা হ’ল, ভেদাইলতা ৰান্ধি খোৱা হয় যদিও ইয়াক কেঁচাই খোৱাতো আৰু সুফলদায়ক। ভেদাইলতা কফ, অৰ্শ, শোথ আৰু মলস্তম্ভ নাশক। ভেদাইলতা সিজাই লৈ ৰসখিনি খালে ই পেটৰ বাবে যথেষ্ট উৰকাৰী হয়। অতিপাত গ্ৰহণী, গাঠিৰ বিষ ইত্যাদি হ’লে ভেদাইলতা খাব লাগে। হাড় ভঙা, যোৰা লগাতো ইৱ বৰ উপকাৰী।
নাম- ভনিতা মজুমদাৰ
বয়স- ১৭ বছৰ
জিলা- নলবাৰী
ৰাষ্ট্ৰীয় পৰিপুষ্টি সপ্তাহ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশৰ শিশুসকলৰ পুষ্টিহীনতা আৰু কিশোৰ-কিশোৰী আৰু গৰ্ভৱতী মহিলাসকলৰ ৰক্তহীনতা দুৰীকৰণৰ উদ্দেশ্য লৈ ২০১৮ চনৰ পৰা পৰিপুষ্টি অভিযান কাৰ্য্যসূচী চলায় আহিছে। ২০২০ চনৰ ভিতৰত সমগ্ৰ দেশতে উক্ত সমস্যা নিৰ্মূলৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। সেই অনুসৰি বিগত বৰ্ষৰ দৰেই এই বেলিও সমগ্ৰ দেশতে ১ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ ৰাষ্ট্ৰীয় পুষ্টি মাহ হিচাপে পালন কৰা হৈছে।
যিহেতুকে সকলো শিশুৱে পৰিপুষ্টিযুক্ত সুষম আহাৰ গ্ৰহণ কৰিবলৈ নোৱাৰে। সেই বাবে চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা হাতত লৈছে, যাৰ যোগেদি দৰিদ্ৰ পৰিয়ালৰ শিশু সকলেও যেন এই সুষম আহাৰ (পুষ্টি) গ্ৰহণ কৰিবলৈ পায়।
পৰিপুষ্টিৰ অভাৱত হোৱা এবিধ ৰোগৰ নাম হ’ল কোৱাচিঅ’ৰকাৰ। এই ৰোগবিধৰ চিনাক্তকৰণ কেনেকৈ কৰিব পাৰি তলত উল্লেখ কৰা হ’ল।
•এই ৰোগ হোৱা শিশুৰ ভৰি, মুখৰ লগতে গোটেই শৰীৰটো উখহিব পাৰে। ইয়াক অ’ডেমা বুলি কোৱা হয়।
•এনে শিশুৰ গাৰ চাল খহতা হয় আৰু অলপ উখহা ধৰণৰ হয়।
•এনে ৰুগীয়া শিশুৰ চুলি পাতলীয়া হয় আৰু সময়ত চুলিৰ ৰং সলনি হৈ ক’লাৰ পৰা মুগাৰ বৰণীয়া হয়। ওঠৰ দুই কোণত ঘাঁ হব পাৰে আৰু শিশুটিয়ে ৰক্তহীনতাত ভোগে।
•শিশুটিৰ ভোগ নলগা হয়আৰু ডায়েৰীয়া ৰোগত ভোগে।
•শিশুটি খিংখিঙিয়া হয় আৰু সকলো বস্তুৰ প্ৰতি আগ্ৰহ হেৰুৱাই। চকুৰ চাৱনিত উদাস ভাৱ প্ৰৱল হৈ উঠে।
নাম- শ্ৰীমতী অংকিতা সোনোৱাল
শ্ৰেণী- নৱম
জিলা- তিনিচুকীয়া
থলুৱা খাদ্য আৰু ইয়াৰ উপকাৰিতা
