মৰমৰ
বন্ধ-বান্ধৱীসকল,
পোন প্ৰথমে মুক্ত আকাশৰ সৈতে জড়িত সকলো কৰ্মকৰ্তালৈ মই সম্ভাষণ জ্ঞাপন কৰিছোঁ। এই সংখ্যাত বিভিন্ন জিলাৰ সমস্যা সমূহক লৈ বাতৰি কাকতখন প্ৰস্তুত কৰা হৈছে। “১৪ নং লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা দেৱৰ সৈতে হোৱা সাক্ষাৎকাৰটি”, শীৰ্ষক প্ৰতিবেদনটি প্ৰদান সংবাদ। এই সাক্ষাৎকাৰৰ মূল বিষয়বস্তু আছিল, “কৰোনা মহামাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ” ইয়াৰ উপৰিও বহুতো মইনা পাৰিজাত আৰু যুৱ সাংবাদিকৰ কলমৰ যাদুৰে বহুতো প্ৰতিবেদন প্ৰকাশ পাইছে। আমি জানো যে পঢ়াৰ লগতে শিশুসকলৰ বাবে অন্য কাম, যেনে- খেলা-ধুলা, শৰীৰ চৰ্চা আদি নিতান্তই প্ৰয়োজনীয়। মুক্ত আকাশৰ যোগেদি শিশুসকলৰ মাজত থকা সাংবাদিকতাৰ গুণটো সকলোৰে আগত মুকলি কৰি দিয়া হৈছে। আশা কৰোঁ সকলোৱে আদৰি ল’ব।
সদৌ শেষত, মুক্ত আকাশ খন সম্পূৰ্ণ কৰি তোলাত সহায় কৰা ১৪ নং লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত প্ৰদান বৰুৱা দেৱ, জিলা সমন্বয়ক শ্ৰদ্দাৰ শ্ৰীযুত ধ্ৰুৱজ্যোতি দত্ত ডাঙৰীয়া, সদৌ অসম মইনা পাৰিজাতৰ সদস্য সদস্যা সকল আৰু বিভিন্ন জিলাৰ যুৱ সাংবাদিক সকললৈ পুনৰ মৰম আৰু শ্ৰদ্ধা জনাই মোৰ সম্পাদকীয় প্ৰতিবেদনৰ সামৰণি মাৰিছো। ধন্যবাদ।
যুৱ সাংবাদিক
শ্ৰী দেৱশ্যাম দত্ত
শিৱসাগৰ জিলা
ডিব্ৰুগড় জিলা যুৱ সাংবাদিকৰ ৱেবিনাৰ সম্পন্ন
নামৰূপ, ১৫ আগষ্ট, যোৱা ২ আগষ্ট তাৰিখে দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উদ্যোগত ইয়াৰ সকলো শাখা আৰু আঞ্চলিকক সামৰি ৩৫ গৰাকী মইনা আৰু চেমনীয়াৰ উপস্থিতিত ৱেবিনাৰৰ জৰিয়তে দেওবৰীয়া মইনামেল সম্পন্ন হয়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা। চেমনীয়া জ্যোতিকা মহন্তৰ এটি সুন্দৰ বৰগীতেৰে আৰম্ভ কৰা অনুষ্ঠানটিত প্ৰায় সকলো শাখাৰ মইনা আৰু চেমনীয়াসকলে গীত-মাত, কবিতা আবৃত্তি পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। হোম কোৱাৰেণ্টাইনত থকা কেইগৰাকীমান মইনা তথা চেমনীয়াই তেওঁলোকৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে। উপায়ুক্ত ঝাই তেখেতৰ চমু ভাষণত বৰ্তমান কৰোণা মহামাৰীৰ এই বিভীষিকাময় পৰিৱেশত আমি কেনেদৰে সচেতন হৈ থাকিব লাগিব আৰু ওচৰ-পাজৰৰ এলেকাত কেনেদৰে আমি সজাগতা সৃষ্টি কৰিব পাৰি, সেই বিষয়ে সবিশেষ উল্লেখ কৰে। ইয়াৰোপৰি লকডাউনৰ সময়ছোৱা অন্তৰ্মুখী লোকৰ বাবে আনন্দদায়ক বুলিও ধেমেলীয়া সুৰেৰে উল্লেখ কৰে। অনুষ্ঠানটিত উপস্থিত আছিল ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সভাপতি বিশেশ্বৰ গগৈ আৰু সাধাৰণ সম্পাদক হৰেন ডেকা, মইনা পাৰিজাতৰ আজীৱন সদস্যা পাপৰি শইকীয়া। সাধাৰণ সম্পাদক হৰেন ডেকাই আঁত ধৰা অনুষ্ঠানটিত বৰ্তমান পৰিস্থিতিত ৱেবিনাৰৰ জৰিয়তে দেওবৰীয়া মইনামেল আগুৱাই নিয়াৰ পোষকতা কৰে। মুকলি বাৰ্তালাপত অংশগ্ৰহণকাৰী মইনা আৰু চেমনীয়াসকলে ইতিমধ্যে মইনা পাৰিজাতৰ উদ্যোগত এনে ধৰণৰ অনুষ্ঠানৰ জৰিয়তে হেমৰাজ ৰাভা, চেতনা দাস, শশীকান্ত শইকীয়া, সত্যকাম বৰঠাকুৰ, জয়দ্বীপ বৰুৱা আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ লগত মত বিনিময়ৰ সুবিধা লাভ কৰি সকলোৱে উপকৃত হৈছে বুলি ব্যক্ত কৰে। ইয়াৰ লগতে ৱেবিনাৰৰ জৰিয়তে হোৱা যুৱ-সাংবাদিকতাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিও উপকৃত হৈছে বুলিও চেমনীয়া সকলে ব্যক্ত কৰে। উল্লেখযোগ্য যে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে অনুষ্ঠানসমূহ এনেদৰে ৱেবিনাৰৰ জৰিয়তে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে বুলিও জিলা মইনা পাৰিজাতৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে ।
যুৱ সাংবাদিক
নাম- অন্তৰীক্ষা চেতিয়া
জিলা- ডিব্ৰুগড়
১৪ নং লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰী যুত প্ৰদান বৰুৱাদেৱৰ সৈতে সাক্ষাৎকাৰ
