মৰমৰ
বন্ধু বান্ধৱী সকল,
প্ৰথমে মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈ নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলো সুস্থ আৰু সুৰক্ষিত আছে। মুক্ত আকাশৰ লগত জড়িত সকলো যুৱ সাংবাদিকৰ লগতে কৰ্মকৰ্তা সকলেও ঘৰতে থাকি নতুন নতুন মূল্যাংকন লিখি ইন্টাৰনেট অথবা মোবাইল ফোনৰ সহায়ত প্ৰকাশ কৰিছে। যোৱাতো খণ্ডত ক’ভিড মহামাৰী ৰোগৰ ওপৰত বহুতো তথ্য প্ৰকাশ কৰা হৈছে। এইবাৰো ক’ভিড মহামাৰী ৰোগৰ ওপৰত আলোচনা কৰাৰ লগতে আমি কেনেদৰে পৰিৱেশৰ ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰতো আলোচনা কৰা হৈছে।
‘মুক্ত আকাশ’ সংবাদ পত্ৰখনৰ জৰিয়তে বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ লোকে এই মহামাৰী ৰোগৰ পৰা হাত সাৰিবলৈ কেনেকৈ যুঁজ দি আছে, এনে বিলাক সংবাদ প্ৰকাশিত হৈছে। অৱশেষত পুনৰবাৰ মুক্ত আকাশৰ সকলো কৰ্মকৰ্তা আৰু যুৱ সাংবাদিক সকলক ধন্যবাদ জনাই এনে বিপদসংকুল সময়ত সকলোৰে সহায় সহযোগিতা কামনা কৰি আগুৱাই যাব বুলি আশা কৰিছোঁ।
গিতালী ভাগৱতী, কামৰূপ
বৰ্ণালী চাংমাই, ডিব্ৰুগড়
সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলো বিলাকেই আমাৰ পৰিৱেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিৱেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিৱেশ বুলি কোৱা হয়। আমাৰ পৰিৱেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিৱেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে।
৫ জুন, "বিশ্ব পৰিৱেশ দিৱস", এই দিনটো পৰিৱেশৰ এটা বিশেষ দিন হিচাপে গণ্য কৰা হয়। এই দিনটোৰ লগত সংগতি ৰাখি আমাৰ ঘৰৰ ওচৰত থকা বিদ্যালয় খনতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আতলচ আৰু লেটেকুৰ গছপুলি ৰোপন কৰা হয়।
উপস্থিত থাকে, বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী শ্ৰীযুতা সাবিত্রী গগৈ, বিদ্যালয়ৰ সভানেত্রী ভাগ্যৱতী ফুকন আৰু বিদ্যালয়ৰ ছাত্র-ছাত্ৰী।
এই দিৱসৰ লগত সংগতি ৰাখি মই ভাৰতী কলিতাই ব্যক্তিগতভাৱে ঘৰতেই আম, এটা কঠাল আৰু কেইটামান ফুলৰ পুলি ৰোপন কৰিলোঁ। তাৰে কেইখনমান ফটো আগবঢ়াই দিলোঁ।
"প্ৰকৃতিক সেউজ কৰি ৰাখক"
ধন্যবাদ...।
ভাৰতী কলিতা
বয়স- ১৬
জিলা- ডিব্ৰুগড়
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
মৰমৰ মা,
আশাকৰোঁ ভালে আছা।
ময়ো সেই চাৰিবেৰৰ মাজতেই আছোঁ।
অস্পৃস্য, ক্ষোভযুক্ত কাপোৰৰ মাজত।
আজি তোমালৈ বৰকৈ মনত পৰিছে অ’ মা।
ভাইটোৰ লগত খেলিবলৈ, দেউতাৰ গালি শুনিবলৈ
মোৰ মন বলিয়ান হৈ পৰিছে।
দেউতাৰ বাইকৰ মাত শুনাৰ লগে লগে
শীতল হৈ পৰা মইটো, আজি সচাঁকৈয়ে
শান্ত হৈছো অ’ মা
মই বাৰু কি দোষ কৰিছিলো কোৱা,
অলপ মাথো উৰিবহে বিচাৰিলো
মই জানো জানিছিলো, হঠাতে ক’ৰবাৰ পৰা অহা
এটা দুৰ্জ্জয় দৈত্যই মোক কামুৰি যাব বুলি?
