মৰমৰ
বন্ধু বান্ধৱী সকল,
পোন প্ৰথমে মুক্ত আকাশৰ সৈতে জড়িত সকলো কৰ্মকৰ্তালৈ প্ৰথমে
মোৰ নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশাকৰোঁ সকলো ভালে-কুশলে
আছে। যিহেতু কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লকডাউন দিয়া হৈছে, গতিকে
সকলোবোৰ বিদ্যালয় তথা মহাবিদ্যালয় অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে।
শিক্ষা লাভত যথেষ্ট বাধাৰ সম্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল। সেয়ে তাৰ
বিকল্প স্বৰুপে চৰকাৰে অনলাইন শিক্ষা পদ্ধতি মুকলি কৰি দিছে। ইয়াৰ
ভাল বেয়া দুয়োটা দিশেই আছে যদিও আমি সদায় ভালখিনি গ্ৰহণ কৰি
ইতিবাচক ভাৱে চলাটো নিজৰ সহজাত প্ৰবৃতি কৰি লব লাগে।
ছাত্ৰ-ছাত্ৰীসকলে মাথোঁ অনলাইন শিক্ষাৰ ওপৰতে নিৰ্ভৰ নাথাকি নিজেও
পঢ়াত গুৰুত্ব দিব লাগে, তেতিয়াহে সচাঁ অৰ্থত আত্মনিৰ্ভৰশীল হ’ব
পাৰিব। লগতে নিজেও সাৱধানে থাকিব লাগে এনে বিপদসংকুল পৰিস্থিতিৰ
পৰা বাছি থাকিবলৈ। শেষত সকলোৰে সুস্থাস্থ্য আৰু সহযোগিতা কামনা
কৰিলোঁ।
ধন্যবাদ
অনলাইন
শিক্ষাৰ সুবিধা আৰু অসুবিধা সমূহ
সমগ্ৰ বিশ্বতে চলি থকা কৰোনা মহামাৰীৰ বাবে বিদ্যালয় আৰু
ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া পাঠদানৰ মাজত ব্যঘাত জন্মিছে। গতিকে আমি
ছাত্ৰ-ছাত্ৰীসকল অনলাইন শিক্ষা ব্যৱস্থাৰ মাজত সোমাই পৰিব লগা
হৈছো। আমি এই অনলাইন শিক্ষা ব্যৱস্থাৰ কিছু সুবিধা আৰু কিছু
অসুবিধাৰ এনে ধৰণেৰে মুখামুখি হ’ব লগা হৈছো।
অনলাইন শিক্ষাৰ কিছু সুবিধা এনেধৰণৰ-
১) অনলাইন শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে শিক্ষাগুৰুৰ লগত মত
বিনিময় কৰাৰ উপৰিও যিকোনো বিষয়ৰ ওপৰত যিকোনো সময়তে অতি সহজে শিক্ষা
আহৰণৰ সুবিধা লাভ কৰিব পাৰে।
২) অনলাইন শিক্ষাপদ্ধতি স্ফুৰ্তিদায়ক পদ্ধতি।
৩) অনলাইন শিক্ষা পদ্ধতিত শিক্ষকে দিয়া ৰেকৰ্ডেড পাঠ, শ্লাইড আৰু
হাতে লিখা টোকাসমূহ শিক্ষাৰ্থীয়ে সংগ্ৰহ কৰি থব পাৰে।
৪) অনলাইন শিক্ষাৰ অন্য এটা গুৰুত্বপূৰ্ণ সুবিধা হ’ল, ইয়াত শিক্ষা
আহৰণৰ ক্ষেত্ৰত নিৰ্ধাৰিত সময়সীমা নাথাকে।
৫) পৰম্পৰাগত শ্ৰেণীকোঠাসমূহত সপ্তাহৰ ছয়টা দিনত নিৰ্দিষ্ট সময়ৰ
বাবে শিক্ষাগুৰু উপস্থিত থকাৰ বিপৰীতে অনলাই শিক্ষা ব্যৱস্থাত
সপ্তাহৰ প্ৰত্যেকটো দিনতে অনলাইন শিক্ষা ব্যৱস্থাত সপ্তাহৰ
প্ৰত্যেকটো দিনতে শিক্ষকসকল শিক্ষা প্ৰদানৰ বাবে সাজু থাকে।
৬) এই ব্যৱস্থাত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা মতে সময় উলিয়াই লোৱাৰ
সুযোগ থাকে অৰ্থাৎ সুবিধা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰি।
অনলাইন শিক্ষাৰ কিছু অসুবিধা এনেধৰণৰ-
১) অনলাইন শিক্ষা ব্যৱস্থাটো অতি খৰচী যাব বাবে সকলো শিক্ষাৰ্থীয়ে
এই সুবিধা লাভ কৰিব নোৱাৰে।
২) সকলোবোৰ বাবে কম্পিউটাৰ, লেপটপ, স্মাৰ্ট ফোন ক্ৰয় কৰাটো সম্ভৱ
নহয় যাৰ বাবে অসমৰ কেইবাজনো ছাত্ৰৰ মানসিক চাপত ভূগি আত্মহত্যাৰ পথ
বাছি লৈছে।
৩) অনলাইন শিক্ষাৰ অন্য এটা অসুবিধা হ’ল সকলো বিষয়ৰ শিক্ষা অনলাইন
শিক্ষাৰ দ্বাৰা প্ৰদান কৰিলো বুজি পোৱা নাযায়।
৪) কম বয়সীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অত্যাধিক মোবাইল, নেটৱৰ্কত
লিপ্ত হোৱাৰ ফলত মানসিক উৎকৰ্ষ সাধনত হেঙাৰ ৰূপ থিয় দিছে।
৫) অনলাইন শিক্ষা পদ্ধতিত অতি বেছি মোবাইল, লেপটপৰ ব্যৱহাৰে
ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি হ্ৰাস কৰিছে লগতে নৈতিক চৰিত্ৰও ঠুনুকা
কৰিছে।
৬) অনলাইন শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত মানৱীয় অনুভূতি আৰু
জীৱনৰ মূল্যবোধ জগাই তুলিব নোৱাৰে।
নাম- শ্ৰী ভাগ্যশ্ৰী কলিতা
শ্ৰেণী- অষ্টম
জিলা- শিৱসাগৰ
কৰোনাৰ
প্ৰভাৱত অনলাইন শিক্ষাৰ প্ৰভাৱ
শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰা গ্ৰামাঞ্চলৰ বহুসংখ্যক
ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ। বৰ্তমান (বিশ্ব মহামাৰী) কৰোনা
সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো শিক্ষানুষ্ঠানৰ বন্ধ
ঘোষণা কৰা হৈছে। ফলত, শিক্ষাৰ্থী সকল প্ৰত্যক্ষ শিক্ষাৰ পৰা বিৰত
থাকিব লগা হয়। শিক্ষা বিভাগে শিক্ষাৰ্থীৰ শৈক্ষিক দিশত আগবাঢ়িব
পৰাকৈ বিজ্ঞান সন্মত অনলাইন শিক্ষাৰ প্ৰচাৰ কৰে।
সম্প্ৰতি প্ৰায়বোৰ দেশতে অনলাইন ব্যৱস্থাৰ দ্বাৰা অধিক
সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। বিশেষকৈ ব্যক্তিগত শিক্ষানুষ্ঠান
সমূহে এই ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। তাৰ বিপৰীতে চৰকাৰী
বিদ্যালয় সমূহ সম পৰিমাণে আগুৱাই যাব পৰা নাই। দৰিদ্ৰ সীমাৰেখাৰ
তলৰ শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ ইন্টাৰনেট সংযোগী ব্যৱস্থা নথকাৰ
বাবে অনলাইন শিক্ষাৰ পৰা বঞ্চিত হৈছে।
বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ জনাওঁ, আমাৰ গাৱঁলীয়া
অঞ্চলবোৰৰ সমীক্ষা চলাই যিসকলৰ মোবাইল ফোন নাই তেওঁলোকক দিয়াৰ
ব্যৱস্থা কৰে যেন। লগতে শিক্ষাৰ্থী সকলৰ বাবে ইন্টাৰনেট পেক সমূহ
বিনামূলীয়া কৰি দিবলৈ আৰু একেদৰে, ২৪ ঘন্টীয়া বিদ্যুৎৰ ব্যৱস্থা
কৰিবলৈ অনুৰোধ জনালো। এইক্ষেত্ৰত চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই
বিশেষভাৱে চকু ৰাখিব বুলি বিশ্বাস ৰাখিলো।
নাম- জানমনি কোঁৱৰ, ময়ুৰ পংখী দত্ত, দেৱাঙ্গভূষণ বৰগোহাঁই
বয়স- ১৬, ১৪, ১৬ ক্ৰমান্বয়ে
ঠিকনা- মেচাগড়, শিৱসাগৰ
আধুনিক
শিক্ষাৰ অন্যতম অংগ হিচাপে অনলাইন শিক্ষাৰ প্ৰাসংগিতা
শিক্ষা এক বহু পুৰণি ব্যৱস্থা। জাতি-বৰ্ণ, ধৰ্ম, লিংগ
বৈষম্যৰ নামত কৰা অত্যাচাৰ শোষণ-পীড়ণৰ ইতিহাস অবৰ্ণনীয়। যুগ যুগ
ধৰি কৰা তপস্যা আৰু ব্ৰতৰ ফল বৰ্তমানৰ আধুনিক শিক্ষা। মধ্যযুগৰ
মহান মনিষীৰ বিৰল চিন্তাধাৰা, পশ্চিমীয়া শিক্ষাৰ প্ৰসাৰ আৰু
প্ৰভাৱ ভাৰতীয় শিক্ষা ব্যৱস্থা বিকাশৰ অন্যতম মাইলৰ খুটি। বৰ্তমান
যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বিজ্ঞানৰ অভূতপূৰ্ব বিকাশে
মানৱ সভ্যতাক এক নতুন দিশৰ সন্ধান দিছে। ইয়াৰ সমান্তৰালভাৱে
প্ৰাশ্চাত্যকৰণ, আধুনিকীকৰণ আদি প্ৰক্ৰিয়াই নানা সমস্যাৰ সৃষ্টিত
ইন্ধন যোগাইছে।
মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হ’ল শিক্ষা। শিক্ষাৰ
অবিহনে জীৱন এটা অন্ধকাৰ কক্ষৰ সদৃশ। য’ত কেৱল আন্ধাৰৰ নিস্তব্ধতা
আৰু বিষন্নতা পোৱা যায়। শিক্ষাই মানৱ জীৱনৰ ৰুদ্ধদ্বাৰ সমূহ মুক্ত
কৰে।শিক্ষা এনে এক সংস্থা য’ত কেৱল পোহৰৰ কিৰণ ৰঞ্জন থাকে।
মানৱ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বিভিন্ন উৎসৰ মাজত
মহামাৰী অন্যতম। চীনৰ য়ুহান চহৰত সৃষ্টি হোৱা ন’ভেল কৰোনা ভাইৰাছে
সম্প্ৰতি সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আমাৰ দেশতো ইয়াৰ
প্ৰভাৱ পৰিলক্ষিত হৈছে। বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ ফলত
শিক্ষাৰ্থীৰ জীৱনলৈ এক নতুন শংকা আৰু ভাবুকি কঢ়িয়াই আনিছে।
সম্প্ৰতি শিক্ষা ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন দেখা গৈছে। অনলাইন
শিক্ষা ব্যৱস্থাই বৰ্তমান অধিক জনপ্ৰিয়তা লাভ কৰিছে। সমসাময়িক
পৰিস্থিতিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে এই কথা সু-স্পষ্ট হয় যে এই
শিক্ষা ব্যৱস্থা সুৰক্ষিত আৰু ক্ষীপ্ৰ। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীৰ
ভৱিষ্যৎ, পৰিয়ালৰ ভৱিষ্যৎ আৰু দেশৰ ভৱিষ্যৎ বহুগুণে সুৰক্ষিত বুলি
ক’লে হয়তো ভূল কোৱা নহ’ব। ইয়াৰ সমান্তৰালভাৱে এই শিক্ষা
ব্যৱস্থাত বহুতো আসোঁৱাহৰ সৃষ্টি হৈছে। যিখিনি সময়ত শিশুক এগৰাকী
সুস্থ নাগৰিকৰূপে গঢ় দিব লাগে, সেই সময়ত অভিভাৱকসকলে মোবাইল ফোন
হাতত তুলি দিবলৈ বাধ্য হৈছে। ভাৰতত আধুনিকীকৰণ, ঔদ্যোগীকৰণ,
নগৰীকৰণ প্ৰক্ৰিয়া দীঘলীয়া যদিও দেশত দৰিদ্ৰতা, নিবনুৱা,
মধ্যবিত্তৰ পৰিমাণ শেষ হোৱা নাই।
সম্প্ৰতি সমগ্ৰ দেশতে লকডাউন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অন্ত
পৰা নাই। শিক্ষা ব্যৱস্থা বৰ্তাই ৰখা একমাত্ৰ বিকল্প হ’ল অনলাইন
শিক্ষা। এটা ভাল স্মাৰ্ট ফোন অথবা এটা লেপটপৰ অবিহনে এই শিক্ষা
স্বয়ং সম্পূৰ্ণ হ’ব নোৱাৰে। বৰ্তমান সময়ত এই সামগ্ৰীসমূহৰ দাম
অতি উচ্চ। এই আতংকৰ সময়ত কাম কৰি আৰ্জিবলৈ দক্ষতাতকৈয়ো ভাগ্য
অত্যাৱশ্যকীয়। দিন হাজিৰা কৰা কৃষক নতুবা ব্যক্তিগত মালিকৰ অধীনত
কৰ্মৰত ব্যক্তিৰ সন্তানৰ শিক্ষা আহৰণৰ পথ প্ৰায় সংখ্যকেই স্থবিৰ
হোৱাৰ উপক্ৰম হৈছে। আৰ্থিক দুৰ্বলতা অনলাইন শিক্ষা আহৰণৰ পথত হেঙাৰ
হৈ পৰিছে। অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে শিক্ষাৰ্থীৰ একাগ্ৰতা,
লক্ষ্য আৰু নিষ্ঠাৰ বহু পৰিমাণে সালসলনি কৰাত এক অপভূমিকা গ্ৰহণ
কৰিব। অনলাইন শিক্ষাৰ পৰা বঞ্চিত বহু শিক্ষাৰ্থীৰ ভৱিষ্যতৰ শংকাই
মানসিক ভাৰসাম্যতা বিনষ্ট কৰাত এক উদ্বেগৰ সৃষ্টি কৰিছে।
“পৰিৱৰ্তনশীল সমাজৰ বাবে পৰিৱৰ্তনেই সত্য”- লক্ষ্মীনাথ
বেজবৰুৱাদেৱে কোৱা এই কথাষাৰ মনলৈ আহিছে। সম্প্ৰতি পৰিস্থিতিয়ে
সামাজিক ক্ষেত্ৰসমূহৰ পৰিৱৰ্তনত ভূমিকা গ্ৰহণ কৰিছে। পৰিৱৰ্তনশীল
সমাজে পৰিৱৰ্তনক অস্বীকাৰ কৰিব নোৱাৰে। পৰিৱৰ্তনৰ লগত খোজ মিলাই
যাব পাৰিলে সমাজ ব্যৱস্থাৰ নতুন প্ৰগতিৰ সম্ভৱ হয়। এই উদ্দেশ্য
আৰু লক্ষ্যৰ মহাসংযোগে মানৱ সভ্যতাক এক নতুন দিশে বাট বুলিবলৈ
ইন্ধন যোগাব। পৰিৱেশ আৰু পৰিস্থিতিৰ মহাৱস্থানত চমকপদ আৰু
সৃষ্টিশীল জীৱন ধাৰণৰ পথ উন্মোচন কৰে। ভাল গুণৰ বৃদ্ধিয়ে এটা
বস্তুৰ সৃষ্টিশীলতাৰ প্ৰতীক আৰু অপগুণ ধংসৰ প্ৰতীক। সেই দেখি ভাল
গুণৰ দিশে গতি কৰি অপগুণক পৰিত্যাগ কৰাই মূল।
নাম- শত্তপদ্ম শইকীয়া
বয়স- ১৮ বছৰ
জিলা- শিৱসাগৰ
২০২০ বৰ্ষত ছাত্ৰ সমাজে ভূগিব লগীয়া কিছুমান সমস্যা