সাক্ষাৎ গ্ৰহণ বাবে নিৰ্ধাৰিত বিষয়বস্তু- কৰোনা অতিমাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ভৱিষ্যৎ
তাৰিখ- ২৬.০৮.২০২০
স্থান- কীড্ জী স্কুল, ৰূপাই চাইডিং, তিনিচুকীয়া
সাক্ষ্যাৎ গ্ৰহণকাৰী যুৱ সাংবাদিকসকলৰ নাম- ১) প্ৰিয়াক্ষী মৰাণ, ২) সমীক্ষা সাৰদী ভাজনী, ৩) হিমণ ৰঞ্জন বৰুৱা, ৪) তন্ময়ী সোনোৱাল আৰু ৫) শিৱাংগী সোনোৱাল।
উপস্থাপন- প্ৰণাম মহাশয়, আমি তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ চেমনীয়া তথা ইউনিচেফৰ উদ্যোগত অসমৰ দহখন জিলাত মইনা পাৰিজাত আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপায়িত হৈ থকা “যুৱ সাংবাদিক গোট” (Young Reporters Network) প্ৰকল্পৰ অধীনৰ যুৱ সাংবাদিক। আমি কৰোনা অতিমাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সম্পৰ্কে আপোনাৰ মতামত জানিবৰ বাবে আপোনাৰ কাষ চাপিছো।
শিৱাংগী- মহাশয়, বৰ্তমান কৰোনা অতিমাৰীৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ দেশতো তলাবন্ধৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰিবলগা হ’ল। তলাবন্ধৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল। এইক্ষেত্ৰত আপোনাৰ অভিমত কি ?
প্ৰদান বৰুৱা- ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে গোটেই বিশ্বই প্ৰথমাৱস্থাত লকডাউনৰ ব্যৱস্থা কৰিছিল। মই ভাবোঁ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ই সহায় কৰিছে। যিটো লকডাউন ব্যৱস্থাৰ এটা ধনাত্মক দিশ। কিন্তু এইটো ক’লে ভূল হ’ব যে লকডাউন কভিড-১৯ ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা। ই প্ৰস্তুতিমূলক ব্যৱস্থাহে। লকডাউনৰ প্ৰভাৱ সমাজৰ সকলো ক্ষেত্ৰতে পৰিছে, শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিছে। ইয়াৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো শিক্ষা গ্ৰহণত যাতে যতি নপৰে তাৰ উদ্যেশ্যে অনলাই পাঠদান ব্যৱস্থাৰ প্ৰচলন কৰা হৈছে। অৱশ্যে অনলাই ব্যৱস্থাটোৰ বাবে যিবোৰ আন্তঃগাঠনি লাগে, সেইবোৰ ইমান হঠাতে পূৰ কৰিব পৰাটো সম্ভৱ নহয়। ইয়াৰ উপৰিও দেশত ইন্টাৰনেটৰ যি ব্যৱস্থা কৰিব লাগে সেইটোও আমি কৰিব পৰা নাই। তাৰ মাজতো কিছু পৰিমাণে হ’লেও এই ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলিয়েই মই ভাবোঁ। আকৌ লকডাউনৰ বাবে বজাৰত স্মাৰ্টফোনৰো অভাৱ ঘটিছে যিহেতু কল কাৰখানা বন্ধ ৰখা হৈছে, আন্তৰাষ্ট্ৰীয়, আন্তঃৰাজ্যিক বা আন্তঃজিলা যোগাযোগ বন্ধ কৰি দিয়া হৈছে। সেইবাবে ব্যৱসায় বানিজ্য বা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব বিচাৰিলেও আমি সক্ষম হোৱা নাই।
শিৱাংগী- অনলাইন শিক্ষাৰ ব্যৱস্থা আৰম্ভ হ’ল। আপুনি নাভাবেনে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলেও শিক্ষাৰ ক্ষেত্ৰত সমানে আগবাঢ়ি যাওক ? সেইসকল ছাত্ৰ-ছাত্ৰী যাৰ অভিভাৱকৰ এণ্ড্ৰইড ফোন ক্ৰয় কৰিব পৰাৰ সামৰ্থ্য নাই বা নেট পেক ক্ৰয় কৰাৰ অসুবিধা, তেওঁলোকৰ বাবে চৰকাৰে কি কৰিব পাৰে ?
প্ৰদান বৰুৱা- নিশ্চয় ভাবোঁ। চৰকাৰে এইক্ষেত্ৰত দৃষ্টি ৰাখিছে। কেনেদৰে সকলো ছাত্ৰ-ছাত্ৰীকে এনেধৰণৰ সুবিধা দি পাঠদান আৰু পাঠগ্ৰহণ কৰাব পাৰে তাৰ চিন্তা চৰ্চা কৰিছে। ণই ইতিমধ্যে কৈছোৱেই যে বৰ্তমান স্মাৰ্টফোন বা তেনেজাতীয় সংসাধনৰ অভাৱ ঘটি আছে। তদুপৰি যদি আমি তেওঁলোকক স্মাৰ্টফোন কিনিও দিওঁ, তথাপি তেওঁলোকে সেই ব্যৱস্থাৰ লাভ উথাব নোৱাৰিব যিহেতু প্ৰত্যন্ত এলেকাত এতিয়াও ইন্টাৰনেটৰ সংযোগ ব্যৱস্থাই ধুকগি পোৱা নাই। কিন্তু আমি যদি এতিয়াৰ পৰাই চেষ্টা কৰোঁ অতি কম দিনৰ ভিতৰতে সকলোখিনি আন্তঃগাঠনি আমি গঢ়ি তুলিব পাৰিম আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ধাৰাবাহিকতা ৰাখিব পাৰিম।
শিৱাংগী- ধন্যবাদ মহাশয়।
হিমন ৰঞ্জন- মহাশয়, চৰকাৰে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে। আপুনিন ভাৱেনে অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিছে ?
