মৰমৰ
বন্ধু বান্ধৱী সকল,
পোন প্ৰথমে মই প্ৰতিবছৰৰ দৰে এইবছৰো সমগ্ৰ ৰাজ্যত যিদৰে বানে এক প্ৰলয়ংকাৰী দুৰ্য্যোগৰ সৃষ্টি কৰিছে, তাৰ বিষয়ে কব খুজিছো। অমোঘা গৰ্ভ মূণ্ড, শান্তনু কুল নন্দন ব্ৰক্ষ্মপুত্ৰৰ কুটিল দৃষ্টিয়ে অসমক জোলোকা জোলোকে পানী খুৱাই জীৰ্ণ-শীৰ্ণ কৰি তুলিছে। এই স্বাভাৱিক জন-জীৱন বিধস্ত হৈ পৰা বানপীৰিত ৰাইজৰ কাষলৈ গৈ মই তেওঁলোকৰ পুতৌ লগা অৱস্থাৰ বুজ লৈছিলো। তেওঁলোকে জীৱ-জন্তুৰ সৈতে এক কষ্টকৰ জীৱন যাপন কৰি আছে। ডিব্ৰূগড়ৰ মাজ মজিয়াত লুইতৰ টিঘিল-ঘিলনি, পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ, অসমৰ কৃষ্টি-সংস্কৃতিৰ লাই খুঁটা মাজুলি লুইতৰ বুকুত শুই পৰিছে। গতিকে আমি বৰ্তমানৰ নৱপ্ৰজন্মই বৰ লুইতক ভেটিবলৈ ককালত টঙালি বান্ধিবৰ হ’ল, নহ’লে ‘মাজুলি’ নামৰ দ্বীপটো কালৰ গহ্বৰত চিৰদিনৰ বাবে বিলীন হৈ যাব। মই সকলোকে অনুগ্ৰহ কৰিছো যাতে তেওঁলোকে নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আৰু বানপানী শেষ হোৱাৰ পিছতো স্থানীয় বিষয়া সকলে অনুমতি দিয়ালৈ কোনেও ঘৰলৈ নাযায়। ঘৰৰ চাৰিওফালে ব্লিচিং পাউদাৰ ছটিয়াব, খোৱা পানীৰ উৎসসমূহ পি.এইছ.ই.ডি. ৰ দ্বাৰা পৰীক্ষা কৰাব খোৱাৰ উপযোগী হয় নে নাই জানিবলৈ। বেয়া হৈ থকা বৈদ্যুতিক সামগ্ৰীৰ ব্যৱহাৰ নকৰিব। অসমত যিকোনো সময়তে বান হ’ব পাৰে গতিকে সাজু থাকিব। এইয়া অসম বাসীৰ বাবে সংকটৰ সময় গতিকে সকলোৱে একতাৰে কামবোৰ সম্পন্ন কৰক, শান্তি বজাই ৰাখিবলৈ যত্ন কৰক আৰু লগতে কুশলে থকাৰ কামনা কৰিলো।
পৰিস্মিতা দত্ত
জিলা- মাজুলী
কৰোনা মহামাৰীৰ সংকটৰ সময়তে বানে সংহাৰী ৰূপ ধাৰণ কৰাত ৰাজ্যৰ গ্ৰামাঞ্চল বিধ্বস্ত হৈছে। এফালে লকডাউন আৰু আনফালে বানৰ কবলত ৰাইজৰ গতি একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।
ডুমডুমা- কেইবাদিনো ধৰি দি থকা নেৰা-নেপেৰা বৰষুনৰ ফলত ডুমডুমা নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ ইয়াৰ দাতিতে থকা ডুমডুমা নগৰৰ পাঁচটাকৈ ৱাৰ্ড বাঢ়নী পানীয়ে বুৰাই পেলাই। বাঢ়নী পানী আৱাসীক অঞ্চলত সোমাই জণসাধাৰণৰ বিভীষিকাৰ সৃষ্টি কৰে। ৰাইজক বানৰ পৰা সকাহ দিবলৈ পাঁচটা অস্থায়ী শিবিৰ প্ৰদান কৰে।