আজি গোটেই বিশ্বতে কৰোনা ভাইৰাছে যি অৱস্থাৰ সৃষ্টি
কৰিছে, ইয়াৰ আগতে হয়তো কোনো দিনেই এনেকুৱা সমস্যাৰ সৃষ্টি হোৱা
নাছিল। মই এজন ছাত্ৰ হিচাপে যেনেকুৱা সমস্যাৰ সম্মুখীন
হ’বলগীয়া হৈছে, হয়তো আগৰ চামৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা
সমস্যাৰ সম্মুখীন হোৱা নাছিল। যিখিনি সময়ত বিদ্যালয়লৈ গৈ
শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা জ্ঞান বুটলিব লাগিছিল, সেইখিনি
সময়ত আজি ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। শিক্ষক-শিক্ষয়িত্ৰী,
বন্ধু-বান্ধৱ আদি সকলোৰে পৰা আতৰি থাকিব লগীয়া হৈছে। আমাৰ
শিক্ষা ব্যৱস্থা অনুযায়ী বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলে ছমহীয়া
পৰীক্ষাত অৱতীৰ্ণ হৈ গৰমৰ বন্ধ পোৱাৰ সময় আছিল। কিন্তু তাৰ
আগতেই শিক্ষানুষ্ঠানসমূহ বন্ধ হোৱা দিন ধৰি পৰীক্ষা, বিদ্যালয়
আদিৰ পৰা আতৰি ঘৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈছে। ইয়াৰ ফলস্বৰূপে
আমাৰ শিক্ষাব্যৱস্থা বহু পিছুৱাই যায়।
চৰকাৰে যদিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি নজৰ ৰাখি অনলাইন
ক্লাছ আৰম্ভ কৰিছে, তথাপি চৰকাৰে এই পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীৰ
জীৱনত কিমান উন্নতি কৰিব পাৰে সেয়া আমি সঠিকভাৱে ক’ব নোৱাৰো।
কিন্তু মই এগৰাকী ছাত্ৰ হিচাপে ক’ব খুজিছো, বিদ্যালয়ৰ পাঠদানৰ
জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যিমান উপকৃত হয়, অনলাইন পদ্ধতিৰ দ্বাৰা
সিমান নহ’ব। কিয়নো গাওঁ অঞ্চলৰ বহু লোকৰ মাজত এতিয়াও স্মাৰ্ট
ফোন নাই কিয়নো তেখেতসকলে মাথো দুবেলা দুমুঠিৰ বাবেই দেহৰ তেজ
পানী কৰিব লগা হয়। তেনে পৰিস্থিতিত জানো নিজৰ সন্তানৰ হাতত এটা
স্মাৰ্ট ফোন তুলি দিয়াটো সম্ভৱপৰ হ’ব ? কোনো দয়াবান লোকে
মোবাইল ফোন দি সহায় কৰিলেও ছাত্ৰ বা ছাত্ৰী গৰাকীৰ অভিভাৱকৰ
হাতত ৰিছাৰ্জ কৰিবলৈ পৰ্য্যাপ্ত ধন নাথাকিবও পাৰে। বহুতৰ বাবে
ই সম্ভৱপৰ নহ’বও পাৰে। এই সমস্যাই ছাত্ৰ জীৱনত বহুখিনি প্ৰভাৱ
পেলাইছে।
এইখিনিতে মই মোৰ নিজৰ সমস্যা ব্যক্ত কৰিব খুজিছো। মই এজন
অতি দুখীয়া পৰিয়ালৰ সন্তান। মোৰ মা-দেউতাই কোনোমতে দিন হাজিৰা
কৰি আমাৰ পৰিয়ালটো পোহ-পাল দি আহিছে। তেওঁলোকৰ কোনো শিক্ষা
নাই। আমাৰ ঘৰত এটা স্মাৰ্ট ফোনো নাই। মোক কোনো এগৰাকীয়েও মোৰ
পঢ়াত সহায় কৰিব নোৱাৰে। বিদ্যালয় খোলা থাকোতে
শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা শিক্ষা ল’ব পাৰিছিলো, কিন্তু আজি
তাৰ পৰা বঞ্চিত হৈ আছো। চৰকাৰে মোবাইল, টেলিভিচনৰ জৰিয়তে
অনলাইন শিক্ষা গ্ৰহণ কৰিছে যদিও মোৰ দৰে আন বহুতে এই সমস্যাত
ভূগি আছে। এনেদৰে জানো আমি ছাত্ৰ জীৱনত উন্নতি সাধন কৰিব পাৰিম
?
কৰোনা ভাইৰাছৰ পৰা সৃষ্টি হোৱা এই সমস্যাই কেৱল
ছাত্ৰ-ছাত্ৰীৰ জীৱনতে প্ৰভাৱ পেলাইছে এনে নহয়, ইয়াৰ প্ৰভাৱ
কৃষি, অৰ্থনীতি আদিৰ ওপৰতো পৰিছে। বৰ্তমান সময়ত খেতিয়ক সকলে যি
আশা কৰি খেতি কৰিছিল, তাৰ ফল তেওঁলোকে লাভ কৰিব নোৱাৰিলে।
লকডাউনৰ ফলত তেওঁলোকে কৰা সকলো ধৰণৰ খেতিৰ সামগ্ৰী নষ্ট হৈছিল
বিক্ৰী কৰিব নোৱাৰাৰ বাবে। ফলত অৰ্থনীতিৰ ভেটিও শিথিল হৈ পৰিল।
নাম- শ্ৰী প্ৰানজিৎ শৰণীয়া
বছৰ- ১৫ বছৰ
তামুলপুৰ, বাক্সা জিলা
অনলাইন শিক্ষাৰ ইতিবাচক আৰু নেতিবাচক দিশ সমূহ
সাম্প্ৰতিক সময়ত কৰোনা মহামাৰীৰ বাবে সকলো স্কুল-কলেজ
বন্ধ
হৈ আছে। এই শৈক্ষিক বছৰটিত ছাত্ৰ-ছাত্ৰীসকল শিক্ষাৰ ক্ষেত্ৰত
যাতে
পিছ পৰি নাথাকে তাৰ বাবে অনলাইন শিক্ষা ব্যৱস্থা হাতত লোৱা
হৈছে।
ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰা দেখা গৈছে।
বিদ্যালয়ৰ
শিক্ষাৰ উপৰিও ছবি অঁকা সংগীত শিক্ষা আৰু নৃত্য শিক্ষা আদিও
ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰিব পাৰিছে। ই শিক্ষাৰ ধাৰাবাহিকতা
চলাই
নিয়াত সহায় কৰিছে। কিন্তু আৰ্থিক সমস্যাত পৰা দুখীয়া
ল’ৰা-ছোৱালীয়ে অৰ্থৰ অভাৱত এই সুবিধা ল’ব পৰা নাই।
অনলাইন শিক্ষা ব্যৱস্থাটো শিক্ষকৰ বাবে প্ৰত্যাহ্বান
স্বৰূপে
দেখা দিছে। এই অনলাইন শিক্ষা কিমান কিমান ফলপ্ৰসূ হৈছে বুলি
সোধাত
ডুমডুমা ড’নবস্ক হাইস্কুলৰ শিক্ষয়িত্ৰী সোনালী ফুকন লাহন
বাইদেৱে
কয়, “এই শিক্ষাৰ দ্বৰা সকলো ছাত্ৰ-ছাত্ৰী সমানে উপকৃত হ’ব পৰা
নাই। অষ্টম শ্ৰেণীত এটা পৰীক্ষা লওঁতে প্ৰায় দহগৰাকী
ছাত্ৰ-ছাত্ৰীয়ে মোৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে। বেচৰকাৰী
বিদ্যালয়ত অকল ২০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ পৰা যদি সহাঁৰি পাওঁ,
তেনেহ’লে চৰকাৰী বিদ্যালয়ত ইয়াতকৈ অধিক হ’ব। তাৰোপৰি, আমি
ছাত্ৰ-ছাত্ৰীক নিতৌ পঢ়াই গৈছো যদিও তেওঁলোকে বুজি পাইছেনে
সেইকথা
আমাক অৱগত নকৰে। সেইদৰে ভিডিও কৰিবলৈ বেলেগকৈ এপ এটাৰ সংযোগ