প্ৰদান বৰুৱা- উপকৃত হৈছে বুলি ভবা নাই। তথাপি, ছাত্ৰ-ছাত্ৰীসকলৰ কিছু হ’লেও লাভ হৈছে বুলি মই অনুভৱ কৰোঁ। চৰকাৰে এইটো চিন্তা আগত ৰাখিয়েই আগবাঢ়িছে যে পৰম্পৰাগত শিক্ষাৰ বিকল্প ব্যৱস্থা হিচাপে অনলাইন শিক্ষা ব্যৱস্থাটোও আগুৱাই নিয়া হওক। ইয়াৰ বাবে বহুখিনি আন্তঃগাঠনি গঢ়ি তুলিবলগীয়া হ’ব যেনে, ধৰা সকলো ঠাইতে ইন্টাৰনেটৰ সুবিধা কৰিব লাগিব, সকলোৰে বাবে স্মাৰ্টফোনৰ ব্যৱস্থা কৰিব লাগিব। আমাৰ যিসকল শিক্ষক আছে, বিশেষকৈ চৰকাৰী মাধ্যমৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব কাৰণ তেওঁলোকে এইধৰণৰ মাধ্যম কেতিয়াওঁ ব্যৱহাৰ কগৰা নাই। আনহাতে কিছুমান কলেজত ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা আছে, যিবোৰৰ পৰা সহজে শিক্ষা প্ৰদান কৰিব পৰা যায়। এনে ধৰণৰ ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিবলৈ সময় লাগে, কিন্তু যদি কৰা হয়, তেন্তে সি ভৱিষ্যতলৈ কামত অহা এটা ব্যৱস্থা হ’ব আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যাব বুলি মই ভাবোঁ।
হিমন ৰঞ্জন- মোৰ আন এটা প্ৰশ্ন মহাশয়, আমাৰ দেশত বাল্য-বিবাহ বা শিশু শ্ৰমিক নিয়োগ কৰাটো এটা অপৰাধ বুলি সকলোৱে জানে। তথাপি বাল্য-বিবাহ হৈয়েই আছে অথবা শিশু শ্ৰমিকৰো নিয়োগ হৈয়েই আছে। এনে হোৱাৰ কাৰণ কি বুলি ভাবে আপুনি ?
প্ৰদান বৰুৱা- নহয়, এইক্ষেত্ৰত চৰকাৰৰ বিভাগ আছে, আয়োগ গঠন কৰি দিছে আৰু আয়োগেও সজাগতামূলক কাম কগৰি আছে। তথাপি এনে ঘটনা ঘটি আছে আমাৰ সমাজৰ সজাগতাৰ অভাৱৰ বাবে। আমাৰ সমাজৰ লোকসকলক আৰু বেছি সজাগতাৰ প্ৰদানৰ লগতে আইনৰ জৰিয়তে আমি এই ব্যাধি দূৰ কৰিব পাৰিম।
হিমন ৰঞ্জন- মহাশয়, বিদ্যালয় সমূহ খোলাৰ যোজা চলিছে। কিন্তু যি-সমূহ বিদ্যালয়ত কভিড-১৯ ৰোগী ৰখাৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰি থকা হৈছে, যেনে- ৰঙাজানস্থিত নৱোদয় বিদ্যালয়। সেইসমূহ বিদ্যালয় খুলিব নে নুখুলে ?
প্ৰদান বৰুৱা- কভিড কেন্দ্ৰবোৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি ইয়াৰ সংক্ৰমণ অন্ত পেলাব নোৱাৰোঁ। সংক্ৰমণৰ অন্ত পৰিলেই সেই কেন্দ্ৰবোৰ নোহোৱা হ’ব আৰু শীঘ্ৰেই হ’ব। গতিকে, বিদ্যালয় খুলিলে সকলোবোৰ একেলগে খুলিব। নৱোদয়ো খুলিব।
হিমন ৰঞ্জন- ধন্যবাদ মহাশয়।
তন্ময়ী- অসমত (আচলতে সমগ্ৰ ভাৰততে) দুই ধৰণৰ শিক্ষানুষ্ঠন আছে। চৰকাৰী আৰু বেচৰকাৰী। বেচৰকাৰী বিদ্যালয়সমূহত অনলাইন শিক্ষা হৈ আছে যদিও বেছি সংখ্যক চৰকাৰী বিদ্যালয়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই। ইয়াৰ কাৰণ আপোনাৰ নিশ্চয় জ্ঞাত ?