ৰূপাই চাইডিং- বৰষুনৰ ফলত ডুমডুমাৰ উপৰিও ৰূপাই চাইডিংৰ ধন নগৰ, তপোবন, বিজয় নগৰ, দাইচা আদিত কৃত্ৰিম বানপানীয়ে কেইবাটাও পথ, কালভাৰ্ট বিধ্বস্ত কৰে। ডুমডুমাৰ বাঘজান পথত থকা ৰূপাই চাহ বাগিছাৰ ওচৰত থকা পকী দলং এখন বানপানীৰ ফলত বিচ্ছিন্ন হৈ পৰে। ফলত ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।
কৰ্দ্দৈগুৰি- বানপানীৰ ফলত কৰ্দ্দৈগুৰি অঞ্চলত ডিব্ৰু নৈয়ে প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰে। কেৰাণী, বৰগড়া, গৰিয়াটিং আদি কেইবাখনো গাওঁ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে। খহনীয়াই কৰ্দ্দৈগুৰিত থকা শিমলুগুৰি সত্ৰখনলৈ ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোৰ ৰাইজে খহনীয়া ৰোধ আৰু বানাক্ৰান্ত ৰাইজক উপযুক্ত সাহাৰ্য্য দিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
মই এগৰাকী যুৱ সাংবাদিক হিচাপে সকলোকে আহ্বান জনাওঁ যে, সকলোৱে যাতে এই বানপানীৰ সময়চোৱাত ল’ব লগা সাৱধানতা সমূহ অৱলম্বন কৰে।
নাম- সমীক্ষা সাৰদী ভাজনী
বয়স- ১৫ বছৰ
জিলা- তিনিচুকীয়া
তিনিচুকীয়া কেইখনমান ঠাইৰ বান পৰিস্থিতি
২০২০ চনটো সচাঁকৈয়ে কালৰূপ ধৰিছে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কিয়নো এফালে যদি কৰোনাই পৃথিৱী গ্ৰাস কৰিছে, আনফালে আকৌ বানপানীৰ ভয়ংকৰ ৰূপে ইতিমধ্যে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিছে। আনফালে কোনোদিনে নোহোৱা তিনিচুকীয়া জিলাৰ মানখোৱা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰূপাই চাইডিংটো বানপানী হোৱাত ইয়াৰ জনসাধাৰণ ভৱিষ্যতৰ বাবে অজান বিপদৰ সম্মুখীন হ’ব বুলি কব পাৰি।
ইতিমধ্যে দেশৰ বিভিন্ন ঠাইত হোৱা বানপানীৰ কালৰূপ বাতৰি কাকত, টিভিত প্ৰকাশ পাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মই কব বিচাৰো যে সাধাৰণতে আমি আমাৰ চাৰিওকাষটো ভালদৰে পৰিদৰ্শন কৰি নলা-নৰ্দমাবোৰত জমা হৈ থকা পানীবোৰ মুকলি কৰিবলৈ ব্যৱস্থা কৰিব লাগে। পানীৰ অপচয় নকৰিব, প্লাষ্টিকৰ বেগ নলা-নৰ্দমা সমূহত নেপেলাব, নিজৰ ওচৰে পজৰে থকা লোক সকলকো মানা কৰিব। আমি জানো বানপানীৰ বিস্তাৰ কিমান সোনকোলে ঘটে, গতিকে আগতিয়াকৈ এটুকুৰা ওখ ঠাইৰ বাচনি কৰি থব লাগে। লগতে খোৱা পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। লগতে খোৱা পানী উতলাই ঠাণ্ডা কৰি খাব লাগে। শুলে আঁঠুৱা লগাই শুব লাগে যাতে মহে কামুৰিব নোৱাৰে। নহ’লে এই সময়ত মেলেৰীয়া, কলেৰা, এনকেফেলাইটিছ আদি বিভিন্ন বেমাৰে গা কৰি উঠিব পাৰে। আমাৰ ঘৰৰ চাৰিওফালে ব্লিচিং পাউদাৰ, চূণ আদি চটিয়াই কীট পতংগ নাশ কৰাৰ ব্যৱস্থা কৰিব লাগে।
তালাপ আৰক্ষী চকী আৰু তালাপ গাওঁ পঞ্চায়তৰ অন্তৰ্গত তালাপ বালিবজাৰ নামৰ ঠাইখনৰ আৰক্ষী চকীৰ সমীপৰ চুবুৰীটোত যোৱা ইং ২৩/২৪ তাৰিকে দিয়া মুষলধাৰ বৰষুনৰ ফলত হোৱা পানীয়ে কালৰূপ ধাৰণ কৰি বানপানীৰ ৰূপ লৈছিল। ফলত অনাকাংক্ষিত বানপানীৰ বাবে উক্ত ঠাইখনৰ বাসিন্দা সকলে জীয়াতু ভূগিব লগা হৈছিল। ঘৰৰ ভিতৰত পানী সোমোৱাৰ বাবে বয়-বস্তু নষ্ট হোৱাৰ সম্ভাৱনাৰ লগতে গৰু ছাগলী, কুকুৰা-হাঁহ, মানুহ একাকাৰ হৈ একেলগে বসবাস কৰিব লগা পৰিস্থিতি আহি পৰিছিল। উক্ত ঠাইৰ ৰাইজে পানী বৈ যোৱাৰ বাবে নলা-নৰ্দমা সমূহ সঠিক সময়ত খান্দি চুবুৰীটোৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তালাপ গাওঁ পঞ্চায়তৰ দ্বাৰা চৰকাৰলৈ কাতৰ অনুৰোধ কৰিছে।
নাম- হিমন ৰঞ্জন বৰুৱা
জিলা- তিনিচুকীয়া
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
বানপানী, বানপানী
তুমি প্ৰতি বছৰ আহা
দি থৈ যোৱা মাথো
অনাকাংক্ষিত দুখৰ বোজা
কাঢ়ি নিয়া নিৰীহ জনৰ
সুখৰ ভাত আৰু
খেতিয়কৰ বুকু উদং কৰি
উটুৱাই লৈ যোৱা
তেওঁলোকৰ সেউজ সপোনবোৰ।
শৌৰ্ষ-বীৰ্ষৰে ভৰপূৰ অসমী আই
তোমাৰ সংহাৰী ৰূপত নিঃশেষ হ’ব ধৰিছে।
বানপানী,
তুমি আৰু কেতিয়াও নাহিবা
মই চাব নোৱাৰো
অসমী আইৰ সীমাহীন দুখৰ বোজা
সহিব নোৱাৰো
কঙাল খেতিয়কৰ বুকুৰ বেথা !
নাহিবা,
কেতিয়াও নাহিবা।
নাম- শ্ৰী আচুৰ্য্য পৰাণ দত্ত
শ্ৰেণী- দশম
জামুগুৰি
শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জয়মতী গাওঁ পঞ্চায়তৰ আহাৰ মাহত দিমৌ আৰু দিমৌ নৈৰ পানী বঢ়াৰ ফলত বানপানী হৈছে। এই বানপানীৰ ফলত মেছাগড় অঞ্চলৰ দিমৌকিনা, মাজৰ চুক, আমকটীয়া অঞ্চলৰ বহু পৰিয়ালৰ বাসগৃহত পানী সোমাইছে।
