যুৱ সাংবাদিকৰ বাতৰিকাকত
সম্পাদকীয়
প্ৰিয় সতীৰ্থসকল, ২৬ বছৰতো প্ৰাদেশীকৰণ নহ'ল হেমবৰুৱা বিদ্যাপীঠ
নলবাৰী জিলাৰ পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নিজ বাঁহজানী গাৱঁৰ
হেমবৰুৱা বিদ্যাপীঠ হাইস্কুলখন স্থাপিত হৈছিল ১৯৯ ৩চনত, কিন্তু
এতিয়াও প্ৰাদেশীকৰণ হৈ নুঠিল এই বিদ্যালয়খন। এইস্কুলখনৰ শিক্ষক
৯গৰকী আৰু ছাত্র-ছত্ৰী প্ৰায় ১০০ গৰাকী। - ম: ইজাজুল হক, গ্যাপন যুৱ সাংবাদিক গোট(নলবাৰী) দলং নোহোৱা নদীৰ বাবে মানুহৰ দূৰৱস্থা নলবাৰী জিলাৰ পূব নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত চৰিয়া গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা মৰা নদীটোত দলং নোহোৱা বাবে মানুহৰ বহুত অসুবিধা হৈছে। নদীৰ সিপাৰত থকা ছাত্ৰ-ছাত্ৰীসকলৰ স্কুল কলেজলৈ অহা যোৱা কৰাত অসুবিধা হোৱাৰ লগতে আন আন মানুহৰো বজাৰ- সমাৰ কৰিবলৈ যোৱাটো অতি কষ্টকৰ হৈ পৰিছে। তাত বাঁহৰ দলং বা অন্য ব্যৱস্থাও নাই।বহু বছৰ আগতেহে ইয়াত এখন বাঁহৰ দলং আছিল। দলংখন ভাঙি যোৱা বাবে বাৰিষা কালত এতিয়া নদীখন পানীৰে ভৰপূৰ হৈ পৰে। এতিয়া গাঁৱৰ মানুহবোৰে কলগছৰ ভেল সাজি কোনোমতে অহা যোৱা কৰি আছে। বৰ্তমান এই পথটো ছাত্ৰ ছাত্ৰীৰ লগতে আন মানুহৰ কাৰণেও অতি বিপজ্জনক হৈ পৰিছে ।। - সীতা দাস, সংগীতা দাস, মমি দাস, জোনাক যুৱ সাংবাদিক গোট
বিশুদ্ধ
খোৱাপানীৰ অভাৱ কামৰূপ জিলাৰ দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত গণেশপাৰা গাওঁখনত নাই এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। আজিও পাহাৰৰ লেতেৰা নিজৰাৰ পানী খাই দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে। দক্ষিণ কামৰূপৰ প্ৰাণকেন্দ্ৰস্বৰূপ মিৰ্জাৰ গাতে লাগি আছে এই গাওঁখন, য'ত নাই এটুপি ভাল খোৱাপানীৰ ব্যৱস্থা,নাই ৰাস্তা-ঘাটৰ সুব্যৱস্থা। বাৰম্বাৰ স্থানীয় বিধায়কক অৱগত কৰাৰ পিছতো বৰ্তমানলৈকে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই, যাৰ বাবে স্থানীয় ৰাইজে যমৰ যাতনা ভুগিব লগা হৈছে এটুপি খোৱাপানীৰ বাবে ১০৫নং কোচপাৰা গাওঁপঞ্চায়তৰ অধীনত যি এটা বৰিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে, সেইটোৰো পানী খাব পৰা অৱস্থাত নাই, যাৰ বাবে স্থানীয় ৰাইজে পাহাৰৰ ওপৰৰ সৰু নিজৰা এটাৰ পৰা খোৱাপানী