প্ৰদান বৰুৱা- এই কথাখিনি আমি গম পাই আছোঁ। কিছুমান বিশেষ বিশেষ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনলাই পাঠদান নিয়াৰিকৈ চলাই নিছে, চৰকাৰী বিদ্যালয় সমূহত চেষ্টা কৰিলেও সেয়া ভালদৰে হৈ উঠা নাই। ইয়াৰ বিভিন্ন কাৰণ আছে, গোটেইখিনি মই বিশ্লেষণ কৰিব বিচৰা নাই। কিন্তু আমাৰ চৰকাৰৰ ফালৰ পৰা প্ৰস্তুতি লোৱা হৈছে যাতে অনলাইন পদ্ধতিটো বিদ্যালয় সমূহত দিব পৰা যায়। ক’ভিড-১৯ ৰ দুঃসময়ৰ আগতেও কিছুমান চৰকাৰী সংস্থা যেনে ইউ.জি.চি বা বিশ্ববিদ্যালয় সমূহ বা কিছুমান বিশেষ শিক্ষানুষ্ঠানত ডিজিটেল ব্যৱস্থাটো চৰকাৰে ইতিমধ্যে কৰিছেই। কিন্তু সেই গোটেই ব্যৱস্থাটো কৰিবলৈ চৰকাৰক যথেষ্ট সময় লাগিব। চৰকাৰে অৱশ্যে যোগাত্মক দৃষ্টিভংগীৰে এইক্ষেত্ৰত আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে যাতে এই ব্যৱস্থাটো ছাত্ৰ-ছ্ত্ৰীৰ বাবে সদায় ব্যৱহাৰোপযোগী হয়।
তন্ময়ী- কৰোনা মহামাৰীৰ চিকিৎসাৰ ব্যৱস্থা চৰকাৰে কিদৰে কৰিছে ?
প্ৰদান বৰুৱা- এইক্ষেত্ৰত চৰকাৰে কিছুমান প্ৰট’কলৰ ব্যৱস্থা কৰিছে। কেনেকৈ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি তাৰ কিছুমান নীতি নিৰ্দেশনা দিছে। তাৰোপৰি ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা চৰকাৰে চৰকাৰী খৰচত কৰিছে। খোৱা বোৱাৰ পৰা আদি কৰি সকলো ব্যৱস্থা লৈছে। ইয়াৰ উপৰিও কভিড-১৯ প্ৰতিৰোধী ছিটা উদ্ভাৱনৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। ভাৰতৰ তিনিটা বিশেষ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত কাম কৰি আছে। অক্সফ’ৰ্ডৰ পৰাও বিশেষজ্ঞ আহিছে। ৰাছিয়াই ইতিমধ্যে ছিটা উদ্ভাৱনৰ লগতে প্ৰয়োগো কৰিছে। কিন্তু তৃতীয় পৰ্যায়ৰ পৰীক্ষা নকৰাকৈয়ে তেওঁলোকে ছিটা প্ৰয়োগ কৰাৰ বাবে বিতৰ্কও হৈছে বা আন দেশে ক্ৰয় কৰাৰ প্ৰতি আকৰ্ষিত হোৱা নাই। মই ভাবোঁ আমাৰ ভাৰতেও এই ক্ষেত্ৰত শীঘ্ৰে সফলতা লাভ কৰিব।
তন্ময়ী- ধন্যবাদ মহাশয়।
প্ৰিয়াক্ষী- মহাশয়, লকডাউনৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা বিদ্যালয় বন্ধ হৈ আছে। কেতিয়ালৈ বিদ্যালয় খুলিব ? আমাৰ দৰে ছাত্ৰ-ছাত্ৰীসকলে পুনৰ কেতিয়াৰ পৰা নিৰ্ভয়ে বিদ্যালয়লৈ গৈ শিক্ষা গ্ৰহণ কৰিব পাৰিম ?
প্ৰদান বৰা- এইক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে খুউব ভালদৰে চিন্তা কৰিছে। কভিড-১৯ ৰ মাজতো কেনেকৈ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ উপায় হিচাপেই ডিজিটেল শিক্ষাৰ ব্যৱস্থাটো চৰকাৰে কৰিছে যদিওবা আমি সকলোকে সামৰি ল’ব পাৰে। কম কমকৈ ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয়ৰ শ্ৰেণীসমূহ আৰম্ভ কৰিব পাৰি নেকি সেইটোও চিন্তা চৰ্চা কৰিছে। কিন্তু কম বয়সীয়া শিশুৰ বাবে যিহেতু এই ৰোগবিধ অতি মাৰাত্মক সেই বাবে কম বয়সীয়া শিশু সকলক এতিয়াই বিদ্যালয়লৈ পঠিওৱাৰ কথা ভবা হোৱা নাই যদিও যিমান সোনকালে সম্ভৱ হয় বিদ্যালয় শিক্ষা মুকলি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
প্ৰিয়াক্ষী- আমি আমাৰ অভিজ্ঞতাৰ পৰা শিকিছো যে শ্ৰেণীকোঠাৰ শিক্ষা আৰু অনলাইন শিক্ষাৰ বহুত পাৰ্থক্য আছে। শ্ৰেণীকোঠাৰ শিক্ষাৰ পৰা বঞ্চিত হৈ আমাৰ বহুত লোকচান হৈছে। এই লোকচান কেনেকৈ পূৰ কৰাৰ ব্যৱস্থা চৰকাৰে কৰিব ?