ইয়াৰ উপৰিও কৃষকসকলৰ শাক-পাচলি আৰু শালি ধানৰ কঠীয়া অনিষ্ট কৰি কৃষক সকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। ফলত কৃষক সকলে পুনৰ কঠীয়া পাৰিব লগা হৈছে। উল্লেখযোগ্য যে বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰাশ ৰ গোন্ধই পৰিৱেশ দূষিত কৰি অনাহাৰ অনিদ্ৰাত ভূগি থকা মানুহৰ কলেৰা, টাইফয়েদ আদি বোমাৰত পোলোৱাৰ সম্ভাৱনা অধিক। এই সমস্যাটোৰ ওপৰত উপযুক্ত ব্যৱস্থা নললে এনে ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। বানপানীৰ ক্ষতি সম্পৰ্কে কৃষি বিভাগ আৰু গাওঁবুঢ়াৰ জৰিয়তে জৰীপ চলোৱা হয় বুলি আমি জানিব পাৰিছো। ইয়াৰ লগতে কব খুজিছো, বান যোৱাৰ পিছতো যেন বৈদ্যুতিক তাঁৰ আদি কোনো কাৰণতে নোচোৱে যেতিয়ালৈ বৈদ্যুতিক বিভাগৰ লোক আহি সেয়া সুৰক্ষিত বুলি ঘোষণা নকৰে। বানৰ পিছতডাঙৰক সহায় কৰিব লাগে ঘৰখন চফা কৰিবলৈ আৰু কোনো ধৰণৰ উৱলি যোৱা বেৰা, দুৱাৰ, খিৰিকীৰ সৈতে খেলিব নালাগে, পুখুৰী, নদী আদিতো সাতুঁৰিব নালাগে।
গতিকে, উক্ত সমস্যাটোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষক গুৰুত্ব দিবলৈ অনুৰোধ কৰিছো।
নাম- অনুস্মিতা সন্দিকৈ, নিশিতা সন্দিকৈ, অংশুপাল বৰগোহাঁই
বয়স- ১৪,১৩,১৪ (ক্ৰমান্বয়ে)
জিলা- শিৱসাগৰ
বৃদ্ধি পাইছে দিখৌৰ জলপৃষ্ঠ
আতংকিত শেনছোৱাবাসী
সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত গেমন দলঙৰ সমীপৰ সেনছোৱা মথাউৰিয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। উদ্বেগজনক ভাৱে বৃদ্ধি পাই আহিছে দিখৌৰ জলপৃষ্ঠ। আহাৰমহীয়া প্ৰথমটো বানতেই মথাউৰিৰ ওপৰেদি বাগৰিছে। বাঢ়নি পানী, বছৰ-বছৰ ধৰি মেৰামতি বিহীন এই মথাউৰিটোৰ বাবেই বৃহত্তৰ শেনছোৱাবাসীয়ে এক আতংকিত জীৱন কটাবলগীয়া হৈছে। মথাউৰিৰ কেইবাটাও অংশৰে পানী বাগৰি মথাউৰিটোৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু লগতে আৱাসিক সকলৰ বাবেও বিপদ কঢ়িয়াই আনিছে। কেইবাটাও অংশৰ পৰা গৰাখহনীয়াৰ সৃষ্টি হৈছে। ইয়াৰ পিছতো জলসম্পদ বিভাগে কোনো ধৰণৰ প্ৰতিৰোধমূলক আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
দিখৌ নৈৰ বাঢ়নি পানীৰ বাবেই বানৰ ভূৰত শৱ দাহ কৰাৰ দৰে বেদনাদায়ক ঘটনাও সংঘটিত হৈছে। শেনছোৱা গাওঁৰ ৰাইজে উক্ত মথাউৰিটোৰ মেৰামতি কৰিবলৈ সংস্লিষ্ট বিভাগক অনুৰোধ জনাইছে। মথাউৰি ভাঙি গঞাৰ জীৱন সংকটপূৰ্ণ হোৱাৰ আগতেই মথাউৰিটোৰ মেৰামতি কৰিবলৈ জলসম্পদ বিভাগৰ লগতে চৰকাৰক বিষয়টো দৃষ্টিগোচৰ কৰা হ’ল।
