মৰমৰ
বন্ধু বান্ধৱী সকল,
শাৰদীয় সম্ভাষণ গ্ৰহণ কৰিবা। বৰ্ষাৰ নেৰানেপেৰা বৰষুণৰ পিছত শৰতৰ শেৱালিৰ সুবাসে সকলোৰে মন সুবাসিত কৰি তোলক।
বৰ্ত্তমান আমি একবিংশ শতিকাৰ এক বৈজ্ঞানিক সমাজত বাস কৰি আছো। বৈজ্ঞানিক চিন্তাধাৰাৰে আমিবোৰ পৰিচালিত হৈ আছোঁহক। তাৰ পিছতো আমাৰ সমাজত কিছুমান আওপুৰণি চিন্তাধাৰা এতিয়াও প্ৰচলিত হৈ আছে, যিবিলাকে আমাৰ সমাজত প্ৰৱল সমস্যাৰ সৃষ্টি কৰিছে। সাধাৰণতে মহিলাসকল অথবা সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলেই এনে সমস্যাবোৰেৰে জৰ্জৰিত হোৱা দেখা যায়। আমাৰ সমাজত বৰ্তমান সময়তো স্ত্ৰী শিক্ষা ইমান সফল হোৱা নাই, তাৰ পৰিৱৰ্তে প্ৰপ্তবয়স্ক হোৱাৰ পূৰ্বেই ছোৱালী গৰাকী বিয়া হৈ যোৱা দেখা যায়। ইয়াৰ ফলত ছোৱালী গৰাকী উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ উপৰিও মানসিক, শাৰীৰিক সকলো দিশতে দুৰ্বল হৈ পৰে। যাৰ বাবে পৰৱৰ্তী প্ৰজন্মতো কোনো বিসংগতি আহিব পাৰে। তদুপৰি বাল্যবিবাহ শিশু-শ্ৰমিক সৃষ্টিৰো কাৰণ হ’ব পাৰে। গতিকে এনেবোৰ সমস্যাৰ নিৰ্মূল হ’লেহে আমাক এখন প্ৰগতিশীল সমাজ লাভত সহায় কৰিব। আশা কৰিছোঁ চৰকাৰ তথা ৰাইজৰ প্ৰচেষ্টাত শিশু-শ্ৰমিক, বাল্যবিবাহৰ দৰে সমস্যাবোৰ নিৰ্মূল হৈ এখন সুন্দৰ সমাজ গঢ়ি উঠক।
বৰষা দুৱৰা
শিৱসাগৰ জিলা
বাল্য বিবাহ- একবিংশ শতিকাৰ এক লজ্জাজনক সমস্যা
বিবাহ হৈছে এটা জাতিৰ লগতে এটা সংস্কৃতিৰ মূল্যৱান সম্পদ। এই বিবাহৰ যোগেদি ইজনৰ লগত সিজনৰ সম্পৰ্ক গঢ়ি এখন সুন্দৰ ঘৰ আৰু তাৰ পিছতেই এখন সুন্দৰ সমাজ গঢ় লৈ উঠে। কিন্তু ইয়াৰ মাজতেই এটা অস্বাভাৱিক কথা হৈছে বাল্য বিবাহ লৈ। এই বিবাহৰ প্ৰথা ভাৰত স্বাধীন নোহোৱাৰ আগৰ পৰা চলি অহা দেখা হৈছিল। আৰু কিছুমান এলেকাত এতিয়াও এই প্ৰথা অব্যাহত আছে। এয়া আমাৰ বৰ্তমান সমাজত উঠি অহা ল’ৰা-ছোৱালী সকলৰ বাবে এক ভয়াবহ কথা। ভাৰত স্বাধীন নহওঁতেই ৰাজাৰাম মোহন ৰায়কে ধৰি আৰু বহুতো ডা-ডাঙৰীয়া সকলে এই বাল্য বিবাহৰ ওপৰত কঠোৰ বিৰোধিতা কৰিছিল, যাৰ বাবে ভাৰত স্বাধীন হোৱাৰ পিছত বাল্য বিবাহ কিছু হ’লেও কমি গৈছিল। কিন্তু সম্পূৰ্ণকৈ নিঃশেষ হৈ যোৱা বুলি ক’ব নোৱাৰি। এজনী ছোৱালীৰ ভৱিষ্যতক লৈ সকলো অভিভাৱকেই গুৰুত্ব প্ৰদান কৰা উচিত।
এগৰাকী নাবালিকা বা কিশোৰীৰ মানসিক, শাৰীৰিক আৰু দৈহিক ভাৰসাম্যতাৰ কথা উপলব্ধি কৰিবলৈ অতি কমেও ১৮ বছৰ হোৱাটো খুবেই প্ৰয়োজন। কিন্তু এই কথাক হেয় জ্ঞান কৰি এচামে নিজৰ ছোৱালীজনীৰ ভৰণ-পোষণৰ দায়িত্ব দিব বা ল’ব নোৱাৰাৰ অজুহাত দেখুৱাই এজন পুৰুষৰ হাতত গতাই দিয়াটোৱে অতি উত্তম কথা বুলি ভাবে। এইটো কথা ভাবি নাচায় যে, ছোৱালীজনীৰ উপযুক্ত বয়স নহওঁতেই যদি এজন পুৰুষৰ হাতত গতাই, তেন্তে ছোৱালীজনীৰ ভৱিষ্যতৰ প্ৰহৰী হিচাপে সুষ্ঠ সৱল এগৰাকী মাতৃৰ লগতে এখন ঘৰৰ গৰাকী হিচাপে জীয়াই থাকিব পাৰিব নে নোৱাৰে?