প্ৰদান বৰুৱা- ইতিমধ্যে প্ৰায় এটা শিক্ষাবৰ্ষৰ ক্ষতি হৈছে বুলিয়েই সকলোৱে বিবেচনা কৰে। সেইবাবে শিক্ষাবৰ্ষৰ আৰম্ভনি জানুৱাৰীৰ পৰিৱৰ্ত্তে মাৰ্চলৈ নি শিক্ষাবৰ্ষটোৰ ক্ষতি পূৰাব পাৰি নেকি তাৰ চিন্তা চৰ্চা হৈ আছে। দ্বিতীয় কথাটো হ’ল যদিও ভাৰ্চুৱেল ব্যৱস্থাটোত বৰ্তমানলৈ সকলোৱে মিলি যাব পৰা নাই, লাহে লাহে অভ্যাসত পৰিণত হোৱাৰ লগে লগে এই ব্যৱস্থাটোও সকলোৱে আকোঁৱালি ল’ব।
প্ৰিয়াক্ষী- ধন্যবাদ মহাশয়।
সমীক্ষা শাৰদী- মহাশয়, এতিয়ালৈকে আমি অনিৰ্দিষ্টতাৰ মাজতেই আছো যে এইবছৰ আমাৰ বছৰেকীয়া পৰীক্ষা হ’ব নে নহয় ? যদি হ’ব তেন্তে কিমানখিনি পাঠ্যক্ৰমৰ ওপৰত হ’ব আৰু যদি নহয় আমি পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ হ’ম নে নহ’ম ? এই বিষয়ে কিবা ক’ব নেকি ?
প্ৰদান বৰুৱা- এই ক্ষেত্ৰত দশম শ্ৰেণী বা দ্বাদশ শ্ৰেণী আদিত কিছু অসুবিধা আহি পৰিছে। কিয়নো সেই দুটা শ্ৰেণীৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ সলনি হয়। দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কিছুমানে বিজ্ঞান শাখা, কিছুমানে কলা বা বানিজ্য শাখা লৈ পঢ়িব বিচাৰে। ঠিক তেনেকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত কিছুমানে বিশেষ ক্ষেত্ৰৰ মাজলৈ যাব বিচাৰে। গতিকে তেওঁলোকে যাতে তাৰবাবে পাবলগীয়া উপযুক্ত শিক্ষাখিনি পাব পাৰে, তাৰ ব্যৱস্থা কৰিবৰ বাবে চৰকাৰৰ শিক্ষাবিভাগে বিভিন্ন উপায় উলিয়াবলৈ চেষ্টা কৰি আছে আৰু তেওঁলোকৰ বাবে শিক্ষানুষ্ঠানত পাঠদান কৰিবৰ বাবেও শীঘ্ৰে ব্যৱস্থা কৰিব। বাকী যিবিলাক শ্ৰেণী আছে সেইবিলাকত ছাত্ৰ-ছাত্ৰীৰ পূৰ্বৰ কৃতিত্ব বা দক্ষতা আদিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্ত্তী শ্ৰেণীলৈ উন্নীত কৰিব পৰা যায় নেকি সেই বিষয়ে শিক্ষা বিভাগে চিন্তা-চৰ্চা কৰিছে যাতে তেওঁলোকৰ লোকচানো নহয় আৰু সঠিকভাৱে অৰ্হতাৰ নিৰূপণো হয়।
সমীক্ষা শাৰদী- ধন্যবাদ মহাশয়।
কৃতজ্ঞতা- উপৰুক্ত সাক্ষাতকাৰটোৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আমি তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক, তথা “যুৱ-সাংবাদিক গোট” (Young Reporters Network) প্ৰকল্পৰ জিলা সমন্বয়ক মাননীয় জিতুল সোনোৱাল আৰু হাপজান খণ্ড উন্নয়ণ সমন্বয়ক তথা চিৰসেউজ মইনা পাৰিজাতৰ সম্পাদিকা মাননীয়া মৃনালী বৰা মৰাণ বাইদেউলৈ শ্ৰদ্ধাভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
নাম- প্ৰিয়াক্ষী মৰাণ, সমীক্ষা শাৰদী ভাজনী, হিমন ৰঞ্জন বৰুৱা, তন্ময়ী সোনোৱাল, শিৱাংগী সোনোৱাল।
জিলা- তিনিচুকীয়া
নামৰূপত প্ৰয়োজন এখনি শিশু উদ্যানৰ
নামৰূপ, ২৮ আগষ্ট, ডিব্ৰুগড় জিলাৰ নামৰূপ এখনি সৰু ঔদ্যোগিক চহৰ। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড, অসম পেট্ৰ'ৰাসায়নিক প্ৰকল্প, নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰকে ধৰি তিনিটা উদ্যোগ, উদ্যোগসমূহৰ আবাসিক এলেকা আৰু নিকটৱৰ্তী গাওঁসমূহক সামৰি ১৩.৫ বৰ্গকিল'মিটাৰ সামৰি এই অঞ্চলটি গঠিত হৈছে। প্ৰথম অৱস্থাত গাওঁ পঞ্চায়তে সামৰি লোৱা অঞ্চলটিত ২০১৫ চনৰ এপ্ৰিল মাহৰ ৫ তাৰিখে আঠটি ৱাৰ্ড সামৰি শ্ৰীমতী নিতু সোণোৱাল বাইদেউৰ সভপতিত্বত এখনি নগৰ সমিতি গঠন হয়। নগৰ স্বচ্ছতাক মূল লক্ষ্য কৰি এই সমিতিখনে নগৰখনৰ উন্নতিৰ দিশত যথেষ্ট কাম কৰা পৰিলক্ষিত হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত পুৰস্কাৰো পাইছে। নগৰ সমিতিখনে ঠাইখনৰ উন্নতিৰ দিশত কেনেধৰণৰ পৰিকল্পনা লৈছে বা ভৱিষ্যতে