গ্ৰহণ কৰিবলগীয়া হৈছে। সেয়ে এই সমস্যাটোৰ সমাধানৰ বিষয়ে অধিক জানিবলৈ আমি গাওঁখনৰ লোকসকলৰ লগত কথা পাতিছিলো আৰু আমাক এইগাওঁখনৰে নিবাসী বাসন্তী দাসৰ লগতে অঞ্চলটোৰ লোকসকলে জানিবলৈ দিয়ে যে এই পানীৰ সমস্যাটোৰ বাবে তেওঁলোকে বহু সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে। কাৰণ যদিও তেওঁলোকে নিজৰাৰ পানী সংগ্ৰহ কৰি খাই তথাপিও সেইপানীও সম্পূৰ্ণভাৱে বিশুদ্ধনহয়, যাৰ ফলত বিভিন্ন ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। - জুৰিতাদাস, বৰলুইতগোট। লেতেৰা গোন্ধই জীয়া যাতনা ভোগাইছে ভাগৱতীপাৰাবাসীক
কামৰূপ জিলাৰ ৰামপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাগৱতীপাৰাৰ ৩৭ নম্বৰ
ৰাষ্ট্ৰীয় ঘাইপথতে লাগি থকা এখন উন্নয়ন মুখীগাঁও। কিন্তু গাঁওখনৰ
আলি কাষত থকা জাবৰৰ দ’মৰ লেতেৰা গোন্ধই বহুদিনৰ পৰা পৰিবেশ লেতেৰা
কৰি আহিছে, যাৰ ফলত পথচৰীৰ অহা-যোৱা কৰাত সমস্যাৰ সৃষ্টিহৈছে।
‘বৰলুইতযুৱসাংবাদিকৰ‘ দলে আশে-পাশে থকা দোকানীবোৰক প্লাষ্টিক
জাতীয় তথা অন্য লেতেৰা জাবৰ-জোঁথৰ পেলাবলৈ মানা কৰি আহিছিল যদিও
সেয়া কাৰ্যত পৰিণত ন’হল, যাৰ ফলত অহা-যোৱা কৰা পথচৰীসমূহক জীয়া
যাতনা ভোগাইছে। স্থানীয় দোকানী এগৰাকীক যুৱসাংবাদিকসকলে
সোধাপ্ৰশ্নত কৈছিল যে, "লেতেৰা গোন্ধৰ ফলত আমাৰো বহুত অসুবিধা
হৈছে, কিন্তু কি কৰিম, সকলো মানুহেই ইয়াতে জাবৰ-জোথৰ পেলাই।"
স্থানী়য় বাসিন্দা গীৰিজা গোস্বামীয়ে কয় যে, - গীতালি ভাগৱতী, বৰলুইত যুৱ সাংবাদিক গোট
সাংবাদিকতা এক সেৱা - মহাত্মা গান্ধী
শিক্ষা
শিক্ষা হৈছে জীৱনৰ গতি - টিনামণি চুতীয়া , বয়স ১৬ বছৰ মুক্ত আকাশ
মুক্ত অকাশতে খেলো আমি মৰমতে -দেৱশ্ৰী গগৈ, বয়স-১৬ বছৰ এটা নতুন সপোন
মোৰ সপোন এজন সফল নাগৰিক হোৱা - শ্ৰী অনুপম বৰুৱা, অংকুৰ যুৱ সাংবাদিক গোট
অনাময় আঁচনিৰ শৌচালয়ৰ ব্যৱহাৰে আনিছে ভাল স্বাস্থ্য
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেপেটকটা চাহ বাগিচাৰ বৰলাইনত চৰকাৰে প্ৰদান কৰা অনাময় আঁচনিৰ যোগেদি স্বাস্থ্যসন্মত শৌচাগাৰ বিতৰণ কৰাত বহুতো লোকৰ বেমাৰ আজাৰ কমিছে লগতে পৰিষ্কাৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে। আগতে গাওঁখনৰ প্ৰত্যেক ঘৰতে শৌচাগাৰৰ ব্যৱহাৰ নাছিল । যোৱা ২০১৭ চনৰ পৰা অনাময় আঁচনিৰ সহায়ত স্থাপন কৰা শৌচাগাৰ ব্যৱহাৰে শিশু সকলক সততে হৈ থকা বেমাৰৰ পৰা হাত সৰোৱাত সহায় কৰিছে। এই সন্দৰ্ভত গাঁৱৰে ব্যক্তি লাচিত খেৰুৱাই কয় - "আগতে শৌচাগাৰ নথকাৰ বাবে গাঁওৰ লোকে মুকলি ঠাইতে শৌচ কৰিছিল । বৰ্তমান এই অভ্যাসবোৰ নাইকিয়া হৈছে"। এজন ছাত্ৰ পদুম নায়কে কয় , "আমাৰ আগতে কেঁচা শৌচাগাৰ হোৱা বাবে বহুখিনি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল । বৰষুণ দিলে অহা-যোৱা ৰাস্তাটো পিছল হৈ যায় আৰু শৌচ কৰিবলৈ যাবলৈ অসুবিধা হয় । এতিয়া চৰকাৰৰ পৰা পোৱা শৌচগাৰে অসুবিধা খিনি দূৰ কৰিলে। দিন হাজিৰা কৰি খোৱা লোকে এনেকুৱা এটা সুবিধা কৰি ল’বলৈ নোৱাৰিলে হৈ কিন্তু এই আঁচনিৰ যোগেৰে অনাময় শৌচাগাৰৰ সুবিধা পাবলৈ সক্ষম হৈছে।"
- আব্দুলআজিজসৰকাৰ, ১৮বছৰ, দিন যোৰা কাৰ্যসূচীৰে পুষ্টিমাহ উদযাপন
ধুবৰী জিলাৰ আগমনী উন্নয়ন খণ্ডৰ অন্তৰ্গত সত্ৰশাল উচ্চতৰ
মাধ্যমিক বিদ্যাপীঠত ২৮ছেপ্টেম্বৰ ২০১৯ তাৰিখে পুষ্টিমাহ
উদযাপন কৰা হয়। পুষ্টিমাহৰ কাৰ্যসূচীত গাঁৱৰ বাসিন্দাসকলৰ লগতে
অঙ্গনাবাড়ী কৰ্মী, আশাকৰ্মী, শিশু, কিশোৰী আৰু
সমাজকল্যাণবিভাগৰ বিভাগীয়কৰ্মী, আগমনী আই.চি.ডি.এছৰ বিষয়া
উপস্থিত থাকে। উক্ত অনুষ্ঠানত গৰ্ভৱতী প্ৰসূতি সকলোৱে
পুষ্টিসম্পৰ্কীয় শ্ল'গান, গছপুলিৰোপণ, চাফাইৰ লগতে হাত ধোৱা
কাৰ্যসূচীও কৰে।
- জানকী বৰ্মণ, ১৭বছৰ ক্ষিপ্ৰ গতিত চলিছে পথ-নলাৰ কাম, শিশুসকলৰ মুখত হাঁহি
কামৰূপ জিলাৰ শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত সমগ্ৰ
অঞ্চলটোতেই ক্ষিপ্ৰগতিত চলিছে জৰাজীৰ্ণ পথসমূহৰ নিৰ্মাণৰ কাম।
সাগৰ ডেকা,১৮ বছৰ শুৱালকুছিত সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন ঘোষণাঃ তাকলৈ সুখী শিশু-বিদ্যাৰ্থী
ঘোষণা হ'ল সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনৰ ঠিকনা। এইবেলি অধিৱেশন অনুষ্ঠিত হ'ব শুৱালকুছিত। ৩১জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত ৰাজ্যৰ প্ৰতিটো মূৰৰ সাহিত্য প্ৰেমীক আদৰিবলৈ সাজু কৰা হৈছে অধিৱেশন সম্পাদনা সমিতি, উপ সমিতি আৰু অন্যান্য কাৰ্য্যনিৰ্বাহক সমিতি। উল্লেখনীয় যে, কাৰ্য্যনিৰ্বাহক সম্পাদনা সমিতিৰ সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত কৰা হৈছে স্থানীয় গণেশ দাস হাইস্কুলৰ সন্মানীয় শিক্ষক আৰু অঞ্চলটোৰ এগৰাকী সচেতন সমাজকৰ্মী শ্ৰীযুত অনিল বৈশ্য ডাঙৰীয়াক আৰু সভাপতিত্ব কৰিছে জালুকবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।