বাল্য বিবাহ সম্পৰ্কত অকল অভিভাৱক হিচাপে পিতৃ-মাতৃকে সম্পূৰ্ণভাৱে দোষাৰোপ কৰিব নোৱাৰি। চৰকাৰী পক্ষই এই বিষয়ত সচেতন হোৱাটো দৰকাৰ। যি পিতৃ-মাতৃয়ে দৰিদ্ৰতাক জীৱন-ধাৰণ প্ৰক্ৰিয়াৰ মূল অজুহাত বুলি ধৰি ছোৱালীজনীক উপযুক্ত বয়সত ভৰি নিদিওতেই বাল্য বিবাহৰ কথা চিন্তা কৰে, তেওঁলোকেও বুজা উচিত। আনকি শিক্ষা দিক্ষাৰ ক্ষেত্ৰতো ছোৱালীবোৰক বাধা প্ৰদান কৰা দেখা যায়। আকৌ পৰম্পৰাগত কিছুমান বান্ধোনৰ মাজত ছোৱালীবোৰক সামাজিক বান্ধোনৰ মাজেৰে ৰাখিবলৈ চেষ্টা কৰে। এনেধৰণৰ কথাবোৰৰ ওপৰত চৰকাৰ কৰ্তৃপক্ষই কঠোৰ চকু দিয়া দৰকাৰ। কিয়নো, আমি বৰ্তমান গুজৰাট, ৰাজস্থান, মহাৰাষ্ট্ৰৰ লগতে আৰু বিভিন্ন দেশত এই বাল্য বিবাহৰ ওপৰত “বাল্য বিবাহ পঞ্জীয়ন” ব্যৱস্থা বাধ্যতামূলক কৰিছে। আকৌ শিশুৰ ভৱিষ্যতৰ ওপৰত কৰ্ম আচঁনিও বহন কৰিছে।
গতিকে, আমিও স্বাধীন দেশৰ স্বধীন নাগৰিক হিচাপে এই কথা স্পষ্ট সহকাৰে কওঁ যে, ভাৰত স্বাধীন হ’লেও আমি কু-কৰ্ম, কু-সংস্কাৰ, পৰম্পৰাৰ পৰা স্বাধীন হৈ মুক্ত আকাশৰ তলত মুক্ত আকাশ তলত মুক্ত মনে জীয়াই থাকিব পৰা নাই। এইটো কু-প্ৰথা নিঃশেষ কৰিব নোৱাৰিলে অনাগত দিনত পৃথিৱীৰ ভৱিষ্যতৰ প্ৰহৰী হৈ থাকিব নোৱাৰিম।
নাম- ভনিতা মজুমদাৰ
বয়স- ১৮ বছৰ
জিলা- নলবাৰী
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বধীন হোৱাৰ পাছৰে পৰা আমাৰ দেশ উন্নতিৰ দিশে আগবাঢ়ি আহিছিল। ধৰ্ম, শিক্ষা, সংস্কৃতি, সকলো দিশে স্বাধীনতাৰ উল্লাস জাগিছিল। তাৰ লগে লগে আগবাঢ়ি আহিছিল নৱ-প্ৰজন্মৰ বীৰতা, মহিলাৰ স্বনিৰ্ভৰশীলতা, শিক্ষা আদি। কিন্তু দেশত শিক্ষাৰ ক্ষেত্ৰত ল’ৰাৰ সমানে সমানে ছোৱালীসকলে শিক্ষাৰ অধিকাৰ লাভ কৰিব পৰহা নাই। তাৰ সমান্তৰালত শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ দৰে সমস্যাও গা কৰি উঠে। এই সমস্যাৰ বৰ্তমানেও নেযায়-নুপুৱাই অৱস্থা।
আমাৰ ৰাজ্যৰ জিলাসমূহৰ কিছুমান ভিতৰুৱা অঞ্চলত ল’ৰাৰ লগতে গৰিষ্ঠসংখ্যক ছোৱালীৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থকা আজিও দেখিবলৈ পোৱা যায়, কিয়নো ছোৱালীক সমাজত দ্বিতীয় আসনত ৰখা যায়। তদুপৰি পৰিয়ালৰ সকলো কাম-কৰি ঘৰখন চোৱাৰ দায়িত্ব ছোৱালীবোৰক গতাই দিয়া হয়। ল’ৰাৰ সমানে ছোৱালীক শিক্ষাৰ অধিকাৰ পোৱাৰ পৰা বঞ্চিত কৰাটো এটা মন কৰিবলগীয়া বিষয়। উল্লেখযোগ্য যে, আমাৰ ২ নং বৰপথাৰ গাওঁৰ সকলো ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত থকা দেখা যায়। পৰিয়ালৰ সমস্যা, আৰ্থিক অনাতন, আদিৰ দৰে বিভিন্ন সমস্যাৰ বাবে কিছুসংখ্যক ছোৱালীয়ে সম্পূৰ্ণ বিদ্যালয় যাব নোৱাৰে আৰু কিছুসংখ্যক ছোৱালীয়ে বিভিন্ন সমস্যাৰ বাবে আধাতে বিদ্যালয় এৰি দিয়া দেখা গৈছে।
এখনি উন্নতমানৰ দেশ গঢ়িবৰ বাবে দেশৰ সকলো লোক শিক্ষাৰে শিক্ষিত হোৱাটো অতি প্ৰয়োজনীয়। স্বাধীন দেশ এখনত সকলোৱে স্বাধীনভাৱে সকলো অধিকাৰ পোৱা উচিত। গতিকে, দেশৰ চৰকাৰে উঠি অহা সমস্যাৰ সমাধান কৰি ল’ৰাৰ সমানে ছোৱালীকো শিক্ষাৰ অধিকাৰ লাভৰ বাবে প্ৰয়োজনীয় সুযোগ সুবিধা খিনি প্ৰদান কৰিব লাগে। প্ৰত্যেকগৰাকী ছোৱালীৱে শিক্ষাৰ সোণালী সপোন ৰচিব পাৰিব লাগিব। তেতিয়াহে আমাৰ দেশখন প্ৰকৃতাৰ্থত স্বাধীন বুলিব পাৰিম।
নাম- হেপী গগৈ
বয়সঃ ১৭ বছৰ
জিলা- ডিব্ৰূগড়
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
আজিৰ সমাজত ৰাজত্ব কৰে
অন্ধবিশ্বাস, কু-সংস্কাৰ,
গোড়ামীত পৰি কঠোৰ হৃদয়
নৰ বলি হয় যাৰ।
বাল্যবিবাহে সমাজ আগুৰি আছে,
জ্ঞানী গুণীৰ অভাৱ,
নাই খোজ সেয়ে সমাজ সংস্কাৰৰ
পতন চৰিত্ৰ স্বভাৱ।
কুমলীয়া বয়সত দিলে বিয়া
হয় জঞ্জাল সংসাৰত,
যাতনাত হয় দিবা অতিবাহিত
নিশা চকুলোত।
সুখ বিচাৰি দুখ উপচি পৰে
শান্তিৰ নিদ্ৰা নাই,
দুই নয়নৰ অশ্ৰুৰে দেখা
সাগৰ বৈ যায়।
বছৰ একক পাৰ নহওঁতেই
সন্তান কোলাত পৰে,
ক্ষীণ কোমল দেহাটো লৈ
ধৰাৰ হাত কামোৰে।
চল্লিছৰ উৰ্দ্ধ নহওঁতেই যি
বৃদ্ধাৰ আকাৰ ধৰে,
ৰুগীয়া হৈ কম বয়সতে
অকাল মৃত্যুৰ মূখত পৰে।
নাম- আব্দুৰ ৰহমান
জিলা- কুৰ্শাবাটী, কোকৰাঝাৰ জিলা
চাহৰ দোকানত ভূমুকি মাৰিলো
দেখিলো ফোহাঁ হাত,
কোমল বয়সত অন্যৰ দোৱাৰত
ক্ষুধাৰ যাতনাত।
ৰাস্তাৰ কাষৰ হোটেলবোৰত
বহু চিনাকি মুখ,
জীয়াই থাকিও মৰাৰ দৰে
আজীৱন পলো দুখ।
ইটাভাটাত প্ৰখৰ ৰ’দত
যেতিয়াই পৰে ভৰি,
অহৰ্নিশে গালি-শপনি হায়!