লাগে,
সংযোগ কৰাৰ সময়ত প্ৰায়েই নেটৱৰ্কৰ সমস্যাই দেখা
দিয়ে।”
ডুমডুমা ড’নবস্ক হাইস্কুলৰ আন এগৰাকী শিক্ষয়িত্ৰীক এই
অনলাইন শিক্ষাৰ পৰা কি সুবিধা পাইছে বুলি সোধাত এইদৰে কয়- “এই
শিক্ষাই ছাত্ৰ-ছাত্ৰীক যথেষ্ট সহায় কৰিছে। ইয়াৰ জৰিয়তে আমি
ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযোগ ৰাখিব পাৰিছোঁ। স্কুলত পঢ়াৰ দৰে
যদিও
নহয় আৰু বিদ্যালয়ৰ মুকলি পৰিৱেশ আৰু আনন্দ ফুৰ্তিৰ মাজেৰে
যিদৰে
শিক্ষা গ্ৰহণ কৰে তাৰ সম পৰ্য্যায়ৰ নহ’লেও ছাত্ৰ-ছাত্ৰীৰ মাজত
আমি
পঢ়াৰ প্ৰতি থকা হেঁপাহ সৃষ্টি কৰিব পাৰিছোঁ। হোৱাটছএপৰ
জৰিয়তে
ছাত্ৰ-ছাত্ৰী সকলৰ পৰা যথেষ্ট সহাঁৰিও পাইছোঁ।”
এই শিক্ষাৰ ক্ষেত্ৰত কিছুমান সুবিধা আৰু অসুবিধাৰ দৃষ্টিগোচৰ
হৈছে।
সুবিধা সমূহ এনে ধৰণৰ-
• এই শিক্ষা বিদ্যালয়লৈ নগৈ ঘৰত থাকি লাভ কৰিব
পাৰিছোঁ।
• শিক্ষাৰ্থী সকলে বহুমূলীয়া সময়বোৰৰ সদব্যৱহাৰ
কৰি
ইতিবাচক দিশেৰে আগবাঢ়ি গৈ নিজৰ লক্ষত উপনীত হৈছে।
• বৰ্তমান সময়ত শিক্ষাদান বা শিক্ষালাভৰ
আনুষ্ঠানিক
প্ৰক্ৰিয়াৰ মাজত সীমাবদ্ধ নাৰাখি আধুনিক প্ৰযুক্তিৰ বিদ্যৰ
কৌশল
আয়ত্ব কৰি প্ৰকৃত আৰু উপযুক্ত মানৱ সম্পদ গঠনত সহায় কৰে।
• ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব নোৱাৰা, বুজি
নোপোৱা
বিষয়বোৰ আৰু কৰিব নোৱাৰা প্ৰশ্নৰ উত্তৰবোৰ শিক্ষকৰ পৰা
হোৱাটছএপৰ
পৰা সংগ্ৰহ কৰিব পাৰে।
অনলাইন শিক্ষাৰ অসুবিধা সমূহ এনেধৰণৰ-
• এই শিক্ষা যথেষ্ট ব্যয়বহুল, সেয়েহে দৰিদ্ৰ
শ্ৰেণীৰ
ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাত অসুবিধাত পৰে।
• এই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ গুণগত দিশৰ বিকাশ
অতি
নিম্নমানৰ হোৱা দেখা যায়। এই শিক্ষাই ভিতৰুৱা দুৰ্বল
গ্ৰামাঞ্চলবোৰ স্পৰ্শ কৰিব পৰা নাই।
এই শিক্ষা সু-সংগঠিত আৰু সু-সংগঠিত নহয়।
• বিদ্যালয়ৰ শিক্ষাতকৈ ইয়াত সীমিত শিক্ষা
নিৰ্দেশমা
দেখা যায়।
• এই শিক্ষাত ভিতৰুৱা অঞ্চলত থকা ছাত্ৰ-ছাত্ৰীয়ে
নেটৱৰ্কৰ সমস্যাত পৰি শিক্ষা গ্ৰহণত অসুবিধাৰ সম্মুখীন
হয়।
• ছাত্ৰ-ছাত্ৰীয়ে জিৰণি নোলোৱাকৈ শিক্ষা গ্ৰহণ
কৰাৰ
ফলত চকুৰ অসুখত ভুগিব পাৰে।
• অনলাইনত শিক্ষা গ্ৰহণ কৰাত সৰু ল’ৰা-ছোৱালীৰ
ধৈৰ্য্য
নোহোৱা হয়।
এই অনলাইন শিক্ষা ব্যৱহাৰৰ দ্বাৰা আমাৰ দেশত কিছুমান দুখ
লগা
ঘটনা হোৱা শুনিবলৈ পাইছোঁ। কিছুদিনৰ আগতে মৰিগাওঁৰ এজন ছাত্ৰই
শিক্ষা গ্ৰহণ কৰিবলৈ মোবাইল ফোন নাপাই আত্মহত্যাৰ পথ বাছি
ল'লে।
সেইদৰে মণিপুৰৰ এটি অভাৱগ্ৰষ্ট পৰিয়ালৰ জীয়ৰীক এনড্ৰইড ফোন
এটা
কিনি দিয়াৰ পিছত পৰিয়ালত আৰ্থিক অভাৱে দ্খা দিয়াত
পিতৃ-মাতৃৰ
মাজত গৃহ কন্দলে দেখা দিয়ে। পিতৃয়ে খঙতে মোবাইলটো দলিয়াই
ভাঙি
পেলোৱাত তেওঁলোকৰ সন্তানে মানসিকভাৱে ভাঙি পৰা দৃষ্টান্তও
পাইছোঁ।
গতিকে এনে ঘটনা পুনৰ যাতে নঘটে, তাৰ বাবে চৰকাৰে কিছুমান উন্নত
পদক্ষেপ ল’লে নিশ্চয় ভাল হ’ব।
ৰিচিতা বৰুৱা
তিনিচুকীয়া জিলা
তিনিচুকীয়াৰ জ্যোতি বিদ্যাপীঠত অনলাইন পাঠদান
বৰ্তমান ক’ভিড-১৯ নামৰ মৰামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ লগতে
আমাৰ দেশতো সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হৈছে। ইয়াৰ ফলত
সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয় সমূহ
বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকল প্ৰত্যক্ষ পাঠ গ্ৰহণৰ
পৰা বঞ্চিত হৈছে। বহুতো বিদ্যালয়ত অনলাইন পাঠদানৰ ব্যৱস্থা
কৰিছে যদিও ই কিমানদূৰ ফলপ্ৰসূ হৈছে তাত এটা প্ৰশ্নবোধক চিন ৰৈ
গৈছে।
বৰ্তমান পৰিস্থিতিত কিদৰে অনলাইন পাঠদান চলাই নিছে জনাৰ
উদ্দেশ্যৰে মই তিনিচুকীয়া জিলাৰ ডাঙৰী গাৱঁত অৱস্থিত “জ্যোতি
বিদ্যপীঠ”, যিখন বিদ্যালয়ৰ পৰা মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলো
আৰু শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত (২০২০ বৰ্ষ)
উত্তীৰ্ণ হ’লো, তাৰ পৰিচালক তথা অধ্যক্ষ মহোদয় শ্ৰিযুত জিতুল
সোনোৱাল দেৱৰ কাষ চাপিছিলো। তেখেতৰ সৈতে হোৱা সাক্ষাৎকাৰৰ
কিয়দংশ ইয়াত তুলি ধৰা হৈছে।
প্ৰশ্ন ১- মহাশয়, যোৱা মাৰ্চ মাহৰ পৰাই বিদ্যালয় সমূহ
বন্ধ হৈ আছে। ছাত্ৰ-ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ আছে।
তেওঁলোকৰ শিক্ষা গ্ৰহণত স্থবিৰতা আহি পৰা নাইনে ?
উত্তৰ- বৰ ডাঙৰ প্ৰশ্ন কৰিলা। নিশ্বয়কৈ স্থবিৰতা আহি
পৰিছে। আমি বিদ্যালয় খোলা থকাৰ অৱস্থাত এদিনৰ বাবেও কোনো ছাত্ৰ
বা ছাত্ৰী অনুপস্থিত থাকিলেও বহুত ক্ষতি হোৱা বুলি অনুভৱ
কৰিছিলো। অথচ যোৱা ১৬ মাৰ্চৰ পৰা আজি ১৪ জুলাইলৈকে ৩ মাহ ২৯
দিন বিদ্যালয় বন্ধ আছে। আৰু কিমান দিনলৈ বন্ধ ৰাখিব লাগিব তাৰ
কোনো নিশ্চয়তা নাই। কিমান ক্ষতি ভাবাচোন।
প্ৰশ্ন ২- চৰকাৰে অনলাইন পাঠদান কৰিবলৈ নিৰ্দেশ দিছিল।
আপোনালোকৰ বিদ্যালয়তো তেনে ব্যৱস্থা কৰিছেনে ?
