মৰমৰ
বন্ধু বান্ধৱী সকল,
প্ৰথমে মুক্ত আকাশৰ লগত জড়িত সকলো ব্যক্তিলৈ নমস্কাৰ আৰু
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলো সুস্থ আৰু সুৰক্ষিত আছে।
মুক্ত আকাশৰ লগত জড়িত সকলো যুৱ সাংবাদিকৰ লগতে কৰ্মকৰ্তা সকলেও
ঘৰতে থাকি নতুন নতুন মূল্যাংকন লিখি ইন্টাৰনেট অথবা মোবাইল ফোনৰ
সহায়ত প্ৰকাশ কৰিছে। যোৱাতো খণ্ডত ক’ভিড মহামাৰী ৰোগৰ ওপৰত বহুতো
তথ্য প্ৰকাশ কৰা হৈছে। এইবাৰো মাহেকীয়া স্বচ্ছতা দিৱসৰ লগতে ক’ভিড
মহামাৰী ৰোগৰ ওপৰতেই আলোচনা কৰি সকলোৰে সহায়-সহযোগিতাত প্ৰকাশ
কৰিবলৈ লোৱা হৈছে। কিশোৰী সকলক কব খুজোঁ, মাহেকীয়া হোৱাৰ বিশেষ দিন
কেইটাত তেওঁলোকে নিজৰ শৰীৰৰ প্ৰতি যেন বিশেষ যত্ন লয়। চাফ-চিকুণতা
বজাই ৰখা, কাপোৰৰ সলনি চেনিটেৰি পেড ব্যৱহাৰ কৰা, পুষ্টিকৰ খাদ্য
গ্ৰহণ কৰা, এইবোৰৰ প্ৰতি লক্ষ্য কৰিব লাগে।
‘মুক্ত আকাশ’ সংবাদ পত্ৰখনৰ জৰিয়তে বিভিন্ন ঠাইৰ বিভিন্ন
ধৰণৰ লোকে এই মহামাৰী ৰোগৰ পৰা হাত সাৰিবলৈ কেনেকৈ যুঁজ দি আছে,
এনে বিলাক সংবাদ প্ৰকাশিত হৈছে। অৱশেষত পুনৰবাৰ মুক্ত আকাশৰ সকলো
কৰ্মকৰ্তা আৰু যুৱ সাংবাদিক সকলক ধন্যবাদ জনাই এনে বিপদ কালত
সকলোৰে সহায় সহযোগিতা কামনা কৰি আগুৱাই যাব বুলি আশা
কৰিছোঁ।
ধন্যবাদ
বৰ্ণালী চাংমাই
কৰোনা
ভাইৰাছৰ ওপৰত সাক্ষাৎকাৰ
চীনত উৎপত্তি কৰোনা ভাইৰাছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ই বিপদ জনক
হৈ পৰিছে। ভৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি নিজৰ স্বাস্থ্যৰ নিৰাপত্তাৰ
কথা নাভাবি স্বাস্থ্যকৰ্মী সকলেনো কি দৰে নিজৰ দায়িত্ব পালন কৰিছে
সেই বিষয়ে জানিবলৈ আমি ডিমৌ উপস্বাস্থ্য কেন্দ্ৰৰ এজন M.P.W. পলাশ
হাজৰিকাক লগ ধৰি ক’ৰোনা ভাইৰাছ ৰ ওপৰত কিছু প্ৰশ্ন কৰা
হ’ল-
১) আপোনালোকে গাঁৱৰ মানুহৰ লগত কেনেধৰণৰ পৰীক্ষা কৰিছে?
উ: আমি গাঁৱৰ মানুহ সমূহৰ পৰীক্ষা কৰোঁতে জ্বৰ, চৰ্দী, কাহ, বমি
আৰু তেজ পৰীক্ষা কৰোঁতে যদি পজিটিভ জলায় তেওঁলোকৰ ফোন নম্বৰ লৈ
হস্পাতাললৈ নিয়াৰ ব্যৱস্থা ল’ব লাগে।
২) কৰোনা সংক্ৰমণৰ পৰা বাচিবলৈ কি কৰা উচিত?