প্ৰাণবায়ু যেন যায় উৰি।
কাৰখানাৰ সেই বিষাক্ত গেছ
শিশুৰ চিৰ লগৰী।
সোনালী জীৱন অন্ধকাৰত
দৰিদ্ৰতাত পৰি,
অগনিত শিশু বিক্ৰী কৰি
হয় আঢ্যৱন্ত্যৰ জাতি,
নিশ্ব: জনেও প্ৰাসাদ সাজে
কোটিপতি ৰাতাৰাতি
বহু দেৱশিশু মৃত্যুমুখত পৰে
বিদেশীৰ গোলামীত
নৈতিকতা নাই মানৱতা লুকালে
স্বাৰ্থলোভীৰ কৌশলীতে।
শ ক্ষেত্ৰত আজি হয়
শিশু শ্ৰমিকৰ ব্যৱহাৰ,
সমাজ কলুষিত ভদ্ৰতা শেষ
অন্যায়-অত্যাচাৰ।
প্ৰতিবাদীৰ কন্ঠৰ অভাৱ
সচেতন মহল সুপ্ত।
আকাশ বতাহ কপাই কৰিম বিদ্ৰোহ
সমাজ শিশু শ্ৰমিক মুক্ত।
এয়া জঘন্ন্য কদৰ্য্য কাৰ্য্য
চুকে কোণে জনাম
প্ৰতিটো ঘৰতে সকলোৰে দুৱাৰে
জ্ঞানৰ প্ৰদীপ জলাম
অপৰাধীৰ কোনো নিস্তাৰ নাই,
বাচিব আমাৰ দেশ
শিশুৱেই দেশৰ ভৱিষ্যৎ,
এই কথাই মোৰ শেষ।
মান- আব্দুৰ ৰহমান
জিলা- কুৰ্শাবাটী, কোকৰাঝাৰ জিলা
শিশু শ্ৰমিক- এক জলন্ত সমস্যা
বৰ্তমান সময়ত সমগ্ৰ দেশৰ এটা ডাঙৰ সমস্যা হৈছে শিশু শ্ৰমিক। এই সমস্যা দেশৰ উন্নতিৰ পথত এক প্ৰত্যাহ্বান ৰূপে ঠিয় দিছে। এই সমস্যা চম্ভালিবলৈ চৰকাৰে ভালেমান সক্ৰিয় ব্যৱস্থা হাতত লৈছে। এই জটিল সমস্যাটো নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ সৈতে জড়িত এক আৰ্থ সামাজিক সমস্যা। ইয়াক নাইকিয়া কৰিবলৈ সমাজৰ সকলো বৰ্গৰ সংযুক্ত আৰু আশাশুধীয়া প্ৰয়াসৰ প্ৰয়োজন। শিশু শ্ৰম সম্পৰ্কীয় পৰিস্থিতিৰ বিষয়ে আৰু বিতংভাবে জানিবলৈ মই মাজুলীৰ এগৰাকী শিক্ষক লুহিত বৰা দেৱৰ লগত কথা হৈছিলো। তেওঁ শিশু অধিকাৰৰ লগত জড়িত কাম সমূহৰ সৈতে ওতপ্ৰোত ভাবে জড়িত। তেওঁ মনৰ ভাবসমূহ ব্যক্ত কৰে এনেদৰে-
১৯৭৯ চনতেই চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদ স্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰিছিল। এই কমিটিৰ ছিফাৰিশ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন প্ৰণয়ন কৰা হয়। এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল। ১৯৮৭ চনত “শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি” নিৰ্দ্ধাৰণ কৰা হৈছিল। এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্মৰত শিশুৰ বিকল্প পূৰ্ণবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা লবলৈ যত্ন কৰি আছে।
ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰী পূঁজিৰ মতে শোষণ কৰিবলৈ সহজ হোৱা বাবে শিশুবিলাকক শ্ৰমিকৰূপে নিয়োগ কৰা হয়। শিশুৱে নিজৰ বয়সৰ তুলনাত কষ্টকৰ কাম কৰাৰ কাৰণ হিচাপে দৰিদ্ৰতাকেই চিহ্নিত কৰা হয় যদিও জনসংখ্যাৰ বিস্ফোৰণ, সস্তীয়া প্ৰেম, আইন প্ৰয়োগ নকৰা, মাক বাপেকে নিজৰ সন্তানক স্কুললৈ পঠিয়াব নোখোজা, গ্ৰামীণ এলেকাৰ চূৰান্ত দৰিদ্ৰাৱস্থা আদিও শিশু শ্ৰমিকৰ বৃদ্ধি আৰু জন্মৰ কাৰণ। আনহাতে শিশুৰ উপাৰ্জন আৰু শ্ৰমেই যদি পৰায়াল এটাৰ জীৱন ধাৰণৰ একমাত্ৰ উপায় হয়, তেনেহ’লে কোনে কি কৰিব পাৰে।
শিশু শ্ৰমিক সমূলি নাইকীয়া কৰিবলৈ ১ লাখ ৫০ হাজাৰ শিশুক সামৰি ৭৬ টা শিশুশ্ৰম প্ৰকল্প মঞ্জুৰ কৰা হৈছে। এক লাখ ৫০ হাজাৰ শিশুক বিশেষ স্কুলত ভৰ্তি কৰা হৈছে। সমগ্ৰ ৫০০ খন জিলাত ৰাষ্ট্ৰীয় শিশু শ্ৰমিক প্ৰকল্পৰ কাম-কাজ আৰম্ভ কৰিবলৈ যোজনা আয়োগক ১৫০০ কোটি টকা ধাৰ্য্য কৰিবলৈ শ্ৰম মন্ত্ৰালয়ে অনুৰোধ কৰিছে। ৫৭ টা স্বয়ংকাৰী উদ্যোগ, ধাবা আৰু মানুহৰ ঘৰত চাকৰ হিচাপে কাম কৰা ৯-১৪ বছৰ বয়সৰ শিশুক এই প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হ’ব। সৰ্বশিক্ষা অভিযানৰ দৰে চৰকাৰী যোজনাও শিশু শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। শিশু শ্ৰম এটা অপৰাধ, ইয়াৰ অন্ত যদি নহয়, তেনেহ’লে আমি জানো সম্পূৰ্ণ ৰুপে স্বাধীন বুলি ক’ব পাৰিম নিজকে ? সমাজৰ উন্নতি আৰু উজ্জল ভৱিষ্যতৰ বাবে শিশুৰ শিশুসুলভ মানসিকতা লুপ্ত হ’ব দিব নালাগে। শিশুৱেহে সমাজখন ভৱিষ্যতে গঠনমূলক ভাবে আগুৱাই নিব পাৰিব। সেয়ে তেওঁলোকৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত, শিক্ষা লাভ কৰাত সকলোৱে সহায় কৰিব লাগে।