ল'বলগীয়া পৰিকল্পনাবোৰৰ বিষয়ে আৰু শিশুসকলৰ উন্নয়নৰ বাবে বিশেষ পৰিকল্পনা কিবা হাতত লৈছে নেকি, জানিবৰ বাবে সভাপতি নিতু সোণোৱাল বাইদেউৰ এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। বৰ্তমান পৰিস্থিতিত কাৰ্য্যালয়লৈ গৈ লগ কৰা সম্ভৱ নহয় বাবে টেলিফোনিক ভাৱেই সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ। তেখেতে জানিবলৈ দিয়ামতে নগৰখনত High-mast light, Solar light ৰ জৰিয়তে পোহৰৰ ব্যৱস্থা কৰাৰ লগতে ৰাজহুৱা পকী শৌচাগাৰ, দৰিদ্ৰলোকৰ বাবে পকী শৌচাগাৰৰ ব্যৱস্থা কৰি দিছে বুলি কয়। সমিতিখনে আৰম্ভ কৰা জৈৱ শৌচাগাৰ ব্যৱস্থাই ৰাইজৰ আদৰ পাইছে বুলি সভাপতি গৰাকীয়ে ব্যক্ত কৰে। জাবৰ পেলাবৰ বাবে ঠায়ে ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ লগতে, নিষ্কাষণৰ বাবেও বিশেষ গাড়ী, ট্ৰলীৰ ব্যৱস্থা কৰি নগৰখনক সুন্দৰ কৰি ৰখাৰ যত্ন কৰিছে। ইতিমধ্যে গেছ ভিত্তিক উন্নত শ্মশান খনিৰ কামত যথেষ্ট আগবাঢ়িছে বুলি বক্তব্য ডাঙি ধৰে। নগৰ সমিতি এলেকাৰ অধীনত ৰাস্তা-পদূলিসমূহ বনোৱাৰ লগতে পোহৰৰ যথাযথ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে। বিশেষভাৱে শিশুসকলৰ ক্ষেত্ৰত কিবা আঁচনি লোৱা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেখেতে বৰ্তমানলৈকে একো প্ৰকল্প হাতত লোৱা নাই বুলি জানিবলৈ দিয়ে। অৱশ্যে শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে সময়ে সময়ে চিত্ৰাংকণৰ দৰে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে। কিন্তু ঔদ্যোগিক চহৰখনত শিশুসকলৰ মনোৰঞ্জনৰ বাবে এখনি শিশু উদ্যান, লগতে এটি সাঁতোৰ ক্লাবৰ প্ৰয়োজনীয়তা আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ বাবে এই কাকতৰ জৰিয়তে তেখেতলোকক আহ্বান জনালোঁ।
নাম- অন্তৰীক্ষা চেতিয়া
নামৰূপ, ডিব্ৰূগড় জিলা
শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সম্পৰ্কে মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাদেৱৰ সৈতে সাক্ষাৎকাৰ
২৬ আগষ্টৰ দিনৰ ১১ বজাত ৰূপাই চাইডিং ত অৱস্থিত কিডজী বিদ্যালয়ত ইউনিচেফ আৰু তিনিচুকীয়া জিলা মইনা পাৰিজাত তথা কৃষ্নকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগত ৰূপায়িত হৈ থকা যুৱ সাংবাদিক গোট (Young Reporters Network)ৰ সাম্প্ৰতিক শিক্ষা আৰু বাল্যবিবাহৰ ওপৰত লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱাদেৱৰ লগত যুৱ সাংবাদিক শিৱাংগী সোনোৱাল, তন্ময়ী সোনোৱাল, হিমন ৰঞ্জন বৰুৱা, প্ৰিয়াক্ষী মৰাণ আৰু সমীক্ষা শাৰদী ভাজনীৰ বাৰ্তালাপ হয়। এই অনুষ্ঠানটিৰ আঁত ধৰে তিনিচুকীয়া জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক শ্ৰীযুত জিতুল সোনোৱাল দেৱে লগতে সহযোগিতা আগবঢ়াই খণ্ড সমন্বয়ক শ্ৰীযুতা মৃনালিনী বৰা মৰাণ বাইদেউৱে।
উক্ত অনুষ্ঠানত মাননীয় সাংসদ মহোদয়ে বৰ্তমান সময়ত চৰকাৰে শিক্ষাৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত আলোকপাঠ কৰে। তেখেতে ব্যক্ত কৰে এই ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপসমূহ কিছু পৰিমাণে হ’লেও সফল হৈছে। লগতে তেওঁ কয়, প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ আৰু একাদশ শ্ৰেণীটো পূৰ্বৰ শিক্ষাৰ ক্ষতিয়ণ টাই আগবঢ়াই নিব পাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা বিভাগে বিশেষ ব্যৱস্থা লোৱাৰ চিন্তা চৰ্চা কৰিছে। উচ্চ শিক্ষাৰ সম্পৰ্কে তেওঁ কোনো মন্তব্য দাঙি ধৰা নাই। আমাৰ সতীৰ্থ হিমন ৰঞ্জন বৰুৱাই বাল্য বিবাহৰ বিষয়ে সোধাত সাংসদ মহোদয়ে ব্যক্ত কৰে যে অসমৰ কোনো কোনো অঞ্চলত শিক্ষাৰ উন্নত মানদণ্ড নথকাৰ বাবে এই সমস্যাই দেখা দিয়ে। লগতে এই সমস্যা ৰোধৰ বাবে চৰকাৰে উন্নত পদক্ষেপ লোৱাৰ কথাও তেওঁ ব্যক্ত কৰে।