উ:
ক) সামাজিক দূৰত্ব বজাই ৰখা উচিত।
খ) সঘনে হাত ধুব লাগে, ২০ মিনিট পৰ্য্যন্ত হেণ্ড
চেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰাৰ দৰকাৰ।
গ) মাস্ক ব্যৱহাৰ কৰা উচিত।
ঘ) কাহ বা হাচি মৰাৰ পিছত কেতিয়াওঁ মুখ, নাক, চকু চুব
নালাগে।
ঙ) অসুস্থ লোকে ডাক্টৰৰ পৰামৰ্শ ল’ব লাগে আৰু নিজকে
কোৱাৰেন্টিন কৰি ৰাখিব লাগে।
চ) ঘৰতে থাকিব লাগে।
৩) আপোনালোকৰ চুবুৰীয়াসমূহৰ পৰিদৰ্শনৰ সময়ত কেনেধৰণৰ সমস্যাৰ
সম্মুখীন হৈছে ?
উ: গাঁৱৰ মানুহে আমাৰ কথা মানি লৈছে বাবে একো সমস্যাৰ সম্মুখীন
হোৱা নাই।
৪) আপোনালোকে চুবুৰীত বা মেডিকেলত কোৱাৰেন্টাইন কৰোঁতে ক’ভিড-১৯
ত আক্ৰান্ত ৰোগী বা তেনেকুৱা লক্ষণ সমূহ ধৰা পৰিছে নেকি ?
উঃ বৰ্তমানলৈকে পোৱা নাই।
৫) আপোনালোকে কিমান দূৰত্ব বজাই ৰাখে আৰু কিমান সময়ৰ পিছত
হেণ্ড চেনিটাইজিং বা হাত ধোৱে ?
উঃ আমি ১ মিটাৰৰ দূৰত্ব বজাই ৰাখো আৰু ২০ ছেকেণ্ডৰ মূৰে মূৰে হণ্ড
চেনিটাইজ কৰোঁ।
৬) আপোনালোকে হোম কোৱাৰেন্টিন কৰোঁতে কি কি নিয়মাৱলী মানি চলিব
লগা হৈছে ?
উঃ হোম কোৱাৰেন্টাইন কৰা ৰোগীজনক এটা ৰূমত আৱদ্ধ কৰি ৰাখিব লাগে।
তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাব দিব নালাগে। তেওঁ নিজৰ খোৱা খাদ্য নিজে
ৰান্ধি খাব লাগে, নিজৰ কাপোৰ নিজে ধুব লাগে। বান্ধি দিয়া
নিয়মাৱলী সমূহ তেওঁ নিজেই মানি চলিব লাগে।
৭) জৰুৰীকালীন অৱস্থাত আপোনালোকে শিশুৰ বাবে কেনে ধৰণৰ ব্যৱস্থা
গ্ৰহণ কৰিছে ?
উঃ জৰুৰীকালীন ভাবে ১০৮ ৰ ব্যৱস্থা কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা
হয়।
৮) আপোনালোকে ৰাইজক কি পৰামৰ্শ দিব বিচাৰে ?