পূৰ্ণগতিত চলিছেসকলোধৰণৰ প্ৰস্তুতি। ইয়াকেলৈ আনন্দৰ সীমা নাইকিয়া হৈছে শুৱালকুছিবাসীৰ। বিশেষকৈ শিশু-বিদ্যাৰ্থীসকলৰ বাবে যেন এয়া ভোগালীৰ পিছতেই আবতৰীয়া ৰঙালী বিহুৰ সুখ।গ্ৰন্থমেলা-বাণিজ্যমেলাৰ অনৰ্গল কথাই স্থান পাইছে শিশু-বিদ্যাৰ্থীসমূহৰ আদ্দাত।প্ৰিয় সাহিত্যিকক লগ কৰাৰ, প্ৰিয় কিতাপখন কিনাৰ সপোন দেখিছে শিশুসকলে। নিজৰ মনোভাৱ ব্যক্ত কৰি শ্ৰী ৰিচিকা শৰ্মা(১৩)ই কয় যে-"সাহিত্য সভাৰ অধিৱেশন আমাৰ গাঁৱত হ'ব বুলি শুনি আনন্দত আত্মহাৰা হৈ পৰিছো আৰু সেইদিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চায় আছো। প্ৰিয় দুখনমান কিতাপ কিনিম বুলি মই টকাও সঞ্চয় কৰিবলৈ লৈছো"। আকৌ, শ্ৰী জোৎস্না দাস(১৬)ই কয় যে,"আমি ভাগ্যৱান যে এইবাৰ অধিৱেশন আমাৰ ইয়াত হ'বলৈ লৈছে, ইয়াৰ আগতেও শুৱালকুছিত, সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত এবাৰ অধিৱেশন অনুষ্ঠিত হৈছিল যদিও সেয়া বহুত বছৰ আগৰ কথা। সেয়েহে আমি এতিয়া বহুত সুখী যে ইমান বছৰৰ মূৰত অধিৱেশনখন পুনৰ আমাৰ গাঁৱতঅনুষ্ঠিত হ'বলৈ গৈ আছে।"
- সাগৰ ডেকা,১৮ বছৰ বুদ্ৰুকুছি গাঁৱত পোষণ মাহ উদযাপন
নলবাৰী জিলাৰ পূৱ নলবাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুদ্ৰুকুচি গাঁৱত যোৱা 10 চেপ্তেম্বৰত পোষণ মাহ উদযাপন কৰা হয় ।নলবাৰী জিলাৰ পশ্চিম নলবাৰী সংহত শিশু উন্নয়ণ প্ৰকল্প অধীনত পোষণ মাহ উপলক্ষে "বাঁহজানী কস্তুৰবা গ্ৰাম সেৱা কেন্দ্ৰ'ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত সমাজ বিভাগৰ মুখা সেৱিকা শ্ৰীমতী গীতা পাটোৱাৰী উপস্থিত থাকি ভাষণ আগবঢ়াই । ভাষণ প্ৰসঙ্গত তেওঁ কৈ যে "মহিলা,শিশু আৰু কিশোৰ-কিশোৰীৰ উচিত পৰিপুষ্টি প্ৰয়ীজনীয়তা উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই পোষণ মাহ সমগ্ৰ দেশ জুৰি পালন কৰিব দিছে ।আমাৰ সমাজত গৰ্ভৱতী মাতৃ ,প্ৰসূতি আৰু শিশু সকলে উপযুক্ত খাদ্য খাবলৈ পালেহে তেওঁলোকে শাৰীৰিক-মানসিকভাৱে সুস্থ-সৱল হৈ থাকিব পাৰিব আৰু সুস্থ-সৱল নাগৰিকেহে দেশৰ উন্নতিত অৰিহণা যোগাব পৰিব ।