নাম- শ্ৰী চিন্ময় শইকীয়া
শ্ৰী ইশাণী বৰুৱা
বছৰটোৰ আৰম্ভনিৰে পৰা মহামাৰী কৰোনাই বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বৰ মানৱজাতি আজি চিন্তিত। পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি দিশহাৰা হৈছে। চীন দেশৰ য়ুহান প্ৰদেশৰ পৰা বিয়পি পৰা ক’ভিড-১৯ নামৰ মহামাৰীয়ে মানৱজাতি তথা দেশৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ পথ দুৰ্বল কৰি তুলিছে। বহু দেশে ইয়াৰ বাবে চীনক দোষাৰোপ কৰিছে। এইয়া টীনৰ জৈৱিক অস্ত্ৰ হিচাপে অভিহিত কৰা দেখা গৈছে। মানৱজাতি তথাপিও বিচলিত হোৱা নাই। পৰিত্ৰাণৰ উপায়ৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। এই মাহামাৰী প্ৰতিহত কৰাৰ উপায় নিশ্চয় অতি সোনকোলেই উদ্ভাৱন হ’ব। সুদিন আৰু সুস্থিৰ পৰিৱেশ নিশ্চয় ঘূৰি আহিব।
আমাৰ ভাৰতবৰ্ষৰ এখন খুদ্ৰ ৰাজ্য অসমৰ কাৰণে বানপানীৰ সমস্যা নতুন নহয়। প্ৰতি বছৰেই অতি চিনাকি সমস্যা বানপানীৰ কবলত পৰি ককবকাই থাকিব লগীয়া হয়। এইবাৰ কৰোনাৰ আতংকৰ লগতে সংযোগ ঘটিল বানৰ প্ৰলয়। ৰাজ্যৰ অন্য ঠাইৰ লগতে আমি বাস কৰা ডিব্ৰূগড় মহকুমাৰ অন্তৰ্গত দুৰণিবটীয়া গাওঁ সমূহৰ পৰিস্থিতি দেখিলে দুখ লাগে। আলি-পদূলি নথকা গোবাট কৰি সদৃশ বাটেৰে বোকা-পানী গছকি স্কুললৈ যোৱা, আধা বাটত জোতা-চেণ্ডেল খুলি ঘৰৰ পৰা ওলোৱা সোমোৱা অভ্যাস ভাতৰ লগত পানী খোৱা নিচিনা আমাৰ বাবে। সেয়া যিয়ে নহওঁক লাগে আমাৰ গাওঁৰ খেতিয়ক পৰিয়ালৰ অৱস্থা কেনেকুৱা হৈছে কবলৈ ওলাইছো। তলৰ ছবিখন চাওক-
গঞা ৰাইজে কঠিয়া পাৰিছিল সোনগুটিৰ আশাত। এতিয়া শাওনত ৰোৱা-বোৱা সময়। কঠিয়া বোৰ পানীত বুৰ গ’ল। কঠিয়াৰ সঁচ বিচাৰি পুনৰ মাটি চহাই থোৱা মাটি এনেই পৰি আছে। পুনৰ কেতিয়া কঠিয়া পাৰিব কেতিয়া পাৰিব। ৰুব নোৱাৰিলে গঞা ৰাইজে কি খাই জিয়াই থাকিব। পথাৰেই আমাৰ জীৱন। পথাৰতেই নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা আমাৰ দৰে গাৱঁৰ দুখীয়ালোকৰ ওঁঠত এতিয়া হাঁহি নাই। সকলোৰে দুচকুত ভাহি উঠিছে বেদনাৰ চকুলো। উপায় নাই। এইয়া প্ৰকৃতিৰ উপহাস মহামাৰি কৰোনাৰ কাৰণে চীনক দোষাৰোপ কৰিব পৰা যায় কিন্তু প্ৰকৃতিক পাৰি জানো?