উঃ পৰিস্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰাৰ লগতে ১ মিটাৰৰ দূৰত্ব বজাই
ৰাখি, মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰি সঘনাই হাত ধুই নিজকে
সুৰক্ষিত কৰি ৰাখিব লাগে।
সৌৰভজ্যোতি দত্ত
বয়স- ১৪ বছৰ
ঐক্যটান যুৱ সাংবাদিক গোট
সাংবাদিকতা
এক সেৱা -
মহাত্মা
গান্ধী
আমাৰ যুৱ সাংবাদিক আৰু কিশোৰ-কিশোৰী সকলে হাতত ৰঙা বিন্দু লৈ মাহেকীয়া আৰু মাহেকীয়া স্বচ্ছতা সম্পৰ্কে গোটেই বিশ্বতে সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰাভিযানত অংশগ্ৰহণ কৰে।
Young reporters and adolescents participated in the red dot challenge campaign to spread awareness about menstruation and menstrual hygiene around the world
মাহেকীয়াৰ প্ৰসংগত কিছু আলোচনা
যোৱা ২৮ মে' তাৰিখে মাহেকীয়া স্বচ্ছতা দিৱস উপলক্ষে অসম শাখাৰ ভাৰতীয় চাহ সংঘ আৰু ইউনিচেফৰ যুটীয়া প্ৰচেষ্টাত অসমৰ চাহ বাগিচাত এসপ্তাহ যোৰা অনুষ্ঠান অনুষ্ঠিত হয়। কিশোৰ-কিশোৰীৰ লগতে যুৱ সাংবাদিক সকলে অনলাইন যোগে সপ্তাহ জোৰা এই অনুষ্ঠানটিত হাতত ৰঙা বিন্দু আকি অংশগ্ৰহণ কৰে।
মাহেকীয়া স্বচ্ছতা দিৱসৰ মূল উদ্দেশ্য হৈছে মানুহক মাহেকীয়া সম্পৰ্কে সজাগ কৰা। অতীজৰে পৰা মাহেকীয়া সম্পৰ্কে বিভিন্ন্ ঠাইৰ বিভিন্ন মানুহৰ বিভিন্ন ধাৰণাই মনত বাহৰ পাতি আছে। তাৰে কিছুমান নিয়মৰ বৈজ্ঞানিক ভিত্তি আছে যদিও বেছিভাগেই অন্ধবিশ্বাসৰ ওপৰত আধাৰিত। গতিকে মহিলা সকলে নিজেই আগভাগ ল’ব লগিব। মাহেকীয়া এটা প্ৰাকৃতিক প্ৰক্ৰিয়া, গতিকে ইয়াত ঘীণ কৰিব লগীয়া একো নাই। মাথো প্ৰয়োজনীয় চাফ-চিকুণতা খিনি মানি চলিলেই হয়। চেনিটেৰি পে়ড ব্যৱহাৰ কৰিব লাগে। গধুৰ কোনো বস্তু উটাব নালাগে মাহেকীয়াৰ দিনকেইটাত। মাহেকীয়াৰ সময়ত শৰীৰত হ’ৰমণৰ তাৰতম্য ঘটে। গতিকে, অন্ধবিশ্বাসৰ বাবে কোনো কিশোৰী বা মহিলাৰ ওপৰত মানসিক চাপ নিদিয়ে যেন, তাৰ বাবে সকলোৱে সজাগ হোৱাটো বাঞ্চনীয়। যিহেতু এইবাৰ কৰোনা সন্ত্ৰাস চলি আছে সেয়েহে হাতত ৰঙা বিন্দু আকি ডিজিটেল পদ্ধতিৰে পালন কৰে হৈছে। অসমৰ বহুতো গন্য মান্য ব্যক্তিয়ে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটি এদিন পালন কৰা হয় যদিও ইয়াৰ বিষয়ে কোনোৱে পাহৰিব নালাগে। কিয়নো এয়া অতিকৈ প্ৰয়োজনীয় নৱজাগৰণৰ বাবে।
গিতালী ভাগৱতী