যুৱ সাংবাদিক
নাম- স্বাগতা শইকীয়া
জিলা- মাজুলী
১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশ অৰ্থাৎ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। দেশ স্বাধীন হোৱাৰ আগতে বহুতো বাদ-বিবাদ, বাধা আদিৰ সম্মুখীন হ’ব লগা হৈছিল দেশবাসী। অৱশেষত, ব্ৰিটিছ সকলৰ বিৰুদ্ধে জনসাধাৰণে যি যুঁজ কৰিলে সেইটো সফল হ’ল আৰু আমাৰ দেশ স্বাধীন হৈ পৰিল। প্ৰথম বাৰৰ বাবে তিনি বৰণীয়া জাতীয় পতাকা অৰ্থাৎ গেৰুৱা বৰণ ত্যাগৰ প্ৰতীক, বগা বৰণ শান্তিৰ প্ৰতীক আৰু শ্যামল বৰণ উন্নতিৰ প্ৰতীক হিচাপে লৈ এখন পতাকা তৈয়াৰ কৰি তাক ১৪ আগষ্টৰ ৰাতি ১২ বজাত প্ৰথম জন প্ৰধান মন্ত্ৰীয়ে উৰুৱাই জনসাধাৰণক স্বাধীনতাৰ সু-বাৰ্তা প্ৰেৰণ কৰে। একেদৰে, পিছদিনা ৰাতিপুৱা ৮ বজাত লালকিল্লাত ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে জাতীয় পতাকাখন, জাতীয় সংগীতৰ সৈতে উত্তোলন কৰে। আৰু তেতিয়াৰ পৰাই প্ৰত্যেক বছৰে ১৫ আগষ্ট তাৰিখে লালকিল্লাৰ লগতে অফিচ, আদালত, স্কুল-কলেজ, বিভিন্ন ব্যক্তিগত খণ্ড ইত্যাদিত স্বাধীনতা দিৱস হিচাপে দিনটো পালন কৰা হয়। এই দিনটোত সকলোৰে মনত এক জাতীয়তাবাদৰ মনোভাৱ সৃষ্টি হয় আৰু অতি আনন্দ মনেৰে এই দিনটো পালন কৰা হয়।
স্বাধীনতা পোৱা ক্ষেত্ৰত মহাত্মা গান্ধী, লালা ৰাজপত ৰায়, দাদা ভাই নৌৰজী, সুভাষ চন্দ্ৰ বসু, মনিৰাম দেৱান, কণকলতা ইত্যাদি এওঁলোকৰ ভূমিকা উল্লেখনীয়। তেওঁলোকে নিজৰ গোটেই জীৱন ত্যাগ স্বীকাৰ কৰি বহু বাধা বিঘিনি অতিক্ৰম কৰি ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ সক্ষম হয়। এই দিনটোত শ্বহীদ সকলক শ্ৰদ্ধা জনোৱা হয় আৰু স্বাধীনতা সংগ্ৰামী সকলৰ প্ৰতি কৃতজ্ঞতা অৰ্পণ কৰা হয়।
আমাৰ দেশ স্বাধীন হোৱাৰ পিছত বহু ক্ষেত্ৰত উন্নতি হ’ল বা হৈ আছে। বৰ্তমান পৃথিৱীৰ বাকী শক্তিশালী দেশবোৰৰ লগত প্ৰায়ে ফেৰ মাৰিবলৈ সক্ষমতা লাভ কৰিছে। ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ব্যক্তিগত স্বাধীনতা আদি আমি দেশ স্বাধীন হোৱাৰ ফলত ভোগ কৰিব পাৰিছো। কিন্তু কিছুমান জাতীয় সমস্যাৰ পৰা আমি এতিয়াও স্বাধীন হ’ব পৰা নাই। তেনে কিছুমান সামাজিক সমস্যা হ’ল, বাল্য বিবাহ, শিশু শ্ৰমিক, ভেদাভেদ, ডাইনী হত্যা, উন্নত মানৰ শিক্ষা ব্যৱস্থা, দৰিদ্ৰতা আদি। এনেবোৰ সমস্যাই মনত মনলৈ দুখ কঢ়িয়াই আনে। আমাৰ বয়সৰ বা তাতোকৈ সৰু ল’ৰা-ছোৱালীবোৰে স্কুলত নগৈ পথাৰত কাম কৰি থকা দেখা পাওঁ, তেতিয়া বেয়া লাগে। আকৌ মোৰ বয়সতকৈ সৰু ছোৱালী এজনীৰ আৰ্থিক সমস্যা বা সামাজিক দৈন্যতাৰ বাবে বিয়া হোৱা দেখিলে মনত দুখ অনুভৱ কৰোঁ।
বৰ্তমান সমাজত দুই ধৰণৰ শিক্ষা ব্যৱস্থাই গা কৰি উঠিছে, চৰকাৰী আৰু বেচৰকাৰী খণ্ড। ইয়াৰ ফলত ধনী-দুখীয়া লোকসকলৰ মাজত দুটা শ্ৰেণীৰ সৃষ্টি হৈছে আৰু এনেধৰণৰ শিক্ষা ব্যৱস্থাই জ্ঞানৰ পৰিসীমাৰ ক্ষেত্ৰতো ল’ৰা-ছোৱালীবোৰৰ মাজত প্ৰায়খিনি পাৰ্থক্য আনিছে। আকৌ সমাজত আৰ্থিক অসুবিধাত ভূগি থকা লোকসকলৰ বাবে দৰিদ্ৰতা এক ব্যাধিস্বৰূপ হৈ পৰিছে। এই সমস্যাটোৱে দুখীয়া লোকসকলক যেন দৰিদ্ৰতাৰ কৱলত পৰাধীন কৰি ৰাখিছে। এই পৰাধীনতাৰ পৰা মুক্ত হ’ব পাৰিলে এওঁলোকেও এক শান্তিময় জীৱন যাপন কৰিব পাৰিব।
৭৮ নং বছৰ হোৱা স্বধীনতা দিৱসৰ এই সময়ছোৱাত এক মহামাৰী হিচাপে কৰোনা মহামাৰীয়ে ২০১৯-২০২০ বৰ্ষত গা কৰি উঠিছে। এই সময়ছোৱাত সকলোৱে এক অশান্তিকৰ পৰিৱেশত আছে যদিও এই দিনটোত দেশৰ সকলো নাগৰিকে শান্তি কামনা কৰি ‘জাতীয় পতাকা’ খন উত্তোলন কৰিব।
নাম- মনালিছা দাস
বয়স- ১৯ বছৰ
ঠিকনা- কুৰ্শাকাটি গাওঁ, কোকৰাঝাৰ জিলা
স্বাধীনতাৰ ৭৮ তম ভাৰতঃ নাৰী আৰু সমাজ
ভাৰতবৰ্ষ এখন স্বাধীন সাংবিধানিক ৰাষ্ট্ৰ। ভাৰতৰ সংবিধানে কোনো বৈষম্যতাক স্বীকাৰ নকৰে। ব্যৱধান ৰখা নাই লিংগ বৈষম্যতাতো। কিন্তু স্বাধীনতাৰ আজি ৭৮ বছৰৰ পাছতো স্ত্রী-পুৰুষৰ শিক্ষিতৰ হাৰৰ মাজত থকা বিৰাট ব্যৱধানে কি সূচায়?
শিক্ষাই মানুহক জ্ঞানৰ পথ দেখুৱাই। প্ৰগতিও ত্বৰাণ্বিত কৰে দেশ এখনৰ। এখন দেশৰ মহিলাসকলৰ ওপৰতে দেশৰ আভ্যন্তৰীণ বিকাশ নিৰ্ভৰ কৰে। গণতান্ত্রিক ভাৰতৰ সংবিধানে পুৰুষ নাৰী উভয়কে সম অধিকাৰ, সম মৰ্য্যাদা প্ৰদান কৰিছে যদিও ভাৰতীয় অধিকাংশ নাৰীয়েই সজাগতা অথবা সচেতনতাৰ অভাৱত এই অধিকাৰ ভোগ কৰিব জনা নাই। হয়, বৰ্তমান একবিংশ শতিকাৰ তীব্র গোলকীকৰণ, বিশ্বায়ন আৰু বিজ্ঞানৰ সাফল্যমণ্ডিত যুগত আজিৰ নাৰীয়ে মহাকাশত বিচৰণ কৰিছে,সাগৰৰ তলিয়ে তলিয়েও ঘূৰি ফুৰিছে। কিন্তু শিক্ষাৰ পোহৰৰ দ্বাৰা আলোকিত নোহোৱা ঠাইবোৰত এতিয়াও নানাধৰণৰ কু-সংস্কাৰ, অন্ধ-বিশ্বাস, সংকীর্ণতা, পৰ্দা প্ৰথা, যৌতুক প্ৰথা আদিৰ দৰে সামাজিক প্ৰথাৰ দাসত্ব হ'ব লগা হৈছে নাৰীসকল। বৰ্তমানৰ প্ৰেক্ষাপটতো কিছু গ্ৰাম্যাঞ্চলৰ নাৰী শিক্ষাৰ পোহৰৰ পৰা আজিও বঞ্চিত। তেনে পৰিয়ালৰ শিশু সকলে নিজকে সু নাগৰিক হিচাপে গঢ়িবলৈ যি শিক্ষাৰ প্ৰয়োজন সেই শিক্ষা শিশু অৱস্থাত নাপায় । ফলস্বৰূপে তেনে কিছুমান সমাজত বাল্য বিবাহ, কু-সস্কাৰ, অন্ধবিশ্বাস আদিয়ে আজিও সমাজত গা কৰি আাছে। আজিও নাৰী সামাজিক, অৰ্থনৈতিক ভাৱে পুৰুষসমাজৰ শাসনাধীন।
সৃষ্টিত পূৰ্ণতা ঢালি দিয়া গৰাকীয়েই নাৰী। এজন পুৰুষে পৰিশ্ৰমৰ কাঠিৰে সাজি উলিওৱা ঘৰটোত মৰম, বিশ্বাস, যত্ন, ত্যাগৰ তুলিকাৰে বেৰবোৰত প্ৰলেপ সানি বসবাসৰ উপযোগী কৰি তোলাৰ দ্বায়িত্ব নাৰীগৰাকীৰ। এগৰাকী নাৰী শিক্ষিত হ'লে সেই শিক্ষাৰ পোহৰত আলোকিত হয় পৰিয়ালটোও। দেশৰ প্ৰগতিৰো বহুলাংশে নাৰীসকলৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আমি নাৰীসকলক শিক্ষামুখী কৰি সমাজখনক আগুৱাই নিব লাগিব আৰু এদিন নিশ্চয়কৈ আমি ধৰিত্ৰীৰ বুকুত বাস্তৱিকতেই এখন বৈষম্যহীন স্বাধীন গণতান্ত্রিক ভাৰতবৰ্ষ গঢ়িব পাৰিম।
নাম- প্ৰজ্বলিতা ভূঞা
জিলা- ডিব্ৰুগড়
বাল্য বিবাহ আৰু সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ
“বাল্য বিবাহ”- মানৱ অধিকাৰ আয়োগৰবিষয় উলংঘা কৰাৰ লগতে আমাৰ সমাজৰ মহিলা আৰু কন্যা সকলৰ মাজত বিৰূপ প্ৰভাৱ পেলোৱা এটা প্ৰথা। যদিও আজিৰ বিশ্বই দিনে দিনে এটা উন্নয়নমূখী ধাৰালৈ গতি কৰি আছে, তথাপি ইয়াৰে কিছুমান বিশেষ ধৰ্মাৱলম্বী আৰু সংস্কৃতিৰ অন্তৰ্গত মানুহৰ মাজত আজিও এই প্ৰথা প্ৰচলিত হৈ আহিছে। পৃথিৱীৰ প্ৰায় ৪৬% মহিলা প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰ কাল নহওঁতেই বিবাহপাশত আবদ্ধ হৈ এই প্ৰথাৰ বলি হৈ আছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে বেছিবাগ অভিভাৱকে তেওঁলোকৰ ছোৱালীজনীক বিয়া দিলে ছোৱালীজনীৰ জীৱন সুৰক্ষিত হোৱা বুলি ধাৰণা কৰাৰ লগতে তেওঁলোকৰ এটা ডাঙৰ আপদ নিৰাময় হোৱা যেন অনুভৱ কৰে। এটা সংস্থাৰ সমীক্ষা অনুসৰি এতিয়ালৈকে প্ৰায় ১২০ মিলিয়ন মহিলাই তেওঁলোকৰ প্ৰাপ্তবয়স্ক কাল পূৰণ নোহোৱাকৈয়ে বিবাহপাশত আবদ্ধ হৈছে। যাৰ ফলত তেওঁলোকৰ ভৱিষ্যৎৰ লগতে মানসিক আৰু শাৰীৰিক দিশতো বহুত পৰিৱৰ্তনে দিছে।
বাল্য বিবাহে ছোৱালীবিলাকৰ শৈক্ষিক জীৱনৰ লগতে তেওঁলোকৰ কৈশোৰ কালত মুক্তভাৱে যি জীৱন যাপন কৰাৰ হাবিয়াস তাকো বাধা প্ৰদান কৰি আহিছে। বাল্য বিবাহৰ ওপৰত সমীক্ষা চলোৱা কিছুমান সংস্থাৰ তথ্যসমূহ তলত দিয়া ধৰণৰ-
•United Nation (UN) ৰ এক সমীক্ষা অনুসৰি প্ৰতিদিনে প্ৰায় ৩১০০০ বাল্য বিবাহ সমপন্ন হয়।
•বৰ্তমানৰ উন্নয়নমূখী এই পৃথিৱীত প্ৰত্যেক তিনিজনী ছোৱালীৰ এজনীয়ে ১৮ বছৰ পূৰ হোৱাৰ আগতে আৰু প্ৰত্যেক ৯ জনীৰ এজনীয়ে ১৫ বছৰ পূৰ হোৱাৰ আগতে বিবাহ পাশত আবদ্ধ হয়।