বৰ কষ্ট পাইছো অ’ মা।
ক্ৰিকেটৰ বল লোৱা মোৰ দুহাত
আজি নিথৰ হৈ পৰি আছে,
ফুটবল খেলা দুভৰিয়েও বৰ উচুপিছে
হস্পাতালৰ বেদিং খনত।
লগৰকেইটাৰ ধেমালিবোৰ,
ভইটিৰ লগত কৰা দুষ্টামিবোৰ
মোৰ বাবে অতীতৰ ভাল লগা পৃষ্ঠা।
স্কুলৰ বৰুৱা ছাৰৰ যুক্তিবোৰ
এতিয়াও মোৰ কানত বাজে।
বাপুকণহঁতৰ পথাৰখনৰ হাঁহি-স্ফূৰ্তিবোৰ,
পঢ়াৰ মাজতে মনে মনে উঠি গৈ
পেকেটৰ পৰা উলিওৱা গুডডে বিস্কুটৰ শুৱাদ
আৰু কাহিলি পুৱাতে শুনা তোমাৰ গালিবোৰ
আজি কাষত বিচাৰিছো মা।
দা-কুঠাৰ হাতত ল’লেই কাটিব বুলি খং কৰা
খুড়াৰ মাতটো শুনিব বিচাৰো।
জোনটোৰ দৰে ভাই টোৰ মুখ খন এবাৰ চাব বিচাৰো।
তোমাৰ কোলাত এঘুমটি শুব বিচাৰো।
আৰু আমাৰ আইতা, আইতা বাৰু ভালে আছেনে ?
ঔষধ পাতি নিতৌ লৈছেনে ? আৰু ৰকি,
ৰকিৰ কি খবৰ ? সিও নিতে গাখীৰ খাইছেনে ?
স্কুলৰপৰা আহোঁতে বহু দূৰৈৰ পৰাই মোক আগুৱাই
অনা ৰকিৰ অভ্যাস। সি বাৰু মোক বিচাৰিছেনে ?
জানা মা, এই ক’ৰোনাটো বৰ জেদী।
মোক এৰিবই নোখোজে।
ডাক্টৰবোৰেও ইমান বুজাই, ইমানকৈ চেষ্টা কৰে
তথাপিতো মোক চেষ্টা কৰে
তথাপিতো মোক এৰিবই নোখোজে।
ভৰিৰপৰা মূৰলৈ যেন আৱৰিব খোজে।
মা খুড়ীদেউক কবা এইবাৰ বহাগত মোলৈ
গামোচা চোলা নিচিলাবলৈ। দেউতাকো ক’বা
ঢোলটো যেনেকৈ আছে তেনেকৈ থবলৈ আৰু
ৰাম খুড়াহঁতৰ লাহনিকেইখন গোহালিতে সজাই থবলৈ ক’বা।
দেউতাক ক’বা, মেট্ৰিকৰ পিছত
দিম বুলি কোৱা লেপটপৰ বাবে
আৰু টকা নাসাঁচিবলৈ আৰু পাৰিলে
মেকুৰী দুটাো চোৱাচিতা কৰিবলৈ ক’বা
কোনে জানে তাহাঁতৰ লগত আৰু খেলা হয় নে নহয়
কোনে জানে আইতাৰ জানটোৰ হাতত আৰু
কিমান পল বাকী!
কোনে জানে তোমাৰ...হ’ব দিয়া আৰু নিলিখোঁ।
নিজৰো যত্ন ল’বা, খোৱাবোৱা সময়মতে কৰিবা।
মোৰ কথা বৰকৈ চিন্তা কৰি নাথাকিবা,
সোনকালেই মি উভতি যাম আৰু
ডাক্টৰ সকলটো আছেই মোৰ যত্ন লবলৈ।
ঘৰৰ সকলোটিলৈ মৰম যাঁচি...
ইতি,
তোমাৰ সোনটো
শ্ৰী কৌস্তভ বৰঠাকুৰ
হে অসমীয়া জনতা!