উত্তৰ- এই প্ৰশ্নৰ উত্তৰ একে আষাৰে দিয়াতো কঠিন। “অনলাইন
পাঠদান” এটা সম্পূৰ্ণ নতুন বিষয়, আমাৰ অসম তথা সমগ্ৰ ভাৰতৰ
বিদ্যালয় পৰ্য্যায়ৰ শিক্ষানুষ্ঠান সমূহৰ বাবে। অতি উচ্চখাপৰ
শিক্ষনুষ্ঠান যেনে, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত
বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত
বিশ্ববিদ্যালয় আদিতহে অনলাইন পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰাৰ থল
আছিল। তাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাসমূহ বিদ্যালয় সমূহত
প্ৰয়োগ কৰাটো সহজসাধ্য নহয়, তাকো হঠাতে। তাৰোপৰি অনলাইন
ব্যৱস্থাৰে শিক্ষা গ্ৰহণ কৰিবলৈ হ’লে, শিক্ষা গ্ৰহণকাৰী আৰু
প্ৰদানকাৰী দুয়োপক্ষই ইয়াৰ প্ৰয়োগ জানিব লাগিব। লগতে প্ৰয়োজনীয়
সংসাধনৰ (Devices) যেনে, লেপটপ বা ডেস্কটপ কম্পিউটাৰ,
স্মাৰ্টফোন, ইন্টাৰনেট সেৱা আদিৰ ব্যৱস্থা থাকিব লাগিব। সমল
(Resources) অৰ্থাৎ পাঠসমূহ সু-শৃখলিত ইলেক্ট্ৰনিক বা ডিজিটেল
ৰূপত থাকিব লাগিব। এইবোৰ একেদিনাই কৰা কাম হয়নে বাৰু ?
প্ৰথমটো লকডাউনৰ অন্ত পৰালৈকে আমি বিশেষ একো ব্যৱস্থা
কৰা নাছিলো। দ্বিতীয় লকডাউন আৰম্ভ হোৱাত ছাত্ৰ-ছাত্ৰীৰ মোবাইল
নম্বৰবোৰ এফালৰ পৰা পৰীক্ষা কৰিলো। সকলোকে বাৰ্তা প্ৰেৰণ কৰিলো
হোৱাটছ এপ গোট তৈয়াৰ কৰাৰ কথা জনাই। এতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীৰ
৯৫ শতাংশ হোৱাটছ এপ গ্ৰুপৰ অন্তৰ্ভুক্ত। শিক্ষকসকলে অডিঅ’
(শ্ৰাব্য) পাঠ আৰু লিখা মেলাৰ (Text) জৰিয়তে পাঠ আগবঢ়োৱাৰ
সমান্তৰালকৈ জুম আৰু গুগল মিট নামৰ এপ্লিকেচনৰ জৰিয়তে ভিডিও
কন্ফাৰেন্সিং কৰি মুখামুখি আলাপৰ মাধ্যমেৰে পাঠদান কৰি আহিছে।
শেহতীয়াকৈ আমি পাঠসমূহ ভিডিও আকাৰে বাণীবদ্ধ কৰি ইউটিউবৰ
যোগেদি সেইবিলাক ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰিছো।
প্ৰশ্ন ৩- আপোনাৰ বক্তব্যৰ পৰা গম পাইছো যে বিদ্যালয়ৰ ৯৫
শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ব্যৱস্থালৈ আহিল। বাকীসকল কিয়
নাহিল ?
উত্তৰ- ইয়াৰ উত্তৰ সহজ। যিসকলৰ বাবে এটা স্মাৰ্টফোন
হঠাতে ক্ৰয় কৰাটো সহজসাধ্য নহয়, সেয়ে তেওঁলোক এই অনলাইন
ব্যৱস্থাৰ পৰা আতৰত থাকিবলগীয়া হৈছে। ই অতি বেদনাদায়ক। ইয়াতে
আৰু এটা কথা সোমাই আছে। এই যে ৯৫ শতাংশ ছাত্ৰ-ছাত্ৰীৰ কথা কোৱা
হৈছে, তেওঁলোক সকলোৰে আকৌ স্মাৰ্ট ফোন নাই। কিছুমানে আমাৰ
পৰামৰ্শমৰ্মে প্ৰতিবেশী বা সম্বন্ধীয় লোকৰ স্মাৰ্টফোন ব্যৱহাৰ
কৰি হ’লেও আমাৰ ব্যৱস্থাটোত সাঙুৰ খাইছে। যিসকলৰ হাতত এই
ব্যৱস্থা গ্ৰহণৰ সুৱিধা খিনিও নাই, তেওঁলোক বাদ পৰিছে। আমি আশা
ৰাখিছো, সোনকোলেই তেওঁলোকেও কিবা ব্যৱস্থা কৰিব পাৰিব আৰু
কামনা কৰিছো, সোনকালে এই দুঃসময়ৰ অন্ত পৰে যেন।
প্ৰশ্ন ৪- ধন্যবাদ মহাসয় আপুনি আপোনাৰ সময় দি আমাক
কথাখিনি বুজাই কোৱাৰহ বাবে। ইয়াতে এটা প্ৰশ্ন থাকিল, আমাৰ
সাক্ষাৎকাৰটো মই বাৰু আমাৰ যুৱ সাংবাদিক গোটৰ মুক্ত আকাশ নামৰ
সংবাদ পত্ৰত প্ৰকাশ কৰিব পাৰিমনে ?
উত্তৰ- নিশ্চয় পাৰিবা। কেৱল আমাৰ বিদ্যালয়য়েই নহয়, সমগ্ৰ
দেশৰ এয়াই অৱস্থা। এই অৱস্থাটো সকলোৱে উপলব্ধি কৰিব পাৰিলে মই
ভালহে পাম।
নিশ্চয়, আপোনাক পুনৰবাৰ ধন্যবাদ জনালো। তেখেতে দেখুওৱা
ব্যৱস্থাসমূহৰ স্ক্ৰীণস্বট তলত দিয়া হৈছে।
যুৱ সাংবাদিক
নাম- শিৱাংগী সোনোৱাল
বয়স- ১৬ বছৰ
একাদশ শ্ৰেণী
ডাঙৰী গাওঁ, তিনিচুকীয়া
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
সৃষ্টিশীল মনোবৃত্তিৰে
আগবাঢ়ি অহা নৱপ্ৰজন্ম,
প্ৰত্যাহ্বানৰ সম্মূখীন হৈছে
এক নতুন সমস্যাৰ।
চাৰিওফালে তাণ্ডবৰ ঢৌ
উঠিছে কৰোনাৰ,
মোৰ বাবে আতংকিত
বিশ্ব জনগণ আৰু
ভাবুকি আহি পৰিছে
প্ৰচলিত শিক্ষাৰ।
যাৰ বাবে কৰোনাৰ অভিমূখে
থিয় হৈ
হাতত লৈছে অনলাইন ব্যৱস্থাৰ,
তথাপি, শিক্ষাৰ প্ৰত্যাহ্বান
সমাপ্ত হোৱা নাই।
আকৌ উঠলি উঠিছে
অন্য বহু সমস্যা।
ছেনে সকলোৰে হাতে হাতে
অনলাইন ব্যৱস্থা ?
দিব পাৰিবনে ইয়াৰ জৰিয়তে
প্ৰকৃত মূল্যবোধৰ লিখা ?
এনে বহু প্ৰশ্নৰ
উদ্ভৱ হ’লেও
আমি থমকি ৰ’লে নহ’ব।
জীৱন যাত্ৰাত
আগুৱাই যাবলৈ, এনে অভিনৱ প্ৰয়াসক
আদৰি ল’বলৈ লাগিব।
জীৱন সফল কৰিবলৈ,
ইয়াৰ জৰিয়তেই
আহৰণ কৰিব লাগিব
আমাৰ শিক্ষা।
হেমন্ত দুৱৰা
বয়স- ১৬ বছৰ
জিলা- শিৱসাগৰ
সকলোৰে মুখত এটা নাম কৰোনা মহামাৰী
গোটেই বিশ্ব ধৰিছে ছানি,
কোনোৱে মৃত্যুৰ ওচৰত হাৰ মানিছে,
কোনোৱে মৃত্যুৰ সৈতে যুঁজি আছে।
কোনোৱে সাহসেৰে কৈছে,
আমি সাজো হৈছো কৰোনাক নাশিবলৈ।
কৰোনাই নিচিনে শিশু, কিশোৰ, যুৱক, বৃদ্ধ,
চাৰিওফালে কেৱল বন্ধ আৰু বন্ধ।
কৰোনাৰ বাবেই বিদ্যালয় বন্ধ হ’ল
ছাত্ৰৰ শিক্ষা জীৱন থমকি ৰ’ল
বৰ্তমান শিক্ষা ব্যৱস্থাৰ মান হ’ল অনলাইন,
ইন্টাৰনেটৰ জৰিয়তে হয় পাঠদান।
কাৰোবাৰ আছে স্মৰ্ট ফোন, কম্পিউটাৰ,
বহুতৰ চৌপাশত নাই আকৌ বিজুলী তাঁৰ।
শ্ৰেণীকোঠাৰ গুৰু শিষ্যৰ পৰিৱেশ আছিল মধুৰ,
স্মাৰ্টফোন, কম্পিউটাৰে ছাত্ৰৰ জাৱন কৰিছে গধূৰ।
অনলাইন শিক্ষাই চুব পৰা নাই সকলো ছাত্ৰক দেশৰ,
প্ৰভেদ আনিছে ধনী দুখীয়াৰ।
হীনমন্যতাত ভূগি ধ্বংস কৰিছে কোনোৱে জীৱন,
কৰোনা শেষ কৰা, হে’ ভগৱান !