•বৰ্তমান ২০ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ প্ৰায় ৪০০ মিলিয়নে ১৮ বছৰৰ আগতে বিবাহপাশত আবদ্ধ হৈছে।
•১৫ বছৰ বা তাৰ তলৰ বয়সৰ ছোৱালীবিলাকৰ ২০ বছৰীয়া ছোৱালীৰ তুলনাত ৫ গুণে মৃত্যুৰ সম্ভাৱনা বেছি হয় সন্তান জন্ম দিয়াৰ পিছত, তাৰোপৰি এই বয়সৰ ছোৱালীবিলাকৰ HIV ৰ লগতে অন্য যৌন সংক্ৰমিত ৰোগ হোৱাৰ সম্ভাৱনা বেছি।
ওপৰৰ তথ্য সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে বাল্য বিবাহে আমাৰ এই পৃথিৱীত এটা নেতিবাচক ধাৰাৰ প্ৰভাৱ পেলাইছে আৰু ইয়াৰ বলি হৈছে ছোৱালীসকল। সেয়েহে পৃথিৱীৰ প্ৰায়বোৰ দেশেই এই প্ৰথাৰ বিৰুদ্ধে বিভিন্ন আইন প্ৰণয়ন কৰিছে। আৰু ভাৰত চৰকাৰেও ইয়াৰ বিৰুদ্ধে “The Child Marriage Resistant Act” গঠন কৰিছে। এই আইন অনুসৰি ছোৱালীবিলাকৰ ১৮ বছৰ আৰু আৰু ল’ৰাৰ ২১ বছৰ হ’লেহে তেওঁলোক বিবাহৰ বাবে উপযুক্ত হ’ব। অন্যথা ইয়াৰ বিৰুদ্ধে গ’লে কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। বৰ্তমানৰ এই পৃথিৱীত বাল্য বিবাহ সমাপ্ত কৰাৰ অতি প্ৰয়োজন আহি পৰিছে। ছোৱালীবিলাক মুক্ত মনেৰে নিজৰ কৈশোৰ কাল যাপনৰ লগতে তেওঁলোকৰ শৈক্ষিক জীৱনত যাতে বাল্য বিবাহৰ নিচিনা কিছুমান সমাজবিৰোধী প্ৰথাই প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে বৰ্তমানৰ সমাজখনে গুৰুত্ব আৰোপ কৰিলে নিসন্দেহে বাল্য বিবাহ নামৰ অসামাজিক প্ৰথাটো সমাজখনৰ পৰা নাইকিয়া হোৱাৰ লগতে ছোৱালীসকলৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব।
নাম- অদিতি মহন্ত
বয়স- ১৭ বছৰ
জিলা- বাক্সা
বাল্যবিবাহ- এক সামাজিক সমস্যা
বাল্যবিবাহ হ’ল বহুতো সামাজিক সমস্যাৰ ভিতৰত এক অন্যতম ডাঙৰ সমস্যা। ভাৰতৰ ক্ষেত্ৰত এক আইনগত বিবাহ কৰিবলৈ ছোৱালীৰ বয়স ১৮ আৰু ল’ৰাৰ বয়স ২১ হ’ব লাগিব, কিন্তু তাৰ আগতে বিবাহত বহিলে তাক বাল্য বিবাহ বুলি গণ্য কৰা হয়। বহুত শতিকা ধৰি বাল্যবিবাহ ভাৰতত পৰম্পৰা হিচাপে চলি আহিছে। মহাত্মা গান্ধী আচৰিত হৈছিল যেতিয়া ১৯২৯ চনত জনগণৰ তথ্য তেওঁ হাতত আহিছিল কাৰণ তথ্য মতে ৬০০ গৰাকী কন্যাৰ বয়স মাথো ১ ৰ পৰা ১২ মাহৰ আছিল। গান্ধীয়ে বাল্যবিবাহ প্ৰতিবন্ধিত আইন ১৯২৯ চনত আনিছিল আৰু এইখনে প্ৰথমখন বাল্যবিবাহৰ বিৰুদ্ধে আইন আছিল। এই আইন মতে বিবাহৰ বাবে সঠিক বয়সসীমা ল’ৰাৰ বাবে ১৮ বছৰ আৰু ছোৱালীৰ বাবে ১৪ বছৰ আছিল। ইযাৰ পিছতো বহু মানুহে বাল্যবিবাহৰ বিৰুদ্ধে মাত মাতি আছে কিয়নো এতিয়াও বাল্যবিবাহ আমাৰ ভাৰতত হৈয়ে আছে।
বাল্যবিবাহৰ মূখ্য কাৰণসমূহ তলত উল্লখ কৰা হ’ল-
•পৰম্পৰাগতঃ যিহেতু বাল্যবিবাহ বহুত শতিকা ধৰি পৰম্পৰাগতভাবে চলি আহিছে, সেয়ে বহুত মানুহে বা সমাজে পৰম্পৰাগতভাবে চলি অহা কিছুমান ৰীতি-নীতিৰ প্ৰতি বহুত আকৰ্ষিত হয় বা পৰম্পৰাক বহুত সন্মান কৰে আৰু বাল্যবিবাহৰ দৰে এক অপৰাধক আদৰি লয়।
•দৰিদ্ৰতাঃ যিহেতু বাল্যবিবাহ উন্নয়নশীল দেশত বেছিকৈ হয়, সেয়ে ইয়াৰ মুখ্য কাৰণ হ’ল দৰিদ্ৰতা। বহু দুখীয়া পৰিয়ালে নিজৰ ছোৱালীক কম বয়সতে বিবাহ হোৱাতো বিচাৰে, কাৰণ তেওঁলোকৰ টকাৰ যথেষ্ট অভাৱ, সেয়ে ভাল ঘৰ পোৱা যেন অনুভৱ কৰিলে ছোৱালীৰ বিবাহ কৰাই দিয়ে।
•অশিক্ষিতঃ যিহেতু ভাৰতৰ নিচিনা ৰাষ্ট্ৰত বহুত অশিক্ষিত মানুহ আছে আৰু তেওঁলোকে নাজানে যে কিমান বয়সত বিবাহ দিলে ভাল হয়, গতিকে, এনে লোকৰ বাবেও যথেষ্ট সংখ্যক বাল্য বিবাহ সম্পন্ন হয়।