আহি পৰিছে একেলগ হৈ যুঁজ দিয়াৰ সময়।
বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা
ক’ৰোনাক ধংস কৰাৰ সময়।
কোনোবাই কয় ই সাধাৰণ ভাইৰাছ,
আন কোনো লোকৰ মতে ই ভয়ংকৰ ভাইৰাছ।
কিছুলোকৰ মতে,
মানুহৰ পাপৰ ফলতেই ই বিয়পিছে,
অন্য কিছুলোকৰ মতে,
ই চীনদেশত উপজিছে।
আন কোনোৱে কয়,
ভাং, আদা, নিমপাতে ক’ৰোনাক ধংস কৰে,
হে অসমীয়া জনতা,
চৰকাৰে, ডাক্টৰে জাৰি কৰা নীতি-নিয়ম
আহি পৰিছে এক লগ হৈ
পালন কৰাৰ সময়।
আহি পৰিছে নিজ পৰিয়ালক
ৰক্ষা কৰাৰ সময়।
আহক আমি সংকল্প কৰোঁ
অন্ধবিশ্বাসী নহয় আত্মবিশ্বাসী হওঁ,
পৰিস্থিতিৰ লগত যুঁজ দিওঁ।
- শ্ৰীমতী প্ৰীতি বিশ্বাস
বয়স – ১৭
Young reporters of Assam celebrated World Environment Day by planting various species of saplings in their surrounding neighborhood.
৫ জুনৰ দিনটোত গোটেই বিশ্বতে “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয়। ১৯৭৫ চনত পোন প্ৰথম বাৰৰ বাবে আমেৰিকাৰ স্পকেন চহৰত “বিশ্ব পৰিৱেশ দিৱস” পালন কৰা হয়। “বিশ্ব পৰিৱেশ দিৱস” ৰ ২০২০ চনৰ বিষয়বস্তু হৈছে- “Celebrate Biodiversity”. আমি নতুন প্ৰজন্মই আমাৰ পৃথিৱীখনত সুখ-শান্তিৰে জীয়াই আছো যদিও আমাৰ সকলোৰে মাজত এটা ভয় বা আশংকা আছে। সেই ভয়তো হৈছে, আমাৰ এই বৈচিত্ৰপূৰ্ণ পৃথিৱীখন সদায় একেদৰে থাকিব নে ? আজি বিশ্ব পৰিৱেশৰ এই বিশেষ দিনটো পৃথিৱীৰ প্ৰত্যেকজন মানুহে পালন কৰিছেনে ? আজিৰ দিনটোত কেৱল এডাল গছ-পুলি ৰুই ফটো উঠালেই যথেষ্ট নহয়। আমি সকলোৱে, বিশেষকৈ যুৱ-প্ৰজন্মই আমাৰ পৃথিৱীখন সুৰক্ষিত কৰি আৰু সেউজীয়া কৰি ৰাখিব লাগিব।
আজি বিশ্ব পৰিৱেস দিৱস। সেয়ে আজি মই আৰু আমাৰ ঘৰৰ ওচৰতে থকা বন্ধু-বান্ধৱী সকলে মিলি ওচৰৰ খেলপথাৰ খনত কেইজোপা মান গছপুলি ৰুলোঁ। লগতে এই খেলপথাৰখনৰ ওচৰতে থকা অংগনৱাড়ী কেন্দ্ৰটোত আৰু টিপুক পঞ্চায়ত কাৰ্য্যালয়টোৰ মুৰব্বীকে ধৰি বয়োজেষ্ঠ লোকসকলে গছপুলি ৰোপন কৰে। তেখেতসকলে আমাৰ কাৰ্য্যৰ শলাগ জনাই ক’লে, এই গছপুলি বোৰ ডাঙৰ হ’লে মাটি পানী সংৰক্ষণ কৰাৰ উপৰিও বায়ু পৰিশোধন কৰিব। যিহেতু এই সময়ত কৰোনা ভাইৰাছৰ বাবে গোটেই বিশ্বতে তলাবন্ধ হৈ আছে, সেইবাবে আমাৰ অঞ্চলত আৰু বিশেষ একো পদক্ষেপ লোৱা হোৱা নাই।
সমীক্ষা সাৰদী ভাজনী
চিৰসেউজ মইনা পাৰিজাত, ৰূপাই
তলাবন্ধৰ বাবে শিক্ষাখণ্ডত পৰা প্ৰভাৱ