নাম- শ্ৰী অনিন্দিতা বড়া
শ্ৰেণী- সপ্তম
জিলা- শিৱসাগৰ
পঢ়াশালিৰ শিক্ষা বন্ধ হ’ল
দূৰ শিক্ষাৰ ব্যৱস্থা
শিক্ষাৰ ব্যৱস্থা সলনি হ’ল
শিক্ষাৰ্থীয়ে শিক্ষকক লগ দিব নোৱাৰা হ’ল
বৈদ্যুতিক মাধ্যমৰ জয় জয় হ’ল
হোৱাটছএপ, ই-মেইলৰ প্ৰয়োগ হ’ল
প্ৰযুক্তি, লকডাউনৰ সদব্যৱহাৰ হ’ল
বন্ধ কোঠালিত পাঠদান হ’ল।
ৰিচিতা বৰুৱা
তিনিচুকীয়া জিলা
৫
লকডাউন আৰু অনলাইন শিক্ষা
বৰ্তমান লকডাউনৰ সময়ছোৱাত শিক্ষানুষ্ঠানসমূহ বন্ধ থকাৰ বাবে
ছাত্ৰ-ছাত্ৰীসকল পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন
হোৱা দেখা গৈছে। এনে সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়া-শুনা বজাই
ৰখাৰ একমাত্ৰ উপায় হৈছে অনলাইন শিক্ষা ব্যৱস্থা। অনলাইন পাঠদান
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় হৈ পৰাৰ লগতে যথেষ্ট
লাভজনকো হৈ পৰিছে। কিয়নো কিতাপৰ পৰা পঢ়িও যিবোৰ কথা বুজি পোৱাত
বিদ্যাৰ্থীসকলৰ অসুবিধা হয়, তেনেবোৰ কথা তেওঁলোকে অনলাইনযোগে
বিভিন্ন ধৰণৰ শিক্ষামূলক এপ্ সমূহৰ জৰিয়তে ভিডিওৰ সহায়ত
ব্যৱহাৰিকভাৱে বুজিবলৈ সক্ষম হয়। অৱশ্যে এনে ধৰণৰ সুবিধা
থাকিলেও অনলাইন পাঠদান ব্যৱস্থাৰ অনেক অসুবিধাও আছে। অনলাইন
পাঠদানে ছাত্ৰ-ছাত্ৰীসকলক মোবাইলৰ প্ৰতি আসক্ত কৰি তোলাৰ উপৰিও
শিশু তথা কিশোৰসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত যথেষ্ট
কুপ্ৰভাৱ পেলোৱা দেখা গৈছে। পিছে এই অসুবিধাসমূহ থকা সত্তেও
ছাত্ৰ-ছাত্ৰীসকলৰ হাতত এতিয়া অনলাইন পাঠদান ব্যৱস্থাক আকোঁৱালি
লোৱাৰ বাহিৰে অন্য একো উপায় নোহোৱা হ'ল।
নামঃ অন্তৰীক্ষা চেতিয়া
বয়সঃ ১৪
জিলাঃ ডিব্ৰুগড়
অনলাইন
শিক্ষা ব্যৱস্থা- এক সাক্ষাৎকাৰ ভিত্তিক
প্ৰতিবেদন
সমগ্ৰ পৃথিৱীজুৰি ক’ভিড-১৯ এ সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰাই
বিশ্বজুৰি প্ৰত্যেকখন দেশেই লকডাউন মানি আহিছে। আমাৰ দেশত ২৪
মাৰ্চৰ পৰা লকডাউন চলি আছে। লকডাউন কিছু কিছু ক্ষেত্ৰত শিথিল
হ’লেও শিক্ষানুষ্ঠান সমূহ খোলা নাই। হঠাৎ স্কুলীয়া জীৱনটো যতি
পৰি যোৱাত আমাৰ দৰে ছাত্ৰ-ছাত্ৰী সকল পঢ়া-শুনাৰ ক্ষেত্ৰত
যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে। এনে সময়ত আমাৰ পঢ়া-শনা বজাই
ৰখাৰ একমাত্ৰ উপায় হৈছে অনলাইন শিক্ষা ব্যৱস্থা।
এপ্ৰিল মাহৰ পৰা বিদ্যালয়সমূহে অনলাইন ব্যৱস্থাৰে পাঠদান
আৰম্ভ কৰিছে। প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে এই ব্যৱস্থাৰে ঘৰতে
পাঠ গ্ৰহণ কৰি আছে।
সেয়ে শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱস্থাৰ পৰা আতৰি এই ব্যৱহাৰে
শিক্ষাদান কৰোঁতে আমাৰ শিক্ষাগুৰু সকলৰ মনোভাৱ জানিবলৈ নামৰূপৰ
তিনিখন বিদ্যালয়ৰ মুঠ দহগৰাকী শিক্ষাগুৰুৰ অনলাইনযোগে
সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ। বিদ্যালয় আৰু শিক্ষাগুৰু সকল হ’ল-
বি.ভি.এফ্.চি মডেল এইচ.এছ্ স্কুলৰ ৰূপজ্যোতি শইকীয়া গগৈ (বিষয়
শিক্ষয়িত্ৰী-অসমীয়া), সংগীতা গোস্বামী (সমাজ বিজ্ঞান
শিক্ষয়িত্ৰী), তুতুমণি সন্দিকৈ (বিষয় শিক্ষয়িত্ৰী-গণিত),
নাষ্টাৰেণ চুলতানা আলী (বিষয় শিক্ষয়িত্ৰী-ইংৰাজী), নমি গোহাঁই
(সমাজ বিজ্ঞান শিক্ষয়িত্ৰী)। বি.ভিএফ.চি হায়াৰ চেকেণ্ডাৰী
স্কুলৰ মল্লিকা বেগম (বিজ্ঞান শিক্ষয়িত্ৰী), বৰ্ণালী চেতিয়া
(বিজ্ঞান শিক্ষয়িত্ৰী) আৰু মিনু শইকীয়া (বিজ্ঞান শিক্ষয়িত্ৰী)।
বসুন্ধৰা জাতীয় বিদ্যালয়ৰ অঞ্জলি শৰ্মা (সমাজ বিজ্ঞান
শিক্ষয়িত্ৰী)।
তেখেতলোকলৈ আগবঢ়োৱা প্ৰশ্নসমূহ হ’ল এনেধৰণৰ :
১) বৰ্তমান অনলাইন শিক্ষা ব্যৱস্থা কেনেদৰে আগুৱাই নিয়া হৈছে ?
২) এনে ব্যৱস্থাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল উপকৃত হৈছে বুলি ভাবে
নে ?
৩) এনে ধৰণৰ পাঠদান কৰি আপোনালোক সন্তুষ্ট নে ?
৪) অনলাইন শিক্ষা ব্যৱস্থাৰ সুবিধা আৰু অসুবিধা সমূহ কি কি
?
৫) অনলাইন শিক্ষা ব্যৱস্থা আৰু শ্ৰেণীকোঠা শিক্ষা ব্যৱস্থাৰ
মাজত আপুনি কোনটো ব্যৱস্থা বেছি ফলপ্ৰসূ বুলি ভাবে ?