নাম- সমীক্ষা শাৰদী ভাজনী
বয়স- ১৩ বছৰ
জিলা- তিনিচুকীয়া
পঞ্চায়ত প্ৰতিনিধিৰ লগত হোৱা ৱেবিনাৰ
যোৱা ইংৰাজী ১৬ আগষ্ট, দেওবাৰে আবেলি ৩ বজাত গুগল মিট এপৰ জৰিয়তে বৰ্তমান পঞ্চায়তীৰাজ ব্যৱস্থাত গাওঁ পঞ্চায়তৰ কাৰ্য্যাৱলী আৰু আচঁনি ৰূপায়ণ সম্পৰ্কে এক বিশ্লেষণ আগবঢ়াই বিশিষ্ট ব্যক্তি শ্ৰীযুতা জ্যোতি সোনোৱাল বাইদেউৱে যুৱ সাংবাদিক সকলে কৰা বিভিন্ন প্ৰশ্নৰ যথাযথ ভাবে উত্তৰ দি সাংবাদিক সকলৰ বহুতো নজনা কথাৰ সম্ভেদ দি উপকৃত কৰে। উক্ত অনুষ্ঠানটোত ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক হৰেন ডেকা দেৱ আৰু অন্ন্যান্য বিশিষ্ট ব্যক্তি আৰু লগতে অভিভাৱক সকলো উপস্থিত থাকে। ইয়াৰ পিছতে জিলা সম্পাদক ডাঙৰীয়াই গাওঁ পঞ্চায়তৰ বিভিন্ন দিশ আৰু আচঁনি কাৰ্য্যকৰী সম্পাদন সম্পৰ্কে যুৱ সাংবাদিক সকলক অৱগত কৰায়, লগতে যুৱ সাংবাদিক সকলৰ আসোৱাহ সমূহ দূৰ কৰিবলৈ সক্ষম হয়। উক্ত অনুস্থানত উপস্থিত থকা বিশিষ্ট ব্যক্তি জ্যোতি সোনোৱাল বাইদেউ খেৰমীয়া গাওঁ পঞ্চায়তৰ এগৰাকী বিষয়া। অনুস্থানৰ শেষত সম্পাদক ডাঙৰীয়াই অনুস্থানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনায় অনুস্থানটোৰ সামৰণি মাৰে।
নাম- হৰ্ষিতা চক্ৰৱৰ্তী
জিলা- ডিব্ৰূগড়
কাটনি গাওঁত বিশুদ্ব খোৱা পানীৰ সমস্যা
বিভাগীয় কতৃপক্ষৰ সমাধানৰ আশ্বাস দুলিয়াজান বিধান সভা সমষ্টিৰ বকুলনী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কাটনি গাওঁৰ ৰাইজে আজিও এটুপি বিশুদ্ব খোৱা পানীৰ বাবে দুৰ্ভোগ ভূগি আহিছে। পানীত যথেষ্ঠ পৰিমাণে আইৰণ থকা বাবে খাবলৈ অনুপযোগী হোৱাৰ লগতে কাপোৰ কানি বা গা-পা ধোৱাৰো অসুবিধা। অধিকাংশ ৰাইজে পুখুৰী বা নাদৰ পানী খোৱা বোৱা বা অন্যান্য কামত ব্যৱহাৰ কৰি আহিছে। ফলস্বৰূপে শ্ৰেষ্ঠ্য সকলৰ লগতে শিশু সকলেও বহুতো বেমাৰত আক্ৰান্ত হব লগা হয়। দুৰ্বলতা, ছালৰ বেমাৰ, পুষ্টিহীনতা আদি। ৰাইজে সমস্যাটি সমাধানৰ বাবে স্থানীয় বিধায়ক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগক আবেদন নিবেদন কৰা পাছত বিভাগীয় কতৃপক্ষই দাতি কাষৰীয়া ১নং কঠালগুৰী গাওঁত অৱস্থিত অসম চৰকাৰৰ নগাজান খোৱা পানী যোগান আচঁনিৰ পৰা পাইপ লাইন সংযোগ কৰি কাটনি গাওঁৰ লগতে ১নং কঠালগুৰি ৱাৰ্ডৰ দুটা মান চুবুৰীত শীঘ্ৰে বিশুদ্ব খোৱা পানীৰ ব্যৱস্থাও কৰি দিব বুলি জনায়।
নাম- শ্ৰীমতী উৰ্ৱশী সোনোৱাল
জিলা- ডিব্ৰুগড়
শিৱসাগৰ জিলাৰ চাউলকৰা গাওঁ পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ সদস্য শ্ৰীযুত ত্ৰিণয়ণ ৰাজখোৱাদেৱৰ সৈতে সাক্ষাৎগ্ৰহণৰ কিছু মুহুৰ্ত
তাৰিখ- ০১.০৯.২০২০
স্থান- কোৱঁৰপুৰ, চেগুণ চাৰিআলি, শিৱসাগৰ
সাক্ষাৎগ্ৰহণৰ বাবে নিৰ্ধাৰিত বিষয়- পঞ্চায়তৰ উন্নয়ণ
উপস্থাপন- নমস্কাৰ মহাশয়, মোৰ নাম শ্ৰীমতী মৌ-মীতা ফুকন, মই শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰূপালী মইনা পাৰিজাতৰ এগৰাকী যুৱ সাংবাদিক। আজি মই আপোনাৰ ওচৰত পঞ্চায়তৰ উন্নয়নৰ কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছো। আশাকৰোঁ আপুনি সেই প্ৰশ্নকেইটাৰ উত্তৰ খুব চমুকৈ দিয়ে যেন।
প্ৰথম প্ৰশ্ন- আপুনি ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হওঁতে আপোনাৰ ৱাৰ্ডৰ অৱস্থা কেনেকুৱা আছিল ?