গতিকে সমাজ বিভাগৰ লগতে স্বাস্থ্য বিভাগ ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগত সন্মিলিতভাৱে পোষণ মাহ উদযাপন কৰিবলৈ দিয়া হৈছে। স্বাস্থ্য বিভাগে শৰীৰৰ পুষ্টি সাধনৰ ক্ষেত্ৰত দিহা পৰামৰ্শ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে পৰিষ্কাৰ পৰিচন্নতা সম্পৰ্কে ব্যৱস্থা ল’লেহে সমাজৰ মহিলা তথা শিশু সকলে সুস্থ সবল জীৱন কটাব পাৰে ।" এই অনুষ্ঠানত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে ঘৰৰ আশে পাশে সহজে উপলদ্ধ পুষ্টিকৰ খাদ্য- সম্ভাৰৰ এক আকৰ্ষণীয় প্ৰদৰ্শনীৰো ব্যৱস্থা কৰে। পোষণ মাহৰ লগত সংগতি ৰাখি অঞ্চলটোৰ 5 টি শিশুৰ আনুষ্ঠানিকভাৱে অন্নপ্ৰাশন কৰা হয় ।সভাত উপস্থিত থাকি আশা কৰ্মী শ্ৰী বিনীতা দেৱীয়ে সু স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই । শেষত ,অংগনবাড়ী কৰ্মী শ্ৰী কুঞ্জ দেৱীয়ে শলাগৰ শৰাই আগবঢ়াই সভা ভংগ দিয়ে। - লক্ষ্যজ্যোতিমাউত ,মৌকুঁহি যুৱ সাংবাদিক গোট আগৰ দিনতকৈ মহিলাসকল বৰ্তমান বহুত সচেতন হ'ল
বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লেপেটকটা নীহাজানত ৰূপালী যুৱ সাংবাদিকে জন্ম পঞ্জীয়ণৰ ওপৰত সমীক্ষা কৰিছিল এই সমীক্ষাত পোৱা গ'ল ১ ৰ পৰা ১৮ বছৰ বয়সলৈকে ৫০তকৈ অধিক শিশুৰে জন্ম পঞ্জীয়ণ কৰা হ'ল আৰু প্ৰমাণপত্ৰও উলিওৱা হ'ল। নীহাজান গাঁওখন যথেষ্ট ডাঙৰ তাতে সকলোবোৰ চাহগোষ্ঠীৰলোক। চাহজনজাতিৰ লোক যদিও সকলোবোৰ শিশুৰে জন্মৰ পঞ্জীয়ণ প্ৰমাণপত্ৰ আছে। এই ঠাইৰ লোক এইক্ষেত্ৰত সজাগ হোৱা দেখিবলৈ পোৱা গ'ল। অভিভাৱক শংকৰ মূড়াদিয়াৰ মন্তব্য- "মোৰ তিনিটা ল’ৰা-ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰ উলিওৱা আছে। আজিকালি বিদ্যালয়ত নামৰ্ভত্তি কৰিবলৈ এই পত্ৰ প্ৰয়োজনীয়"। বিণা কূৰ্মী- "মোৰ পাঁচ মহীয়া ছোৱালীজনীৰ জন্ম ২১দিনৰ ভিতৰতে আশা বাইদেউৱে পত্ৰ উলিয়াই দিয়ে"। চৰিকা নায়ক- "মোৰ তিনিটা ল’ৰা-ছোৱালীৰে জন্ম পঞ্জীয়ণ কৰা হয় আৰু লগে-লগে পত্ৰখনিও উলিওৱা হয়। এইক্ষেত্ৰত আশাবাইদেউৱে যথেষ্ট সহায় কৰিছে"। এই ঠাইৰ আশাকৰ্মী মিনু মূড়াৰ মন্তব্য-"মই আশাৰ দায়িত্ব লোৱাৰ পৰা এতিয়ালৈ এঘাৰ বছৰেই হ'ল দায়িত্ব লোৱাৰ পৰা যিমান পাৰো কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰি আহিছো, আজিলৈকে গৰ্ভৱতী মহিলাক কোনোধৰণৰ অসুবিধাত পেলোৱা নাই। অবশ্যে আগতকৈ মহিলাসকল বহুত সচেতন হ'ল”। ৰূপালীম, যুৱ সাংবাদিক গোট বিশুদ্ধ খোৱা পানীৰ অভাৱ