•টকাৰ লোভঃ ভাৰতত এনে বহু লোক আছে, যিসকলে টকাৰ লোভত কম বয়সতে নিজৰ ল’ৰা অথবা ছোৱালীক বিবাহপাশত আবদ্ধ কৰায়। বহু দ’ৰা আহে যিয়ে কম বয়সৰ ছোৱালীক টকা দি হ’লেও নিজৰ পত্নী কৰি লব খোজে।
গতিকে, ভাৰতত ওপৰোক্ত কাৰণ সমূহে বাল্যবিবাহ সম্পন্ন কৰাত যথেষ্ট অৰিহণা যোগায়।
সমাজত বাল্যবিবাহৰ প্ৰভাৱ-
•শিক্ষাঃ যিহেতু বাল্যবিবাহ উপযুক্ত বয়সৰ আগতে হয়, সেয়ে যিসকল বিবাহপাশত আবদ্ধ হয়, সেইসকলে নিজৰ শিক্ষা জীৱন সমাপ্ত কৰিব নোৱাৰে। ফলত, কেনেকৈ নিজৰ সন্তানক শিক্ষা দিব লাগে অথবা পঢ়াব লাগে, তাৰ প্ৰতি সজাগ নহয়।
•পৰম্পৰাঃ বাল্যবিবাহ যিহেতু কম বয়সতে হয়, সেয়েহে তেওঁলোকে সিমান পৰিমাণৰ জ্ঞান আহৰণ কৰিব নোৱাৰে যিমান কৰিব লাগে। সেয়ে তেওঁলোকে পৰৱৰ্তী সময়তো এই প্ৰথা আগুৱাই নিয়ে আৰু ই পৰম্পৰাগত হৈ পৰে।
•স্বাস্থ্যজনীত সমস্যাঃ ১৮ বছৰ বয়সৰ আগত ১০০% যৌন ক্ষমতা লাভ কৰা নাযায়, যিহেতু বাল্য বিবাহ কম বয়সতে হয়, সেয়ে যৌন মিলনৰ ফলত বহুতো স্বাস্থ্যজনীত সমস্যাই দেখা দিয়ে।
প্ৰতিকাৰ-
বাল্যবিবাহ প্ৰতিকাৰৰ আটাইতকৈ ডাঙৰ পদক্ষেপ হ’ল ২০২৭ চনত ভাৰতৰ উচ্চতম ন্যয়ালয়ৰ দ্বাৰা লোৱা এক পদক্ষেপ। ২০১৭ চনৰ উচ্চতম ন্যয়ালয়ৰ নিৰ্দেশ অনুযায়ী যিসকল দ’ৰাই নিজৰ সৰু কন্যাক শাৰীৰিক নিৰ্যাতন কৰিব সিহঁতক এক আইনী পদক্ষেপৰ দ্বাৰা শাস্তি প্ৰদান কৰা হ’ব।
২০১৪ ৰ পৰা বিবাহ হ’লে চৰকাৰীভাবে সেই বিবাহ পঞ্জীভূত কৰাতো বাধ্যতামূলক কৰা হৈছে যাতে বাল্যবিবাহ বন্ধ কৰিব পাৰে। যদিহে কোনো লোকৰ আশে-পাশে বাল্যবিবাহ বা অপঞ্জীভূত বিবাহ সমপন্ন হয়, তেনেহ’লে সেয়া চৰকাৰক জনাবলৈ জনসাধাৰণক উৎসাহিত কৰা হৈছে।
বহুতো ব্যক্তি, সংস্থা আৰু চৰকাৰৰ দ্বাৰা বহুতো পদক্ষেপ লোৱা হয় অশিক্ষিত পৰিয়াল সমূহক বুজাবলৈ যাতে বাল্যবিবাহৰ নিচিনা অপৰাধমূলক কামৰ বন্ধ কৰিব পাৰে।
সামৰণিঃ ৰাষ্ট্ৰসংঘৰ UNICEF ৰ মতে বাল্যবিবাহ হ’ল মানৱ অধিকাৰ উলংঘাকাৰী এক ডাঙৰ অপৰাধ। ৰাষ্ট্ৰসংঘৰ এক লক্ষ্য মতে ২০৩০ ৰ ভিতৰত বাল্যবিবাহ পৃথিৱীৰ পৰা নাইকিয়া কৰা। গৱেষণা মতে গোটেই পৃথিৱীৰে ৪০% বাল্যবিবাহ ভাৰততে হয়। গতিকে এই সমস্যা আমি যিমান পাৰি সোনকালে নিৰাময় কৰিব লাগিব।
নাম- টাইকোৱান বসুমতাৰী
বয়স- ১৯ বছৰ
ঠাই- পাস্তিবাৰী, কোকোৰাঝাৰ জিলা
প্ৰাচীন ভাৰতত নাৰীক কেতিয়াও পুৰুষ সমমৰ্য্যাদা দিয়া প্ৰদান কৰা নাছিল। অতীতত নাৰী কেৱল স্বামী দেৱতাৰ সেৱিকহে আছিল। তথাপিও তেনে অতীতত ভাৰতত মৈত্ৰিয়ী, গাৰ্গী, লীলাৱতীৰ দৰে শিক্ষিতা পণ্ডিত নাৰীৰ উদাহৰণো পোৱা যায়। ঘৰৰ চাৰি বেৰৰ মাজতো আবদ্ধ কৰি ৰখা হৈছিল। ধৰ্মীয় অনুষ্ঠানটো নাৰীৰ প্ৰৱেশত বাধা দিয়া হৈছ্ল। বিভিন্ন যুগত ভাৰতীয় সমাজৰ নাৰীয়ে বহু অন্তৰায়, শোষণ, নেওচি বৰ্তমানৰ সময়ত উপনীত হৈছে। সময়ে সময়ে নাৰীয়ে নিজৰ জ্ঞান, বুদ্ধি, ত্যাগ, সততা, সাহস আদিৰে সমৃদ্ধ হৈ নিজৰ শক্তিশালী অৱস্থিতি ঘোষণা কৰিছে। উনৈশ শতিকাৰ ভাৰতবৰ্ষত সমাজ সংস্কাৰক সকলে শতীদাহ প্ৰথা, পৰ্দা প্ৰথা, বাল্য বিবাহ, কন্যা ভ্ৰূণ হত্যাৰ বিৰুদ্ধে যুঁজ দি নাৰীক উপযুক্ত মৰ্য্যাদা দিয়াৰ চেষ্টা কৰিছিল। নাৰী শিক্ষাৰ বিষয়ে আৰু বিস্তৃতভাবে জানিবলৈ মই সহায় লৈছিলো গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰীয়েল এণ্ড ইনষ্টিটিউট ইংৰাজী বিভাগৰ প্ৰৱক্তা শ্ৰী যুত প্ৰশান্ত কুমাৰ চুতীয়া চাৰৰ।