উত্তৰ- মই ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হওঁতে এই ৱাৰ্ডত বহুতো সমস্যা আছিল। যেনে, দৰিদ্ৰ শ্ৰেণীৰ ঘৰৰ অৱস্থা, ৰেচন কাৰ্ড নোপোৱা, লগতে ৰাজহুৱা অনুস্থানত খোৱা পানীৰ অভাৱৰ লগতে ৰাস্তা ঘাট বোৰ বৰ ভাল নাছিল। অৱশ্যে এতিয়া সেই অভাৱবোৰ প্ৰায় মই নাইকীয়া কৰিব চেষ্টা কৰি সফলো হৈছো। ৰাস্তা ঘাট প্ৰায়বোৰ ভাল কৰি শেষ হৈছে আৰু দুই এটা কাম তলাবন্ধৰ বাবে আধৰুৱা হৈ আছে। এতিয়া তলাবন্ধ যিহেতু লাহে লাহে খুলিবলৈ ধৰিছে মই সেই আধৰুৱা কামবোৰ শেষ কৰিবলৈ মিষ্ট্ৰীসকলক অনুৰোধ কৰিম।
দ্বিতীয় প্ৰশ্ন- আপুনি ৱাৰ্ড মেম্বাৰ ৰূপে নিৰ্বাচিত হৈ আহোতে ৱাৰ্ডত অবিবাহিত, বিধৱা আৰু বৃদ্ধ সকলে চৰকাৰি অনুদান পাইছিলনে ?
উত্তৰ- মই নিৰ্বাচিত হোৱাৰ আগতে ১০০ ভাগৰ প্ৰায় ৪০/৫০ শতাংশ মানুহে বৃদ্ধ পেঞ্চন পাইছিল। তাৰ পিছত মই বাকী শতাংশ লোকক পোৱাৰ সুবিধা কৰি দিছোঁ। নিৰ্বাচিত হোৱাৰ পিছত মই অবিবাহিত আৰু বিধৱা সকলক চৰকাৰী অনুদান পোৱাত যিমান পাৰো সহায় কৰিছো।
তৃতীয় প্ৰশ্ন- বৰ্তমান সময়ত যি মহামাৰী কৰোনাই দেখা দিছে, তাৰ বাবে আপুনি ৱাৰ্ডত কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে ?
উত্তৰ- এই ক্ষেত্ৰত মই নিজেও বহুত বহুত সতৰ্ক হৈছো। লগতে ৱাৰ্ডত চেনিটাইজিং আৰু মাস্ক বিতৰণ কৰিছো। পিছত সজাগতা সভা অনুষ্ঠিত কৰি সকলোকে সজাগ আৰু সচেতন কৰি তুলিছো।
চতুৰ্থ প্ৰশ্ন- হৈ যোৱা তলাবন্ধ আৰু বানপানীৰ সময়ত পঞ্চায়তৰ ফালৰ পৰা কেনদৰে সহায়ৰ হাত আগবঢ়াইছিল ?
উত্তৰ- হৈ যোৱা তলাবন্ধৰ সময়ত মই পঞ্চায়তৰ ফালৰ পৰা দৰিদ্ৰ শ্ৰেণীৰ লোকক খাদ্য সামগ্ৰীৰ যোগান ধৰিছিলো আৰু বানপানীৰ সময়ত মই পঞ্চায়তৰ পৰা অহা ৰেচন, দাইল, তেল, বানপীড়িত ৰাইজক যোগান ধৰিছো। লগতে মই মোৰ ফালৰ পৰা যিমান পাৰো ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰিছিলো।
পঞ্চম প্ৰশ্ন- আপোনাৰ কাৰ্যকালত পঞ্চায়তৰ ফালৰ পৰা আপোনাৰ ৱাৰ্ডত আৰু কি কি উন্নতি হৈছে বুলি আপুনি ভাবে ?
উত্তৰ- মই অতি গৌৰৱেৰে ক’ব পাৰো যে আগতে পিছপৰা এই ৱাৰ্ড এতিয়া সকলো ফালৰ পৰা আগবাঢ়ি গৈছে। মই আগতে উল্লেখ কৰিছো যে প্ৰায় সকলো ৰাস্তা ঘাট পকী হৈছে। তাৰে প্ৰায় এটি বা দুটি ৰাস্তা তলাবন্ধৰ বাবে আধৰুৱা হৈ আহে। এতিয়া সেই কামবোৰ সম্পূৰ্ণ কৰিম। ৱাৰ্ডত অৱস্থিত এটা পুৰণি পুখুৰী আছে, সেই পুখুৰীৰ বেৰা আগতে স্থায়ী নাছিল, এতিয়া সেই পুখুৰীৰ বেৰা স্থায়ী হৈছে। লগতে পুখুৰীৰ কাষত এটি সৌৰ শক্তিৰ লাইট আৰু এটি নামঘৰৰ কাষত দিয়া হৈছে। কৰোনাৰ কাৰণে মই আশা নাৰ্চসকলক কাৰোবাৰ কিবা অসুখ হৈছে নেকি চাবলৈ পঠিওৱা হয়। শেষত কওঁ মই ৱাৰ্ডক লৈ বৰ্তমান বহুত গৌৰাম্বিত। তোমাক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো, কাৰণ তুমি আহি মোৰ ওচৰত পঞ্চায়ত আৰু মোৰ ৱাৰ্ডৰ উন্নয়ণৰ বিষয়ে কবলৈ সুযোগ দিলা।
কৃতজ্ঞতা- ধন্যবাদ মহাশয়, আপুনি আপোনাৰ বহুমূলীয়া সময় মোক দিয়াৰ বাবে, লগতে আপুনি ৱাৰ্ডৰ বাবে যথেষ্ট কষ্ট কৰি ৱাৰডখন সকলো ক্ষেত্ৰতে আগবঢ়াই নিছে। আৰু শেষত, মোক সাক্ষাৎকাৰৰ সুবিধা কৰি দিয়াৰ বাবে ধ্ৰূৱজ্যোতি দত্ত ছাৰ আৰু গৌতম বড়া ছাৰক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
নাম- শ্ৰীমতী মৌ-মীতা ফুকন
জিলা- শিৱসাগৰ
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|