ডিব্ৰুগড় জিলাৰ নাহৰকটিয়া সমষ্টিৰ ৰঙালী পথাৰ গাঁওৰ এটা বিশেষ সমস্যা ৰূপে দেখা দিছে বিশুদ্ধ খোৱা পানীৰ অভাৱে । গাঁও খনৰ লোকসকল দৰিদ্ৰ। চৰকাৰে গাঁওবাসীক বিভিন্ন সাহাৰ্য প্ৰদান কৰিছে যদিও গাঁও খনৰ খোৱা পানীৰ অভাৱ দূৰ হোৱা নাই। এই গাঁও খনত পানী যোগানৰ ব্যৱস্থা নোহোৱাৰ ফলত গাঁওবাসীয়ে আইৰনযুক্ত পানী খাব লগীয়া হৈছে। আইৰনযুক্ত পানীখোৱাৰ ফলত শিশুবোৰৰ শাৰীৰিক গঠন আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে। চৰকাৰৰ লগত এই ক্ষেত্ৰত যোগাযোগ কৰা হৈছে আৰু তেওঁলোকে অতি শীঘ্ৰে ব্যৱস্থা লব বুলি জানিবলৈ দিছে । - আলি হাজাম , নাহৰণি, বয়স - ১৭ বছৰ চৰকাৰী ঘৰে আৰ্থিকভাৱে সহায় কৰিলে দুখীয়াশ্ৰেণীৰ ৰাইজক
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত বাম কলাখোৱা গাঁৱত বিনামূলীয়া চৰকাৰী ঘৰ পোৱা লোকসকলৰ ওপৰত মৌকুঁহি যুৱ সাংবাদিক গোটে সমীক্ষা চলায়। এই গাঁৱত যিসকলে চৰকাৰী বাসগৃহ পাইছে তেওঁলোকে আৰ্থিকভাৱে চৰকাৰৰ পৰা যথেষ্ট সহায় পাইছে। এই সন্দৰ্ভত এলাগী দুৱৰাই কয়, "চৰকাৰী ঘৰে আমাক বহুত সহায় কৰিছে। ইয়াৰ বাবে আমি বহুত সুখী হৈছোঁ। চৰকাৰৰ এইপ্ৰদক্ষেপ সঁচাকৈয়ে শলাবলগীয়া"। - লক্ষ্যজ্যোতিমাউত ,মৌকুঁহি যুৱ সাংবাদিক গোট মাদক দ্ৰব্য নিবাৰণ কৰিবলৈ সজাগতা সভা
ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত যুৱ সাংবাদিকৰ দ্বাৰা নিজ মৈডুমীয়া গাঁৱত মাদক দ্ৰব্য ওপৰত এখন সভা অনুষ্ঠিত কৰা হয়। লাহোৱাল ব্লকৰ facilitator বৰ্ণালী গোহাঁই বাইদেৱে আমাক সভাখন পাতিবৰ বাবে সহায় কৰে।সভা খনত গাওঁৰ আশা কৰ্মী, মহিলা গোটৰ সদস্যাসকল উপস্থিত আছিল। আমি সভাখনৰ জৰিয়তে সকলো ৰাইজক মাদক দ্ৰব্যৰ নিবাৰণ কৰা আৰু পলিথিন ব্যৱহাৰ নকৰিবলৈ সজাগ কৰিলো। এই সন্দৰ্ভত উপস্থিত দুগৰাকী মহিলা শ্ৰীমতী শান্তনা চেতিয়া আৰু শ্ৰীমতী মায়া থাপাই কয় যে, এইটো এটা সুন্দৰ পদক্ষেপ, আমি মাদক দ্ৰৱ্যৰ ব্যৱহাৰ একেবাৰে নোহোৱাটো বিচাৰিছো। কাৰণ আমাৰ উঠি অহা লৰা-ছোৱালীয়ে সেৱন কৰিলে স্বাস্থ্য হানি হয়। ইয়াৰ লগতে ঘৰখনৰ বয়সীয়াল লোকে খাই ঘৰৰ পৰিবেশ নষ্ট কৰে। লাহোৱাল উন্নয়ন খণ্ডৰ যুৱ সাংবাদিকৰ সদস্যাসমূহ |