জিলা- কামৰূপ
লকডাউনৰ সময়ত চাৰিওফালৰ পৰিৱেশ
ক’ৰোনা নামৰ এক ভয়ানক ভাইৰাছৰ কবলত সমগ্ৰ বিশ্বই এক অন্য ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ চৰকাৰে সমগ্ৰ বিশ্বতে লকডাউন ঘোষনা কৰিছে। এই লকডাউনৰ বাবে বহুতো অসুবিধাৰ সৃষ্টি হৈছে। তথাপি লকডাউন নামানিলেও যেন বিশ্বখন ধংস হৈ যাব। জনসাধাৰণৰ এটা আশংকা যে লকডাউন নামানিলে সমগ্ৰ বিশ্বখনেই ধংসৰ পথলৈ আগবাঢ়ি যাব আৰু কৰোনা ভাইৰাছৰ আতংকত সকলোৱে মৃত্যুক সাবটি ল’ব লগা হ’ব।
এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত নামটিৰ দেউবিল গাঁৱৰ এগৰাকী যুৱতী ঝৰ্ণা বৰুৱাক লকডাউনৰ সময়ত পঢ়া শুনাত কেনেধৰণৰ ব্যাঘাত জন্মিছে বুলি সোধাত তেওঁ কয় যে- “কেৱল পঢ়া-শুনা বুলিয়ে নহয়, আন বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এক প্ৰকাৰে চাবলৈ গ’লে শিক্ষাৰ দিশ টো যেন পিছপৰি গৈছে। কণ কণ শিশু সকলৰ পৰা আৰম্ভ কৰি, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলোলৈকে যেন অসুবিধা আহি পৰিছে। বৰ্ত্তমান চাকৰিৰ বাবে হ’বলগীয়া যিবোৰ পৰীক্ষা আছিল, সকলোবোৰ বাতিল কৰিছে। তাৰ ফলত শিক্ষাৰ্থী সকলৰ অসুবিধা হৈছে। ‘প্ৰতিদিন টাইম’ নামৰ এক জনপ্ৰিয় চেনেলে দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে ‘প্ৰতিদিন পাঠশালা’ নামৰ এক নামৰ এক অনুষ্ঠান আৰম্ভ কৰিছে। প্ৰতিদিন টাইমৰ এই পদক্ষেপ সচাঁকৈ শলাগিবলগীয়া। তেওঁলোকৰ এয়া এক অনন্য প্ৰচেষ্টা যাতে অনাগত দিনত দশম-শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ কোনো অসুবিধা নহয়। যদি চৰকাৰে আন আন শ্ৰেণী বা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়ি থকা শিক্ষাৰ্থী সকলৰ বাবেও এনে পদক্ষেপ ল’লেহেতেন, তেন্তে মই ভাবো শিক্ষা বিষয়টো থমকি নৰ’ল হয়।”
ইয়াৰ সন্দৰ্ভত অন্য এগৰাকী ব্যক্তি প্ৰোৰ্ণকান্ত বৰুৱাৰ ওচৰলৈ যোৱাত তেওঁ কয়- “ক’ৰোনা ভাইৰাছৰ আতংকৰ ফলত যি লকডাউন ঘোষণা কৰিলে তাৰ ফলত সমগ্ৰ বিশ্বখনতেই নিস্তব্ধ নিতাল পৰিৱেশৰ সৃষ্টি হৈছে। জনসাধাৰণৰ দুখে যেন কুলাই-পাচিয়ে নধৰা হৈছে। বিশেষকৈ দৰিদ্ৰ লোকসকল বহু সমস্যাৰ সম্মুখীন হৈছে। দোকান-পোহাৰ খুলিছে যদিও বস্তুৰ দাম অধিক হোৱাৰ ফলত তেওঁলোকৰ কিনিবলৈ অসুবিধা হৈছে। সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখিলেহে ভাইৰাছৰ পৰা হাত সাৰিব পাৰিব। চৰকাৰে দৰিদ্ৰ সকলৰ কাৰণে যেন যিকোনো ধৰণৰ সাহাৰ্য্য প্ৰদান কৰে তাকেই অনুৰোধ কৰিছোঁ। সকলোৱে লকডাউন মানি ঘৰতে থাকক, চেনিটাইজাৰ ব্যৱহাৰ কৰক। আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি এই ভাইৰাছৰ যেন নিৰাময় কৰিব পাৰো তাকেই কামনা কৰিছোঁ।”