নাম- জয়শ্ৰী গগৈ
বয়স- ১৪
শ্ৰেণী- অষ্টম
জিলা- তিনিচুকীয়া
ডিব্ৰূগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ বগাদাত অঞ্চলৰ প্ৰায়সংখ্যক ৰাইজে কৰোনা মহামাৰীৰ এই সংকটৰ সময়ত মানিব লগীয়া সামাজিক নিয়মানুৱৰ্তিতা মানি নিজ কৰ্তব্যত মনোনিৱেশ কৰিছে। গাৱঁলীয়া চহা লোকসকলৰ সৰহ সংখ্যকৰে জীয়াই থকাৰ একমাত্ৰ সম্বল হ’ল কৃষি। গাৱঁৰ লোকসকলে অতীজৰে পৰা ধানখেতি কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে। বৰ্তমান দেশৰ তথা বিশ্বৰে পৰিস্থিতি অতি সংকটজনক। এই সময়ত ৰোৱনী সকলেও বৰ্তমান সময়ত জনসাধাৰণৰ মাজত থাকিবলগীয়া সামাজিক দূৰত্ব বজাই ৰাখি পথাৰত কঠিয়া ৰুইছে। কৃষকসকলেও ঠিক সেইঈদৰে নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি নিজ কাৰ্য্যত মনোনিৱেশ কৰিছে। ইয়াৰ উপৰিও বৰ্তমান বানপানীয়ে কিছু অঞ্চল জলমগ্ন কৰি সমস্যাৰ সৃষ্টি কৰিছে। এনে সংকটৰ সময়ত সকলোৱে সামাজিক নিয়মানুৱৰ্তিতা মানি চলাটো প্ৰধান কৰ্তব্য হৈ পৰিছে। বৰ্তমান সকলোৱে সজাগ আৰু সচেতন হৈ কৰোনা মহামাৰীৰ পৰা বাচি থাকিবলৈ সঠিক পথ অৱলম্বন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।
নাম- সংগীতা কোচ
বয়স- ১৭ বছৰ
জিলা- জিব্ৰূগড়
বানপানী, গৰাখহনীয়া, বৰ্তমান সময়ত ভয়ংকৰ প্ৰকৃতিক দুৰ্যোগৰ লগতে অসমৰ প্ৰধান সমস্যাৰ ভিতৰত অন্যতম। অসমৰ বহুতো নদী কাষৰীয়া অঞ্চল প্ৰতিবছৰ বানপানীয়ে বিধস্ত কৰি পেলায়। তেনেদৰে শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ লগতে বনগাওঁ, ভাটীবনগাওঁ শেনছোৱা গাওঁ আদি দিখৌপৰীয়া গাওঁসমূহ প্ৰতিবছৰেই বাৰিষা অহাৰ লগে লগেই বহুঠাইত মথাউৰি ভঙাৰ ফলত সম্পূৰ্ণৰূপে প্লাৱিত হয়। যাৰ পৰিপ্ৰেক্ষিতত কৃষিজীৱী গাওঁবাসীৰ শালি লাহি ধানৰ খেতিসমূহ সম্পূৰ্ণভাৱে বিনষ্ট হয়। তাৰোপৰি বানপানীৰ ফলত গাওঁবাসীৰ ঘৰ-দুৱাৰৰ লগতে পশুধনৰো অনিষ্ট হয়। কেৱল এয়াই নহয়, বানপানীৰ প্ৰভাৱত গাওঁসমূহত থকা বিদ্যালয় সমূহো প্লাৱিত হয় আৰু কেইবামাহলৈকে পলস পৰি থাকে। যাৰ ফলত সেই বিদ্যালয়সমূহত পাঠদান স্থগিত ৰাখিবলগীয়া হয় আৰু শৈক্ষিক দিশত সেই অঞ্চলটো যথেষ্ট পিছপৰি যায়। তাৰোপৰি বানপানী শেষ হোৱাৰ পিছতো ঠাইসমূহত অচিন ৰোগে দেখা দিয়ে, খোৱা পানীৰ অভাৱো পৰিলক্ষিত হয়। গতিকে, অই প্ৰতিবেদনৰ যোগেদি চৰকাৰলৈ এই গাওঁসমূহৰ বানপানীৰ সমস্যা ৰোদৰ বাবে মথাউৰি নিৰ্মাণ অথবা অন্য কোনো স্থায়ী বিকল্প গ্ৰহণ কৰি বানপানীৰ সমস্যাটোৰ সমূলি নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছো।
নাম- নয়নজ্যোতি গগৈ
বয়স- ১৭ বছৰ
জিলা- শিৱসাগৰ
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|