মোৰ প্ৰথম প্ৰশ্নৰ উত্তৰত তেখেতলোকৰ মতামত এনেধৰণৰ-
বৰ্তমান পৰিস্থিতিত শিক্ষানুষ্ঠান সমূহ খোলাৰ কোনো সম্ভাৱনাই
নাই। সেয়েহে সকলো শিক্ষকে এই ব্যৱস্থাক আদৰি লৈছে আৰু সুকলমে,
প্ৰণালীবদ্ধভাৱে এই শিক্ষাক আগুৱাই নিছে। সেয়েহে, জুম (Zoom),
স্কাইপ, ইউটিউব্ (YouTube), বাইজুছ্ (BYJU’s), জ্ঞানবৃক্ষ
(Gyanbriksha), দীক্ষা (Diksha), আন্একাডেমী (Unacademy) আৰু
অন্য মেছেঞ্জাৰ এপ্ (Messenger App) ৰ জৰিয়তে ভিডিও
কনফাৰেনঞ্চিং (Video Conferencing) আৰু মিডিয়া শ্বেয়াৰিং
(Media Sharing) ৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা
হৈছে। বিদ্যালয় সমূহত প্ৰত্যেকটো শ্ৰেণীৰে ছাত্ৰ-ছাত্ৰী আৰু
শিক্ষকসকলৰ একোটাকৈ হোৱাটছ্ এপ্ গ্ৰুপ খুলি প্ৰশ্নোত্তৰ,
গৃহকৰ্ম দিয়া হৈছে আৰু সময়ে সময়ে পৰীক্ষাও অনুষ্ঠিত কৰা হৈছে।
দুগৰাকী শিক্ষয়িত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে যে এই ব্যৱস্থাৰ
জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে লাইভ (Live) তথা বাণীবদ্ধ বক্তৃতা
(Recorded Lecture) ৰ সহায়ত দেশৰ বিভিন্ন্ প্ৰান্তৰ বহুতো
অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিকিব পাৰে। ইয়াৰ উপৰিও টেষ্ট পেপাৰ
(Test Paper) আৰু অনুশীলন কাকত (Practice Paper) ৰ জৰিয়তেও
ল’ৰা-ছোৱালীসকল উপকৃত হৈছে বুলি মন্তব্য প্ৰদান কৰিছে।
দ্বিতীয় প্ৰশ্নৰ উত্তৰত যুক্তি দিছিল এনেদৰে- বৰ্তমানৰ
পৰিস্থিতিৰ লগত খাপ খোৱাকৈ এই ব্যৱস্থাটোৱেই ছাত্ৰ-ছাত্ৰীসকলৰ
বাবে লাভজনক। কিয়নো এনে ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ সুৰক্ষিত
আৰু স্বাস্থ্যৱান পৰিৱেশত অধ্যয়নত ব্যঘাত নোহোৱাকৈ শাৰীৰিক
দূৰত্ব বজাই ৰাখি নিজৰ গতিত জ্ঞান অৰ্জন কৰিব পাৰে। এগৰাকী
শিক্ষয়িত্ৰীয়ে কয় যে কৃত্ৰিম শ্ৰেণাকোঠাত নিজৰ পাঠ্যক্ৰমতকৈ
বেছি শিকিব পৰা সুবিধাৰ জৰিয়তে ল’ৰা-ছোৱালীয়ে ভালদৰে বুজি পায়।
এই ব্যৱস্থাটো ছাত্ৰ-ছাত্ৰীৰ বাবে লাভজনক হয় যদিও ই
ছাত্ৰ-ছাত্ৰীৰ মনোযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিব।
তৃতীয় পক্ষৰ উত্তৰত গৰিষ্ঠসংখ্যক শিক্ষাগুৰুৰ মতামত
একেই। তেখেতলোক এনে ব্যৱস্থাৰ সন্তুষ্ট নহয়। কাৰণ ই কিছুমান
ক্ষেত্ৰত বিপদজনকো হয়। এই ব্যৱস্থাৰে সম্পূৰ্ণ ভাল ফলাফল লাভ
কৰিবলৈ আমাৰ নেটৱৰ্ক ব্যৱস্থা, বিশেষকৈ গ্ৰামাঞ্চলত এশ শতাংশই
উন্নত হ’ব লাগিব। অৱশ্যে দুগৰাকী শিক্ষাগুৰুৰ মতে এই ব্যৱস্থা
অলপ হ’লেও সন্তোষজনক, কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ভূল
কথাবোৰ শুধৰাই ল’ব পাৰে। নিজা ঘৰত কিবা অসুবিধা থাকিলে
বন্ধু-বৰ্গৰ সহায়-সহযোগিতাৰ মাজেৰে পাঠ গ্ৰহণৰ সুবিধা
থাকে।
চতুৰ্থ প্ৰশ্নৰ উত্তৰত বক্তব্য আগবঢ়াইছিল এনেদৰে- এই
ব্যৱস্থাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল সময়ৰ প্ৰতি সচেতন হৈ থাকে।
একঘেয়ামী ব্যৱস্থাৰ পৰা আঁতৰি নতুন ব্যৱস্থাৰে শিক্ষা গ্ৰহণত
তেওঁলোক উৎফুল্লিত হয়। এটা শান্ত পৰিৱেশে বিৰাজ কৰে। এনেদৰে
বৰ্তমান যুগৰ ব্যৱস্থাৰ লগত খাপ খাবলৈ ছাত্ৰ-ছাত্ৰীসকল অলপ
হ’লেও সহজ হৈছে। যিকোনো ঠাইৰ পৰা শিক্ষাগ্ৰহণ কৰাৰ লগতে মনৰ
খোকোজা দূৰ কৰাত সহায় হৈছে। ছাত্ৰ-ছাত্ৰীৰ সময় ৰাহি হোৱাৰ লগতে
অন্য কাম কৰিবলৈ আহৰি পাইছে।
ইয়াৰ বিপৰীতে এই ব্যৱস্থাৰ অসুবিধা সমূহো তেওঁলোকে
ব্যক্ত কৰে। স্মাৰ্ট ফোন বা লেপটপ নহ’লে এই ব্যৱস্থা অসাৰ।
প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে এনে ফোন ব্যৱহাৰ কৰাটো সম্ভৱ নহয়।
গতিকে তেওঁলোকে হীনমন্যতাত ভূগে আৰু ইয়াৰ পৰিণতি স্বৰূপে
দুই-এক উদাহৰণ আমি ইতিমধ্যেই দেখিবলৈ পাইছোঁ। দুৰ্বল নেটৱৰ্ক
ব্যৱস্থাৰ বাবেও পঢ়াত ব্যাঘাত জন্মে। শ্ৰেণীকোঠাৰ প্ৰত্যক্ষ
যোগাযোগ নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অসুবিধাসমূহ দূৰ কৰাত
সমস্যা হয়। মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰী ইয়াৰ
প্ৰতি আসক্ত হয়। প্ৰত্যক্ষ সংযোগৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক
বিকাশ কিমান হৈছে, বুজি পোৱাত অসুবিধা হয়। মেদ বহুলতা, বিভিন্ন
চকুৰ সমস্যা, মানসিক অস্থিৰতা, নিসংগতা, সামাজিক বুজা-পৰা
আদিতো অসুবিধা হয়। চকুৰ সমস্যাৰ ভুক্তভূগী মই নিজেও। মোবাইলৰ
আসক্তি বাঢ়িলে গ্ৰন্থ অধ্যয়নৰ স্পৃহাও কমি আহে।
পঞ্চম প্ৰশ্নৰ উত্তৰত সকলোৱে একমূখে ক’লে- শ্ৰেণীকোঠাৰ
শিক্ষা বেছি ফলপ্ৰসূ। ইয়াত ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰত্যেককে
নীৰিক্ষণ কৰাৰ সুবিধা থাকে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মুখ চাই ক’ব
পাৰে ছাত্ৰ-ছাত্ৰীয়ে বুজি পাইছে নে নাই। তাৰ ওপৰত নিৰ্ভৰ কৰি
শিক্ষকে পুনৰ নতুনকৈ পাঠ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। অৱশ্যে
এগৰাকী শিক্ষাগুৰুৱে দুয়োটা ব্যৱস্থাৰে নিজা নিজা কিছুমান
সুবিধা আৰু অসুবিধা আছে বুলি প্ৰকাশ কৰে। শ্ৰেণীকোঠাৰ শিক্ষাত
কিতাপৰ বাহিৰেও আনুষংগিক কথা কিছুমান শিকাৰ সুবিধা থাকে, যিটো