নৰসিংহ পাতৰ উপকাৰিতাঃ- নৰসিংহ এবিধ জোপোহা জাতীয় উদ্ভিদ, দেখাত সৰু কিন্তু লাগতিয়াল এই গছ জোপা। নৰসিংহ পাত চুলিৰ পৰা নখৰ লৈকে সকলোবোৰ কামতে ব্যৱহাৰ কৰা হয়। নৰসিংহত ভিটামিন A আৰু C ইমান বেছি পৰিমাণে আছে যে, চকুৰ বাবে আৰু দায়েৰিয়া জাতীয় ৰোগৰ বাবে খুব উপকাৰী হয়। নৰসিংহ পাত যিকোনো প্ৰকাৰে ৰান্ধি খাব পাৰি। নাক আৰু বুকুত যদি কফ জমা হয়, তেন্তে নৰসিংহ সেৱন কৰি এনে ধৰণৰ অসুবিধাৰ পৰা আতৰি থাকিব পাৰি লগতে, এনিমিয়াৰ বাবেও নৰসিংহ যথেষ্ট উপকাৰী।
মানিমুনি পাতৰ উপকাৰিতাঃ- মানিমুনি পাত হৈছে অসমৰ থলুৱা ঔষধি শাক আৰু লগতে খাদ্য হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। মহিলাসকলৰ বেছিভাগৰে চুলি সৰা সচৰাচৰ দেখা যায়, গতিকে মানিমুনি শাকৰ ৰস চুলিত সানিলে যথেষ্ট উপকাৰী হয়। আৰু অন্যান্য বহু কাৰণত মানিমুনি শৰীৰৰ বাবে যথেষ্ট উপকাৰী হয়। জ্বৰ, কাহ আদিৰ ক্ষেত্ৰতো মানিমুনি শাকৰ ৰস পান কৰিলে উপকৃত হোৱা দেকা যায়। মানিমুনি শাকে স্মৃতি শক্তি বৃদ্ধি কৰে আু স্নায়ু সবল কৰে। কটা-চিগা হ’লে মানিমুনি লগালে ভাল হয়, ৰক্ত পৰিস্কাৰ হয় আৰু ছালৰ ৰোগৰ বাবেও বহ উপকাৰী।
নাম- শেৱালী ৰায়
জিলা- গোৱালপাৰা
সুস্বাস্থ্যৰ বাবে পুষ্টিকৰ আহাৰৰ প্ৰয়োজনীয়তা
“জীৱন জীৱন বৰ অনুপম”; সচাঁকৈ, কবিয়ে কোৱাৰ দৰেই আমাৰ বাবে এই অনুপম জীৱনেই ইশ্বৰ প্ৰদত্ত সবাটোকৈ দুৰ্বল প্ৰাপ্তি। কিন্তু জীৱনৰ এই অদম্য সৌন্দৰ্য্যক কেৱল সুস্বাস্থ্যই হে অক্ষুন্ন ৰাখিব পাৰে। স্বাস্থ্যই পৰম সম্পদ। কথাতে কয় যে ৰাজপ্ৰাসাদৰ ৰুগীয়া গৰাকী এজনতকৈ ভগা পজাৰ সুস্বাস্থ্যৰ গৰাকী এজন বহুত সুখী হয়। ঠিক কবিয়ে কোৱাৰ দৰে,
“সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ
অনু মাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ”
গতিকে, মানুহে সুস্বাস্থ্যৰ গৰাকী হ’বলৈ হ’লে আটাইতকৈ প্ৰয়োজনীয় দ্ৰব্যবিধ হ’ল পুষ্টিকৰ আহাৰ। সুষম পুষ্টিকৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱন আৰু বিশুদ্ধ খোৱা পানী নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে।
শৰ্কৰা জাতীয় আহাৰঃ- আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰায় ৬৫ ৰ পৰা ৮০ শতাংশই শৰ্কৰা জাতীয় আহাৰ। শৰ্কৰা জাতীয় আহাৰ। শৰ্কৰা জাতীয় আহাৰে আমাক ঘাইকৈ শক্তি দিয়ে। প্ৰতি গ্ৰাম শৰ্কৰাৰ প্ৰায় চাৰি কিলো কেলৰি শক্তি পোৱা যায়। এইবিধ আহাৰ ঘাইকৈ চেনি, চাউল,আটা, আলু, ফল-মূল ইত্যাদিত পোৱা যায়।