বৰ্তমান বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰোনা ভাইৰাছক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে তলাবন্ধ। এই তলাবন্ধ অৱস্থাত ‘মুক্ত আকাশ’ (ডিজিটেল) কাকত খনৰ লগত জড়িত সকলোকে ধন্যবাদ আৰু মৰম যাচিলোঁ। সময়ৰ আহ্বান মৰ্মে বিশ্বৰ সকলো দেশৰ ৰাজ্যৰ দৰে অসমতো অসম চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি যোৱা বহুদিন ধৰি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখা হৈছে। এনে সময়ত প্ৰত্যেক শিক্ষাৰ্থী বিদ্যালয়ত শিক্ষাগ্ৰহণৰ পৰা বিৰত আছে। তথাপি বহু বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে অনলাইন যোগে পাঠদান কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিছে। কিন্তু এই ব্যৱস্থাৰ জৰিয়তে সকলো ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা অসম্ভৱ, যিহেতু অসমৰ এতিয়াও বহু ঠাইত ইন্টাৰনেট সোৱা ভালদৰে উপলব্ধ নহয়। তাৰোপৰি সকলো ছাত্ৰ-ছাত্ৰীৰ ঘৰত স্মাৰ্ট ফোন নাই। গতিকে, এই সমূহ ছাত্ৰ-ছাত্ৰীৰ কথাও চিন্তনীয় হৈ পৰিছে। এইক্ষেত্ৰত গ্ৰাম্যাঞ্চলত থকা শিক্ষিত লোকসকলে ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক যিমানখিনি সম্ভৱ সহায় কৰিব লাগে। যিহেতু কৰোনাৰ সংক্ৰমণৰ লগে লগে তলাবন্ধৰ সময়সীমাও বৃদ্ধি হৈ আছে, সেয়ে যুৱ সাংবাদিক সকলেও ইন্টাৰনেট ঢুকি নোপোৱা অঞ্চল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ বিষয়টো লক্ষ্য ৰাখি ব্যৱস্থা গ্ৰহণ কৰা উচিত।
শ্ৰী হীৰকজ্যোতি শৰ্মা
ৰামধেনু যুৱ সাংবাদিক গোট
নলবাৰী জিলা
কৰোনাকালত হোৱা সামাজিক সমস্যাবোৰৰ নিয়ন্ত্ৰণ কিদৰে কৰিব পাৰি
সমগ্ৰ পৃথিৱীখন এই সময়ত মহামাৰীৰ গ্ৰাসত আছে। এনেক্ষেত্ৰত এজন ব্যক্তিয়ে নিজৰ সুৰক্ষাৰ বাবে কি কি কৰিব লাগে তলত উল্লেখ কৰা হ’ল-
১) চিন্তাৰ সময়ত, কিছু মিনিটলৈ লাহে লাহে উশাহ লোৱাৰ অভ্যাস কৰিব লাগে। চিন্তাত পেলোৱা বিচাৰ বোৰক দূৰত ৰাখিবলৈ চেষ্টা কৰিব লাগে। শান্ত-নিৰ্মল ভাবেৰে নিজৰ মস্তিস্ক ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।
২) যেতিয়া খং আৰু অশান্তি অনুভৱ হয়, তেতিয়া নিজৰ মনটোক শান্ত কৰিবৰ বাবে গণনা কৰিব পাৰিলে নিজকে বিচলিত কৰাৰ ক্ষেত্ৰত সহায় হয়।
৩) ভয় লাগিলেও, নিজকে প্ৰশ্ন কৰিব লাগে যে-
▶ মোৰ নিয়ন্ত্ৰণত কি আছে?
▶ মই অনাৱশ্যক ৰূপত সকলোতকৈ বেয়া বস্তুটোৰ বিষয়ে চিন্তা কৰি আছো নেকি?
▶ মই অতীতত চিন্তাত পৰোতে নিজকে কেনেদৰে পৰিচালনা কৰিছিলো?