অনলাইন শিক্ষা ব্যৱস্থাত পোৱা নাযায়। শ্ৰেণীকোঠাৰ শিক্ষাত
ছাত্ৰ-ছাত্ৰীয়ে খেল বা সহযোগিতাৰ মাধ্যমেৰে ভৱিষ্যৎ জীৱনৰ বাবে
প্ৰয়োজনীয় বহুত কথা শিকাৰ সুবিধা পায়।
মুঠৰ ওপৰত, শিক্ষাগুৰু সকলৰ মন্তব্যসমূহ আছিল
স্বতঃস্ফূৰ্ত। প্ৰত্যেক গৰাকীৰ মনোভাৱৰ মাজত ভাৰসাম্যতা আছে।
যেনেদৰে প্ৰ’টন আৰু ইলেক্ট্ৰ’নে ভাৰসাম্যতা বজাই ৰাখে, অথচ আমি
সম্পূৰ্ণ এটা পৰমাণুক হে বিবেচনা কৰোঁ। আমি প্ৰ’টন বা
ইলেক্ট্ৰ’ন কাকোৱেই এৰিব নোৱাৰোঁ।
নাম- অন্তৰীক্ষা চেতিয়া
বয়স- ১৪ বছৰ
জিলা- ডিব্ৰুগড়
অনলাইন
ক্লাছৰ নেতিবাচক দিশসমূহ
ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাছ ৰ যোগেদি বৰকৈ লাভৱান
হ'ব পৰা নাই। বৰ্তমান ক’ৰোনা মহামাৰীৰ সংকটময় কালত
ছাত্ৰ-ছাত্ৰীসকলক অনলাইন ক্লাছ কৰা হৈছে যদিও তাকে কৰিবলৈ হ’লে
লগত এটা এন্ড্ৰইদ ফোনৰ লগতে ২০০ টকাৰ ৰিছাৰ্জৰো প্ৰয়োজন হয়।
যিহেতু লকডাউনৰ বাবে সকলো ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে,
কামবোৰ স্তব্ধ হৈ পৰিছে, ফলত টকা-পইচাৰ অভাৱে দেখা দিছে।
তেনেস্থলত এগৰাকী লোকে ফোনত ৰিছাৰ্জ কৰাৰ ক্ষমতা নাথাকিবও
পাৰে। আনহাতে, বিদ্যুৎ কৰ্টনৰ ফলত মোবাইলত ছাৰ্জ নাথাকে।
নেটৱৰ্কৰ ফালৰ পৰাও বিভিন্ন ধৰণৰ বেমেজালিয়ে দেখা দিয়ে, যাৰ
ফলত অনলাইন ক্লাছ কৰাত যথেষ্ট অসুবিধা হয়। এনেবোৰ কাৰণতে
ছাত্ৰ-ছাত্ৰী সকলে অনলাইন ক্লাছৰ পৰা বৰ বেছি লাভৱান হ’ব পৰা
নাই।
নাম- সোণমনি ৰায়
বয়স- ১৮ বছৰ
গাওঁ- মৈজঙ্গা
জিলা- গোৱালপাৰা
ইলেক্ট্ৰনিক
মাধ্যমৰ শিক্ষা আৰু
ছাত্ৰ-ছাত্ৰী
কৰোনা মহামাৰীৰ সংকটৰ সময় সময়ত ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ
নামি আহিছে অন্ধকাৰ। ইয়াৰ মাজতে অনলাইন শিক্ষা পদ্ধতিয়ে কিছু
পৰিমাণে হ’লেও সকাহ দিছে ছাত্ৰ-ছাত্ৰীক। কিন্তু প্ৰশ্ন উঠিছে,
সচাঁকৈ জানো এই শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষা
প্ৰদান কৰিছে ?
কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্ৰীক টেলিফোনিক বাৰ্তালাপৰ
যোগেদি অনলাইন শিক্ষাৰ বিষয়ে সোধা হৈছিল। তেখেত সকলৰ মন্তব্য
অলপ হ’লেও ভিন্ন আছিল। ডুমডুমা ড’নবস্ক হাইস্কুলত কৰ্মৰত
শ্ৰীমতী সোনালী ফুকন বাইদেউক এই বিষয়ে সোধাত তেওঁ মন্তব্য
এনেদৰে প্ৰকাশ কৰে- “ইলেক্ট্ৰনিক মাধ্যমত শিক্ষা দিয়া হৈছে
যদিও আনুষ্ঠানিক ভাবে দিয়া শিক্ষাৰ দৰে নহয়। সেয়ে এই শিক্ষা
গ্ৰহণযোগ্য হ’লেও বহু বেছি আসোঁৱাহ পূৰ্ণ।“
তালাপ বালিবজাৰ হাইস্কুলত কৰ্মৰত শ্ৰীমতী নন্দিতা
ভট্টাচাৰ্য্য বাইদেৱে তেওঁৰ অনলাইন শিক্ষাৰ অনুভৱ এনেদৰে কয়-
“ছাত্ৰ-ছাত্ৰীসকলে অনলাইন শিক্ষাৰ জৰিয়তে বিদ্যা আহৰণৰ উপৰিও
অনান্য কেতবোৰ কাৰিকৰি দিশত দক্ষতা অৰ্জন কৰি সময়ৰ উপযুক্ত
ব্যৱহাৰ কৰি নিজকে আগবঢ়াই নিবলৈ সক্ষম হৈছে।“
পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শ্ৰীমতী চয়নিকা
গোহাঁই বাইদেৱে তেওঁৰ অনুভৱ এনেদৰে প্ৰকাশ কৰে- “অনলাইন যোগে
শিক্ষা অসম চৰকাৰৰ এক সুন্দৰ পদক্ষেপ। কৰোনা মহামাৰীৰ সময়তো এই
অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰমৰ লগত সম্পৰ্ক ৰখাত
অলপ হ’লেও সহায় কৰিছে লগতে ইন্টাৰনেটৰ ব্যৱহাৰৰ সম্পৰ্কে জনাত
সহায় কৰিছে। তথাপিও অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে যিহেতু গাৱঁত বাস
কৰে, সেইসকলৰ কিছুমানে আৰ্থিক সমস্যাৰ সম্মুখীন হোৱাৰ ফলত এই
শিক্ষাৰ পৰা বঞ্চিত হৈছে।”
গতিকে, ছাত্ৰ-ছাত্ৰীসকলে অনলাইন যোগেদি শিক্ষা লৈছে যদিও
নিজে নিয়মীয়াকৈ পাঠ্যপুথিৰ অধ্যয়ন অব্যাহত ৰাখিব লাগে।
নাম- শ্ৰীমতী সমীক্ষা শাৰদী ভাজনী
ৰূপাই চাইডিং, তিনিচুকীয়া জিলা
অনলাইন শ্ৰেণী হ’ল সাধাৰণতে শিক্ষাগ্ৰহণ পৰিচালনা
ব্যৱস্থা, য’ত ছাত্ৰ-ছাত্ৰীয়ে নিজে প্ৰয়োজন অনুসৰি নিজৰ বিষয়
আৰু সময় বাচি ল’ব পাৰি।
কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি তৃতীয়
পৰ্যায়ৰ লকডাউন অব্যাহত আছে। এই লকডাউনৰ সময়ছোৱাত দেশৰ
অৰ্থনৈতিক দিশত বিশেষ প্ৰভাৱ পৰাৰ লগতে শিক্ষাৰ্থীসকলৰ ওপৰতো
প্ৰভাৱ পৰিছে। লকডাউন ফলত বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহ
বন্ধ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান আধৰুৱা হৈ যোৱাৰ প্ৰতি
লক্ষ্য ৰাখি ৰাজ্যখনৰ শিক্ষা বিভাগে এতিয়া অনলাইন শ্ৰেণীৰে
শিক্ষাখণ্ডক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা চলাইছে যদিও আমাৰ গাওঁ
অঞ্চলৰ, বিশেষকৈ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকল এই অনলাইন শ্ৰেণীত
উপস্থিত থাকিবলৈ পৰা নাই, কিয়নো তেওঁলোকৰ মোবাইল ফোন নাই।
তেওঁলোকৰ কথা ভাবি যদি আগ বাঢ়িবলৈ কুন্ঠাবোধ কৰা হয়, তেন্তে
আন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষালাভৰ সুযোগৰ পৰা বঞ্চিত হৈ ৰ’ব।
সেয়েহে, অসম চৰকাৰে এই দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক কিবা প্ৰকাৰে
যেন সহায়ৰ হাত আগবঢ়ায় যেন।
নাম- অংকিতা সোনোৱাল
বয়স- ১৫
জিলা- তিনিচুকীয়া
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|