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত, নাৰীয়ে শিক্ষা লাভৰ জৰিয়তে নিজৰ মৰ্য্যাদাৰ প্ৰতি অধিক সচেতন হয়। তেওঁলোকে শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে লাভ কৰাৰ ফলত, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্ৰত স্বমহিমাৰে জিলিকি উঠে। নাৰী শিক্ষা প্ৰসাৰৰ জৰিয়তে মহিলাসকল সামন্তবাদী শোষণ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰে। পুৰুষৰ সমানে আগবাঢ়ি শিক্ষিতা নাৰীয়ে বিভিন্ন উচ্চ পদবী তথা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু তথাপিও বৰ্তমানৰ পৰিপ্ৰেক্ষিতত নাৰীসকলৰ শিক্ষিতৰ হাৰ তুলনামূলকভাবে কম। আজিৰ যুগতো শিক্ষিত সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ অসুভ পৰম্পৰা চলি আহিছে। নাৰীক ডাইনী সজাই হত্যা কৰা, নাৰী নিৰ্যাতন, ধৰ্ষণ, লিংগ বৈষম্য এতিয়াও আমাৰ ভাৰতত দেখা যায়। ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষসকলৰ নাৰীৰ প্ৰতি দৃষ্টিংভগী অলপো সলনি হোৱা নাই। নাৰীয়ে নিজকে বৌদ্ধিক দিশত আগবঢ়াই নিলেহে মানৱ সম্পদ ৰূপে পৰিগণিত হ’ব। শিক্ষাৰ প্ৰসাৰণে প্ৰতিগৰাকী নাৰীক সজাগ,সচেতন আৰু জ্ঞানী কৰিব পাৰে। ফলত নাৰীগৰাকীয়ে স্বাধীন ভাবে চিন্তা কৰিব পৰা ক্ষমতাৰো অধিকাৰী হয়। অতীতৰ সীমিত সা-সুবিধা আৰু পুৰুষ প্ৰধান সমাজৰ ৰক্ষণশীলতাৰ মাজতো বহু নাৰীয়ে নিজৰ দক্ষতা, সাহস আৰু একাগ্ৰতাৰে একোখন বিশিষ্ট আসন লাভ কৰিছে। অনেক প্ৰত্যাহ্বানৰ সম্মুকীন হৈ নাৰীয়ে সমাজ, সভ্যতা আৰু সাংস্কৃতিক উত্তৰণৰ বাবে চেষ্টা চলাইছে। শিক্ষাৰ যোগেদিয়েই আজিৰ নাৰীয়ে পুৰুষৰ সমানে খোজ দিবলৈ সক্ষম হৈছে।
বি.দ্ৰ.- এই লেখাটো লেখাত মোক সহায় কৰিছিল গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰীয়েল এণ্ড ইনষ্টিটিউট ইংৰাজী বিভাগৰ প্ৰবক্তা শ্ৰী যুত প্ৰশান্ত কুমাৰ চুতীয়া চাৰে।
নাম- শ্ৰী নিতিশা শইকীয়া
বয়স- ১৫ বছৰ
জিলা- শিৱসাগৰ
আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যৎ। আমাৰ সমাজৰ ল’ৰা-ছোৱালী খিনিক কেনেদৰে আজিৰ বিজ্ঞানৰ যুগৰ লগত খাপ খুৱাব পাৰি, তাৰ বাবে তাৰ বাবে গৰিষ্ঠ সংখ্যক অভিভাৱকে অহৰহ চেষ্টা চলাই আছে। আনফালে কিছুমান পৰিয়ালৰ এনেকুৱা হৈছে যাৰ দুবালা দুমুঠি ভাত খাবলৈ নাই। তেনে পৰিস্থিতিত সেই পৰিয়ালৰ ল’ৰা-ছোৱালী, মাক-দেউতাককে আদি কৰি সকলোৰে চলাত অসুবিধা হয়। আজিৰ অভিভাৱকসকলে যেনেদৰে সন্তানক ভাল শিক্ষা দি আগুৱাই নিবলৈ চেষ্টা কৰে। দৰিদ্ৰ পৰিয়ালৰ লগতো সেই কথাষাৰ প্ৰযোজ্য। কিন্তু পৰিস্থিতিৰ তাড়ণাত পৰি সকলো তেনে কৰিবলৈ সক্ষম নহয়। ফলত সন্তানক কাম কৰিবলৈ ঘৰৰ পৰা উলিয়াই পঠাব লগীয়া হয় আৰু আনৰ ঘৰত, হোটেলত বা বিভিন্ন ঠাইত কম বয়সতে কৰ্মৰত হৈ পৰে।
শিশু সকল ভৱিষ্যৎৰ সু-নাগৰিক, গতিকে শিশু কাম কৰোৱাটো এটা জঘন্য অপৰাধ। শিশুসকলৰ সোণালী শৈশৱক দায়িত্বৰ বোজাৰে যেন কোনেও ধংস নকৰে। আমি সকলোৱে সজাগ হৈ তেওঁলোকক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। কেন্দ্ৰীয় চৰকাৰে ৬ ৰ পৰা ১৪ বছৰৰ শিশু সকলক বিনামূলীয়া শিক্ষী প্ৰদান কৰাৰ আচঁনি কৰিছে। এইবোৰ আচঁনিৰ বাবে এতিয়া দেশত শিশু শ্ৰমিকৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাব ধৰিছে। কিন্তু মাথো চৰকাৰৰ ওপৰত নিৰ্ভৰশীল নাথাকি আমি প্ৰত্যেকেই এই ক্ষেত্ৰত সচেতন আৰু দায়িত্বশীল হ’ব লাগিব।
নাম- অৰিন্দম চাংকাকতি, বিনীতা ৰাজবংশী, গীতাঞ্জলি ৰাজবংশী
বয়স- ১৩, ১৫ আৰু ১৫ বছৰ
জিলা- কামৰূপ, বাক্সা
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|