▶ কি কি বস্তু আছে যিবোৰৰ দ্বাৰা মই নিজকে সহায় কৰিবলৈ পাৰো?
৪) অকলশৰীয়া আৰু উদাস অনুভৱ কৰাটোও সাধাৰণ কথা। যোগাযোগ মাধ্যমে পৰিয়াল তথা বন্ধুবৰ্গৰ লগত জড়িত হৈ থকাত সহায় কৰে। যি সকল ব্যক্তিৰ লগত বহুদিনে কথা নপতাকৈ আছে তেওঁলোকক ফোন কৰক আৰু আচৰিত কৰি তোলক। সুখৰ মূহৰ্তবোৰ, বিশেষ আগ্ৰহ সমূহ, খাদ্যবস্তুৰ ৰন্ধন প্ৰনালীৰ বিনিময়, সঙ্গীতৰ আদান-প্ৰদান আদিৰ ওপৰত আলোচনা কৰিব লাগে।
৫) যদি এই ভাৱনাবোৰ মনত ৰৈ যায় তেন্তে এইবোৰৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিব লাগে লগতে এই বিষয়ে পৰামৰ্শ ল’ব লাগে। তেনেকুৱাত এজন ব্যক্তি অসহায়, নিৰাশা জনক আৰু জীৱন জীয়াই থকাৰ বাবে উপযোগী নহয় এনেকুৱা অনুভৱ কৰিব পাৰে। যদি এনেকুৱা হয়, তেন্তে মানসিক পেচাদাৰীৰ উপদেশ ল’বলৈ সহায়ক ফোন নম্বৰ (০৮০-৪৬১১০০০৭) ত ফোন কৰিব পাৰি। মানসিক স্বাস্থ্য পেচাদাৰী যোগাযোগ কৰিব পাৰি।
চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত
মানসিকভাবে অসুস্থ ব্যক্তিক কিদৰে সহায় কৰিব পাৰোঁ আমি
কিছুমান এনে ব্যক্তি থাকে যি সকল অনবৰতে মানসিক অসুস্থতাত ভুগি থাকে। তেনে ব্যক্তিক লৈ আৰু বেছি চিন্তা হ’ব পাৰে কাৰণ এনেকুৱা এটা মহামাৰীৰ ক্ষণত তেওঁলোকে পূৰ্বতকৈ বেছি মানসিক অসুস্থতাত ভুগিব পাৰে। মানসিক অসুস্থতাত ভুগা লোকৰ কিছু লক্ষণ তলত উল্লেখ কৰা হ’ল-
১) তেওঁলোকৰ মাজতো আন ব্যক্তিৰ দৰে ই ভয় আৰু চিন্তা গঢ় ল’ব পাৰে যিয়ে তেওঁলোকৰ আগৰ পুৰণা মানসিক স্বাস্থ্য স্থিতি বেয়া হ’ব পাৰে।
২) সামাজিক ব্যৱধানে তেওঁলোকক প্ৰত্যাহিত, উদাসহীন আৰু বিৰক্ত কৰি তুলিব পাৰে।
৩) তেওঁলোকে ঔষধ আৰু পৰামৰ্শ ভালদৰে নল’ব পাৰে।
মানসিক অসুস্থ ব্যক্তি সকললৈ তেওঁলোকৰ পৰিয়ালে তথা অন্য যত্ন লোৱাসকলৰ পৰা সহায় আৰু সমৰ্থন অতি প্ৰয়োজনীয়। দৈনন্দিন নিৰ্ধাৰিত ঔষধ লোৱাৰ লগতে দৈনিক দিন চৰ্চা কৰাত, ব্যস্ত আৰু সকৰাত্মক চিন্তাৰ অধিকাৰী কৰি তোলাত স্বাস্থ্য সহায়কাৰী সকলে সমৰ্থন কৰিব লাগে।
মনত ৰাখিব লগীয়া কথা এয়ে যে ভাল মানসিক স্থিতিয়ে এই কঠিন সময়ৰ ৰণত জয়ী কৰিব পাৰে।
চিত্ৰা বৰ্মণ আৰু প্ৰিয়ংকা দত্ত
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|