প্ৰটিন জাতীয় আহাৰঃ- প্ৰটিন জাতীয় আহাৰে আমাৰ শৰীৰক শক্তি দিয়াৰ উপৰি শৰীৰৰ কোষসমূহ বৃদ্ধি কৰা, বেয়া হ’লে গঠন কৰা ইত্যাদি কাম কৰে। প্ৰতি এক গ্ৰাম প্ৰটিনৰ পৰা চাৰি কিলো কেলৰি শক্তি পোৱা যায়। গাখীৰ, মাছ, মাংস, কণী, মাখন, বাদাম আদি খাদ্যবস্তুত অধিক প্ৰটিন পোৱা যায়।
চৰ্বি জাতীয় আহাৰঃ- চৰ্বি জাতীয় আহাৰে আমাক শৰীৰত শক্তি দিয়াৰ উপৰি শৰীৰৰ উত্তাপ সৃষ্টি কৰা আৰু চৰ্বিত দ্ৰৱীভূত ভিটামিনবোৰক শৰীৰৰ কোষত প্ৰৱেশ কৰোৱাত বাহক হিচাপে কাম সম্পাদন কৰে। প্ৰতি গ্ৰাম চৰ্বিয়ে ৯ কিলো কেলৰি শক্তি দিয়ে। কণী, মাছ, মাংস, ঘিউ,ক্ৰীম আৰু তেলজাতীয় আহাৰ আদিত অধীক পৰিমাণে চৰ্বি পোৱা যায়।
ভিটামিন জাতীয় আহাৰঃ- ভিটামিন শৰীৰৰ স্নায়ু, মানসিক আৰু স্মৃতি শক্তি বঢ়াবৰ বাবে প্ৰয়োজন, ইয়াক যথেষ্ট পৰিমাণে নালাগে। ই মানুহক প্ৰত্যক্ষভাৱে পুষ্টি নিদিয়ে কিন্তু অন্য দৰকাৰী পুষ্টিক শৰীৰে গ্ৰহণ কৰাত সহায় কৰে।
খনিজ লৱণ জাতীয় আহাৰঃ- দেহৰ গঠন আৰু সুস্থতা ৰক্ষাৰ বাবে খনিজ লৱণৰ অতি প্ৰয়োজন। মাংস, গাখীৰ, কণী, শাক-পাচলি ইত্যাদি খাদ্যবস্তুত প্ৰচুৰ পৰিমাণে খনিজ লৱণ পোৱা যায়।
বিশুদ্ধ খোৱা পানীঃ- বিশুদ্ধ খোৱা পানী আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। তৃষ্ণা দূৰ কৰাৰ উপৰিও শৰীৰৰ প্ৰতিটো কামতে পানীৰ দৰকাৰ। নিতৌ অতি কমেওঁ দুই লিটাৰকৈ বিশুদ্ধ পানী কাব লাগে। যথেষ্ট পানী কালে চাল, দাঁত, চুলি আদি সুন্দৰ হোৱাৰ উপৰিও শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম, প্ৰস্ৰাৱ, পায়খানা আদিৰ সহায়ত বাহিৰলৈ ওলাই য়ায়।
মানুহৰ জীৱনটো মসৃণ নহয়। জীৱনৰ পথটো কাইটীয়া বুলি সকলোৱে জানে আৰু অন্যতম কাৰণ হৈছে ৰোগ ব্যাধিসমূহ। কিন্তু কাইটে বিন্ধাৰ ভয়ত জানো জীৱনটোক স্থৱিৰ কৰি ৰাখিব পাৰোঁ? নিশ্বয় নোৱাৰো। গতিকে, ৰোগ-ব্যাধিসমূহ নাইকিয়া কৰিবলৈ আমি প্ৰত্যেকজনে সুস্বাস্থ্যৰ গৰাকী হব লাগিব আৰু সুস্বাস্থ্যৰ গৰাকী হবলৈ হ’লে প্ৰত্যেকজন ব্যক্তিয়েই পুষ্টিকৰ সুষম আহাৰ গ্ৰহণ কৰাটো অতি প্ৰয়োজন।
শ্ৰী অবিৰাম য়েইন
জিলা- শিৱসাগৰ
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|