চয়নিকা বৰুৱা
বয়স- ১৬ বছৰ
নাজিৰা, শিৱসাগৰ জিলা
সামাজিক নিসংগতাৰ দ্বাৰা কৰোনাৰ নিয়ন্ত্ৰণ
ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সময়ত কিছুমান মানসিক সমস্যাৰ উদ্ভৱ হ’ব পাৰে, যেনে- খং ভাব, উদাস অনুভৱ কৰা, মনত অশান্তি অনুভৱ কৰা আদি, এই সমস্যা সমূহে মানুহৰ ওপৰত ব্যক্তিগত প্ৰভাৱ পেলাব পাৰে। অলপ সময়ৰ বাবে ঘৰত থকাটো কিছু পৰিমাণে ভাল লাগিলেও সময় বাঢ়ি যোৱাৰ লগে লগে কষ্টকৰ আৰু আমনিদায়ক হৈ পৰে। এনে ধৰণৰ মানসিক সমস্যা সমূহ কেনেদৰে নাইকিয়া কৰিব পাৰি তথা তেনে সময়ত নিজকে কিদৰে যোগাত্মক আৰু স্ফুৰ্তিত ৰাখিব পাৰি তাৰ কিছুমান উপায় তলত উল্লেখ কৰা হ’ল-
১) নিজকে ব্যস্ত কৰি ৰাখা, এটা নিৰ্ধাৰিত নিয়মিত কাৰ্যক্ৰমনিকা ব্যবহাৰ কৰা, ঘৰুৱা কাম কাজত সহায় কৰা।
২) গান শুনি, পঢ়ি, দূৰদৰ্শনত মনোৰঞ্জন মূলক কাৰ্য্যক্ৰম চাই নিজকে নকাৰাত্মক ভাবনা সমূহৰপৰা আঁতৰাই ৰাখা। পুৰণি কোনো বিশেষ আগ্ৰহ যেনে-ছবি অঁকা, বাগিচাৰ কাম কৰা বা চিলাই কৰা ইত্যাদি থাকিলে পুনৰ কৰিব পাৰে। নিজৰ আাগ্ৰহ সমূহ পুনৰুদ্ধাৰ কৰিব পাৰে।
৩) ভালকৈ খোৱা-বোৱা কৰা আৰু বেছি পৰিমাণৰ তৰল পদাৰ্থ গ্ৰহণ কৰিব লাগে।
৪) শাৰীৰিক ৰূপে সক্ৰিয় হোৱা। কিছুমানে ঘৰৰ ভিতৰতে থাকি কৰিব পৰা সৰল ব্যায়াম সমূহ কৰিব লাগে যিবোৰে শৰীৰক আাৰু অধিক সুস্থ কৰি তুলিব।
৫) বিতৰণ বাহাল ৰাখা, ওচৰে পাজৰে থকা কোনো লোকৰ উপদেশ, খাদ্য বা অন্য বস্তুৰ প্ৰয়োজনৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ নিজকে তৈয়াৰ কৰি ৰাখিব লাগে।
৬) বয়স্ক লোক সকল দোমোজাত পৰি মানসিক ভাবে ভাঙি পৰিব পাৰে, সহায় বিচাৰিব পাৰে। তেনে অবস্থাত তেওঁলোকৰ ঔষধ পাতি তথা দৈনন্দিন প্ৰয়োজনসমূহ যোগান ধৰি তেওঁলোকলৈ সহায়ৰ হাত আগবঢ়োৱা।
চিত্ৰা বৰ্মণ
প্ৰিয়ংকা দত্ত
কৰোনা মহামাৰীৰ বাবে হোৱা শিশু তথা কিশোৰ-কিশোৰীৰ অসুবিধা
বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই মহামাৰীৰ পৰা হাত সাৰিবলৈ বিশ্বৰ প্ৰত্যেকজন ব্যক্তি গৃহবন্দী হব লগা হৈছে। এই গৃহবন্দীত্বৰ জীৱন প্ৰায়বোৰ লোকৰ বাবে যেন এক অভিসাপ স্বৰূপ হৈ পৰিছে। মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰা অসমত লকডাউন আৰম্ভ হয়। বৰ্তমানেও অসমত সকলোৱে গৃহবন্দীত্বৰ জীৱন কটাই আছে। আৰু ইয়াৰ ফলত শিশু তথা ছাত্ৰ-ছাত্ৰী, কিশোৰ-কিশোৰী সকল যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে। বিশেষকৈ তেওঁলোক বিদ্যালয়লৈ যাব পৰা নাই। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মিছে। লকডাউন খোলাৰ পিছৰ মাহ কেইটাত সম্পূৰ্ণ পাঠ্যক্ৰম আয়ত্ব কৰিব পাৰিবনে, এই ভাবনাত ছাত্ৰ-ছাত্ৰী সকল হতাশগ্ৰস্ত হৈছে। যদিও কিছু ছাত্ৰ-ছাত্ৰীক অনলাইন যোগে পাঠদান কৰা হৈছে, তথাপি সকলো ছাত্ৰ-ছাত্ৰীৰ হাতত স্মাৰ্ট ফোন নথকাৰ বাবে এই সুবিধাৰ পৰা বঞ্চিত হ’ব লগা হৈছে। এনেদৰেই সেইসকল ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা বছৰ পাৰ হৈ যাব নেকি? ইয়াকে লৈ সেইসকল ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আনহাতে শিশুসকলৰ ক্ষেত্ৰত, বহুতে হয়তো শিশুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব পৰা নাই, ফলত বহু শিশুৱে পুষ্টিকৰ খাদ্যৰ অভাবত ভুগিছে। এইক্ষেত্ৰত স্থানীয় বাসিন্দা অপৰাজিতা গগৈক সোধাত কয় যে – এই ক’ৰোনাৰ পৰা হাত সাৰিবলৈ হ’লে কেৱল এজন ব্যক্তিয়েই নহয়, প্ৰত্যেকজন ব্যক্তিয়ে সজাগ আৰু সচেতন হ’ব লাগিব। নিজে ব্যৱহাৰ কৰা কাপোৰ, অন্যান্য সামগ্ৰী, বাহিৰলৈ ওলাই গ’লে লগত নিয়া বা অনা সামগ্ৰীসমূহ চেনিটাইজ কৰিব লাগে অথবা চাবোনেৰে ধুব লাগিব। তেতিয়াহে এই ক’ৰোনা সন্ত্ৰাসৰ পৰা মানৱজাতিয়ে পৰিত্ৰাণ পাব বুলি তেখেতে কয়। আনহাতে, কিশোৰী উন্মনা বৰুৱাক সোধাত কয় – এই ভাইৰাছ এনে এবিধ ভাইৰাছ, য’ত মানুহৰ জ্বৰ, চৰ্দি, ডায়েৰিয়া, মূৰৰ বিষ আদি লক্ষণ সমূহে দেখা দিয়ে। আৰু সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে পৰিস্কাৰকৈ থাকি নিজৰ হাতখন প্ৰতি ঘন্টাৰ মূৰে মূৰে ২০ ছেকেণ্ডৰ বাবে ধুব লাগে বুলি কোৱা হয়। দ্বিতীয়তে, তেখেতে স্মৰ্ট ফোন নথকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিশেষ ব্যৱস্হা লবলৈ অনুৰোধ জনায়।
ৰশ্মিৰেখা গগৈ
বয়স- ১৯ বছৰ
কুঁহিপাত কিশোৰী গোট
Copyright © 2020 UNICEF Assam
Address:
Bylane Number 2, Rani Bagan, Guwahati, Assam 781038
|